এই প্ৰবন্ধটো নগৰৰ বিষয়ে। একে নামৰ ঠাইৰ বাবে
শিৱসাগৰ জিলা চাওক।
শিৱসাগৰ অসমৰ শিৱসাগৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ নগৰ আৰু জিলা সদৰ। আহোম ৰাজত্ব কালত নিমাৰ্ণ কৰা বিভিন্ন কীতিচিহ্নৰে নগৰ তথা সমগ্ৰ শিৱসাগৰ জিলা ভৰপূৰ হৈ আছে ।
স্বৰ্গদেও ৰুদ্ৰসিংহৰ মৃত্যুৰ শিৱসিংহ ৰাজসিংহাসনত বহে। সিংহাসনত বহি চাৰি গৰাকী কুঁৱৰী থকাৰ পিছতো স্বৰ্গদেও শিৱসিংহই চিনাতলীয়া নটৰ জীয়েক ফুলমতী বা ফুলেশ্বৰীক পৰ্বতীয়া কুঁৱৰী কৰি আনে। ৰজাৰ কুঁৱৰী হৈ ফুলমতীয়ে নাম ললে প্ৰমথেশ্বৰী। ফুলেশ্বৰী কুঁৱৰী কেৱল সুন্দৰীয়ে নাছিল, আছিল অতিকৈ বুদ্ধিমতী আৰু উচ্চাভিলাষী। ৰাজ্যাভিষেক হোৱাৰ ছমাহ নৌহওঁতে 'ছত্ৰভঙ্গ যোগ' পৰাৰ চেলু উলিয়াই স্বৰ্গদেওক ৰাজকাৰ্যৰ পৰা অব্যাহতি দিয়ালে আৰু সোণ-ৰূপৰ মোহৰ মৰাই নিজে বৰৰজা হ'ল। কিন্তু এনেহেন প্ৰতাপী ৰাণীৰো প্ৰতাপ এদিন শেষ হ'ল। প্ৰসৱ বেদনাত জৰ্জৰিত হৈ ফুলেশ্বৰী কুঁৱৰী ঢুকাই থাকিল। ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰে ভনীয়েক দ্ৰৌপদীক স্বৰ্গদেৱে বিয়া কৰায়। ৰাণী হৈ দ্ৰৌপদীয়ে অম্বিকা নাম ল'লে। এইবাৰ বৰৰজা হ'ল অম্বিকা। বৰৰজা হৈ অম্বিকাই স্বামী শিৱসিংহৰ নামত এটা পুখুৰী খন্দায় আৰু তাৰ পাৰত দৌল নিৰ্মাণ কৰায়। এই পুখুৰীটোৱে হ'ল শিৱসাগৰ পুখুৰী।[1] আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ। কাৰেংঘৰক কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ। বৃটিছসকল আহি প্ৰথমে শিৱসাগৰ পুখুৰীৰ আশে-পাশে এই অঞ্চলৰ প্ৰশাসনীয় কেন্দ্ৰ স্থাপন কৰিছিল। তেনেকৈয়ে কলঞ্চুপাৰ বুলি জনাজাত ঠাইখন লাহে লাহে শিৱসাগৰ নামেৰে পৰিচিত হয়।
শিৱদৌল আৰু শিৱসাগৰ পুখুৰীৰ নিশাৰ দৃশ্য
শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউ সকলৰ দিনত খন্দা ডাঙৰ ডাঙৰ পুখুৰী আৰু তাৰ কাষত নিৰ্মান কৰা দ’ল দেৱালয়ৰে ভৰপূৰ এখন ঐতিহাসিক চহৰ। ইংৰাজী ১৭৩৪ চনত ৰানী অম্বিকাই কলুঞ্চপাৰ (পুৰনি শিৱসাগৰ জিলাৰ নাম) শিৱদেৱতাৰ নামত উৎসৰ্গা কৰি এটা পুখুৰী খন্দাইছিল। শিৱদেৱতাৰ নামত উৎৰ্সগা কৰাৰ বাবে পুখুৰীটোৰ নাম ৰাখে শিৱসাগৰ। শিৱসাগৰ পুখুৰীটোৰ দক্ষিন পাৰে তিনিটা পুখুৰী আছে। তাৰ ভিতৰত শিৱদৌলটোয়েই সৰ্ববৃহত। শিবদ’লৰ পূৱে বিষ্ণু দ’ল আৰু পশ্চিমে দেবী দ’ল। শিবদ’লত শিৱৰাত্ৰিৰ দিনা ডাঙৰ মেলা হয়। শিবদ’লত এইটোয়েই ডাঙৰ উৎসৱ। দেৱীদ’লত দুৰ্গাপুজাৰ দিনা প্ৰতিমা সজাই পুজা পতা হয়। আনহাতে বিষ্ণুদ’লত ফাললৈ গ’লে ৪ কিলোমিটাৰ মান গলে পথৰ সোফালে এটা দেউঘৰ পোৱা যায়। ইয়াক বৰ্তমান হৰগৌৰী মন্দিৰ বুলি জনা যায়। শিৱসাগৰ নগৰৰ পৰা দুই কি;মি দক্ষিণে পুৰনি ৰংপুৰ নগৰৰ অস্তিত্ব বিৰাজমান। আহোম ৰাজ্যৰ একালৰ ৰাজধানী আৰু ইতিহাস প্ৰসিদ্ধ তলাতল ঘৰো ইয়াতেই আছিল। আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দিনতেই তলাতল ঘৰতো নিৰ্মান কৰা হৈছিল(১৬৯৮-১৭১৪)। ইয়াক মাটিৰ তলৰ দুৰ্গ ও বোলা হৈছিল। উল্লেখযোগ্য যে তলাতল ঘৰৰ যি সাতোটা মহল আছিল তাৰ মাটিৰ তলৰমহলাৰ পৰা দিখৌ নদী আৰু গড়গাঁওৰ কাৰেং ঘৰলৈ দুটা সুৰংগ আছিল। প্ৰাকৃতিক দূযোৰ্গৰবাবে এই পথ টো বন্ধ হৈ যায়। তলাতল ঘৰৰ পৰা পশ্চিমে কিছু কিঃমিঃ গলেই ৰংঘৰতো ৩৭ নং ৰাষ্টীয় ঘাইপথৰ ওপৰতে অৱস্থিত। ই এটা আঠকোনীয়া দুমহলীয়া ঘৰ। স্বৰ্গদেউ প্ৰমত্তসিংহই ১৭৪৪-৫১ পশুযুঁজ চাবৰ বাবে নিৰ্মান কৰিছিল। তলাতল ঘৰৰ পৰা কিছুদুৰত দক্ষিনে আছে ৰংগনাথ দ’ল। স্বৰ্গদেও ৰুদ্ৰসিংহই ১৭০৩ চনত এই দ’ল সজাইছিল। এই দ’লত স্বৰ্গদেউৱে শিৱপূজা কৰিছিল। ৰংগনাথ দ’লৰ কাষতে দক্ষিন পশ্চিমে থকা কেইবাটাও খটখটিৰে মৈদাম আকৃতিৰ যি ধ্বংসাৱশেষ আছে সেইয়া হল “ফাকুৱাদ’ল”। কথিত আছে যে ৰুদ্ৰসিংহই তেঁওৰ মাক সতী জয়মতীৰ এখনি সোনৰ প্ৰতিমা সাজি দিয়ে। ফাকুৱা দ’লৰ পৰা পৰা অলপ আতঁৰত অৱস্থিত (উত্তৰে) হৰগৌৰী দেৱালয়। এই দ’লটি ৰাজেশ্বৰ সিংহৰ দিনত সজোৱা হয়। কীৰ্তিচন্দ্ৰ ৰবৰুৱাই ৰহাৰ পৰা মনিপুৰি আৰু কছাৰী ৰজাক লৈ উভতি আহি থাকোঁতে পৰ্বতত হৰ গৌৰীৰ মূৰ্ত্তি এজনা পায়, মূৰ্ত্তিজনা স্থাপন কৰিবলৈ এই দ’ল সজাই। ৰংগনাথ দ’লৰ পূবে আছে গৰুদ’ল।