সত্যনাথ বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সত্যনাথ বৰা
জন্ম ১৮৬০ চন
গুৱাহাটী
মৃত্যু ১৩ ডিচেম্বৰ, ১৯২৫
পেচা লেখক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি সাৰথি
বহল ব্যাকৰণ
গীতাৱলী
সহযোগী ভুৱন মোহিনী বৰা
সন্তান অম্বিকানাথ বৰা
জ্ঞাননাথ বৰা

সত্যনাথ বৰা অসমৰ এজন প্ৰবন্ধকাৰ, বৈয়াকৰণ, শিক্ষাবিদ আৰু আইনী বিশেষজ্ঞ। 'জোনাকী'ৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে কাম কৰাসকলৰ ভিতৰত তেখেত অন্যতম আছিল। ১৯১৯ চনত তেখেত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়। আধুনিক অসমীয়া ভাষাত ৰচিত গীতৰ প্ৰথম পুথি 'গীতাৱলী', ব্যাকৰণৰ পুথি 'বহল ব্যাকৰণ', চিন্তাগধূৰ প্ৰবন্ধৰ সংকলন 'সাৰথি' আদি গ্ৰন্থৰে তেখেতে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে।[1]

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

১৮৬০ চনত গুৱাহাটীত সত্যনাথ বৰাৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল দয়ানাথ বৰা আৰু মাতৃ অময়া। সৰুতে পিতৃ-মাতৃ বিয়োগ হোৱাৰ পিছত তেখেতক আইতাক সূৰ্য বৰবৰাণীয়ে ডাঙৰ-দীঘল কৰে।

গুৱাহাটীতে তেখেতে স্কুলীয়া শিক্ষা লাভ কৰে। হাইস্কুলত দুবছৰমান পঢ়াৰ পিছত তেখেতৰ বুঢ়ীমাৰ মৃত্যু হয়। পিছত দদায়েক সোণাৰাম বৰাই তেওঁক স্কুলত ভৰ্তি কৰাই দিয়ে। ১৮৮১ চনত তেখেত দ্বিতীয় বিভাগত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয় আৰু উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায়। তাৰ চিটী কলেজৰ পৰা তেখেত এফ.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত ১৮৮৬ চনত তেখেত বি.এ. আৰু ১৮৮৯ চনত আইন পৰীক্ষাত উত্তীৰ্ণ হয়।[1]

কৰ্ম জীৱন[সম্পাদনা কৰক]

শিক্ষা শেষ কৰি সত্যনাথ বৰা গুৱাহাটীলৈ উভতি আহে আৰু ওকালতি আৰম্ভ কৰে। এই সময়চোৱাতে তেখেতে গুৱাহাটী আৰ্ল ল কলেজত অধ্যাপনা কৰিবলৈ লয়। একে সময়তে তেখেতে কটন কলেজত অসমীয়াৰ অধ্যাপনাও আৰম্ভ কৰে। গুৱাহাটীত ওকালতি ব্যৱসায় আৰম্ভ কৰা তেখেতেই প্ৰথম অসমীয়া।[1]

কলিকতাত থাকোঁতে 'জোনাকী'ৰ জৰিয়তে তেখেতে অসমীয়া ভাষা-সাহিত্যলৈ বৰঙণি আগবঢ়াইছিল। ৰাজনৈতিক অনুষ্ঠান 'আসাম এছ'চিয়েছন'ৰ লগত তেখেত ঘনিষ্ঠভাৱে জড়িত আছিল। এই অনুষ্ঠানটোৰ ১৯১৫ চনত গুৱাহাটীত বহা অধিবেশনত তেখেত অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু ১৯১৭ চনত শিৱসাগৰত বহা মূল অধিবেশনত সভাপতিৰ দায়িত্ব পালন কৰিছিল। কলিকতাত বহা নিখিল কংগ্ৰেছ অধিবেশনত তেখেতে নগাঁৱৰ প্ৰতিনিধিৰূপে অংশগ্ৰহণ কৰিছিল। ১৯১৯ চনত অসম সাহিত্য সভাবৰপেটা অধিবেশনত তেখেত প্ৰধান সম্পাদক নিৰ্বাচিত হৈছিল। সেইবাৰ সভাপতিৰ দায়িত্বত আছিল ভাষাবিদ কালিৰাম মেধি। সত্যনাথ বৰা কামৰূপ অনুসন্ধান সমিতিৰো সদস্য আছিল।

সাহিত্যিক জীৱন[সম্পাদনা কৰক]

১৮৮২ চনত সত্যনাথ বৰাৰ প্ৰথম গ্ৰন্থ আঠাইশটা গীতৰ সংকলন "গীতাৱলী" প্ৰকাশিত হয়। আধুনিক অসমীয়া ভাষাত ৰচিত এইখনেই প্ৰথম গীতৰ পুথি।[1] ইয়াৰ পিছত তেখেতে "কামৰূপীয়া গীত" নামৰ আন এখন পুথিও প্ৰকাশ কৰে। তেখেতৰ ৰচিত আন আন গ্ৰন্থসমূহ হ'ল-

