শোণিতপুৰ জিলা
| শোণিতপুৰ | |
| — জিলা — | |
|
|
|
|
|
|
| স্থানাঙ্ক | |
| দেশ | |
| অঞ্চল | উজনি অসম |
| ৰাজ্য | অসম |
| উপায়ুক্ত | শ্ৰীযুত তপন চন্দ্ৰ শৰ্মা |
| জনসংখ্যা • ঘনত্ব |
25,08,021 (44) (2009[update]) |
| সময়াঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০) |
| মাটিকালি • উচ্চতা |
>2,668 km (1,658 mi)>OnlineSivasagar.com • 55 m (180 ft) |
| ৱেবছাইট | চৰকাৰী ৱেবচাইট |
শোণিতপুৰ (ইংৰাজী: Sonitpur) ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা৷ জিলাখনৰ প্ৰধান সদৰ ঠাই হৈছে তেজপুৰ৷ ২০১১ চনৰ লোকপিয়ল[1] অনুসৰি নগাঁও আৰু ধুবুৰীৰ পিছত তৃতীয় জনবহুল জিলা৷ শোণিতপুৰ জিলা প্ৰাকৃতিকভাৱে অতি সুন্দৰ এখন জিলা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি৷ শোণিতপুৰ জিলা বিভিন্ন ঐতিহাসিক সমলেৰে চহকী৷
সূচী |
[সম্পাদনা কৰক] শোণিতপুৰ নামৰ উৎপত্তি
সাহিত্যিক অৰ্থত শোণিতপুৰৰ অৰ্থ হৈছে তেজৰ নগৰ৷ প্ৰধানকৈ শোণিতপুৰ নামটো আহিছে সংস্কৃত 'শোণিত' (অৰ্থ তেজ) আৰু 'পুৰ' (অৰ্থ নগৰ)ৰ পৰা৷ এই ঠাইখনৰ পুৰণি নাম বৰ্তমান ইয়াৰ সদৰ ঠাই তেজপুৰ হিচাপেও জনা গৈছিল৷ তেজপুৰ শব্দটোও আহিছে সংস্কৃত 'তেজ' আৰু 'পুৰ' শব্দৰ পৰা৷ শোণিতপুৰ নামটোৰ ঐতিহাসিক কাহিনী এনেধৰণৰ৷ এসময়ত ইয়াত বাণ নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল, তেওঁ আছিল অসুৰৰ ৰজা৷ বাণ ৰজাৰ জীয়ৰী উষাই সপোনত এজন কোঁৱৰক দেখা পায় আৰু তেওঁৰ প্ৰেমত পৰে৷ তেওঁ চিত্ৰলেখাৰ সহায়ত সেই কোঁৱৰজন ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ বুলি গম পায় আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক স্থাপিত হয়৷ বাণ ৰজাই সেই কথা গম পাই উষাক অগ্নিৰ দ্বাৰা আৱৰি থকা এটা ঘৰৰ মাজত বন্দী কৰি ৰাখে৷ সেই ঘৰটোকে অগ্নিগড় বোলে৷ কিন্তু অনিৰুদ্ধই উষাৰ সখীয়েক শিল্পী চিত্ৰলেখাৰ সহায়ত উষাক লাভ কৰে আৰু গন্ধৰ্ব প্ৰথাৰে বিবাহ কৰে৷ এই কথাত বাণ ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ আৰম্ভ হয়৷ এই যুদ্ধত হাজাৰ হাজাৰ যোদ্ধাৰ মৃত্যু হয় চাৰিওফালে তেজৰ নৈ-বৈ যায়৷ ইয়াৰ ফলতেই এই ঠাইৰ নাম তেজপুৰ (তেজৰ নগৰ) লাভ কৰে৷ পিছলৈ গোটেই জিলাখনকে শোণিতপুৰ হিচাপে পৰিচিত হয়৷[2]
[সম্পাদনা কৰক] ভৌগোলিক অৱস্থিতি
শোণিতপুৰ জিলা ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশে মুঠ ৫৩২৪ বৰ্গ কিলোমিটাৰ আগুৰি আছে৷ আনহাতে জিলাখন ২৬° ৩০’N আৰু ২৭° ০১’N অক্ষাংশ আৰু ৯২° ১৬’E আৰু ৯৩° ৪৩’E দ্ৰাঘিমাংশ মাজত অৱস্থিত৷
জিলাখনৰ চাৰিসীমা হ'ল[3]-
উত্তৰে- অৰুণাচল প্ৰদেশ
দক্ষিণে- ব্ৰহ্মপুত্ৰ নদী, মৰিগাঁও জিলা আৰু গোলাঘাট জিলা
পূবে- লখিমপুৰ জিলা আৰু
পশ্চিমে- দৰং জিলা
[সম্পাদনা কৰক] জলবায়ু
