শ্ৰীনিবাস ৰামানুজন
|
|
এই প্ৰবন্ধ অথবা অনুচ্ছেদৰ ব্যাকৰণ, লিখনশৈলী, ধাৰাবাহিকতা, সামঞ্জস্য অথবা বানানৰ শুদ্ধিৰ বাবে অনুলিপি সম্পাদনাৰ প্ৰয়োজন। আপুনি এইখন সম্পাদনা কৰি প্ৰবন্ধটো নিখুত হোৱাত সহায় আগবঢ়াব পাৰে। আপুনি কিদৰে সহায় কৰিব তাৰে দিকনিৰ্দেশনা ইয়াত দিয়া আছে। |
| শ্ৰীনিবাস ৰামানুজন | |
|---|---|
| জন্ম | ডিচেম্বৰ ২২, ১৮৮৭ ইৰদ, মাদ্ৰাছ প্ৰেছিদেন্সি |
| মৃত্যু | এপ্ৰিল ২৬, ১৯২০ (৩২ বছৰ) চেটপুত, মাদ্ৰাছ, মাদ্ৰাছ প্ৰেছিদেন্সি |
| জাতীয়তা | ভাৰতীয় |
| ক্ষেত্ৰ | গণিত |
| শিক্ষানুষ্ঠান | চৰকাৰী কলা মহাবিদ্যালয়, কুম্বাকানম পাচাইআপাৰ মহাবিদ্যালয় কেমব্ৰিজ বিশ্ববিদ্যালয় |
| শৈক্ষিক পৰামৰ্শদাতা | জি, এইচ, হাৰ্ডি জন এডেনছৰ লিটিলউদ |
| জনা যায় | লাণ্ডাউ ৰামানুজন ধ্ৰুবক মক থিতা ফাংছনs ৰামানুজন কনজেকছাৰ ৰামানুজন প্ৰাইম ৰামানুজন ছোল্ডনাৰ ধ্ৰুবক ৰামানুজন থিতা ফাংছন ৰামানুজনৰ সমষ্টি ৰামানুজন আইডেনটিটি |
| প্ৰভাৱ | জি, এইচ, হাৰ্ডি |
শ্ৰীনিবাস ৰামানুজন
pronunciation (সহায়·তথ্য) (তামিল: சீனிவாச இராமானுஜன்) (২২ ডিচেম্বৰ ১৮৮৭ – ২৬ এপ্ৰিল ১৯২০) আছিল ভাৰতবৰ্ষৰ এজন শীৰ্ষস্থানীয় গণিতজ্ঞ। তেওৰ জীৱন কাল অতি কম হ’লেও তেখেতে গণিতত সুদূৰপ্ৰসাৰী অৱদান ৰাখি থৈ গৈছে। উচ্চ শিক্ষা নাথাকলেও সম্পূৰ্ণ নিজ প্ৰচেষ্টাৰে তেওঁ গণিতৰ বিভিন্ন শাখাত বহুতো নতুন উপপাদ্য সৃষ্টি কৰে। তেওৰ টোকাবহী বা ডায়েৰীত পৰৱৰ্তী সময়ত অনেক নতুন সমাধান পোৱা গৈছে।
সূচী |
জীৱনী [সম্পাদনা কৰক]
জন্ম [সম্পাদনা কৰক]
শ্ৰীনিবাস ৰামানুজনৰ জন্ম হয় ১৮৮৮ চনৰ ২২ ডিচেম্বৰত দক্ষিন ভাৰতৰ ইৰোড চহৰত এটা দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত। তেওঁৰ পিতৃ কুম্ভকোনাম এজন কাপোৰ ব্যৱসায়ীৰ হিচাপ ৰক্ষক আছিল।
বাল্যকাল [সম্পাদনা কৰক]
পাঁচ বছৰ বয়সত ৰামানুজন প্ৰথম পঢ়াশালিত ভৰ্তি হৈছিল। কিন্তু দুবছৰৰ ভিতৰতে তেওঁ সেই পঢ়াশালিৰ পৰা গৈ কুম্ভকোনামৰ হাইস্কুলত বিনামূলীয়া শিক্ষা লাভৰ সুবিধা লাভ কৰে। শিক্ষা গ্ৰহণৰ সেই প্ৰাৰম্ভিক কালতে ৰামানুজনে অসাধাৰণ মেধাৰ পৰিচয় দি সকলোকে সচকিত কৰি তোলে। তেওঁৰ বিশেষ ধৰণৰ আগ্ৰহ দেখা যায় গণিত আৰু সংস্কৃত এই দুটা বিষয়ৰ প্ৰতি। মাত্ৰ ১০ বছৰ বয়সতে এই দুয়োটা বিষয়ত ৰামানুজনে যি অদ্ভুত পাৰদৰ্শিতা দেখুৱায়, তালৈ লক্ষ্য কৰি সেই সময়তে সকলোৱেই আশা কৰে যে সেই অদ্ভুত মেধাসম্পন্ন শিশুটি এদিন হয়্তো কোনো এটা ক্ষেত্ৰত ভাৰতৰ গৰ্বৰ স্থল হ’ব। পঢ়া-শুনাক লৈ ব্যস্ত হৈ থকাৰ বাহিৰে ৰামানুজনে অন্য একো খেলা-ধূলা ভাল নাপাইছিল। আজৰি সময়ত বাহিৰা কিতাপ-পত্ৰ একোখন পঢ়িলেও তেওঁৰ প্ৰিয় বিষয় গণিত অথবা সংস্কৃত ভাষা-সাহিত্য বিষয়ক গ্ৰন্থহে পঢ়িছিল। এই দিশৰ পৰা তেওঁ ’বাহিৰা কিতাপ’ হিছাপে সেই বয়সতে (অৰ্থাত্ ১০/১২ বছৰতে) অধ্যয়ন কৰিছিল বিশ্ববিখ্যাত গণিতজ্ঞ কাৰ’ৰ Synopses of Pure Mathematics গ্ৰন্থখন। এই গ্ৰন্থই তেওঁ কোমল মনত গভীৰ প্ৰভাৱ পেলায়। তেওঁ সেই গ্ৰন্থত থকা সূত্ৰ সমূহৰ আধাৰত কেতবোৰ নতুন উপপাদ্য উদ্ভৱ কৰি তেওঁৰ সহপাঠী সকলৰ আগত তাক বিশ্লেষণ কৰিও দেখুৱায়। কুম্ভকোনামৰ সেইখন বিদ্যালয়ৰ পৰাই ১৯০৪ চনত ৰামানুজনে ’মেট্ৰিক’ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ’সুব্ৰমন্য বৃত্তি’ লাভ কৰে।
উচ্চমাধ্যমিক শিক্ষা [সম্পাদনা কৰক]
কুম্ভাকোনাম চৰকাৰী কলেজত পঢ়িবলৈ লয়। কিন্তু কুম্ভকোনাম চৰকাৰী কলেজত প্ৰৱেশ লাভ কৰাৰ পিছৰে পাৰা তেওঁ কেৱল গণিতৰ চৰ্চাতেই সময় কটাবলৈ ধৰে আৰু তাৰেই ফলস্বৰূপে বাকী বিষয় সমূহত আশানুৰূপ সুফল লাভ কৰাত অসমৰ্থ হয়। প্ৰথম বাৰ্ষিকৰ পৰীক্ষাত কেৱল গণিতৰ বাহিৰে আন প্ৰায়বোৰ বিষয়তে তেওঁ অকৃতকাৰ্য্য হয় আৰু দ্বিতীয় বাৰ্ষিকলৈ উন্নীত হ’ব নোৱাৰাৰ বাবে তেওঁ ’জলপানি’ হেৰুৱাব লগা হয় আৰু ইয়াৰ লগে লগে অৰ্থৰ অভাৱত কলজীয়া শিক্ষা বাদ দিব লগা হয়। ইয়াৰ পিছত অ’ত ত’ত চাকৰিৰ সন্ধানত ঘূৰি ফুৰিয়েই ৰামানুজনে বহু সময় অপচয় কৰে। অৱশ্যে