শৰাইঘাটৰ যুদ্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শৰাইঘাটৰ যুদ্ধ
আহোম-মোগলৰ সংঘৰ্ষৰ অংশ
তাৰিখ ১৬৭১ চনৰ মাৰ্চ মাহৰ মাজভাগত
অৱস্থান গুৱাহাটী
ফলাফল যুদ্ধত আহোমৰ জয়
যুজাৰু
আহোম ৰাজ্য মোগল সাম্ৰাজ্য
কমাণ্ডাৰ আৰু দলপতিসকল
লাচিত বৰফুকন ৰামসিংহ, মুন্নাৱৰ খান আৰু শেষ্টা খান
ক্ষয়ক্ষতিৰ পৰিমাণ
৪০০০ সৈন্য, ৩ জন আমিৰ
শৰাইঘাটৰ যুদ্ধৰ ঘটনাৱলী
1662 —
1663 —
1664 —
1665 —
1666 —
1667 —
1668 —
1669 —
1670 —
1671 —
1672 —
1673 —
1674 —
1675 —
1676 —
1677 —
মীৰ জুমলাৰ আক্ৰমণ
গুৱাহাটী পুনৰ দখল লাচিতৰ
ৰাম সিংহই দিল্লী এৰে
শৰাইঘাটৰ যুদ্ধ
আলাবৈৰ যুদ্ধ
ৰাম সিংহৰ দিল্লীলৈ প্ৰত্যাৱৰ্তন
মানাহত আহোম-মোগলৰ সংঘৰ্ষ
গুৱাহাটীলৈ আহোমৰ যাত্ৰা
লাচিত বৰফুকন
লালুক সোলা বৰফুকন্
অতন বুঢ়াগোঁহাই
ৰাম সিংহৰ অভিযান
ৰঙামাটিত ৰামসিংহ
মীৰ জুমলাৰ অভিযান
শৰাইঘাট যুদ্ধৰ সময়ৰ ঘটনাৱলী

শৰাইঘাটৰ যুদ্ধ (ইংৰাজী: Battle of Saraighat) ১৬৭১ চনত হৈছিল মোগল সাম্ৰাজ্য ( Kachwaha ৰজা, ৰাজা ৰামসিংহৰ নেতৃত্বত), আৰু আহোম ৰাজ্যৰ (লাচিত বৰফুকনৰ নেতৃত্বত) মাজত। এই যুদ্ধ ব্ৰহ্মপুত্ৰৰ শৰাইঘাটত (বৰ্তমানৰ গুৱাহাটীত) হৈছিল। আহোম সৈন্য মোগল সৈন্যৰ সন্মুখত দুৰ্বল আছিল যদিও গৰিলা যুদ্ধ কৌশল, psychological warfare, কূটনীতি আৰু সমভূমিৰ উপযুক্ত ব্যৱহাৰ কৰি মোগল সৈন্যক পৰাস্ত কৰে। মোগলৰ নৌ-সেনা দুৰ্বল আছিল আৰু আহোম সৈন্যই ইয়াৰ বহুত সুবিধা গ্ৰহণ কৰিছিল।

এই যুদ্ধৰ দ্বাৰাই মোগলে অন্তিমবাৰৰ বাবে অসমলৈকে নিজৰ সাম্ৰাজ্য বিস্তাৰিত কৰাৰ প্ৰচেষ্টা কৰিছিল। ইয়াৰ পিছত মোগলে গুৱাহাটী অধিকাৰ কৰিছিল যদিও ১৬৮২ চনত আহোমে গুৱাহাটী নিজৰ অধীনলৈ আনে। তাৰ পিছৰ পৰাই অসমত আহোমৰ ৰাজত্ব শেষ হোৱালৈকে নিজৰ অধীনত ৰাখে।

পটভূমি[সম্পাদনা কৰক]

১৬০২ চনত ঢাকাৰ নবাবে পশ্চিম অসমৰ ধুবুৰীৰ ৰজা পৰীক্ষিত নাৰায়ণক আক্ৰমণ কৰে। এনেদৰে অসম ৰাজ্যলৈকে মোগল সাম্ৰাজ্য বিস্তৃত কৰিবলৈ মোগল সকলৰ আগ্ৰহ জন্মে। পৰীক্ষিতৰ ভাতৃ বালি নাৰায়ণক আহোমে সুৰক্ষা দিছিল। সেয়ে, ১৬১৫ চনত আহোম ৰজা প্ৰতাপ সিংহৰ ৰাজত্বকালত মোগলে অসম আক্ৰমণ কৰে। ১৬৩৯ চনত এই যুদ্ধৰ মীমাংসা ৰূপে আহোম-মোগলৰ মাজত অসুৰৰ আলিৰ সন্ধি হয়। এই সন্ধিৰ মতে, উত্তৰে বৰনদী আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণে অসুৰৰ আলি আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰিত কৰা হয়। ১৬৪১ চনত কোঁচ ৰজা পাণ্ডুত পৰাজিত হয়। ফলস্বৰূপে, কামৰূপ (গুৱাহাটী আৰু হাজো) মোগলৰ অধীনলৈ যায়।

১৬৫৮ চনত মোগল সম্ৰাট শ্বাহ জাহানৰ পতন ঘটে। এই সুযোগতে কোঁচ বিহাৰৰ ৰজা প্ৰাণ নাৰায়ণে কোঁচ হাজো দখল কৰাৰ চেষ্টা কৰে। কিন্তু আহোমৰ ৰজা জয়ধ্বজ সিংহই গুৱাহাটী দখল কৰি তেওঁক ধুবুৰীলৈকে খেদি পঠিয়ায়। ইয়াৰ পিছতে, ঔৰংগজেৱ মোগলৰ ৰাজপাটত উঠে। ১৬৬০ চনত মীৰ জুমলা বেংগলৰ চুবেদাৰ (Subahdar)ৰ পদত অধিস্থিত হয়। তেওঁক অসম দখল কৰিবলৈ কোৱা হয়। মীৰ জুমলাই ১৬৬১ চনত আহোম ৰাজ্য আক্ৰমণ কৰে আৰু আহোম সৈন্যক কেইবাটাও সংঘৰ্ষত পৰাস্ত কৰে। অৱশেষত মোগলে আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে। কিন্তু অতন বুঢ়াগোঁহাই (Atan Burhagohain)ৰ দগ্গা যুদ্ধ (guerrilla warfare) আৰু নেৰানেপেৰা বৰষুণৰ ফলত মোগল সৈন্যৰ মাজত যোগাযোগ বিচ্ছিন্ন হোৱাৰ বাবে মীৰ জুমলাই অসমখন মোগলৰ অধীনলৈ নিব নোৱাৰিলে। এই কথা আহোম ৰজা জয়ধ্বজ সিংহই জনা নাছিল আৰু তেওঁ মীৰ জুমলাৰ লগত শান্তিৰ বাবে সন্ধিৰ প্ৰস্তাৱ দিয়ে।(Sarkar 1992:187) অৱশেষত, ১৬৬৩ চনত আহোম আৰু মোগলৰ মাজত ঘিলাঝাৰীঘাট সন্ধি (Treaty of Ghilajharighat)হয়। এই সন্ধি মতে, গড়গাঁও পুনৰ আহোমৰ অধীনলৈ যায়।

আহোমৰ যুদ্ধলৈ প্ৰস্তুতি[সম্পাদনা কৰক]

মীৰ জুমলাৰ হাতত পৰাস্ত হৈ জয়ধ্বজ সিংহই হতাশাত মৃত্যুবৰণ কৰে। ইয়াৰ পিছত চক্ৰধ্বজ সিংহ আহোম ৰাজপাটত উঠে। ইয়াৰ পিছতেই, তেওঁ আহোম ৰাজ্যৰ উন্নতি সাধন কৰে। যিসকল লোকৰ মীৰ জুমলাৰ আক্ৰমণত ক্ষতি হৈছিল, তেওঁলোকক পুনৰ সংস্থাপন দিয়ে। ৰাজ্যৰ খাদ্য আৰু সামৰিক বাহিনীৰ উন্নতি কৰা হ’ল, নতুন দুৰ্গ আৰু সুৰক্ষিত স্থান নিৰ্মাণ কৰা হ’ল আৰু লাচিত বৰফুকনৰ নেতৃত্বত এটা সুদক্ষ সামৰিক বাহিনী গঠন কৰা হয়।(Sarkar 1992:199)[1] জয়ন্তীয়া আৰু কছাৰী ৰাজ্যৰ সৈতে পুনৰ মিত্ৰতা স্থাপন কৰা হ’ল। এই সময়চোৱাত, মোগলৰ দাবীসমূহ আহোম সকলে ঔচিত্যবোধসম্পন্নভাৱে (tactfully) তিৰস্কাৰ কৰিবলৈ ল’লে। ১৬৬৭ চনত গুৱাহাটীৰ নতুন ফৌজদাৰ, ফিৰোজ খানে বিষয়টো গুৰুত্ব সহকাৰে ল’লে। তেওঁ এই দাবী পূৰণ কৰিবলৈ আহোম সকলক জোৰ কৰে।(Sarkar 1992:204) অৱশেষত ১৬৬৭ চনৰ আগষ্টত লাচিত বৰফুকন আৰু অতন বুঢ়াগোঁহাই লগ হৈ গুৱাহাটী পুনৰ দখল কৰিবলৈ আগবাঢ়ি যায়।

আহোমৰ গুৱাহাটী পুনৰ দখল[সম্পাদনা কৰক]

লাচিতে পূৰ্বতে বৰফুকনৰ অধীনত থকা কলিয়াবৰত নিজৰ সেনাৰ চাউনী পাতিলে আৰু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গুৱাহাটীৰ দিশে আগবাঢ়ি যায়। ১৬৬৭ চনৰ ছেপ্তেম্বৰৰ প্ৰথম ভাগত ডেকা ফুকনে উত্তৰ পাৰৰ বাঁহবাৰী দখল কৰে। দক্ষিণ পাৰত নাওশলীয়া ফুকন আৰু অন্যান্যসকলে মাটি আৰু পানী উভয়েদি আগবাঢ়ে। তেওঁলোকে কপিলী নদী আৰু গুৱাহাটীৰ মাজত থকা কাজলী, সোণাপুৰ, পানীখেতি আৰু তিতামৰাৰ দুৰ্গ দখল কৰে। আহোমসকল গুৱাহাটী পায় আৰু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে থকা পাঁচটা চৌকি (উত্তৰ—কানাই-বৰশী-বোৱা, হিল্লাৰ, হিন্দুৰিঘোপা, পাটদুৱাৰ আৰু কৰাই; দক্ষিণ—লতাশিল, জয়দুৱাৰ, ধৰমদুৱাৰ, দুৱাৰগুৰিয়া আৰু পাণ্ডু)ৰ লগত তেওঁলোকৰ সংঘৰ্ষ হয়। এই সংঘৰ্ষত আহোমৰ সামান্য ক্ষতি হ’ল যদিও অৱশেষত চাহ বুৰুজ আৰু ৰঙামহল দুৰ্গ দখল কৰে। আহোমে জয়দুৱাৰ আগুৰি ধৰে, পাণ্ডু দখল কৰে আৰু ইটাখুলিলৈ আগবাঢ়ি যায়। ইয়াৰ পিছত ইটাখুলি দুৰ্গত (বৰ্তমানৰ উপায়ুক্তৰ চৰকাৰী বাসগৃহ থকাৰ স্থানত) তেওঁলোকৰ সংঘৰ্ষ হয়। ১৬৬৭ চনৰ ৪ নৱেম্বৰত, এই সংঘৰ্ষ আৰম্ভ হয়[2] যেতিয়া আহোমসকলে জখলা ব্যৱহাৰ কৰি দেৱাল পাৰ হৈ দুৰ্গৰ ভিতৰত প্ৰৱেশ কৰে। আহোমে উটাখুলি দুৰ্গ দখল কৰাৰ দুমাহৰ পিছত ১৬৬৭ চনৰ নৱেম্বৰৰ মাহৰ মাজভাগত ই ধ্বংস হয়। এই সংঘৰ্ষত বহুতো সৈন্যক হত্যা কৰা হয়, কিছুমানে আত্মসমৰ্পণ কৰে আৰু আন কিছুমান পলাই যাবলৈ সক্ষম হয়। এনেদৰে মোগলৰ যুদ্ধৰ খাদ্য-সামগ্ৰী, সম্পত্তি আৰু বহুতো যুদ্ধৰ সামগ্ৰী আহোমৰ হাতত পৰে(Sarkar 1992:206–207)।

এই সময়তে মোগলৰ সেনাত কিছু নতুন সৈনিকে যোগদান কৰে আৰু আহোমৰ ওপৰত প্ৰতিশোধ ল’বলৈ চেষ্টা কৰে। আহোমে নৌ-সেনা ব্যৱহাৰ কৰি উমানন্দ আৰু বৰহাটৰ পৰা মোগলৰ সেনা বাহিনীৰ চাউনী দখল কৰে। মোগলে মানাহমুখ (মানাহ নদীৰ উপনৈ)ক কিছু সময়ৰ বাবে নিজৰ দখলত ৰাখিছিল। কিন্তু তেতিয়া ফিৰোজ খানে আত্মসমৰ্পণ কৰে আৰু আহোমে তেওঁক বন্দী কৰি ৰাখে। এনেদৰে আহোমে গুৱাহাটী পুনৰ দখল কৰে আৰু ৰাজ্যৰ সীমা পূৰ্বৰ মানাহ লৈকে বঢ়াবলৈ সক্ষম হয়। ইয়াৰ কিছুদিন পিছতে, ৰাজা ৰামসিংহই বিশাল সৈন্য বাহিনী লৈ আহোমক আক্ৰমণ কৰে আৰু গুৱাহাটী পুনৰ দখল কৰে।

মোগলৰ ৰাজকীয় অভিযান[সম্পাদনা কৰক]

১৬৬৭ চনৰ ১৯ ডিচেম্বৰত, মোগল সম্ৰাট ঔৰংগজেৱক মোগলৰ পৰাজয়ৰ কথা জনোৱা হয়। লগে লগে তেওঁ ৰাজা ৰাম সিংহক গুৱাহাটী পুনৰ দখল কৰিবলৈ আদেশ দিয়ে। ১৬৬৭ চনৰ ২৭ ডিচেম্বৰত ৰাম সিংহই দিল্লী এৰে আৰু ১৬৬৯ চনৰ ফেব্ৰুৱাৰীত ৰঙামাটিত উপস্থিত হয়। ইয়াত গুৱাহাটীৰ পূৰ্বৰ ফৌজদাৰ ৰছিদ খাঁ আৰু শিখ গুৰু টেগ বাহাদুৰ-এ পাটনাৰ পৰা সহায় আগবঢ়ায়। ৰাম সিংহৰ দলত ৪০০০অশ্বাৰোহী সৈন্য (trooper), ১,৫০০ আহাদী (ahadis) আৰু ৫০০ barqandezes সৈন্য আছিল। ঔৰংগজেৱে এই দলৰ লগত ৩০,০০০ পদাতিক সৈন্য, নিজৰ সৈন্য বাহিনীৰ সৈতে ২১ জন ৰাজপুত বিষয়া, ১৮,০০০ অশ্বাৰোহী সৈন্য, ২,০০০ ধনুৰ্ধৰ (archers) আৰু ৪০ খন জাহাজ (Sarkar 1992:211) লগত যোগ দি আহোম ৰাজ্য দখল কৰিবলৈ পঠিয়ায়।

যেতিয়া লাচিতে মোগলৰ সৈন্যৰ কথা গম পাইছিল, তেতিয়া কৈছিল, “এইয়া বৰ দুখৰ কথা যে, মই ফুকনৰ পদত থকাৰ সময়ত মোৰ দেশখনে ভয়ংকৰ সমস্যাত ভুগিছিল। মোৰ দেশৰ ৰজা আৰু প্ৰজাসকলে কেনেদৰে এই দুৰ্যোগৰ পৰা ৰক্ষা পাব? মোৰ উত্তৰ পুৰুষসকলক কেনেকৈ ৰক্ষা কৰিব পাৰিম?” (Sarkar 1992:229)

আহোমৰ কূটনৈতিক পৰিকল্পনা আৰু মোগলৰ আক্ৰমণ[সম্পাদনা কৰক]

অশ্বাৰোহী সেনা আৰু মুক্ত ঠাইত মোগল সেনা শক্তিশালী হোৱাৰ বিপৰীতে আহোমসকল দুৰ্বল আছিল। সেয়ে লাচিত আৰু অন্যান্য বিষয়াসকলে সমতল অঞ্চলত যুদ্ধৰ প্ৰস্তুতি কৰিছিল। গুৱাহাটীক যুদ্ধক্ষেত্ৰ হিচাবে নিৰ্বাচন কৰা হয়। কাৰণ, গুৱাহাটী পাহাৰীয়া অঞ্চল আছিল। শৰাইঘাটত আহোমসকলে নৌসেনাৰ দ্বাৰা মোগলক লগত যুঁজিবলৈ প্ৰস্তুত কৰিছিল। মোগল সৈন্য কিমান দূৰ আগবাঢ়িছে সেই বিষয়ে জানিবলৈ লাচিতে গুৱাহাটীত গড় নিৰ্মাণ কৰাইছিল। গড় নিৰ্মাণৰ বাবে লাচিতে মোমায়েকক দায়িত্বভাৰ দিছিল। কিন্তু কামত গাফিলতি কৰাৰ বাবে মোমাইয়েকৰ শিৰশ্চেদ কৰিছিল। লাচিতে কৈছিল যে, “দেশতকৈ মোমাই ডাঙৰ নহয়।” ইয়াৰ পিছত একে ৰাতিৰ ভিতৰতে বনুৱাসকলে গড় নিৰ্মাণ কৰি উলিয়াইছিল। মোগলে গুৱাহাটী আহি দেখিলে যে ইয়াৰ চাৰিওদিশৰ পৰা গড় নিৰ্মাণ কৰা হৈছে। তেতিয়া তেওঁলোকে নৌ সেনা ব্যৱহাৰ কৰিবলৈ বাধ্য হ’ল। মোগলৰ নৌ সেনা যথেষ্ট দুৰ্বল আছিল। কামাখ্যা আৰু সুখ্ৰশ্বেৰ পৰ্বতৰ মাজৰ অন্ধৰুবলিত চাউনী পাতিলে(Sarkar 1992:213)।

১৬৬৯ চনৰ মাৰ্চ-এপ্ৰিলত মোগল মানাহ নদীলৈকে আগবাঢ়ি আহিল আৰু কেইবা ঠাইতো আহোম সৈন্যক পৰাস্ত কৰিলে। লাচিতে গুৱাহাটীলৈ পলায়ন কৰিবলৈ সিদ্ধান্ত ল’লে। তিনিওজন ৰাজখোৱাক গুৱাহাটীলৈ মাতি মোগলৰ লগত যুঁজিবলৈ প্ৰস্তুত হ’বলৈ কোৱা হ’ল। মোগল গুৱাহাটীৰ ওচৰ পাই আগিয়াথুটিত চাউনী পাতিলেহি। তেতিয়া লাচিতে ৰাম সিংহক ছলনাৰে "ভাই ৰজা" বুলি কৈ যুদ্ধৰ মীমাংসা কৰিব বিচাৰিলে। কিন্তু মোগল আক্ৰমণৰ বাবে প্ৰস্তুত হোৱাত ফিৰোজ খানৰ হতুৱাই ৰাম সিংহলৈ লাচিতে বাৰ্তা পঠিয়ালে যে, গুৱাহাটী আৰু কামৰূপ মোগলৰ নহয়। কাৰণ, কোঁচৰ পৰা ইয়াক দখল কৰা হৈছে। ইয়াৰ বাবে অসমীয়া শেষ পৰ্যন্ত যুঁজিবলৈ প্ৰস্তুত আছে(Sarkar 1992:214)।

ইয়াৰ পিছত গুৱাহাটীত কেইবাবাৰো আহোম আৰু মোগলৰ মাজত সংঘৰ্ষ হ’ল। দুৰ্গসমূহ কেতিয়াবা আহোম অথবা মোগলৰ অধীনত আছিল। এই যুদ্ধসমূহত মোগল সৈন্যক চাৰিটা ভাগত ভাগ কৰা হয়(Sarkar 1992:215):

  1. উত্তৰ পাৰ : ৰাম সিংহই নিজে নিয়ন্ত্ৰণ কৰিছিল
  2. দক্ষিণ পাৰ :, আলি আকবৰ খান, মিৰ ছেয়দ খান, ৰাজা ইন্দ্ৰমণি, ৰাজা জয়নাৰায়ণ আৰু মৰুল খানৰ অধীনত
  3. সিন্ধীৰিঘোপা প্ৰৱেশদ্বাৰ : জাহীৰ বেগ, কায়াম খান, ঘনশ্যাম বক্সী আৰ কোচ বিহাৰৰ তিনিজন বৰুৱা- কবিশেখৰ, সৰ্বেশ্বৰ আৰু মনমাথাৰ অধীনত
  4. নদী : নৌ সেনাৰ বিষয়অ মনছুৰ খান, লতিফ খান, ঈশ্বৰপতি, কপিদান ৰজা-ই নিৰীক্ষণ কৰি আছিল।

এই সময়ত আহোমে গাৰো, জয়ন্তীয়া, নগা, দৰঙৰ ৰাণীৰ লগত বন্ধুত্ব স্থাপন কৰিলে। ১৬৬৯ চনৰ বাৰিষাত তেওঁলোকে যুদ্ধত যোগ দিছিল। আহোমৰ সৈন্যসকল দুটা ভাগত ভাগ কৰা হয়(Gogoi 1968:39–43):

  1. উত্তৰ পাৰ : অতন বুঢ়াগোঁহাইৰ নেতৃত্বত।
  2. দক্ষিণ পাৰ : লাচিত বৰফুকনৰ নেতৃত্বত।

দুয়োজন বিষয়াৰ অধীনত বহুতো পালি বিয়য়া আছিল। ৰাম সিংহৰ সৈন্যৰ যুদ্ধ নিৰীক্ষণ কৰি পালিসমূহক নিযুক্তি দিয়া হৈছিল।

১৬৬৯ চনত ঔৰংগজেৱে মোগল সেনাৰ দুৰ্গতিৰ বিষয়ে গম পালে। তেওঁ বেংগলৰ চুবেদাৰ শেষ্ঠা খানৰ হতুৱাই ৰাম সিংহৰ সৈন্যত নতুন সৈন্য যোগ দিয়ালে। এই সময়চোৱা অতন বুঢ়াগোঁহাইৰ দগ্গ যুদ্ধ (guerilla warfare)। ৰাম সিংহই বিৰোধ কৰি কৈছিল যে, এইয়া "যুদ্ধৰ মৰ্যাদা"ৰ বিৰোধী। ইয়াৰ পিছতে মোগলে পিছ হুহুকি যায় (অক্টোবৰ, ১৬৬৯ – মাৰ্চ, ১৬৭০)।(Sarkar 1992:218–219)

Major Ahom reversal at Alaboi[সম্পাদনা কৰক]

বৰফুকনৰ কূটনৈতিক কৌশলত ৰাম সিংহ উত্তেজিত হৈ পৰিছিল। সেয়ে, ৰাম সিংহই আহোম ৰজাক দ্বন্দযুদ্ধ (Duel)ৰ বাবে প্ৰস্তাৱ দিলে। তেওঁ পৰাস্ত হ’লে মোগল সৈন্যৰ সৈতে তেওঁ সেই ঠাই পৰিত্যাগ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। লাচিতে এই কথা ৰজাক জনোৱাত ৰজা জয়ধ্বজ সিংহই ইয়াক প্ৰত্যাখান কৰে। মোগলক প্ৰতিহিত কৰিবৰ বাবে আহোম ৰজাই লাচিতক আদেশ দিলে। মীৰ নবাবৰ থকা ১০,০০০ মোগল সৈন্যৰ লগত যুঁজিবলৈ আহোমৰ ২০,০০০ অশ্বাৰোহী সৈন্য সাজু কৰা হৈছিল। ৰামসিংহৰ এই প্ৰস্তাৱটোত তেওঁৰ “অহংকাৰ, পৰাক্ৰম আৰু প্ৰতিশোধ”ৰ কথা অনুমান কৰিব পাৰি। আনহাতে, আহোমে ইয়াক প্ৰত্যাখ্যান কৰাৰ কাৰণ আছিল যে “কূটনৈতিক কৌশল, ছলনা আৰু মিছা উপস্থাপন (mispresentation)”ৰ দ্বাৰা নিজৰ দুৰ্বলতাসমূ্হ লুকুৱাই ৰখা। পাছত ২০,০০০ সৈন্যৰ সলনি ৪০,০০০ সৈন্য সাজু কৰা হ’ল। ধনুৰ্দ্ধৰ (archers) আৰু হিলৈধাৰী সৈন্যসকলক ব্ৰাহ্মণৰ সাজত যুদ্ধলৈ সাজু কৰোৱা হ’ল। যাতে, ৰাজপুত সৈন্যসকলে তেওঁলোকক হত্যা নকৰে। ইয়াৰ বিপৰীতে, ৰামসিংহই মোগল সৈন্যৰ নেতৃত্ব দিবলৈ মদনাৱতী নামৰ মহিলা এগৰাকীক পুৰুষ সাজত পঠিয়ালে। যাতে, যুদ্ধত আহোম জিকিলেও গৌৰৱ কৰিব নোৱাৰে। ১৬৬৯ চনৰ ৫ আগষ্টত আলাবৈৰ ওচৰৰ অঞ্চলত এই যুদ্ধ হৈছিল।

প্ৰথমতে, মদনাৱতীয়ে আহোমৰ সৈন্যক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। কিন্তু, বৰফুকনে মাজত দ খাৱৈ নিৰ্মাণ কৰি থৈছিল। দ্বিতীয় পৰ্য্যায়ত, মদনাৱতী ব্ৰহ্মপুত্ৰ নদী পাৰ হ’বলৈ ব্যৰ্থ হ’ল আৰু তেওঁক হত্যা কৰা হ’ল। ইবাৰ পিছত, মীৰ নবাবে যুদ্ধত যোগদান দিলে। আহোমৰ ছলাহীত ৰাম সিংহ ক্ৰুদ্ধ হৈ পৰে। সেয়ে তেওঁৰ দক্ষ অশ্বাৰোহী সৈন্যক যুদ্ধৰ বাবে আদেশ দিলে। এই হত্যাকাণ্ডত আহোমৰ ১০,০০০ সৈন্যৰ মৃত্যু হয়।

ঔৰংগজেৱ মোগলৰ সফলতাত সন্তুষ্ট হ’ল। তেওঁ ৰামসিংহক গুৱাহাটী দখল কৰিবলৈ আদেশ দিলে। যদি অসফল হয়, তেতিয়া ধ্বংস কৰি মানুহবিলাকক লুণ্ঠন কৰিবলৈ আদেশ দিয়ে।

Final diplomatic maneuvers[সম্পাদনা কৰক]

১৬৬৯ চনৰ শেষভাগত মোগল আগবাঢ়ি অহাৰ পাছত, ৰাম সিংহই ৰাজনৈতিক চক্ৰান্ত কৰিলে। অসমীয়াক গুৱাহাটীৰ পৰা খেদিবলৈ আহোমলৈ এটা প্ৰস্তাৱ আগবঢ়ায়। ৩,০০,০০০ টকাৰ বিনিময়ত পূৰ্বৰ ১৬৩৯ চনৰ অসুৰৰ আলিৰ সন্ধিৰ সময়ৰ আহোমৰ সীমা নিৰ্ধাৰিত কৰিবলৈ প্ৰস্তাৱ দিয়ে। ইয়াৰ পিছত ৰাম সিংহই ঘোচ দি আহোমৰ সেনা বিষয়া (ফুকন) সকলৰ মাজত ভেদাভেদৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। সেই সময়তে, আহোম ৰজা চক্ৰধ্বজ সিংহৰ মৃত্যু হয় আৰু তেওঁৰ ভাতৃ উদয়াদিত্য সিংহ ৰাজপাটত উঠে। দীঘলীয়া যুদ্ধৰ ফলত আহোম ৰাজ্য অসন্তুষ্ট হৈছিল। ৰাম সিংহই আহোমলৈ পুনৰ সেই প্ৰস্তাৱ আগবঢ়ায় আৰু আহোমে ইয়াক গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। আহোম ৰজা অসন্তুষ্ট আছিল যদিও সিদ্ধান্ত ল’বলৈ গুৱাহাটীৰ বিষয়াসকলৰ ওপৰত এৰি দিয়ে। এই আলোচনাত লাচিত বৰফুকন আৰু অতন বুঢ়াগোঁহাই-ও আছিল। অতন বুঢ়াগোঁহাই এই প্ৰস্তাৱৰ বিৰুদ্ধে আছিল।

অতন বুঢ়াগোঁহাইৰ মতে, ৰাম সিংহৰ যি আশ্বাস দিছে সেয়া দিল্লীৰ সম্ৰাটে যে মানি ল’ব তাৰ কোনো বিশ্বাস নাই। মোগলে গুৱাহাটী দখল কৰাৰ পাছত কোনো ভৰসা নাই যে তেওঁলোকে আহোম ৰাজ্য পুনৰ আক্ৰমণ কৰি গড়গাঁও অথবা নামৰূপ দখল কৰিবলৈও চেষ্টা কৰিব পাৰে(Sarkar 1990:224)। এনেদৰে অতন বুঢ়াগোঁহাইয়ে বাকী বিষয়াসকলক সন্মত কৰাবলৈ সক্ষম হ’ল। ৰাম সিংহৰ ৰাজনৈতিক কৌশল পুনৰবাৰ বিফল হ’ল।

শৰাইঘাটৰ মূল যুদ্ধ[সম্পাদনা কৰক]

শৰাইঘাটৰ যুদ্ধ, মাৰ্চ ১৬৭১

সেই সময়ত, মোগলৰ সেনা আৰু ৰাজকীয় বিষয়া (Omraos), মোগল এডমাইৰেল, মোন্নাৱৰ খান মোগল ভাইচৰয় শেষ্টা খান ৰাম সিংহৰ দলত যোগদান দিয়ে। ৰাম সিংহক বাৰ্তা দিয়া হ’ল যে তেওঁক অসমীয়াৰ সৈতে যুঁজিবলৈ পঠিওৱা হৈছে, বন্ধুত্ব গঢ়িবলৈ নহয়(Sarkar 1992:225)। ৰাম সিংহই গুৱাহাটীত শেষ যুদ্ধৰ বাবে প্ৰস্তুতি কৰি উত্তৰপাৰে আগুৱাই যায়। শুৱালকুছিৰ ওচৰত তেওঁৰ লগত পাঁচজন চৰ্দাৰৰ নেতৃত্বত গোলন্দাজ সৈনিক (artillery) আৰু ধনুৰ্দ্ধৰ (archers)বাহিনীয়ে যোগ দিয়ে। মোগলৰ হাতত বহুতো ডাঙৰ ডাঙৰ নাও আছিল আৰু কিছুমানত ষোল্লটা লৈকে বৰটোপ কঢ়িয়াব পৰা গৈছিল। মোগলৰ দূত, পাদিতৰায়ে (Paditrai) ইয়াৰ কিছুদিন পূৰ্বে গড় নিৰ্মাণত হোৱা কাজিয়াৰ বাতৰি ৰাম সিংহক দিয়ে। ৰাম সিংহই এই কাজিয়াৰ সুযোগ ল’বলৈ চেষ্টা কৰিলে(Gogoi 1968:474–475)।

আলাবৈত পৰাজিত হোৱাৰ পাছত আহোম সৈন্যসকল নিৰোৎসাহ হৈ পৰে। তেওঁলোকৰ বিষয়া লাচিত বৰফুকন আৰু এডমাইৰেল বেমাৰত ভুগি আছিল। সেয়ে মিৰি সন্দিকৈৰ পুত্ৰ নৰ ৰজাই আহোম সৈন্যক নেতৃত্ব দিছিল। অশ্বক্ৰান্তৰ ওচৰত মাটি আৰু পানী উভয়তে দুয়ো পক্ষৰ মাজত সংঘৰ্ষ লাগে। লালুকসোলা বৰফুকনৰ নেতৃত্বত থকা সৈন্যই মোগল সৈন্যক পৰাজিত কৰিলে। তথাপি মোগলৰ নৌ সেনাই আহোমৰ নৌ সেনাক বৰশিলা (শৰাইঘাটৰ উত্তৰত অৱস্থিত) লৈ পিছ হুহুকলি আহিবলৈ বাধ্য কৰালে। সেয়ে আহোম সৈন্যক ঘেৰি ধৰাৰ ভয়ত তেওঁলোকো পিছ হুহুকি আহিল(Sarkar 1992:226)। মোগল সৈন্য যেতিয়া আন্ধাৰুবলিলৈ দিশে আগবাঢ়ি আহিল, তেতিয়া এই যুদ্ধখন সমাপ্ত হোৱা যেন পৰিলক্ষিত হৈছিল। বৰফুকন আৰু নৰ ৰজাই সৈন্যসকলক উৎসাহিত কৰিবলৈ বাৰ্তা পঠিয়ালে। ইয়াতে আহোমৰ নৌ সেনা কাজলি আৰু ছামধৰা লৈ পিছ হুহুকি অহাত তেওঁলোকৰ নেতৃত্ব দুৰ্বল হোৱা দেখা যায়। ইটাখুলি দুৰ্গৰ পৰা লাচিত বৰফুকনে নৰিয়া গাৰে এই সকলোবোৰ সকলো লক্ষ্য কৰি আছিল।

যোৰহাটত লাচিত বৰফুকনৰ মূৰ্তি

মোগল সৈন্য যেতিয়া আন্ধাৰুবলি পাবৰ হ’ল তেতিয়া আহোম সৈন্য বিপদত পৰিলে। সেই সময়তে বৰফুকনে মোগলক মাটি আৰু পানী উভয়েদি আক্ৰমণ কৰিবলৈ কটকীৰ হতুৱাই আহোম সৈন্যলৈ বাৰ্তা পঠিয়ালে। ইয়াৰ উপৰিও তেওঁ নিজৰ বাবে সাতখন যুদ্ধৰ নাও সাজু কৰিবলৈ আদেশ দিলে।[3] এখন নাৱত তেওঁক যুদ্ধক্ষেত্ৰলৈ নিবলৈ Nadai of Kharangi আদেশ দিলে। তেওঁ চিঞৰি চিঞৰি আহোম সৈন্যক উদ্দেশ্য কৰি ক’লে, “বঙালৰ বিৰুদ্ধে যুঁজিবলৈ ৰজাই সকলো লোকৰ নেতৃত্বৰ দায়িত্বভাৰ মোৰ ওপৰত জাপি দিছে। মই মোৰ পৰিবাৰ আৰু ল’ৰা ছোৱালীৰ ওচৰলৈ উভতি যাম নেকি?”। লগত আন ছখন নাওত আহোম সৈন্যৰ সৈতে যুদ্ধক্ষেত্ৰলৈ আগবাঢ়ি যায়(Sarkar 1992:226)।

যুদ্ধক্ষেত্ৰত লাচিত বৰফুকনৰ আগমন ঘটাৰ পাছতে আহোম সৈন্যৰ উৎসাহ বাঢ়ি যায়। উত্তৰ পাৰে আম্ৰাজুলিত মোগলৰ নৌ সেনাক আহোমে আহোমে আক্ৰমণ কৰে। ইটাখুলি, কামাখ্যা আৰু অশ্বক্ৰান্তত সৈন্য আৰু যুদ্ধৰ নাৱেৰে ভৰি পৰিল। আহোম সৈন্যই মোগলক সন্মুখ আৰু পিছ দুয়ো ফালৰ পৰা আক্ৰমণ কৰিলে। পিছফালৰ পৰা কৰা আক্ৰমণত মোগল এডমাইৰেল মুন্নাৱৰ খানৰ মৃত্যু হয়। ইয়াৰ পিছত মোগল সৈন্য ছেদেলি-ভেদেলি হৈ পৰে। মোগলৰ তিনিজন শীৰ্ষ আমিৰ (ইংৰাজী: amir)আৰু অন্য ৪,০০০ সৈন্য মৃত্যু হোৱাত মোগল সৈন্য দুৰ্বল হৈ পৰে। শৰাইঘাটৰ এই মূল যুদ্ধখন ১৬৭১ চনৰ মাৰ্চ মাহৰ মাজভাগত হৈছিল। এই যুদ্ধখন কোন দিনাখন হৈছিল তাৰ বিষয়ে নিৰ্দিষ্টকৈ জনা নাযায়।

উপসংহাৰ[সম্পাদনা কৰক]

অৱশেষত, মোগলসকল আহোম ৰাজ্যৰ পশ্চিম সীমা মানাহ নদীলৈকে পিছ হুহকি যায়। বৰফুকনে নিয়মিতভাৱে মোগলৰ কামসমূহৰ ওপৰত চকু দি ৰাখিছিল, যাতে পুনৰ আক্ৰমণ কৰিব নোৱাৰে।(Gogoi 1968:476) আনহাতে, অতন বুঢ়াগোঁহাই আৰু অন্যান্য বিষয়াসকল যুদ্ধৰ বাবে সাজু হৈ আছিল। দৰঙত মোগল সৈন্যৰ অৱস্থা তেনেই দুৰ্বল হৈ পৰে। ১৬৭১ চনৰ ৭ এপ্ৰিলত, ৰাম সিংহই কামৰূপ এৰি ৰঙামাটিলৈ গুছি যায়।(Gogoi 1968:476)

শৰাইঘাটৰ যুদ্ধৰ এবছৰৰ পিছতে ১৬৭২ চনৰ এপ্ৰিলত কলিয়াবৰত লাচিত বৰফুকনৰ মৃত্যু হয়। যুদ্ধৰ সময়ত হোৱা জ্বৰৰ ফলত তেওঁৰ মৃত্যু হোৱা নাছিল।(Gogoi 1968:479) এইয়া আহোম আৰু মোগলৰ মাজত অন্তিম যুদ্ধ নাছিল আৰু পিছত গুৱাহাটী মোগলে পুনৰ দখল কৰিছিল। ১৬৭৯ চনত লাচিত বৰফুকনৰ নিজ ভাতৃ লালুক সোলা বৰফুকন-এ গুৱাহাটীক মোগলৰ অধীনলৈ নিবৰ বাবে ইয়াক আহোম ৰাজ্যৰ পৰা পৃথক কৰে। অৱশেষত, মোগলে গুৱাহাটী দখল কৰে আৰু ১৬৮২ চনলৈকে নিজৰ অধীনত ৰাখে। গদাধৰ সিংহ আহোমৰ ৰাজপাটত উঠাৰ পিছত গুৱাহাটী দখল কৰে। এনেকৈয়ে কামৰূপত মোগল ৰাজত্বৰ সমাপ্ত হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. A graphic description of the preparation is available in Purani Asam Buranji.
  2. Sur-bosa, special forces that operated behind enemy lines, led by Bagh Hazarika, a Muslim, entered the Itakhuli fort and rendered the cannons and gunpowder inoperative by pouring water on them.
  3. Ahom war-boats were called bacharis, which were similar to the war boats in Bengal, called kosa or ranatari, except that the bachari had one leveled plank to the kosa's two projecting horns (Kakoty 2003:109)