[সম্পাদনা কৰক] মুঠ জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা হৈছে ১,৯২৫,৯৭৫৷[4] ২০০১-২০১১ চনৰ ভিতৰত জনসংখ্যাৰ হাৰ হৈছে ১৫.৬৭%[5]৷ আনহাতে প্ৰত্যেক ১০০০ মাইল দূৰত্বৰ ৯৪৬ গৰাকী মহিলা বাস কৰে৷ জিলাখনৰ শিক্ষিত হাৰ হৈছে ৬৯.৯৬%৷ আনহাতে জিলাখনৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা হৈছে ১,২৮৭,৬৪৬ জন আৰু ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা ২৬৮,০৭৮ (১৫.৯৪) জন৷
[সম্পাদনা কৰক] ইতিহাস
প্ৰশাসনিক দিশৰ পৰা জিলাখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে ১৯৮৩ খ্ৰীষ্টাব্দত দৰং জিলাখনক দুখন জিলা হিচাপে ভাগ কৰি পেলোৱা হৈছিল। দৰং আৰু শোণিতপুৰক দুখন সুকীয়া জিলাৰূপে ঘোষণা কৰা পিছত তেজপুৰক শোণিতপুৰ জিলাৰ সদৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কালিকা পুৰাণৰ বিৱৰণ অনুসৰি বৰ্তমানৰ দৰং, শোণিতপুৰ আৰু উত্তৰ লখিমপুৰ জিলা কেইখন বাণৰজাৰ শাসনাধিষ্ঠিত অঞ্চল আছিল।
[সম্পাদনা কৰক] ভাষা
জিলাখনত বসবাস কৰা বৃহৎ সংখ্যক মানুহৰে মাতৃভাষা হ'ল অসমীয়া ভাষা৷ কিন্তু বহু ঠাইত মিশ্ৰিত ভাষাৰো ব্যৱহাৰ হয়৷ অন্যান্য কিছু সংখ্যক মানুহে বড়ো, নেপালী, বাংলা আৰু হিন্দী ভাষা ব্যৱহাৰ কৰে৷[6] আনহাতে চাহবাগানসমূহত বাস কৰা বৃহৎ সংখ্যক শ্ৰমিকৰ মাজত মিশ্ৰিত ৰূপত অসমীয়া ভাষাৰ ব্যৱহাৰ হোৱা দেখা যায়৷
[সম্পাদনা কৰক] জিলাৰ সদৰ আৰু মহকুমা
জিলাখনৰ প্ৰধান সদৰ ঠাই হৈছে তেজপুৰ৷ ই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত, ১৮১ কিলোমিটাৰ গুৱাহাটীৰ পূবত অৱিস্থত৷ বৰ্তমান শোণিতপুৰ জিলাৰ প্ৰধান নগৰ তেজপুৰ ঐতিহাসিক সম্পদৰ কাৰণে ভাৰত বিখ্যাত৷
শোণিতপুৰ জিলাৰ তিনিটা[উদ্ধৃতিৰ প্ৰয়োজন]প্ৰধান মহকুমা হ'ল তেজপুৰ, বিশ্বনাথ আৰু গহপুৰ৷
গহপুৰ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমৰ শোণিতপুৰ জিলাৰ এটা মহকুমা আৰু এখন ইতিহাস প্ৰসিদ্ধ নগৰ৷ ইয়াতেই স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ জন্ম হয়৷ নগৰখন ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ লগত সংযোগ হৈ আছে৷ লগতে ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা মাজুলী আৰু যোৰহাটৰ লগতো সংলগ্ন হৈ আছে৷
[সম্পাদনা কৰক] শোণিতপুৰৰ উল্লেখযোগ্য ব্যক্তিসকল
কেইজনমান উল্লেখযোগ্য ব্যক্তি নাম তলত উল্লেখ কৰা হ’ল।
- চন্দ্ৰ কুমাৰ আগৰৱালা
- আনন্দ্ৰ চন্দ্ৰ আগৰৱালা
- দন্দিৰাম কলিতা
- কমলাকান্ত ভট্টাচাৰ্য্য
- বিষ্ণুপ্ৰসাদ ৰাভা
- জ্যোতিপ্ৰসাদ আগৰৱালা
- ফনী শৰ্মা
- লম্বোদৰ বৰা
- পদ্মনাথ গোহাঞি বৰুৱা
- চন্দ্ৰনাথ শৰ্মা
- দণ্ডিনাথ কলিতা
- হীৰাৱতী গোহাঞি বৰুৱা
- হেমচন্দ্ৰ বৰুৱা
- অমিয় কুমাৰ দাস
- লক্ষ্মীধৰ শৰ্মা
- গহণ চন্দ্ৰ গোস্বামী
- বিজয় চন্দ্ৰ ভাগৱতী
- গজেন বৰুৱা
- কনকলতা বৰুৱা
[সম্পাদনা কৰক] উল্লেখযোগ্য ঠাই
- চিত্ৰলেখা উদ্যান
- অগ্নিগড়
- বামুণী পাহাৰ
- দ-পৰ্বতীয়াৰ শৈল দ্বাৰ
- পদুম পুখুৰী
- হজৰা পুখুৰী
- জ্যোতি ভাৰতী
- নামেৰী ৰাষ্ট্ৰীয় উদ্যান
- বাণ ৰঙ্গমঞ্চ
[সম্পাদনা কৰক] উল্লেখনীয় মঠ-মন্দিৰ