ইয়াৰ মাজতে ১৯০৬ চনত তেওঁ এবাৰ পৰীক্ষাত বহে, কিন্তু তাতো অকৃতকাৰ্য্য হৈ হতাশ হৈ পৰে। ইয়াৰ পিছৰ কেইটামান বছৰ ৰামানুজনে পাৰ কৰে প্ৰায় অৰ্দ্ধাহাৰে। গভীৰ অৰ্থ সংকটৰ সমুখত তেওঁ হৈ পৰে দিশহাৰা। কিন্ত পেটৰ ভোকত বহু নিশালৈ তেওঁ উজাগৰে কটাবলগীয়া হোৱা সময়তো তেওঁৰ মনে বিচাৰি ফুৰে গণিতৰ একোটা সূত্ৰৰ সমাধান। সেই আৰ্থিক অনাটন আৰু তাৰ পৰা উদ্ভৱ হ’ব পৰা সকলো সমস্যাৰ মাজতো তেওঁ নিজৰ অধ্যয়ন চলাই যোৱাৰ লগতে সমাধানৰ ওপৰত ৰচনা কৰে এখন মূল্যবান গ্ৰন্থ।
বিবাহ আৰু কৰ্মজীৱন [সম্পাদনা কৰক]
১৯০৯ চনত ৰামানুজনে বিয়া কৰায় আৰু পুনৰবাৰ চাকৰিৰ বাবে চেষ্টা চলাবলৈ ধৰে। সেই সময়তে তেওঁ ভাৰতীয় গণিত সমাজৰ প্ৰতিষ্ঠাতা ভি.ৰামস্বামী আয়াৰৰ সংস্পৰ্শলৈ আহে। একে সময়তে তেওঁ পৰিচিত হয় নেলোৰৰ জিলা প্ৰশাসক দেৱান বাহাদুৰ ৰামচন্দ্ৰৰ ৰাওৰ হৈতে। গণিতৰ এজন পৃষ্ঠপোষক হিছাপে এই ৰামচন্দ্ৰ ৰাওৱে, ৰামানুজনে এইক্ষেত্ৰত চলোৱা তেওঁৰ গৱেষণামূলক অধ্যয়ন অব্যাহত ৰাখিবৰ বাবে তেওঁলৈ আৰ্থিক সাহায্য আগবঢ়ায়। অৱশ্যে ৰামচন্দ্ৰ ৰাওৰ ওপৰত নিজে বোজা হ’বলৈ নিবিচাৰি সেই সাহায্য বিনম্ৰতাৰে প্ৰত্যাখান কৰে আৰু মাদ্ৰাজ পৰ্ট ট্ৰাষ্টৰ অধীনত এটা অতি সাধাৰণ চাকৰি গ্ৰহণ কৰে। ১৯১১ চনত মাদ্ৰাজ পৰ্ট ট্ৰাষ্টৰ চাকৰি গ্ৰহণ কৰাৰ বছৰতেই ’Journal of Indian Mathematical Society’ত প্ৰকাশ পায় ৰামানুজনৰ এটি চিন্তাগধুৰ নিৱন্ধ Some Properties of Bernoulli’s members আৰু গণিতৰ কিছুমান জটিল প্ৰশ্নৰ আকাৰত আন এটি নিবন্ধ। তেওঁৰ এই নিবন্ধ দুটি অৱশ্যে সাধাৰণ পঠকৰ বাবে একেবাৰে দুৰ্বোধ্য হয়। সেই সময়ত ৰামানুজন চৰ্চাৰ বিষয় আছিল ’মৌলিক সংখ্যাৰ উপপাদ্য’। বিখ্যাত গণিতজ্ঞ প্ৰফেচাৰ জি. এইচ.হাৰ্ডিয়ে তেওঁৰ ’Orders of Infinity’ নামৰ গণিতৰ এখন ৰচনাত উত্থাপিত কৰা ’প্ৰব্লেম’ সমূহৰ সমাধান সূত্ৰ তেতিয়াও সম্পূৰ্ণ হোৱা নাছিল। ৰামানুজনে সেই সকলো প্ৰব্লেমৰ সমাধান উলিওৱাৰ লগে লগে সেই সময়ত কেমব্ৰিজ বিশ্ববিদ্যালয়ত কাৰ্যৰত প্ৰফেছাৰ হাৰ্ডিয়ে এই বিষয়ে জানিবলৈ পায় আৰু ইয়াৰ পিছতে ৰামানুজনৰ হৈতে গঢ় লৈ উঠে তেওঁৰ এক মধুৰ সম্পৰ্ক। এই সম্পৰ্কৰ আধাৰেতেই পৰৱৰ্তী কালত ৰামানুজনৰ প্ৰতিভাই বিকাশ লাভ কৰাৰ সুবিধা পায়। এই সময়তে ৰামানুজনৰ চিনাকি হয় আন এজন বিখ্যাত গণিতজ্ঞ, এসময়ৰ ’ট্ৰিনিটি কলেজৰ গণিতৰ অধ্যাপক ড° জি টী ওৱকাৰৰ সৈতে। ড° ওৱকাৰ সেই সময়ত ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক হিছাপে কৰ্মৰত আছিল। ৰামানুজনৰ সৈতে হোৱা প্ৰথম সাক্ষাতৰ পিছত ড° ওৱেকাৰে গণিত বিষয়টোৰ ওপৰত থকা ৰামানুজনৰ অসাধাৰণ পাণ্ডিত্যৰ ভু পায় আৰু এই ক্ষেত্ৰত চিন্তা-চৰ্চা চলাই নিবৰ বাবে তেওঁলৈ মাহে ৭৫ টকাৰ এটি বৃত্তি আগবঢ়ায়। ইয়াৰ লগে লগে ড° ওৱেকাৰে ৰামানুজনক ইংলণ্ডলৈ পঠোৱাৰ চেষ্টা চলাবলৈ ধৰে। অৱশেষত তেওঁৰেই নিৰন্তৰ প্ৰচেষ্টাত ১৯১৪ চনত এপ্ৰিল মাহত ৰামানুজন ইংলণ্ডত উপস্থিত হয়গৈ। ইংলণ্ডত ৰামানুজনে ২৫০ পাউণ্ডৰ এটি বৃত্তি লাভ কৰে। ইয়াৰে ৫০ পাউণ্ড তেওঁ ভাৰতত থকা পৰিয়ালবৰ্গৰ ভৰণ-পোষণৰ বাবে পঠায় আৰু ২০০ পাউণ্ড তেওঁৰ নিজা খৰছৰ বাবে ৰাখে। এই বৃত্তিৰ উপৰিও তেওঁ ট্ৰিনিটি কলেজৰ পৰা লাভ কৰে ৬০ পাউণ্ডৰ আন এটি বৃত্তি। এটা অতি সহজ সাধৰণ জীৱনত অভ্যস্ত ৰামানুজনৰ কাৰণে এই পৰিমাণৰ ধন তেওঁৰ প্ৰয়োজনতকৈ বহু বেছি আছিল। সেয়ে তেওঁ ইয়াৰ মাজৰ পৰা গধূৰ পৰিমাণৰ ধন সাঁচিব পাৰিছিল। ইয়াৰ পিছত ৰামানুজনে সম্পূৰ্ণ একাগ্ৰতাৰে চলাই যাবলৈ ধৰে তেওঁৰ গৱেষণামূলক চৰ্চা। তেওঁৰ গৱেষণাত সকলো প্ৰকাৰে সহায় আগবঢ়াই যাবলৈ ধৰে প্ৰফেছাৰ হাৰ্ডিয়ে। এটা সৌহাৰ্দ্যপূৰ্ণ পৰিবেশত প্ৰায় চাৰিবছৰ কাল কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা চলাই ৰামানুজনে গণিত শাস্ত্ৰত সংযোগ কৰে বহুতো নতুন নতুন সূত্ৰ আৰু ’নাম্বাৰ থিয়ৰি’ শীৰ্ষক এটি নতুন অধ্যায় গণিতশাস্ত্ৰত সংযোজিত কৰে।
সন্মান [সম্পাদনা কৰক]
