শৰাইঘাট দলং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Saraighat Bridge
শৰাইঘাট দলং

শৰাইঘাট দলঙৰ স্বৰ্ণজয়ন্তী উপলক্ষে কৰা আলোকসজ্জা
তদাৰক সংস্থা উত্তৰ-পূব সীমান্ত ৰেলৱে[1]
মুঠ দৈৰ্ঘ্য ১৪৯২ মিটাৰ
নিৰ্মাণকৰ্তা হিন্দুস্থান কনষ্ট্ৰাকছন কৰ্প'ৰেছন লিমিটেড
নিৰ্মাণ আৰম্ভ হয় ১৯৫৯ চনৰ জানুৱাৰী মাহ
নিৰ্মাণ ব্যয় ১০,৬৫,১৬,৮৯১ টকা
মুকলি ১৯৬২ চনৰ অক্টোবৰ মাহ
উদ্ঘাটন ১৯৬৩ চনৰ ৭ জুন

শৰাইঘাট দলং (ইংৰাজী: Saraighat Bridge) অসমগুৱাহাটীব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে'লপথযুক্ত দলং। দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৯৫৮ চনৰ জানুৱাৰী মাহত। সা-সামগ্ৰী কঢ়িওৱাৰ বাবে দলংখন ১৯৬২ চনৰ অক্টোবৰ মাহত মুকলি কৰা হয়। ১৯৬৩ চনৰ ৭ জুনত সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰে।[2] এই দলঙখনৰ ওপৰেদি ৰাষ্ট্ৰীয় ঘাইপথ আৰু তলেদি আছে ৰেলপথ। বৰ্তমান দলঙখনৰ চোৱা-চিতাৰ কৰাৰ দায়িত্বত আছে উত্তৰ-পূব সীমান্ত ৰেলৱে[1]

প্ৰথমতে দলঙখনৰ নাম ব্ৰহ্মপুত্ৰ দলং আছিল। পাছত ইয়াক শৰাইঘাট দলং নামেৰে নামাকৰণ কৰা হয়।[3]

ইতিহাস[সম্পাদনা কৰক]

১৯১০ চনতেই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং এখন নিৰ্মাণ কৰাৰ কথা চিন্তা-চৰ্চা কৰা হৈছিল।[4] ব্ৰহ্মপুত্ৰ নদীয়ে অসমখনক দুটা ভাগত ভাগ কৰিছে: উত্তৰপাৰ আৰু দক্ষিণপাৰ। পঞ্চাছ দশকলৈকে এই নদীৰ ওপৰত এখনো দলঙ নাছিল। নদীখনৰ ইপাৰ-সিপাৰ হ’বৰ বাবে একমাত্ৰ মাধ্যম আছিল নাও। সেয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ বাবে বিভিন্ন আৱেদন কৰা হৈছিল।[5] ‌ইয়াৰ কোনো ফল নোপোৱাত অৱশেষত আন্দোলনৰ পথ বাছি লোৱা হয়। হেম বৰুৱা, কমিউনিষ্ট গৌৰীশংকৰ ভট্টাচাৰ্য্য, ছ’ছিয়েলিষ্ট নেতা হৰেশ্বৰ গোস্বামীৰ দৰে ব্যক্তিয়ে এই আন্দোলনৰ গুৰি ধৰিছিল।[5]

সেই সময়তে চীনে ভাৰত আক্ৰমণ কৰিলে। চীনা সৈন্য অৰুণাচল প্ৰদেশটাৱাং, ব’মডিলালৈকে আগুৱাই আহিছি[6]। অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহ অসুৰক্ষিত আৰু নিৰাপত্তাহীনতাৰ কথা ওলাই পৰিল। ইয়াৰ পিছতে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙ নিৰ্মাণ কৰিবলৈ অনুমতি দিয়া হয়।[5] ১৯৫১ চনৰ ১ জানুৱাৰীত ইয়াৰ নিৰ্মাণ কাম আৰম্ভ কৰা হয়।[4]

নিৰ্মাণ আৰু পৰীক্ষা[সম্পাদনা কৰক]

১৯৫৯ চনৰ জানুৱাৰী মাহত শৰাইঘাট দলঙখনৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছিল। নিৰ্মাণ কাৰ্য্যৰ দায়িত্বত আছিল হিন্দুস্থান কনষ্ট্ৰাকছন কৰ্প'ৰেছন লিমিটেড নামৰ এটা প্ৰতিষ্ঠান।[1] প্ৰায় ৪০ হাজাৰ টন চিমেণ্ট আৰু ২০ হাজাৰ টন ষ্টীল ব্যৱহাৰ কৰি প্ৰায় ৮০০০ জন শ্ৰমিকৰ সহযোগত এই দলঙখন নিৰ্মাণ কৰি উলিওৱা হৈছিল।[2][1] ১৯৬২ চনৰ ছেপ্তেম্বৰ মাহৰ ভিতৰত দলঙখনৰ নিৰ্মাণ কাৰ্য্য সমাপ্ত হয়। সেই বছৰৰে ২৩ ছেপ্তেম্বৰত এটা ৰেল ইঞ্জিন ইয়াৰ ৰেল দলঙখনেৰে পাৰ কৰি পঠোৱা হয়। এই ৰেলপথেদি অক্টোবৰ মাহৰ পৰাই মালবাহী ৰেলগাড়ীৰ চলাচল আৰম্ভ হয়[1]। এই দলঙখন নিৰ্মাণ কৰোঁতে মুঠ ব্যয় হৈছিল ১০,৬৫,১৬,৮৯১ টকা। দৈৰ্ঘ্য আছিল ১.৫ কিঃমিঃ (১৪৯২ মিটাৰ)।[1]

উদ্বোধন[সম্পাদনা কৰক]

১৯৬৩ চনৰ ৭ জুনত শৰাইঘাট দলঙখন উদ্বোধন কৰা হয়। প্ৰথম অৱস্থাত দলংখনৰ নাম ব্ৰহ্মপুত্ৰ দলং বুলিয়েই কোৱা হৈছিল। মালিগাঁৱ ৰেল ষ্টেশ্যনৰ সমীপত অনুষ্ঠিত এখন সভাত সেই সময়ৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে দলঙখন সাধাৰণ জনতাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়ে। তেওঁ ইয়াক শৰাইঘাট দলঙ নামেৰে নামাকৰণ কৰে।[1]

বৰ্তমান শৰাইঘাট দলঙৰ অৱস্থা[সম্পাদনা কৰক]

বৰ্তমান উত্তৰ-পূব সীমান্ত ৰেলৱে-এ দলঙখনৰ চোৱা-চিতা কৰে। ৰেলৱে বিভাগে আই আই টি, গুৱাহাটীৰ বিশেষজ্ঞৰ এটা দলক দলঙখনৰ বৰ্তমানৰ অৱস্থা পৰীক্ষা কৰিবলৈ দায়িত্ব দিছিল। বিশেষজ্ঞৰ দলটোৱে জনায় যে, দলঙখন বৰ্তমানেও সম্পূৰ্ণ নিৰাপদ অৱস্থাত আছে।[1] ইয়াৰ ১১ টা খুটাই ভাল অৱস্থাত আছে।[1] বৰ্তমানৰ যাতায়তৰ বৰ্ধিত হেঁচা আৰু সঘন যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি তিনিটা লেনযুক্ত আৰু এখন নতুন দলং শৰাইঘাটৰ সমীপতে নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়। বৰ্তমান এই দলঙৰ কাম পূৰ্ণগতিত চলি আছে।[1][3]

২০১২ চনৰ অক্টোবৰ মাহত শৰাইঘাট দলঙৰ পঞ্চাশ বছৰ সম্পূৰ্ণ হয়।[7] উত্তৰ-পূব সীমান্ত ৰেলৱেই এই উপলক্ষে ৬ নৱেম্বৰত আয়োজন কৰা সভাত অসমৰ ৰাজ্যপাল জে বি পাটনায়ক আৰু মুখ্যমন্ত্ৰী তৰুণ গগৈ উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে দলংখনক "লাচিত বৰফুকন দলং" বুলি পুনৰ্নামাকৰণ কৰাৰ প্ৰস্তাৱ দিয়ে।[8]

সন্ধিয়া সময়ত দলংখনৰ এক দৃশ্য

শৰাইঘাট দলং ধ্বংস কৰাৰ আঁচনি[সম্পাদনা কৰক]

সত্তৰ দশকত বাংলাদেশৰ স্বাধীনতা সংগ্ৰাম হৈছিল। ভাৰতবৰ্ষই বাংলাদেশক স্বাধীনতাৰ বাবে সহায় কৰিছিল।[9] ভাৰতীয় বিমান বাহিনীৰ বিমানে তেজপুৰশালনী বিমানবন্দৰৰ পৰা উৰা মাৰি ঢাকাৰ বিমানবন্দৰত আক্ৰমণ কৰিছিল। এই আক্ৰমণত পাকিস্তানৰ কেইবাখনো আমেৰিকান যুঁজাৰু বিমান ধ্বংস হৈছিল।[9] ইয়াৰ প্ৰতিশোধ ল’বৰ বাবে পাকিস্তানী বিমান বাহিনীয়ে একেদিনাই শৰাইঘাট দলঙ ধ্বংস কৰাৰ আঁচনি কৰিছিল। শৰাইঘাট দলঙৰ ওপৰত বোমা বৰ্ষণ কৰিব বুলি ভাৰতীয় চোৰাংচোৱাই আগতীয়াকৈ গোপন বাৰ্তা পাইছিল।[9] পাকিস্তানী সৈন্যৰ প্ৰথম লক্ষ্য শৰাইঘাট দলঙ আৰু দ্বিতীয় লক্ষ্য গুৱাহাটী আছিল।[9] কাৰণ, সেই সময়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মূল কেন্দ্ৰ আছিল গুৱাহাটী আৰু ভাৰতৰ অন্য স্থানৰ লগত ইয়াৰ যোগাযোগৰ একমাত্ৰ পথ আছিল শৰাইঘাট দলং।

ভাৰতীয় সেনা বাহিনীৰ প্ৰত্যুত্তৰ[সম্পাদনা কৰক]

পাকিস্তানী সৈন্যৰ এই আঁচনিৰ কথা আগতীয়াকৈ জানিব পাৰি ভাৰতীয় সামৰিক বাহিনীয়ে ইয়াৰ উপযুক্ত ব্যৱস্থা কৰি থৈছিল।[10] তেওঁলোকে পাক বিমানৰ আগমন “ৰাডাৰ” যোগে গম পাই আমিনগাঁৱৰ অঞ্চলৰ আকাশ “লেজাৰ বীম” প্ৰয়োগ কৰি পোহৰাই তোলে। লগতে ভাৰতীয় সেনাই দলঙৰ তলৰ পৰা এণ্টি এয়াৰ ক্ৰাফট গান-এৰে পাকিস্তানী বিমানক আক্ৰমণ কৰে।[10] এই অতৰ্কিত আক্ৰমণত পাকিস্তানী বিমানবোৰে কোনো ক্ষতি নকৰাকৈ উভতি যায়।[10]

অসমৰ অৰ্থনৈতিক ব্যৱস্থাত শৰাইঘাটৰ ভূমিকা[সম্পাদনা কৰক]

অসমৰ অৰ্থনীতিত অপৰিসীমভাৱে গুৰুত্বপূৰ্ণ ৩১ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰি আছে শৰাইঘাট দলঙে।[11] ১৯৫৮ চনলৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বিকাশ হোৱা ৰেলপথ আৰু স্থলপথসমূহৰ সংযোগী একমাত্ৰ নদীখন আছিল ব্ৰহ্মপুত্ৰ নদ। এই নদীৰ ঘাটসমূহেই অসমৰ বেপাৰ বাণিজ্য তথা পৰিবহন ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৬২ চনত শৰাইঘাট দলঙ হোৱাৰ পিছত পৰিবহন ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন ঘটিছিল। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ আভ্যন্তৰীণ জল পৰিবহনৰ বাণিজ্যিক গুৰুত্ব ক্ৰমাৎ হ্ৰাস পাইছিল।[11] লগতে পাণ্ডু আৰু আমিনগাঁৱৰ গুৰুত্বও বহু পৰিমাণে হ্ৰাস পাইছিল।[11] এয়েই শৰাইঘাট দলঙৰ মৌলিক অৰ্থনৈতিক গুৰুত্ব আৰু তাৰ ঐতিহাসিক পটভূমি।

