শ্ৰীমন্ত শংকৰদেৱ
|
|
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয়। (বিশদ নিৰ্দেশনা চাওক।) সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
| শ্ৰীমন্ত শংকৰদেৱ | |
|---|---|
| জন্ম | ১৪৪৯ খৃঃ নগাঁও, অসম |
| মৃত্যু | ১৫৬৮ খৃঃ মধুপুৰ সত্ৰ |
শ্ৰীমন্ত শংকৰদেৱ এগৰাকী মহাপুৰুষ৷ শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা৷ তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহতিত কৰিছিল৷ অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্ময়কৰ অৱদান আগবঢ়াই গ'ল তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষ ৰূপে আখ্যা দিয়া হয়৷
সূচী |
[সম্পাদনা কৰক] পূৰ্বপুৰুষ আৰু জন্ম
খৃষ্টীয় ১৪ শ শতিকাত গৌৰ ৰাজ্যৰ ৰজা ধৰ্ম নাৰায়ণে তেওঁৰ বন্ধু কমতা ৰাজ্যৰ ৰজা দুৰ্লভ নাৰায়ণলৈ সাত ঘৰ বিশিষ্ঠ ব্ৰাহ্মণ আৰু সাত ঘৰ কায়স্থ মানুহ পঠাইছিল৷ দুৰ্লভ নাৰায়ণে বৰ আদৰ-সাদৰ কৰি তেওঁলোকৰ নিজৰ ৰাজ্যত থাকিবলৈ দিছিল৷ কায়স্থ সাত ঘৰৰ ভিতৰত চণ্ডীবৰ নামে এজন বিদগ্ধ পণ্ডিত আছিল৷ ৰজাই তেওঁক শিৰোমণি ভূঞা উপাধি দি হাজোৰ ওচৰৰ মাগুৰী নামে ঠাইত স্থানীয় শাসক পাতিছিল৷ কিছুদিন সেই কাম সুকলমে কৰি শেষত ভোটবিলাকৰ উপদ্ৰৱত থাকিব নোৱাৰি তেওঁ বৰ্তমান নগাঁও জিলাৰ বৰদোৱা নামে ঠাইলৈ গৈ তাতে স্থায়ীভাৱে বাস কৰিছিল৷ তেওঁৰ বংশতে ১৪৪৯ খৃঃত শ্ৰীশ্ৰীশঙ্কৰদেৱৰ জন্ম হয়৷ শঙ্কৰৰ পিতাকৰ নাম কুসুম্বৰ ভূঞা আৰু মাকৰ নাম সত্যসন্ধা৷
[সম্পাদনা কৰক] বাল্যকাল আৰু শিক্ষা-দীক্ষা
শ্ৰীশ্ৰীশঙ্কৰদেৱৰ সৰু অৱস্থাতে পিতৃ-মাতৃৰ বিয়োগ ঘটাত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক পালন কৰে৷ সৰুতেই তেওঁৰ পঢ়াৰ প্ৰতি বিশেষ ধাউতি নাছিল৷ খেল-ধেমালিতে কাল কটোৱা শঙ্কৰক বাৰ বছৰ বয়সত বুঢ়ীমাকে মহেন্দ্ৰ কন্দলী নামে অধ্যাপক এজনৰ টোলত নাম লগাই দিয়ে৷ বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শঙ্কৰে অ-আ ক-খ শিকিয়েই ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি বিষয়ক এটি কবিতা ৰচনা কৰি সকলোকে অভিভূত কৰে৷ ইয়াৰ পিছতে অধ্যাপক কন্দলীয়ে শঙ্কৰক 'দেৱ' উপাধি প্ৰদান কৰি সকলোৰে ওপৰত ওজা ছাত্ৰ পাতে৷ ইয়াৰ পিছতে শঙ্কৰদেৱে কম দিনৰ ভিতৰতে বেদ, উপনিষদ, মহাভাৰত, ৰামায়ণ, পুৰাণ, ব্যাকৰণ, কাব্য সকলোতে বিদগ্ধ পণ্ডিত হৈ ঘৰলৈ উভতি আহে৷
[সম্পাদনা কৰক] কৰ্মজীৱন
শ্ৰীশ্ৰীশঙ্কৰদেৱৰ আত্মীয়-কুটুম্বসকলে ভাবিছিল যে, তেওঁ এজন ভাল শাসক হৈ উঠিব৷ কিন্তু ৰাজকীয় হাই-উৰুমি আৰু শিৰোমণি ভূঞাৰ দায়িত্ব আৰু কৰ্তব্যক আওকান কৰি তেওঁ অধ্যয়নত মনোনিৱেশ কৰিবলৈ ভাল পাইছিল৷ কিন্তু সকলোৰে ইচ্ছাৰ প্ৰতি সহাৰি জনায় তেওঁ শিৰোমণি ভূঞাৰ পদ গ্ৰহণ কৰি 'ডেকা গিৰি' নামে জনাজাত হয়৷ সেই সময়তে তেওঁ সূৰ্য্যৱতী নামে এজনী ৰূপৱতী আৰু গুণৱতী ছোৱালী এজনী বিবাহ কৰে৷ কেইবছৰমানৰ পিছত এজনী ছোৱালীৰ জন্ম দি সূৰ্য্যৱতীৰ বিয়োগ ঘটাত শঙ্কৰদেৱৰ মনত বৈৰাগ্য উপজে আৰু তীৰ্থ ভ্ৰমণৰ বাবে ঘৰৰ পৰা ওলাই যায়৷ বাৰ বছৰ কাল ভাৰতৰ নানান তীৰ্থ ভ্ৰমণ কৰি নানান সাধু সন্তৰ সংস্পৰ্শত মনত ধৰ্মৰ ভাৱ উদয় হোৱাত ঘৰলৈ উভতি আহে৷ আহি পৰিয়াল আত্মীয়-স্বজনৰ কথাত কালিন্দী নামে এজনী ছোৱালীক পুনৰ বিবাহ কৰে যদিও সংসাৰৰ বান্ধোনে শঙ্কৰদেৱক বেছিদিন বান্ধি ৰাখিব নোৱাৰিলে৷ সেইসময়ত অসমত চলি থকা বলি বিধান আৰু দেৱ-দেৱীৰ পূজাৰ পৰা মানুহৰ মন আঁতৰাই এক মাত্ৰ ভগৱান বিষ্ণুকে সেৱা কৰাৰ বাবে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰত মনোনিৱেশ কৰে ৷ মানুহক ভগৱান শ্ৰীকৃষ্ণৰ গুণ আৰু মাহাত্মাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ তেওঁ নানান শাস্ত্ৰ ৰচনা কৰিবলৈ ধৰে৷
[সম্পাদনা কৰক] শঙ্কৰদেৱৰ সাহিত্য
সেই সময়ত সকলো শাস্ত্ৰই সংস্কৃত ভাষাত থকাৰ কাৰণে সাধাৰণ মানুহে তাক পঢ়ি জ্ঞান অৰ্জন কৰিব নোৱাৰিছিল৷ সেই অসুবিধা দুৰ কৰি সৰ্বসাধাৰণে বুজিব পৰাকৈ তেওঁ বহু সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে তাৰ সাৰ সংগ্ৰহ কৰিও বহু অসমীয়া গ্ৰন্থ ৰচনা কৰে৷ জনসাধাৰণক জ্ঞান আৰু আনন্দ প্ৰদানৰ চলেৰে ধৰ্ম প্ৰচাৰেই আছিল তেওঁৰ ৰচনাৰ মূল অৰ্থ৷ সেইবাবে তেওঁ সাধাৰণ অসমীয়া ভাষাত গীত, পদ, নাট, ৰচনা নকৰি 'ব্ৰজাৱলী' নামে ভাষাত ৰচনা কৰিছিল৷ কাৰণ এই ভাষাই সাধাৰণ মানুহৰ মাজত কৃষ্ণভক্তিৰ প্ৰতি মন কৃষ্ট কৰাত সহায় কৰিছিল৷ শ্ৰীশ্ৰীশঙ্কৰদেৱৰ গ্ৰন্থসমূহক কেইবাভাগত ভগাব পাৰি, যেনে:
[সম্পাদনা কৰক] কাব্যঃ
- হৰিশ্চন্দ্ৰ উপাখ্যান
- অজামিল উপাখ্যান
- ৰুক্মিণী হৰণ কাব্য
- বলিছলন
- অমৃত মন্থন
- গজেন্দ্ৰ উপাখ্যান
- কুৰুক্ষেত্ৰ
[সম্পাদনা কৰক] ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থঃ
[সম্পাদনা কৰক] অনুবাদমূলক গ্ৰন্থঃ
- ভাগৱত প্ৰথম, দ্বিতীয়
- দশম স্কন্ধৰ আদিছোৱা
- দ্বাদশ স্কন্ধ
- ৰামায়ণৰ উত্তৰা কাণ্ড
[সম্পাদনা কৰক] অঙ্কীয়া নাটঃ
[সম্পাদনা কৰক] গীতঃ
[সম্পাদনা কৰক] নাম-প্ৰসঙ্গৰ গ্ৰন্থঃ
[সম্পাদনা কৰক] বহুমুখী প্ৰতিভা
শ্ৰীশ্ৰীশঙ্কৰদেৱ এজন বহুমুখী প্ৰতিভাসম্পন্ন লোক আছিল৷ ৰূপ, বল, গুণ তিনিও দিশতে তেওঁ মানুহক চমকিত কৰিছিল৷ ষাঁড় গৰুক পৰাস্ত কৰি, ভাদমহীয়া দুপাৰ উপচি পৰা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি বল বীৰ্য্যৰ পৰিচয় দিছিল৷ প্ৰথম অ-ফলা আৰু ক-ফলা শিকিয়েই আ-কাৰ আৰু ই-কাৰ নোহোৱাকৈ ভাবগধুৰ কবিতা এটা লিখি তেওঁৰ অসামান্য প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল। আনপিনে তেওঁ আছিল ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ৷ তেওঁ নাটক ৰচনা কৰিয়েই ক্ষান্ত থকা নাছিল; সেইবোৰক অভিনয়ৰ দ্বাৰা মানুহৰ মন নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল৷ অভিনয়ত তেওঁ নিজেও ভাও লৈছিল৷ সেই সময়ত তেওঁ মানুহক সাত বৈকুণ্ঠৰ পট আঁকি 'চিহ্নযাত্ৰা' ভাওনা কৰি দেখুৱাইছিল৷ শঙ্কৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ আছিল 'এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ' অৰ্থাত কেৱল নামৰ দ্বাৰাই পৰম ভগৱন্তক লাভ কৰি ইহ সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ উপায় তেওঁ ৰচনা কৰিছিল৷ তেওঁৰ ধৰ্মত কোনো জাতি-ভেদ উচ্চ-নিচ ধনী-দুখীয়াৰ প্ৰভেদ নাছিল৷ অসমৰ বিভিন্ন ঠাইত সত্ৰ, নামঘৰ অনুস্থান পাতি ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ব্যৱস্থা কৰিছিল৷ আজিৰ পৰা পাঁচশ ৫০০ বছৰৰ আগতে শঙ্কৰদেৱে যি উদাৰ মনোভাৱেৰে সমগ্ৰ অসমীয়া সমাজক একতাৰ জৰীৰে বান্ধিছিল ভাৱি সচাই বিস্ময় লাগে৷
তেখেতৰ প্ৰথম কবিতাটো হ'ল:
কৰতল কমল কমল-দল নয়ন ।
ভবদব দহন গহন বন শয়ন ॥
নপৰ নপৰ পৰ সতৰত গময় ।
সভয় মভয় ভয় মমহৰ সততয় ॥
খৰতৰ বৰশত হত দশ বদন ।
খগচৰ নগধৰ ফনধৰ শয়ন ॥
জগদঘ মপহৰ ভৱভয় তৰণ ।
পৰপদ লয় কৰ কমলজ নয়ন ॥
[সম্পাদনা কৰক] তিৰোভাৱ
মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য্য চলাই আছিল৷ ১৫৬৮ খৃঃত ১১৯ বছৰ বয়সত তেওঁ মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে৷ সেই সময়ত কোঁচৰজা নৰনাৰায়নৰ ৰাজত্ব চলি আচিল| কোচবিহাৰত থকা এই ভেলা মধুপুৰ সত্ৰত ১৪৯০ শকত ভাদ মাহৰ ২১ তাৰিখে শুক্লা দ্বিতীয়া তিথিত জগতগুৰু মহাপুৰুষ শংকৰদেৱৰ মহাপ্ৰয়াণ হৈছিল|
[সম্পাদনা কৰক] লগতে চাওঁক
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
- ড০ বাণীকান্ত কাকতিৰ প্ৰবন্ধ - মহাপুৰুষ শংকৰদেৱ কথা
- শংকৰদেৱৰ আদৰ্শৰ সাম্প্ৰতিক প্ৰয়োজনীয়তা
- শ্ৰী মন্ত শংকৰদেৱ সংঘ
- শ্ৰী মন্ত শংকৰদেৱ ভৱন, নতুন দিল্লী
- শ্ৰীমন্ত ফাউণ্ডেশ্যন ৱেবছাইট
- এ ট্ৰিবিউট টু শংকৰদেৱ
- আউনীআটি সত্ৰৰ ৱেবছাইট
- বৰপেটা সত্ৰৰ ৱেবছাইট
- অকণিৰ নামঘৰ ৱেবছাইট