৩১ বছৰ বয়সত ১৯১৮ চনত ৰামানুজনক ’ৰয়েল চছাইটি’ৰ ফেলোশিপ প্ৰদান কৰা হয় আৰু সেই একে বছৰতে, গণিতশাস্ত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক ট্ৰিনিটি কলেজৰ ফেলো হিছাপে সন্মানিত কৰা হয়।
মৃত্যু [সম্পাদনা কৰক]
১৯১৯ চনত ৰামানুজন ভাৰতলৈ ঘূৰি আহে। কিন্তু ইতিমধ্যে ইংলণ্ডত থকা সময়তে দুবাৰকৈ মাৰাত্মক অসুখত ভোগা এই অনন্য সাধাৰণ গণিতজ্ঞ গৰাকী বেছিদিন জীয়াই থাকিবলৈ নাপালে। ভাৰতলৈ ঘূৰি অহাৰ পিছত তেওঁৰ স্বাস্থ্য পুনৰ বৰ বেয়াকৈ ভাগি পৰে আৰু ১৯২০ চনৰ ১৬ এপ্ৰিল তাৰিখে মাদ্ৰাজত শেষ নিশ্বাস ত্যাগ কৰে। সেই সময়ত অসাধাৰণ প্ৰতিভাসম্পন্ন এই গণিতজ্ঞ গৰাকীৰ বয়স আছিল মাত্ৰ ৩৩ বছৰ। [1]
তথ্যসূত্ৰ [সম্পাদনা কৰক]
- ↑ আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি: সম্পাদনা কনকসেন ডেকা
মিডিয়া সংযোগ [সম্পাদনা কৰক]
- Biswas, Soutik (16 March 2006). "Film to celebrate mathematics genius". BBC. http://news.bbc.co.uk/2/hi/south_asia/4811920.stm। আহৰণ কৰা হৈছে: 24 August 2006.
- Feature Film on Mathematics Genius Ramanujan by Dev Benegal and Stephen Fry
- BBC radio programme about Ramanujan – episode 5
- A biographical song about Ramanujan's life
- P.B.S. Nova Series: "The Man Who Loved Numbers" (1988)
জীৱনীমূলক সংযোগ [সম্পাদনা কৰক]
- অ’ কন্নৰ, জন যে.; ৰবাৰ্টছন, এডমাণ্ট এফ, "শ্ৰীনিবাস ৰামানুজন", মেকটিউটৰ হিষ্ট্ৰী অৱ মেথমেটিকছ আৰ্ছিভ, ইউনিভাৰ্ছিটি অৱ ছেইণ্ট এনড্ৰিছ, http://www-history.mcs.st-andrews.ac.uk/Biographies/Ramanujan.html.
- Eric W. Weisstein, Ramanujan, Srinivasa (1887–1920) - চাইন্সৱৰ্ল্ড.
- Biography of this mathematical genius at World of Biography
- Srinivasan Ramanujan in One Hundred Tamils of 20th century
- Srinivasa Aiyangar Ramanujan
- A short biography of Ramanujan
- "A passion for numbers"
- "Our Devoted Site for Great Mathematical Genius"