শৰাইঘাট দলং
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| Saraighat Bridge শৰাইঘাট দলং |
|
|---|---|
শৰাইঘাট দলঙৰ ভিতৰৰ ভাগ |
|
| বহল | ১৪৯২ মিটাৰ |
শৰাইঘাট দলং অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে'লপথযুক্ত দলং৷ ১৯৬২ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰে৷ দলংখনৰ নিৰ্মান কাৰ্য আৰম্ভ হৈছিল ১৯৮৫ চনৰ জানুৱাৰী মাহত৷ সা-সামগ্ৰী কঢ়িওৱাৰ বাবে দলংখন ১৯৬২ চনৰ অক্টোবৰ মাহত মুকলি কৰা হৈছিল যদিও যাত্ৰীৰ বাবে মুকলি কৰা হয় ১৯৬৩ চনৰ ৭ জুনত৷
দলংখনৰ দৈঘ্য ১৪৯২ মিটাৰ আৰু ইয়াৰ নিৰ্মানৰ খৰচ আছিল ১০,৬৫,১৬,৮৯১ টকা৷ শৰাইঘাট দলং নিৰ্মানৰ দায়িত্বত আছিল হিন্দুস্থান কনষ্ট্ৰাকছন কৰ্প'ৰেছ্ন লিমিটেড নামৰ এটা প্ৰতিষ্ঠান৷ প্ৰথম অৱস্থাত দলংখনৰ নাম ব্ৰহ্মপুত্ৰ দলং বুলিয়েই কোৱা হৈছিল যদিও জৱাহৰলাল নেহৰুৱে উদ্ধধন কৰি ইয়াক শৰাইঘাট দলং নাম দিয়ে৷ সম্প্ৰতি থ্ৰী লেনযুক্ত এখন দলং শৰাইঘাট দলঙৰ সমান্ত্ৰৰালভাৱে নিৰ্মান কৰি থকা হৈছে৷[1]
[সম্পাদনা কৰক] তথ্যসূত্ৰ
[সম্পাদনা কৰক] বৰ্হি সংযোগ
|
||||||||||||