শিৱসাগৰ জিলা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
শিৱসাগৰ
—  জিলা  —
ৰংঘৰ
শিৱসাগৰ
শিৱসাগৰৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26.98° N 94.63° E
দেশ  ভাৰত
অঞ্চল উজনি অসম
ৰাজ্য অসম
জিলা শিবসাগৰ
উপায়ুক্ত
জনসংখ্যা

ঘনত্ব

25,08,021 (44) (2009)

940 /km2 (2 /sq mi) (44) (2010)

সময়াঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০)
মাটিকালি

উচ্চতা

>2,668 km (1,658 mi)>OnlineSivasagar.com

55 m (180 ft)

ৱেবছাইট Travelmasti

শিৱসাগৰ (ইংৰাজী:Sivasagar) ভাৰতঅসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা৷ ঐতিহাসিকভাবে এখন অতি গুৰুত্বপূৰ্ণ জিলা। ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য,ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰতি হৈ আছে।

সূচী

[সম্পাদনা কৰক] শিৱসাগৰ নামৰ উৎপত্তি

স্বৰ্গদেও ৰুদ্ৰসিংহৰ মৃত্যুৰ শিৱসিংহ ৰাজসিংহাসনত বহে। সিংহাসনত বহি চাৰি গৰাকী কুঁৱৰী থকাৰ পিছতো স্বৰ্গদেও শিৱসিংহই চিনাতলীয়া নটৰ জীয়েক ফুলমতী বা ফুলেশ্বৰীক পৰ্বতীয়া কুঁৱৰী কৰি আনে। ৰজাৰ কুঁৱৰী হৈ ফুলমতীয়ে নাম ললে প্ৰমথেশ্বৰী। ফুলেশ্বৰী কুঁৱৰী কেৱল সুন্দৰীয়ে নাছিল, আছিল অতিকৈ বুদ্ধিমতী আৰু উচ্চাভিলাষী। ৰাজ্যাভিষেক হোৱাৰ ছমাহ নৌহওঁতে 'ছত্ৰভঙ্গ যোগ' পৰাৰ চেলু উলিয়াই স্বৰ্গদেওক ৰাজকাৰ্যৰ পৰা অব্যাহতি দিয়ালে আৰু সোণ-ৰূপৰ মোহৰ মৰাই নিজে বৰৰজা হ'ল। কিন্তু এনেহেন প্ৰতাপী ৰাণীৰো প্ৰতাপ এদিন শেষ হ'ল। প্ৰসৱ বেদনাত জৰ্জৰিত হৈ ফুলেশ্বৰী কুঁৱৰী ঢুকাই থাকিল। ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰে ভনীয়েক দ্ৰৌপদীক স্বৰ্গদেৱে বিয়া কৰায়। ৰাণী হৈ দ্ৰৌপদীয়ে অম্বিকা নাম ল'লে। এইবাৰ বৰৰজা হ'ল অম্বিকা। বৰৰজা হৈ অম্বিকাই স্বামী শিৱসিংহৰ নামত এটা পুখুৰী খন্দায় আৰু তাৰ পাৰত দৌল নিৰ্মাণ কৰায়। এই পুখুৰীটোৱে হ'ল শিৱসাগৰ পুখুৰী।[1] আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ। কাৰেংঘৰক কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ। বৃটিছসকল আহি প্ৰথমে শিৱসাগৰ পুখুৰীৰ আশে-পাশে এই অঞ্চলৰ প্ৰশাসনীয় কেন্দ্ৰ স্থাপন কৰিছিল। তেনেকৈয়ে কলঞ্চুপাৰ বুলি জনাজাত ঠাইখন লাহে লাহে শিৱসাগৰ নামেৰে পৰিচিত হয়।

[সম্পাদনা কৰক] ইতিহাস

শিৱসাগৰৰ পুৰণি নাম ৰংপুৰ ৷ ৰংপুৰৰ ইতিহাস অতি বৰ্ণাঢ্য ৷

[সম্পাদনা কৰক] অৰ্থনৈতিক গুৰুত্ব

শিৱসাগৰৰ অৰ্থনীতি প্ৰধানকৈ তেল গেছ চাহ আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল ৷

[সম্পাদনা কৰক] ভৌগলিক বিৱৰণ

  • শিৱসাগৰ জিলাৰ অৱস্থানঃ
    ২৬.৪৫- ২৭.১৫ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯৪.২৫- ৯৫.২৫ ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত।
  • মাটি কালিঃ
    ২৬৬৮ বৰ্গ কিঃমিঃ
  • জলবায়ুঃ
  • বাৰ্ষিক বৃষ্টিপাতঃ
  • গড় আৰ্দ্ৰতাঃ
  • তাপমাত্ৰাঃ
    উচ্চতম:....... ডিগ্ৰী চেলচিয়াচ
    নিম্নতম:..... ডিগ্ৰী চেলচিয়াচ
  • চাৰিসীমাঃ
উত্তৰে ব্ৰহ্মপুত্ৰ নদী
পূৱে ডিব্ৰুগড় জিলা
দক্ষিণে নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ
পশ্চিমে যোৰহাট জিলা।
  • জিলাখনৰ উল্লেখযোগ্য নদীঃ
    জিলাখনৰ উত্তৰ দিশেৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। অন্য প্ৰধান নদীসমূহ হ'ল- দিচাং, দিখৌ, দৰিকা, জাঁজী।

