সদস্য:Gitartha.bordoloi/cover

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
অসমীয়া ৱিকিপিডিয়া

সকলোৱে সম্পাদনা কৰিব পৰা ৱিকিপিডিয়াঅসমীয়া সংস্কৰণলৈ স্বাগতম। ইয়াত বৰ্তমান 1,222 টা প্ৰবন্ধ আছে ।

পৰিচিতি

"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ে শুদ্ধ আৰু নিৰপেক্ষ ভাবে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যন" নামৰ ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰ পৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে প্ৰায় ২৮০ টামান ভাষাৰ ৱিকিপিডিয়া প্ৰতিস্থা হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ৩৬০ নিযুত মানুহে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।

এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।

ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিবাতৰি) আদি বিভিন্ন সহ উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।

সহায়

  • আপোনাৰ প্ৰয়োজন হোৱা বিষয়টো ওপৰৰ “সন্ধান বাকচ”টোত (Input box) লিখি সন্ধান (search) কৰিব পাৰে।
  • নতুন সদস্যই একাউণ্ট (account) খুলিবলৈ ইয়াত ক্লিক কৰক
  • ইতিমধ্যেই অসমীয়া ৱিকিপিডিয়াত একাউণ্ট থকাসকলে প্ৰৱেশ (log in) কৰিবলৈ ইয়াত ক্লিক কৰক
  • যদি হাতে-কামে পৰীক্ষা-নিৰীক্ষা কৰি চাবলৈ বিচাৰিছে, তেন্তে ইয়াত (Sandbox/পৰীক্ষাগাৰ) ক্লিক কৰক
  • ৱিকিপিডিয়াত লিখিবলৈ ইচ্ছুক? সহায়ৰ বাবে ইয়াত ক্লিক কৰক
  • কোনো নিৰ্দিষ্ট বিষয়তহে লিখিব? তেন্তে ৱিকিপ্ৰকল্পসমূহ আছে। ৱিকিপ্ৰকল্প (wikiproject(ইং)) হৈছে ৱিকিপিডিয়াৰ উন্নয়নৰ বাবে সমমনোভাবাপন্ন সম্পাদকসকলে মিলি খোলা একোটা সামাজিক গোট; একোটা প্ৰকল্পই কোনো নিৰ্দিষ্ট বিষয় - যেনে চিকিৎসাবিজ্ঞান বা কোনো নিৰ্দিষ্ট কাৰ্য্য, যেনে "পোখালি" বিলাক পৰীক্ষা কৰাৰ ওপৰত মনোনিৱেশ কৰে। আপোনাৰ প্রকল্পটো নাই যদি এই পৃষ্ঠাত তালিকাভুক্ত কৰি এখন ৱিকিপ্রকল্প পৃষ্ঠা খুলি লওক আৰু সমভাবাপন্ন সম্পাদক/লিখক সকলক আমন্ত্ৰণ কৰি সেই প্রকল্প (project) আৰম্ভ কৰি দিয়ক।
  • অনলাইন সহায়ো (IRC chat) আছে। কেনেকৈ পাব জানিবলৈ ইয়াত ক্লিক কৰক
  • ভাৰতীয় ৱিকি সমাজ

বৰ্ণানুক্ৰমিক সূচী

বিষয় সূচী

Assamese Jaapi.png অসম
Flag of India.svg ভাৰত
মানৱ বিজ্ঞান মানৱ বিজ্ঞান
সাহিত্য আৰু সংস্কৃতি সাহিত্য আৰু সংস্কৃতি
দেশ-বিদেশ দেশ-বিদেশ
মনোৰঞ্জন মনোৰঞ্জন
PrirodneNauke.svg বিজ্ঞান
Wikipedia-logo.svg ৱিকিপিডিয়া
ভাল প্ৰবন্ধ
নিৰ্বাচিত প্ৰবন্ধ

অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতঅসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অৰুণাচল প্ৰদেশৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অসমীয়াভাষী লোক আছে। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ১.৩০ কোটিৰো বেছি আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি। অসমীয়া ভাষাৰ গঢ় আৰু ধ্বন্নি বৈশিষ্টসমূহ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। অসমীয়া লিপিৰে এই ভাষা লিখা হয়। লিখাৰ ধৰণ বাওঁফালৰ পৰা সোঁফাললৈ আৰু ওপৰৰ পৰা তললৈ। অসমীয়া ভাষা প্ৰধানকৈ ইণ্ডো-ইউৰোপীয় বা ভাৰত-ইউৰোপীয় পৰিয়ালৰ শতম শাখাৰ পৰা বিকাশ হৈছে৷ শতম শাখাৰ এটা প্ৰধান ভাগ আছিল 'আৰ্য' বা 'ভাৰত-ইৰানীয়'৷ এই আৰ্যভাষাৰে এটা প্ৰধান ঠাল ভাৰতীয় আৰ্যৰ পৰা খৃঃ পূঃ ৬ষ্ঠ শতিকাৰ পৰা ১০ম শতিকাৰ ভিতৰত বিকাশ হোৱা মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্ত্য প্ৰাকৃত বা অপভ্ৰংশ স্তৰৰ মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ জন্ম হয়৷ (বাকী অংশ পঢ়ক...)

আপুনি জানেনে?
আপুনি জানেনে

অন্যান্য উল্লেখযোগ্য বিষয়সমূহ

  • সাহায্য কেন্দ্ৰ – ৱিকিপিডিয়া বিষয়ক যিকোনো সহায়ৰ বাবে।
  • অৰ্থকোষ - পাঠকৰ সুবিধাৰ বাবে ৱিকিপিডিয়াৰ বিভিন্ন কাৰিকৰী শব্দৰ অৰ্থ।
  • ৰাইজৰ চ'ৰা – ৱিকিপিডিয়াৰ লগত জড়িত বিভিন্ন বিষয়ৰ আলোচনাৰ শিতান।

ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহ

অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ::

অন্য ভাষাৰ ৱিকিপিডিয়াসমূহ
Wiktprintable without text.svg


ব্যক্তিগত সৰঞ্জাম

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত