শ্ৰেণী:ইছলাম ধৰ্ম
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| ৱিকিমিডিয়া কমন্সত ‘ইছলাম ধৰ্ম’ বিষয় সংক্ৰান্তত মিডিয়া আছে। |
ইছলাম (ইংৰাজী ভাষা
/ˈɪzlɑːm/ আৰবি ভাষাত: الإسلام আল্ইছলাম্) এটা একেশ্বৰবাদী ধৰ্ম। "ইছলাম" শব্দৰ অৰ্থ "আত্মসমৰ্পণ", বা একক স্ৰষ্টাৰ নিকট নিজকে সমৰ্পন। খৃষ্টীয় সম্তম শতিকাত আৰবৰ ধৰ্মীয় আৰু ৰাজনৈতিক নেতা মহম্মদ (সাঃ) এই ধৰ্ম প্ৰচাৰ কৰে। কোৰান ইছলামৰ মূল ধৰ্মগ্ৰন্থ। এই ধৰ্মত বিশ্বাসী সকলৰ মুছলমান বা মুছলিম বোলা হয়। কোৰান আল্লাহৰ বাণী আৰু তাৰ কৰ্তৃক মহম্মদৰ নিকট প্ৰেৰিত বুলি মুছলমানসকলে বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাস অনুসৰি মুহম্মদ শেষ নবী। হাদিসৰ পৰা প্ৰাপ্ত নিৰ্দেশিত কাজ আৰু শিক্ষাৰ ভিত্তিতে কোৰানক ব্যাখ্যা কৰা হয়।
এই শ্ৰেণীটোত ইছলাম ধৰ্ম সম্পৰ্কীয় প্ৰবন্ধবোৰ অন্তৰ্ভুক্ত কৰা হৈছে।