সত্যজিত ৰায়
| সত্যজিত ৰায় | |
|---|---|
সত্যজিত ৰাইৰ প্ৰতিকৃতি |
|
| জন্ম | ২ মে’,১৯২১ কলিকতা, ব্ৰিটিছ শাসিত ভাৰত |
| মৃত্যু | ২৩ এপ্ৰিল,১৯৯২ কলিকতা, ভাৰত |
| পেচা | চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্য লেখক, সাহিত্যিক, সংগীত পৰিচালক, গীতিকাৰ |
| সক্ৰিয় হৈ থকা সময় | ১৯৫০-১৯৯১ |
| দাম্পত্যসঙ্গী | বিজয়া দাস (m. 1949–1992) |
সত্যজিত ৰায় (২ মে’ ১৯২১-২৩ এপ্ৰিল ১৯৯২) এজন ভাৰতীয় তথা বঙালী চলচ্চিত্ৰ নিৰ্মাতা | তেখেতক বিংশ শতিকাৰ এজন উল্লেখযোগ্য চলচ্চিত্ৰ নিৰ্মাতা হিছাপে গণ্য কৰা হয় [1] | কলিকতাৰ (এতিয়াৰ কলকাতা)ত কলা আৰু সাহিত্যৰ ক্ষেত্ৰত সুনাম থকা এক পৰিয়ালত সত্যজিত ৰায়ৰ জন্ম হৈছিল | ৰায়ে বাণিজ্যিক শিল্পীৰূপে জীৱিকা আৰম্ভ কৰিছিল| ফ্ৰান্সৰ চলচ্চিত্ৰ নিৰ্মাতা জন ৰেনোঁৱা (Jean Renoir) লগ পোৱাৰ পিছত আৰু লণ্ডন ভ্ৰমণ কালত ইটালীৰ ভিট্ট’ৰিঅ’ ডি চিকাৰ(Vittorio De Sica) নব্য-বাস্তৱতাবাদী(Italian neorealist) ছবি লাড্ৰি দি বিচিক্লেত্তে(Bicycle Thieves) চাই উঠি স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি ৰায়ৰ আগ্ৰহ জন্মে |
ৰায়ে পূৰ্ণদৈঘ্যৰ কাহিনীচিত্ৰ, তথ্যচিত্ৰ আৰু চুটি ছবিকে ধৰি মুঠ ৩৭ খন ছবি পৰিচালনা কৰিছিল | তেখেত এজন লেখক, প্ৰকাশক, চিত্ৰকৰ, গ্ৰাফিক ডিজাইনাৰ আৰু চলচ্চিত্ৰ সমালোচকও আছিল | ৰায়ৰ প্ৰথম চলচ্চিত্ৰ পথেৰ পাঁচালীএ (১৯৫৫) কাঁ চলচ্চিত্ৰ মহোৎসৱত "শ্ৰেষ্ঠ মানৱীয় তথ্যচিত্ৰ]]কে ধৰি ১১ টা আন্তৰ্জাতিক পুৰষ্কাৰ লাভ কৰিছিল | পথেৰ পাঁচালী, অপৰাজিত(১৯৫৬) আৰু অপুৰ সংসাৰ(১৯৫৯) এই তিনিখন ছবিক একেলগে অপু ত্ৰয়ী(The Apu Trilogy) বুলি কোৱা হয় | ৰায়ে চিত্ৰনাট্য ৰচনা, চৰিত্ৰায়ন, সংগীতৰ স্বৰলিপি ৰচনা, চিনেমাট’গ্ৰাফী, কলা নিৰ্দেশনা, সম্পাদনা আৰু শিল্পী-কুশলীৰ নামৰ তালিকা তথা প্ৰচাৰ সামগ্ৰীৰ পৰিকল্পনা আদি সকলো নিজেই কৰিছিল | ৰায়ে জীৱনকালত ৩২ টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, কেইবাটাও আন্তৰ্জাতিক বঁটা আৰু ১৯৯১ চনত একাডেমী সন্মানসূচক বঁটা(অস্কাৰ)কে ধৰি বহুতো বঁটা,সন্মান লাভ কৰে |
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ Santas 2002, p. 18
|
|||||||||||||