- মহাভৈৰৱ মন্দিৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ উত্তৰদিশত, দৰং মহাবিদ্যালয়ৰ সমীপত।
- ভৈৰৱী মন্দিৰ :-অৱস্থিতি: নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ভৈৰৱী টিলাৰ ওপৰত।
- গণেশ মন্দিৰ:-অৱস্থিতি: ব্ৰহ্মপুত্ৰ নৈৰ পাৰত গণেশ ঘাটত।
- হনুমান মন্দিৰ:-অৱস্থিতি: ভৈৰৱী মন্দিৰৰ পূবে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত, গেৰেকী বান্দৰদেৱা পাহাৰৰ এটি সৰু টিলাৰ ওপৰত।
- কেতেকেশ্বৰ দেৱালয়:-অৱস্থিতি:কেতেকীবাৰী গাঁও, তেজপুৰ।
- শুক্লেশ্বৰ দেৱালয়:-অৱস্থিতি: গটঙা গাঁৱত, তেজপুৰৰ পৰা প্ৰায় ৬ কি:মি আতৰত।
- সিদ্ধেশ্বৰ দেৱালয়:-অৱস্থিতি: তেজপুৰ চহৰৰ সমীপত, বামুণ চুবুৰীৰ পৰ্বতীয়া সাউদৰ পাৰ গাঁৱত।
- দক্ষিণা কালী মন্দিৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ উত্তৰদিশত, দৰং মহাবিদ্যালয়ৰ সন্মূখত।
- ৰুদ্ৰপদ দেৱালয়:-অৱস্থিতি: তেজপুৰ চহৰৰ পৰা ৮ কি:মি: নিলগত, ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ভোমোৰাগুৰি টিলাৰ ওপৰত।
- নিকামূল সত্ৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ সমীপত, মাজগাঁও।
- চিপহা সত্ৰ:-অৱস্থিতি:কেতেকীবাৰী গাঁও, তেজপুৰ।
- বৰালিমৰা সত্ৰ:-অৱস্থিতি: :দআটি গাঁও, তেজপুৰ।
- শ্ৰী শ্ৰীসত্যনাৰায়ণ মন্দিৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত, জে.বি ৰোডত।
- টিঙ্গেশ্বৰ দেৱালয়:-অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৪ কি:মি নিলগত পশ্চিম দক্ষিণ দিশত।
- লক্ষ্মীনাৰায়ণ মন্দিৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজ, কনকলতা অসামৰিক চিকিত্সালয়ৰ সমীপত।
- হলেশ্বৰ দেৱালয়:-অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৯ কি:মি নিলগত।
- হুদুপৰা থান:-অৱস্থিতি: দেউৰী গাঁও, তেজপুৰ।
- হেংগুলেশ্বৰ দেৱালয়:-অৱস্থিতি: তেজপুৰ চহৰৰ পশ্চিমে, ভৈৰৱপুৰ মৌজাত।
- কামৰূপীয়া নামঘৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত।
- নাগশংকৰ মন্দিৰ:-অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৫৮ কি:মি নিলগত, নাগশংকৰ মৌজাত।
- কলিয়া গোসাঁইৰ থান:-অৱস্থিতি:বালিপাৰা, মানশিৰি নৈৰ পাৰত।
- বুঢ়াগোসাঁই থান:-অৱস্থিতি:প্ৰতাপগড় চাহ বাগিচাৰ সমীপত।
- গুপ্তেশ্বৰ মন্দিৰ:-অৱস্থিতি:ঢেকীয়াজুলীৰ পৰা প্ৰায় ১২ কি:মি নিলগত, শিঙৰি টিলাৰ পশ্চিম দক্ষিণ দিশত।
- চাৰিদুৱাৰৰ বুঢ়াগোঁসাই থান:- চাৰিদুৱাৰ।
- ধ্বান্দি বা ধেন্দাই দ’ল:-অৱস্থিতি:বিশ্বনাথ চাৰিআলিৰ সমীপৰ কলাবাৰী মৌজাত।
- নন্দিকেশ্বৰ দেৱালয়:-অৱস্থিতি: জামুগুৰিহাটৰ পৰা প্ৰায় ডেৰ কিলমিটাৰ নিলগত।
- নিজ বৰচলা মন্দিৰ:-অৱস্থিতি: বৰচলা গাঁও, নিজ বৰচলা।
- বিশ্বনাথ ক্ষেত্ৰ :- অৱস্থিতি: বিশ্বনাথ চাৰিআলি।
- ফুলবাৰী দেৱালয় :- অৱস্থিতি: বিশ্বনাথ চাৰিআলিৰ সমীপৰ কলাবাৰীত।
- শ্ৰী চৈতন্য গৌড়ীয় মঠ :- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত।
- গুৰুদ্বাৰ:- অৱস্থিতি: কুমাৰগাঁও, তেজপুৰ।
- ৰামকৃষ্ণ সেৱাশ্ৰম :- অৱস্থিতি: পাৱাৰ হাউচৰ পশ্চিমে, পদুম পুখুৰীৰ সমীপত এটি টিলাৰ ওপৰত।
- মছজিদ :- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত।
- গিৰ্জা / ছাৰ্চ এফিটেনী : অৱস্থিতি: নেহৰু ময়দানৰ দক্ষিণ দিশত, তেজপুৰ।
- শলগুৰি সত্ৰ :- অৱস্থিতি: জামুগুৰিৰ শলগুৰি গাঁও।
- কৰতিপাৰ সত্ৰ:- অৱস্থিতি: জামুগুৰিহাট।
- বৰালিমৰা সত্ৰ :- অৱস্থিতি: তেজপুৰৰ দআটি গাঁও।
- আঁহতগুৰি সত্ৰ :- অৱস্থিতি: জামুগুৰিহাটৰ কাষৰ হাতিঙা গাঁও।
[সম্পাদনা কৰক] উল্লেখনীয় শৈক্ষিক প্ৰতিষ্ঠান
বিশ্ববিদ্যালয় :
মহাবিদ্যালয়:
- দৰং মহাবিদ্যালয় : তেজপুৰ চহৰৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল দৰং মহাবিদ্যালয়। মহাবিদ্যালয়খনি স্থাপিত হয় ১৯৪৫ খ্ৰীষ্টাব্দত। প্ৰতিষ্ঠাপক অধ্যক্ষ কামাখ্যা প্ৰসাদ ত্ৰিপাঠী আছিল।
- তেজপুৰ মহাবিদ্যালয়
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়
- তেজপুৰ আইন মহাবিদ্যালয়
- বি.টি. কলেজ
উচ্চ মাধ্যমিক/উচ্চতৰ মাধ্যমিক বিদ্যালয়:
- তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
- তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী কন্যা বিদ্যালয়
- তেজপুৰ একাডেমি
- তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বেংগলী বালক বিদ্যালয়
- তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বেংগলী কন্যা বিদ্যালয়
কাৰিকৰী শৈক্ষিক প্ৰতিষ্ঠান :
অনান্য শৈক্ষিক প্ৰতিষ্ঠান :
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ http://www.census2011.co.in/district.php District Census 2011
- ↑ http://sonitpur.nic.in/ Sonitpur District Official WebSite
- ↑ http://sonitpur.nic.in/ Sonitpur District Official WebSite
- ↑ http://www.census2011.co.in/district.php District Census 2011
- ↑ http://www.census2011.co.in/district.php District Census 2011
- ↑ http://sonitpur.nic.in/ Sonitpur District Official WebSite
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
- জিলা প্ৰশাসনৰ ৱেবছাইট
- CIC ৱেবছাইটত জিলাখনৰ বিষয়ে আৰু তথ্য পঢ়ক
- শোণিতপুৰ জিলাৰ কিছুমান ঠাইৰ পিন নম্বৰ
- নেডফি ডাটাবেংকত থকা তথ্য
- gloriousindia.com ৱেবছাইতত থকা তথ্য
- onefivenine.com ত থকা তথ্য
- শোণিতপুৰ জিলাৰ চাহ বাগিচাসমূহৰ তালিকা
- assaminfo.com ৱেবছাইটত শোণিতপুৰ জিলাৰ বিষয়ে বিতং তথ্য আছে
- rainrays.com শোণিতপুৰ জিলাৰ ঠাইসমূহৰ বিষয়ে তথ্য আছে
![]() |
পশ্চিম কামেং জিলা, অৰুণাচল প্ৰদেশ | পূৱ কামেং জিলা, অৰুণাচল প্ৰদেশ | পাপুমপাৰে জিলা, অৰুণাচল প্ৰদেশ | ![]() |
| ওদালগুৰি জিলা, দৰং জিলা |
লক্ষীমপুৰ জিলা | |||
| মৰিগাঁও জিলা | নগাঁও জিলা | গোলাঘাট জিলা |
|
|||||||||||||||||||
|
||||||||||