[সম্পাদনা কৰক] জন গাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি শিৱসাগৰ জিলাৰ জনসংখ্যা ১,১৫০,২৫৩ জন; ইয়াৰে পুৰুষ ৫,৮৯,৪৫৪ জন আৰু মহিলা ৫৬০,৭৯৯ জনী। মহিলাৰ সংখ্যা প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৫১ জনী। জন-ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ৪৩১ জন। দহ বছৰত জনসংখ্যা বৃদ্ধিৰ হাৰ ৯.৩৭%। শিক্ষিতৰ হাৰ ৮১.৩৬%।[2]

[সম্পাদনা কৰক] প্ৰশাসনিক গাঁথনি[3]

জিলা সদৰ

শিৱসাগৰ নগৰ

শিৱসাগৰ জিলা ৩টা মহকুমাৰে গঠিত-

১.শিৱসাগৰ মহকুমা
২.নাজিৰা মহকুমা
৩.চৰাইদেও মহকুমা

জিলাখনৰ উন্নয়ন খণ্ড ৮ টা সেইকেইটা হৈছে

১.আমগুৰি
২.ডিমৌ
৩.গৌৰীসাগৰ
৪.নাজিৰা
৫.সোণাৰি (দিচাংপানী) (গাঁও পঞ্চায়ত ১১খন)
৬.লাকুৱা (গাঁও পঞ্চায়ত ৪খন)
৭.সাপেখাটী (গাঁও পঞ্চায়ত ১৫খন)
৮.পশ্চিম অভয়পুৰ (গাঁও পঞ্চায়ত ৬খন)
৯.খেলুৱা

শিৱসাগৰ জিলাৰ চহৰ-

শিৱসাগৰ
নাজিৰা
সোণাৰি
মৰাণ
শিমলুগুৰি

জিলাখনত বিধানসভাৰ মুঠ সমষ্টি ৬টা-

১০৩, আমগুৰি
১০৪, নাজিৰা
১০৫, মাহমৰা
১০৬, সোণাৰি
১০৭, থাওৰা
১০৮, শিৱসাগৰ

শিৱসাগৰৰ বৰ্তমানৰ উপায়ুক্ত-যতীন্দ্ৰ লহকৰ আৰক্ষী অধীক্ষক-অখিলেষ সিং

[সম্পাদনা কৰক] যাতায়াত

শিৱসাগৰ জিলাৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। এই পথটোৱে চুইযোৱা প্ৰধান ঠাইবোৰ হ'ল- জাঁজী, শিৱসাগৰ আৰু মৰাণ। গদাধৰ সিংহই নিৰ্মাণ কৰি থৈ যোৱা ধোদৰ আলি জিলাখনৰ অন্যতম প্ৰধান পথ। এই পথটোৱে নামতি, নাজিৰা, শিমলুগুৰি, সোণাৰি আদি ঠাই চুই গৈছে। জিলাখনত মুঠ ৰেলপথৰ দৈৰ্ঘ ১৫৩ কিঃমিঃ। প্ৰধান ষ্টেচন শিমলুগুৰি। শিমলুগুৰিৰ পৰা এটা শাখা ৰেলপথ ডিব্ৰুগড়লৈ সম্প্ৰসাৰণ ঘটোৱাৰ পাছত দেশৰ অন্যান্য অংশৰ সৈতে শিৱসাগৰ আৰু মৰাণ নগৰ ৰেলৰ দ্বাৰা সংযোজিত হৈছে।

[সম্পাদনা কৰক] উল্লেখযোগ্য শিক্ষানুষ্ঠান

শিৱসাগৰ মহাবিদ্যালয়, জয়সাগৰ
শিৱসাগৰ ছোৱালী মহাবিদ্যালয়
শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়
গড়গাঁও মহাবিদ্যালয়
সোণাৰি মহাবিদ্যালয়
মৰাণ মহাবিদ্যালয়
শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়--মুজাহিদ 16:29, 24 জানুৱাৰী 2012 (UTC)
ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়--মুজাহিদ 16:29, 24 জানুৱাৰী 2012 (UTC)
দিল্লী পাব্লিক স্কুল, নাজিৰা
কেন্দ্ৰীয় বিদ্যালয় (তেল আৰু প্ৰাকৃতিক গেছ নিগম)