দ্বিতীয়খন দলং নিৰ্মাণৰ প্ৰস্তুতি[সম্পাদনা কৰক]

বৰ্তমানৰ যাতায়তৰ বৰ্ধিত হেঁচা আৰু সঘন যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি শৰাইঘাটৰ সমীপতে এখন নতুন দলঙ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়।[12] ২০০৭ চনৰ ৮ এপ্ৰিল তাৰিখে এই নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয়। আমিনগাঁৱৰ ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়ামত প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙে ইয়াৰ আধাৰশিলা স্থাপন কৰে।[12] বৰ্তমান মূল দলঙ আৰু তাৰ লগত সংযোগমূলক অন্য কামসমূহ পূৰ্ণগতিত চলি আছে।[1][3][12]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 "শৰাইঘাটৰ স্বৰ্ণ জয়ন্তী". বসুন্ধৰা: ৮. ৯ ছেপ্তেম্বৰ ২০১২. 
  2. 2.0 2.1 দীপক কুমাৰ বৰ্মন (৮ জুন, ২০১২). "পঞ্চাছ বছৰীয়া হ'ল শৰাইঘাট". অসম আমাৰ অসম.
  3. 3.0 3.1 3.2 কুমুদেশ্বৰ হাজৰিকা (দেওবাৰ ২৯ জানুৱাৰী ২০১২). "শৰাইঘাট দলঙৰ কিছু কথা". আজিৰ দৈনিক বাতৰি. প্ৰকাশক অসম. http://ajirdainikbatori.com/magazine.htm। আহৰণ কৰা হৈছে: October 21, 2012. 
  4. 4.0 4.1 ববেন্দ্ৰ কুমাৰ দাস (৯ ছেপ্তেম্বৰ ২০১২). "আশাৰে চাকিটি জ্বলে". বসুন্ধৰা: ১১, ১২. 
  5. 5.0 5.1 5.2 বাদল দাস (৯ ছেপ্তেম্বৰ ২০১২). "শৰাইঘাট! শৰাইঘাট!". বসুন্ধৰা: ১০. 
  6. Naresh Mitra (Oct 4, 2012). "Tezpur: Memories of Chinese aggression still fresh in people's mind". Times of India. http://timesofindia.indiatimes.com/city/guwahati/Tezpur-Memories-of-Chinese-aggression-still-fresh-in-peoples-mind/articleshow/16673960.cms। আহৰণ কৰা হৈছে: December 01, 2012. 
  7. "Saraighat bridge completes 50 years". The Assam Tribune. November 5, 2012. http://www.assamtribune.com/scripts/detailsnew.asp?id=nov0612/at092। আহৰণ কৰা হৈছে: November 10, 2012. 
  8. Kangkan Kalita (November 7, 2012). "50 years of Saraighat bridge". Times of India The Times of India. (Web link). সংগ্ৰহ কৰা হৈছে: November 10, 2012.
  9. 9.0 9.1 9.2 9.3 বাদল দাস (৯ ছেপ্তেম্বৰ ২০১২). "শৰাইঘাট! শৰাইঘাট!". বসুন্ধৰা: ১০. 
  10. 10.0 10.1 10.2 বাদল দাস (৯ ছেপ্তেম্বৰ ২০১২). "শৰাইঘাট! শৰাইঘাট!". বসুন্ধৰা: ১৮ পৃষ্ঠা. 
  11. 11.0 11.1 11.2 জয়দীপ বৰুৱা (৯ ছেপ্তেম্বৰ ২০১২). "শৰাইঘাটৰ দলঙ আৰু অসমৰ অৰ্থনীতি". বসুন্ধৰা: পৃষ্ঠা: ২০. 
  12. 12.0 12.1 12.2 ববেন্দ্ৰ কুমাৰ দাস (৯ ছেপ্তেম্বৰ ২০১২). "আশাৰে চাকিটি জ্বলে". বসুন্ধৰা: পৃষ্ঠা:১২, ১৮. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]