সদস্য:Gitartha.bordoloi/নতুন অৱদানকাৰীৰ সহায় পৃষ্ঠা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


সহায়:সমল
নতুন অৱদানকাৰীৰ সহায় পৃষ্ঠা
ইয়াত আপুনি ৱিকিপিডিয়াত সম্পাদনাৰ সহায়ৰ লগতে অন্যান্য বিষয় উত্থাপন কৰিব পাৰে। অনুগ্ৰহ কৰি কোনো কথা লিখাৰ আগতে নিৰ্দেশাৱলীত এবাৰ চকু ফুৰাওক।

সূচী উপেক্ষা কৰক | সাম্প্ৰতিক প্ৰশ্ন

অন্যান্য প্ৰশ্নৰ উত্তৰ পোৱাৰ স্থান
অধিক সহায়ৰ প্ৰয়োজন হ'লে
কেনেকৈ প্ৰশ্ন কৰিব
চমুপথবোৰ:
WP:NCH
WP:NUH
WP:N?
WP:NCHP
এই পৃষ্ঠাত আপুনি ৱিকিপিডিয়াৰ সম্পাদনাৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাৰ লগতে অন্যান্য সাহায্য লাভ কৰিব। অনুগ্ৰহ কৰি ৱিকিপিডিয়াৰ বাহিৰৰ কোনো প্ৰশ্ন নকৰিব। আপোনাক সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰৰ প্ৰয়োজন হ'লে ৱিকিপিডিয়া তথ্যকেন্দ্ৰ চাওক। তাৰ লগতে সততে উদিত প্ৰশ্নসমূহ (FAQ) পৰিদৰ্শন কৰি ৱিকিপিডিয়া সম্পৰ্কে সাধাৰণ প্ৰশ্নৰ উত্তৰ নাপালেহে ইয়াত প্ৰশ্ন সোধক।

১। অনুগ্ৰহ কৰি বাৰ্তা লিখাৰ পিছত চাৰিডাল টাইল্ড (~~~~) চিহ্ন দিয়ক (যি আপোনাৰ স্বাক্ষৰ লিপিবদ্ধ কৰিব);

২। ইয়াত আপোনাৰ ফোন নং, মেইল ঠিকনা বা আন ব্যক্তিগত বাৰ্তা নিদিব।

৩। ৱিকিপিডিয়াৰ সম্পাদনা সম্পৰ্কে বা আন কোনো নতুন প্ৰশ্ন থাকিলে তলৰ লিংকটোত ক্লিক কৰক।

৪। আপোনাৰ প্ৰশ্নৰ উত্তৰ লাভ কৰিবলৈ এই পৃষ্ঠাখন নিয়মীয়াকৈ পৰিদৰ্শন কৰক।