সত্ৰ
"সত্ৰ" হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে স্থাপন কৰা এক অনুষ্ঠান [1]। প্ৰথমতে অসমত ৬৬৫ খন সত্ৰ আছিল যদিও এতিয়া তাৰে বেছিভাগৰে অস্তিত্ব নাই । এইকেইখনৰ ভিতৰত ৬৫ খন কেৱল মাজুলীতে স্থাপন কৰা হৈছিল যাৰ ভিতৰত এতিয়া ২২ খনহে আছে।[2] ধৰ্ম চৰ্চাৰ উপৰিও সত্ৰসমূহ মহাপুৰুষীয়া তথা অসমীয়া সংস্কৃতি যেনে বৰগীত, সত্ৰীয়া নৃত্য, চালি নৃত্য, ঝুমুৰা নৃত্য, দশাৱতাৰ নৃত্য আদিৰ লগতে পুৰণি পুথি-পাজি আৰু আন আন বুৰঞ্জীমূলক সমলৰ ভঁৰাল [3]।
সূচী |
[সম্পাদনা কৰক] ইতিহাস
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰৰ আদিকালতে সত্ৰৰ উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয়। শঙ্কৰদেৱে তেওঁৰ জন্মস্থান বৰদোৱাত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল। নতুনকৈ ধৰ্ম প্ৰচাৰ কৰা ঠাইত তেওঁ "প্ৰাৰ্থনা ঘৰ" (হৰি গৃহ) স্থাপন কৰিছিল যি পিছলৈ সাংস্কৃতিক কেন্দ্ৰৰ ৰূপ লয়। ইয়াক "থান"(সংস্কৃত- স্থান) বুলি কোৱা হৈছিল। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ধৰ্ম প্ৰচাৰৰ বাবে যাত্ৰা কৰোঁতে তেওঁ ঠায়ে ঠায়ে থান স্থাপন কৰিছিল।[1]
শঙ্কৰদেৱৰ প্ৰধান শিষ্য মাধৱদেৱ বৰপেটাত স্থাপন কৰা থানখনেই আছিল সৰ্ববৃহৎ। মাধৱদেৱে এক শৰণ নাম ধৰ্ম প্ৰচাৰৰ দায়িত্ব ন্যস্ত কৰা বাৰজন মুখ্য শিষ্যইও অসমৰ ভিন ভিন ঠাইত থান স্থাপন কৰে । এই থানবোৰেই কালক্ৰমত বৈষ্ণৱ ধৰ্মৰ প্ৰাণকেন্দ্ৰ "সত্ৰ" নামেৰে জনাজাত হয়।[1]
[সম্পাদনা কৰক] সত্ৰ নামৰ উৎপত্তি
"সত্ৰ" শব্দটো প্ৰথমে "শতপথ ব্ৰাহ্মণ"ত "আহুতি" বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল । ভাগৱত গীতাতো এই শব্দটো ভিন ভিন ঠাইত ব্যৱহাৰ কৰা হৈছে । কিন্তু অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ আমোলত ই এক বেলেগ অৰ্থ গ্ৰহণ কৰে । শঙ্কৰদেৱে ধৰ্ম প্ৰচাৰৰ বাবে কিছুকাল থকা স্থানসমূহেই "সত্ৰ" বুলি জনাজাত হয় । গুৰুজনাই বৰদোৱা বা বট্ৰদৱাত স্থাপন কৰা সত্ৰখনেই প্ৰথম সত্ৰ । তাত তেওঁ এটা প্ৰাথনা ঘৰ সজায় য'ত নাম-কীৰ্তনৰ লগতে ধৰ্মীয় আলোচনাও হৈছিল । শঙ্কৰদেৱৰ পিছৰ যুগত তেওঁ বা আন আন গুৰুসকলে কিছুকাল থকা সত্ৰসমূহ যেনে বৰদোৱা, বেলগুৰি, বৰপেটা আদিক সত্ৰৰ সলনি "থান" বুলি কোৱা হ'ল । কোনো কোনো জীৱনীকাৰে অৱশ্যে "সত্ৰ" আৰু "থান"ৰ প্ৰভেদ নাৰাখে [1]।