ইয়াৰ আন এটা নাম “ন গোঁসাই দ’ল। ন গোঁসাইদ’ল দক্ষিন ফালে অৱস্থিত জয়সাগৰ পুখুৰী আৰু জয়দৌল। লাই ৰুদ্ৰসিংহ স্বৰ্গদেৱে মাক জয়মতীৰ স্মৃতি ৰক্ষাৰ্থে জেৰেঙা পথাৰত ১৬১৯ শকৰ আঘোন মাহৰ তিনিদিন যোৱাত জয়সাগৰ পুখুৰী খান্দিবলৈ আৰম্ভ কৰে। ১৭৯৮ চনত জয়সাগৰৰ পাৰত পঞ্চদেৱতাৰ পাচোঁটা মন্দিৰ নিৰ্মান কৰে। ইয়াৰ ভিতৰত জয়দৌল শ্ৰেষ্ঠ। জয়দৌলৰ আন এটা নাম শ্ৰীকেশৱৰায় বিষ্ণু দৌল। জয়দৌলৰ দক্ষিনৰ পঁকী ঘৰটো ভোগ ঘৰ। জয়সাগৰৰ উত্তৰ পশ্চিম চুকত দেৱীদ’ল অৱস্থিত। জয়সাগৰ পুখুৰীৰ পশ্ছিমপাৰত এটি দ’ল আছে ঘনশ্যাম দ’ল।কাৰেংঘৰৰ নিৰ্মান কৰোতা বঙালী মুছলমান সম্প্ৰদায়ৰ ঘনশ্যামউদিনৰ ঘৰ। পিছলৈ তেঁও হিন্দু ধৰ্মত দীক্ষা গ্ৰহন কৰিছিল। শিৱসাগৰ চহৰৰ পৰা বাৰ কিঃ মিঃপশ্চিমত নামডাং নৈৰ ওপৰত থকা এই শিলৰ সাঁকো ১৭০৩ চনত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত নিৰ্মান কৰিছিল। নগা পাহাৰৰ পৰা শিল সংগ্ৰহ কৰি আনি কাটিবৰ বাবে আহোমযুগত "শিলাকুটি" নামৰ খেলৰ সৃষ্টি হৈছিল। শিৱসাগৰ জিলাত থকা শিলাকুটি মৌজাই এতিয়াও তাৰ স্বাক্ষৰ বহন কৰিছে। এই সাঁকো খনৰ দৈৰ্ঘ্যতা প্ৰায় ২০০ ফুট। শিলৰ সাঁকো নিৰ্মানত থলুৱা কৃষিজাত সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। নিৰ্দিষ্ট অনুপাতত মিঠাতেল, শন, ধূনা, গুৰ, চূন, মাটিমাহ, বৰাচাউল, হাঁহকনী আদি মিহলাই কৰাল বনাই সাঁকো তৈয়াৰ কৰিছিল।
জয়সাগৰৰ পৰা চাৰি কিঃমিঃ পূবে বগীদ'ল অৱস্থিত। স্বৰ্গদেউ লক্ষ্মীসিংহৰ মাকে এই পুখুৰী খন্দাই পাৰত দ'ল নিৰ্মান কৰিছিল। এই গৰাকী ৰাজমাওৰ নাম আছিল বগী। তেখেতৰ নামৰেই এই দ'লটিৰ নাম বগীদ'ল ৰখা হয়। জয়সাগৰৰ পূৱফালে খৰিকটীয়া আলিয়েদি দুই কিঃমিঃ আতঁৰত লখিমীসাগৰ পুখুৰী আৰু তাৰ পাৰত দুটা দ'ল পোৱা যায়। এইদুটা দ'লক বৰপাত্ৰ দ'ল বুলি কোৱা হয়। নাচনী ছোৱালী ফুলমতীক শিৱসিংহই ৰাণী আৰু বৰৰজা পতাৰ পিচত তেঁও নিজ প্ৰভাৱেৰে বহুতো কাম কৰিছিল। ৰানী ফুলেশ্বৰীয়ে ভায়েক হৰিনাৰায়নক বৰপাত্ৰগোহাঁই পাতিলে। তেৱেই লখিমীসাগৰ খন্দাই আৰু দুটা দ'ল বন্ধাইছিল। ইয়াৰে এটা জগদ্ধাত্ৰী দ'ল আনটো বৰপাত্ৰ দ'ল নামে জনা যায়।
- ↑ লীলা গগৈ (২০০৭ চন). বেলি মাৰ গ'ল. প্ৰকাশক ডিব্ৰুগড়: বনলতা.
|
|
|
| থোৰতে |
|
|
|
| ৰাজধানী |
|
|
| জিলা |
|
|
| মহকুমা |
|
|
| মুখ্য নগৰ |
|
|