[সম্পাদনা কৰক] জিলাখনৰ উল্লেখযোগ্য ঠাই[4]

  1. কাৰেংঘৰ বা (তলাতল ঘৰ)
    শিৱসাগৰৰ মূল কেন্দ্ৰৰ পৰা মাত্ৰ ৩ কিঃমিঃ দূৰত অৱস্থিত। স্বৰ্গদেও ৰাজেশ্বৰ সিংহই (১৭৫১- ৬৯ খৃষ্টাব্দ) নিৰ্মাণ কৰিছিল। ৰাজপৰিয়ালৰ বাসগৃহ তথা ৰাজসভা আছিল। কাৰেংঘৰ সাতমহলীয়াকৈ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ তিনিটা মহল ভূমিগত আছিল বাবেই তলাতল ঘৰ নাম পায়। ইয়াৰ পৰা গড়গাঁওৰ কাৰেং আৰু দিখৌঘাটলৈ গোপন সুৰঙ্গ পথ আছিল, যি পথ পাছলৈ বৃটিছে বন্ধ কৰি দিয়ে।
  2. গড়গাঁৱৰ কাৰেংঘৰ
    চাৰি মহলীয়া ইটাৰে নিৰ্মিত এই কাৰেংঘৰ ১৭৫২ চনত স্বৰ্গদেও ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰে।
  3. ৰংঘৰ
    এই ৰংঘৰত বহি আহোম স্বৰ্গদেওসকলে সপৰিয়ালে খেল-ধেমালী আৰু সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিছিল।এচিয়াৰ প্ৰথম পেভিলিয়ন হিচাপে প্ৰখ্যাত ৰংঘৰ ১৭৪৬ চনত প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল।
  4. শিৱসাগৰ পুখুৰী আৰু শিৱদৌল
    ৰাণী অম্বিকা দেৱীয়ে স্বামী শিৱসিংহৰ নামত শিৱসাগৰ পুখুৰী খন্দাই তাৰ পাৰত শিৱদৌল নিৰ্মাণ কৰে। এই দৌল ভাৰতত আটাইবোৰ ঐতিহাসিক মন্দিৰৰ ভিতৰত ওখ। একেটা চৌহদতে আৰু দুটা দৌল আছে- দেৱী দৌল আৰু বিষ্ণু দৌল।
  5. জয়সাগৰ পুখুৰী আৰু জয়দৌল
    ল'ৰাৰজাৰ চাউদাঙৰ হাতত নৃশংসভাবে মৃত্যুবৰণ কৰা মাতৃ জয়মতীৰ স্মৃতিত জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰে। জয়সাগৰ ভাৰতৰ ভিতৰতে সৰ্ববৃহত্ মানৱ-নিৰ্মিত পুখুৰী।
  6. ৰুদ্ৰসাগৰ পুখুৰী আৰু ৰুদ্ৰদৌল
    পিতৃ ৰুদ্ৰসিংহৰ স্মৃতিত ১৭৭৩ চনত ৰজা লক্ষীসিংহই ৰুদ্ৰসাগৰ পুখুৰী আৰু তাৰ পাৰত ৰুদ্ৰদৌল নিৰ্মাণ কৰে। শিৱসাগৰ নগৰৰ পৰা দূৰত্ব ৪ কিঃমিঃ।
  7. গৌৰীসাগৰ পুখুৰী আৰু গৌৰীদৌল
    বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে এটি পুখুৰী খন্দাই তাৰ পাৰতে এই দৌলটো নিৰ্মাণ কৰে। শিৱসাগৰ নগৰৰ পৰা ১২ কিঃমিঃ দূৰত্বৰ গৌৰীসাগৰত অৱস্থিত।
  8. চৰাইদেউৰ মৈদাম বা চৰাইদেও
    সোণাৰি নগৰৰ পৰা প্ৰায় ২০ কিঃমিঃ দূৰত অৱস্থিত। এসময়ৰ আহোম ৰাজপৰিয়াল আৰু উচ্চ পদস্থ ৰাজ-বিষয়াসকলৰ সমাধিস্থলী। মাটিৰে নিৰ্মিত পিৰামিড সদৃশ বহু মৈদাম আজিও অক্ষত অৱস্থাত আছে। মৈদামৰ অভ্যন্তৰত থকা ধন-সোণবোৰ বৃটিছসকলে খান্দি উলিয়াই লৈ গৈছিল বুলি কোৱা হয়।
  9. নামদাঙৰ শিলৰ সাকোঁ
    নামদাং নদীৰ ওপৰত গোটা শিলেৰে নিৰ্মিত সাকো। ১৭০৩ চনত ৰুদ্ৰসিংহই নিৰ্মাণ কৰাইছিল। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এই সাকোৰ ওপৰৰে পাৰ হৈ গৈছে।
  10. আজানপীৰৰ দৰগাহ
    শৰাগুৰি চাপৰিত এই দৰগাহ অৱস্থিত। শিৱসাগৰৰ পৰা ২২ কিঃমিঃ দূৰত্বত। সুদূৰ পাৰস্যৰ পৰা অহা সন্ত জিকিৰ আৰু জাৰিৰ স্ৰষ্টা আজানপীৰৰ সমাধিস্থলী। সকলো ধৰ্মৰ লোকে ইয়াত শ্ৰদ্ধা জনায়।
  11. টাই সংগ্ৰহালয় শিৱসাগৰ পুখুৰীৰ পাৰত এই সংগ্ৰহালয় স্থাপন কৰা হৈছে। ইয়াত আহোম শাসনকালৰ বহুতো সামগ্ৰী সংৰক্ষণ কৰা হৈছে।
  12. দিচাংমুখশিৱসাগৰ নগৰৰ সমীপৰ দিচাংমুখ ইয়াৰ অপৰূপ প্ৰাকৃতিক সৌন্দয্যৰ বাবে বিখ্যাত ৷