[সম্পাদনা কৰক] সত্ৰৰ পদসমূহ
সত্ৰাধিকাৰ আৰু তেওঁৰ সহকাৰীসকলে সত্ৰ এখনৰ কাম-কাজ পৰিচালনা কৰে । সত্ৰত তলত দিয়া সদস্যসকল থাকে [1]:
- অধিকাৰ : তেওঁ হৈছে সত্ৰৰ ধাৰ্মিক আৰু আধ্যাত্মিক দিশৰ মুৰব্বী । দীক্ষা গ্ৰহণৰ অনুষ্ঠান "শৰণ" আৰু "ভজন" তেওঁৰ প্ৰত্যক্ষ তত্বাৱধানত অনুষ্ঠিত হয়। তেওঁক "সত্ৰীয়া" বা "মহন্ত" বুলিও কোৱা হয় ।
- ডেকা-অধিকাৰ : সহ মুৰব্বী । ক্ষমতা আৰু সন্মানৰ ক্ষেত্ৰত অধিকাৰৰ পিছতেই তেওঁৰ স্থান । অধিকাৰৰ মৃত্যু হ'লে বা অধিকাৰৰ অনুপস্থিতিত ডেকা-অধিকাৰেই সত্ৰৰ দায়িত্বভাৰ গ্ৰহণ কৰে।
- ভকত : যদিও যিকোনো ভক্তকে "ভকত" বুলি ক'ব পাৰি তথাপি সত্ৰৰ পৰিচালনাত সহযোগ কৰা বা সত্ৰৰ চোহদতে বসবাস কৰা ভক্তসকলকহে "ভকত" বুলি কোৱা হয় । অবিবাহিত এই ভকতসকলক "কেৱলীয়া ভকত" বুলিও কোৱা হয় ।
- শিষ্য : সত্ৰৰ আন আন ভক্তসকলক শিষ্য বুলি কোৱা হয় । অসমৰ বহুতো বৈষ্ণৱ পৰিয়ালৰ সত্ৰৰ প্ৰতি আনুগত্য থাকে ।
ইয়াৰ উপৰিও ব্যৱস্থাপনা আৰু ধৰ্মীয় কাৰ্য সুকলমে চলাবলৈ বিভিন্ন পদ থাকে । ডাঙৰ সত্ৰত থকা এনে পদসমূহ হ'ল :
- বৰ-ভাগতী
- বৰ-শ্ৰাৱণী
- বৰ-পাঠক
- বৰ-নাম লগোৱা
- বৰ-গায়ন
- বৰ-বায়ন
- বৰ-ভাণ্ডাৰী
- চাউল-ভঁৰালী
- গুৱা-ভাণ্ডাৰী
- বৰ-আলধৰা
- বৰ-কাকতী
- বৰ-মেধি
- বৰ-খাটনিয়াৰ
[সম্পাদনা কৰক] বিভিন্ন সত্ৰসমূহ
অসমৰ চাৰিখন ৰাজ সত্ৰ হ'ল –
যদিও এই চাৰি ৰাজসত্ৰ সমশ্ৰেণীত পৰে তথাপিও আউনীআটী সত্ৰ প্ৰথম শ্ৰেণী, দ্বিতীয়ত দক্ষিণপাট সত্ৰ, তৃতীয়ত গড়মূৰ সত্ৰ, চতুৰ্থত কুৰুৱাবাহী সত্ৰ হয়।
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ 1.0 1.1 1.2 1.3 1.4 http://www.atributetosankaradeva.org/satra.htm, আহৰণ কৰা তাৰিখ: ১০ ছেপ্টেম্বৰ, ২০১১
- ↑ [1]The Government of Assam official website, আহৰণ কৰা তাৰিখ: ১০ ছেপ্টেম্বৰ, ২০১১
- ↑ http://www.travelmasti.com/domestic/assam/jorhat.htm আহৰণ কৰা তাৰিখ: ১০ ছেপ্টেম্বৰ, ২০১১