সখিয়তী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সখিয়তী (Black-hooded Oriole)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Oriolidae
গণ: Oriolus
প্ৰজাতি: O. xanthornus
বৈজ্ঞানিক নাম
Oriolus xanthornus
(Linnaeus, 1758)

সখিয়তী বা পাটমাদৈ(ইংৰাজী: Black-hooded Oriole, বৈজ্ঞানিক নাম-Oriolus xanthornus) 'Oriole' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইপ্ৰজাতি৷ ই বিষুৱীয় অঞ্চলৰ দক্ষিণ এছিয়াভাৰতৰ পৰা শ্ৰীলংকা, ইণ্ডোনেছিয়া পৰ্যন্ত স্থানীয়ভাৱে প্ৰজনন কৰে৷

বিৱৰণ[সম্পাদনা কৰক]

পূৰ্ণবয়স্ক মতা সখিয়তী চৰাইৰ দেহটো উজ্জ্বল হালধীয়া বৰণৰ আৰু মূৰ অংশ ক'লা বৰণৰ হয়৷ তাৰোপৰি ইয়াৰ ডেউকা আৰু নেজতো ক'লা বৰণ থাকে৷ মাইকী সখিয়তীৰ মূৰ অংশ ক'লা আৰু দেহৰ তলৰ অংশ কিছু সেউজ বৰণীয়া হয়৷ পোৱালিবোৰ বাহ্যিক গঠন মাইকীজনীৰ দৰেই হোৱা দেখা যায়৷ অৱশ্যে পোৱালি অৱস্থাত ইহঁতৰ মূৰ অংশ সম্পূৰ্ণ ক'লা নহয়৷

বিতৰণ[সম্পাদনা কৰক]

সখিয়তী চৰাই সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হে আছে৷ ই প্ৰধানতঃ ভাৰত, বাংলাদেশ, ভূটান, কম্বোডিয়া, চীন, ইণ্ডোনেছিয়া, মালয়েছিয়া, ম্যানমাৰ, নেপাল, শ্ৰীলংকা, থাইলেণ্ড, ভিয়েটনাম আদিত প্ৰজনন কৰে৷ [2]

বাসস্থান[সম্পাদনা কৰক]

সখিয়তীৰ প্ৰধান বাসস্থান হ'ল মুকলি কাঠনি তথা খেতি-পথাৰ আদি৷

আচৰণ[সম্পাদনা কৰক]

খাদ্য[সম্পাদনা কৰক]

সখিয়তীয়ে প্ৰধানকৈ পোক-পতংগ, ফল-মূল আদি খাদ্য হিচাপে গ্ৰহণ কৰে৷

প্ৰজনন[সম্পাদনা কৰক]

ই গছৰ ওপৰত ডাল-পাতেৰে বাহ সাজে৷ এবাৰত সাধাৰণতে দুটাকৈ কণী পাৰে৷

স্থিতি[সম্পাদনা কৰক]

সখিয়তীৰ বৰ্তমানৰ জনসংখ্যা কিমান সেয়া সঠিককৈ ধাৰণা কৰিব পৰা নাযায় যদি ই হ্ৰাস পোৱা নাই বুলিয়ে জনা যায়৷ সেয়েহে ইয়াক সংকটমুক্ত বুলি স্বীকৃতি দিয়া হৈছে৷ [3]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Oriolus xanthornus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106005893। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. BirdLife International 2012. Oriolus xanthornus. In: IUCN 2012. IUCN Red List of Threatened Species. Version 2012.2. <www.iucnredlist.org>. Downloaded on 02 June 2013.
  3. BirdLife International 2012. Oriolus xanthornus. In: IUCN 2012. IUCN Red List of Threatened Species. Version 2012.2. <www.iucnredlist.org>. Downloaded on 02 June 2013.