অনান্য দ’লসমূহ

  1. ঘণশ্যাম দ’ল, জয়সাগৰ
  2. ফাকুৱা দ’ল, জয়সাগৰ
  3. ৰংনাথ শিৱদ’ল
  4. ৰূদ্ৰেশ্বৰ দ’ল
  5. থাওৰা দ’ল
  6. নামতি দ’ল (বিষ্ণু দেৱী দ’ল)
  7. বৰপাত্ৰ দ’ল, পুখুৰী

[সম্পাদনা কৰক] ঐতিহাসিক পুখুৰী

  • বগীদ'ল পুখুৰী
  • মেচাগড় পুখুৰী
  • লখিমী পুখুৰী
  • ৰাজমাও পুখুৰী
  • সুন্দৰ পুখুৰী
  • ৰহদৈ পুখুৰী
  • লেঙীবৰ পুখুৰী
  • ৰুদ্ৰসাগৰ পুখুৰী
  • গৌৰীসাগৰপুখুৰী
  • মগালৌ পুখুৰী
  • তেলীয়াডোঙা পুখুৰী
  • শিৱসাগৰ পুখুৰী
  • শুকান পুখুৰী
  • থাওৰাপুখুৰী
  • ডিমৌ পুখুৰী
  • নিতাই পুখুৰী
  • নামতিপুখুৰী
  • পানীবিল পুখুৰী
  • ধিতাই পুখুৰী
  • বাউলী পুখুৰী
  • নেওগ গোঁহাইৰপুখুৰী
  • ফুলপানীছিগা পুখুৰী
  • ৰঙাচিলা পুখুৰী
  • বেজদলৈ পুখুৰী
  • গড়গাঁৱৰ পুখুৰী
  • খনাখোকোৰা পুখুৰী
  • কপৌ পুখুৰী
  • হেকেৰাবৰবৰুৱা পুখুৰী
  • লিগিৰী পুখুৰী
  • বুঢ়াগোহাইপুখুৰী
  • সোনাদৈ পুখুৰী
  • শ ধোৱাপুখুৰী
  • টেঙাপুখুৰী
  • ৰহধলা পুখুৰী
  • সোনাতোলা পুখুৰী
  • মিঠা পুখুৰী
  • সেন্দুৰী পুখুৰী
  • ভোগদৈ পুখুৰী
  • জহাখাতৰ পুখুৰী
  • ফুলচেংপুখুৰী
  • মনখাম পুখুৰী
  • গাভৰু পুখুৰী
  • আইদেউ পুখুৰী
  • খাৰঘৰীয়া ফুকনৰ পুখুৰী
  • ঘোঁৰাচোৱাপুখুৰী
  • মনাদৈ পুখুৰী
  • আচুঁবুলীয়া পুখুৰী
  • তাওকাকৰ পুখুৰী
  • অঠাইসাগৰ পুখুৰী
  • সোণাৰি পুখুৰী
  • বৰপাত্ৰ পুখুৰী
  • পেহী পুখুৰী
  • জয়সাগৰ পুখুৰী
  • গোঁহাই কুঁৱৰী পুখুৰী
  • শিল পুখুৰী


[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. লীলা গগৈ (২০০৭ চন). বেলি মাৰ গ'ল. ডিব্ৰুগড়: বনলতা. 
  2. "Population of Sivasagar District". http://online.assam.gov.in/web/population-census/districts?webContentId=70222. Retrieved January 09, 2012. 
  3. "Sivasagar district at a glance". http://sivasagar.nic.in/. Retrieved January 09, 2012. 
  4. "Places of tourist attraction". http://onlinesivasagar.com/tourism/. Retrieved January 09, 2012. 
ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত