শিৱসাগৰ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


শিৱসাগৰ
—  নগৰ  —
ৰং ঘৰ
শিৱসাগৰ
শিৱসাগৰৰ অৱস্থান
অসম
স্থানাঙ্ক 26.98° N 94.63° E
দেশ  ভাৰত
ৰাজ্য অসম
জিলা শিৱসাগৰ
জনসংখ্যা 54,482 (2001)
সময়াঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০)
মাটিকালি

উচ্চতা


95 m (312 ft)

ৱেবছাইট OnlineSivasagar.com

শিৱসাগৰ অসমৰ শিৱসাগৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ নগৰ আৰু জিলা সদৰ। আহোম ৰাজত্ব কালত নিমাৰ্ণ কৰা বিভিন্ন কীতিচিহ্নৰে নগৰ তথা সমগ্ৰ শিৱসাগৰ জিলা ভৰপূৰ হৈ আছে ।

সূচী

[সম্পাদনা কৰক] ভৌগলিক বিৱৰণ

শিৱদ'লৰ ভাস্কৰ্য)

[সম্পাদনা কৰক] নামৰ উৎপত্তি

স্বৰ্গদেও ৰুদ্ৰসিংহৰ মৃত্যুৰ শিৱসিংহ ৰাজসিংহাসনত বহে। সিংহাসনত বহি চাৰি গৰাকী কুঁৱৰী থকাৰ পিছতো স্বৰ্গদেও শিৱসিংহই চিনাতলীয়া নটৰ জীয়েক ফুলমতী বা ফুলেশ্বৰীক পৰ্বতীয়া কুঁৱৰী কৰি আনে। ৰজাৰ কুঁৱৰী হৈ ফুলমতীয়ে নাম ললে প্ৰমথেশ্বৰী। ফুলেশ্বৰী কুঁৱৰী কেৱল সুন্দৰীয়ে নাছিল, আছিল অতিকৈ বুদ্ধিমতী আৰু উচ্চাভিলাষী। ৰাজ্যাভিষেক হোৱাৰ ছমাহ নৌহওঁতে 'ছত্ৰভঙ্গ যোগ' পৰাৰ চেলু উলিয়াই স্বৰ্গদেওক ৰাজকাৰ্যৰ পৰা অব্যাহতি দিয়ালে আৰু সোণ-ৰূপৰ মোহৰ মৰাই নিজে বৰৰজা হ'ল। কিন্তু এনেহেন প্ৰতাপী ৰাণীৰো প্ৰতাপ এদিন শেষ হ'ল। প্ৰসৱ বেদনাত জৰ্জৰিত হৈ ফুলেশ্বৰী কুঁৱৰী ঢুকাই থাকিল। ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰে ভনীয়েক দ্ৰৌপদীক স্বৰ্গদেৱে বিয়া কৰায়। ৰাণী হৈ দ্ৰৌপদীয়ে অম্বিকা নাম ল'লে। এইবাৰ বৰৰজা হ'ল অম্বিকা। বৰৰজা হৈ অম্বিকাই স্বামী শিৱসিংহৰ নামত এটা পুখুৰী খন্দায় আৰু তাৰ পাৰত দৌল নিৰ্মাণ কৰায়। এই পুখুৰীটোৱে হ'ল শিৱসাগৰ পুখুৰী।[1] আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ। কাৰেংঘৰক কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ। বৃটিছসকল আহি প্ৰথমে শিৱসাগৰ পুখুৰীৰ আশে-পাশে এই অঞ্চলৰ প্ৰশাসনীয় কেন্দ্ৰ স্থাপন কৰিছিল। তেনেকৈয়ে কলঞ্চুপাৰ বুলি জনাজাত ঠাইখন লাহে লাহে শিৱসাগৰ নামেৰে পৰিচিত হয়।

শিৱদৌল আৰু শিৱসাগৰ পুখুৰীৰ নিশাৰ দৃশ্য

[সম্পাদনা কৰক] জন-গাঁথনি

[সম্পাদনা কৰক] যাতায়ত

[সম্পাদনা কৰক] অনুষ্ঠান-প্ৰতিষ্ঠান

[সম্পাদনা কৰক] পৰ্যটন

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. লীলা গগৈ (২০০৭ চন). বেলি মাৰ গ'ল. ডিব্ৰুগড়: বনলতা. 

[সম্পাদনা কৰক] বাহ্যিক সংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত