শিৱসাগৰৰ শিৱদৌল
| শিৱ দৌল | |
|---|---|
শিৱসাগৰৰ শিৱদৌল |
|
|
|
|
| ভূ-স্থানাংক: | 26°59′N 94°37′E / 26.983°N 94.617°E |
| নাম | |
| অন্যান্য নাম: | শিৱদৌল |
| স্থান | |
| দেশ: | ভাৰত |
| ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল: | অসম |
| জিলা: | শিৱসাগৰ |
| এলেকা: | শিৱসাগৰ বৰপুখুৰীৰ পাৰত |
| স্থাপত্য আৰু সংস্কৃতি | |
| মুখ্য দেৱ/দেৱী: | শিৱ |
| প্ৰধান উৎসৱ: | শিৱৰাত্ৰি |
| স্থাপত্য শৈলী: | আহোম |
| মন্দিৰৰ সংখ্যা: | দুই |
| বুৰঞ্জী | |
| নিৰ্মাণকাল: (বৰ্তমান গৃহ) |
আহোম ৰজা শিৱসিংহৰ সময়ত |
| প্ৰতিস্থাপক: | শিৱসিংহ |
শিৱদৌল শিৱসাগৰ জিলাৰ, শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীৰ (বৰপুখুৰী) পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত তেওঁৰে বিবাহিতা ভনীয়েক দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰীবা মদাম্বিকা নাম দি বৰৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশক্ৰমেই ১৭৩১ খৃঃত সোণৰ ক'লচীৰে সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণু দৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। এই শিৱদৌল অসমৰ সকলোবোৰ দৌলতকৈ ওখ দৌল[উদ্ধৃতিৰ প্ৰয়োজন]। কৰ্দৈশিৰীয়া এই দৌলৰ উচ্চতা ১২০ হাত আৰু দৌলটিৰ ওপৰত থকা কলচীৰ উচ্চতা ৭.৫ ফুট। শিৱদৌলৰ কলচীটোত থকা সোণখিনি এৰুৱাই নিবৰ কাৰণে মানে কলচীটোলৈ গুলিয়াইছিল, কিন্তু কলচীটো বা সোণখিনি খহাব নোৱাৰিলে। ১৯৫০ চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল যদিও ইয়াক আগৰ স্থানত স্থাপন কৰা হয়। এই দৌলটোত সদায়ে শিৱৰ পূজা অৰ্চনা হয়। শিৱৰাত্ৰিত এই দৌলৰ কাষতে এখন ডাঙৰ মেলা হয়।
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
|
|||||