বৰাৰ তৃতীয় গ্ৰন্থ "সাহিত্য বিচাৰ"ক সাহিত্যকলা সম্পৰ্কে আলোচনা কৰা প্ৰথম অসমীয়া গ্ৰন্থ আখ্যা দিয়া হয়। তেখেতৰ চতুৰ্থ গ্ৰন্থ "সাৰথি" হৈছে ৩৪টা চিন্তাগধূৰ প্ৰবন্ধৰ সংকলন। ড: মহেশ্বৰ নেওগে ইয়াৰ বিষয়ে কৈছিল- "বেকনৰ আৰ্হিৰ জ্ঞানদায়ক প্ৰবন্ধ আৰু বেকনৰ দৰেই প্ৰবাদ-বাক্যৰ তুল্য সূক্ষ্ম বাক্যই 'সাৰথি'ক মূল্যবান সম্পদ কৰি তুলিছে। "[1] ড: সত্যেন্দ্ৰনাথ শৰ্মাইও সত্যনাথ বৰাৰ লিখন-শৈলীক বেকন বা চেমুৱেল স্মাইলছৰ লগত তুলনা কৰিছে।[2] "আকাশ ৰহস্য" এখন বিজ্ঞানৰ পুথি। "কেন্দ্ৰ সভা"ত অসমীয়া সমাজত প্ৰচলিত কিছুমান ৰীতি-নীতি, কুসংস্কাৰ আদি আঙুলিয়াই দিয়া হৈছে। অসমীয়া ভাষাৰ ব্যাকৰণ সম্পৰ্কে লিখা "বহল ব্যাকৰণ" সত্যনাথ বৰাৰ আন এক সাহিত্যিক কীৰ্তি।

চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আদিয়ে কলিকতাৰ পৰা প্ৰকাশ কৰা 'জোনাকী'ৰ প্ৰকাশ বন্ধ হোৱাত সত্যনাথ বৰাই আলোচনীখন পুনৰ গুৱাহাটীৰ পৰা তেখেতৰ সম্পাদনাত প্ৰকাশ কৰিছিল।[1]

বংশলতা[3][সম্পাদনা কৰক]

কালীৰাম
 
 
থোলাই
 
 
কমলাকান্ত
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
নিৰণনিৰাময়নিৰঞ্জননিৰ্ব্বিকাৰ
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
হলিৰাম আঠগঞা বৰাজীউনাথ বৰ বৰাশম্ভুনাথদেবনাথলক্ষ্মীৰাম বাঢ়ন্তি বৰাবয়া
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
দুৰ্গাৰামযজ্ঞৰাম
 
 
জগতৰামভোগৰামভকতৰা
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
বাঞ্চিতৰামসাধিৰামসোণাৰাম পেস্কাৰ
 
 
 
 
 
 
জাতিৰাম
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
জয়দত্তৰাধানাথ (মানৰ দিনত বৰ ৰজা)
 
 
 
 
ৰূপনাথদয়ানাথ বৰ বৰা
 
 
 
 
লক্ষ্মীনাথসত্যনাথ
 
 
 
 
শ্ৰীচন্দ্ৰনাথ
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
শ্ৰীঅম্বিকানাথশ্ৰীজ্ঞাননাথ

মৃত্যু[সম্পাদনা কৰক]

১৯২৫ চনৰ ১৩ ডিচেম্বৰত সত্যনাথ বৰাৰ মৃত্যু হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 সমীন কলিতা (২০০১). শতাধিক অসমীয়া সাহিত্যিক. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টচ্‌ ষ্ট'ৰচ্‌. পৃষ্ঠা. ২২-২৫. 
  2. "A History of Indian Literature: Assamese Literature". Otto Harassowitz, Wiesbaden. 1974. http://books.google.co.in/books?id=bMsGmbALl5sC&pg=PA95&lpg=PA95&dq=satyanath+bora&source=bl&ots=WaEQ212VXs&sig=eLEgqeTxN-jyzht4A1SpIuePMMk&hl=en&sa=X&ei=WT3DUMvlNo2Qrge0goC4Cw&ved=0CCsQ6AEwADge#v=onepage&q=satyanath%20bora&f=false। আহৰণ কৰা হৈছে: December 08, 2012. 
  3. কটকী, সৰ্ব্বেশ্বৰ শৰ্ম্মা. সত্যনাথ বৰাৰ জীৱন চৰিত. https://as.wikisource.org/wiki/%E0%A6%B8%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%A8%E0%A6%BE%E0%A6%A5_%E0%A6%AC%E0%A7%B0%E0%A6%BE%E0%A7%B0_%E0%A6%9C%E0%A7%80%E0%A7%B1%E0%A6%A8_%E0%A6%9A%E0%A7%B0%E0%A6%BF%E0%A6%A4। আহৰণ কৰা হৈছে: 2022-07-17. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]