সদস্য:JBDVIJASDVI/হোজাৰ সত্যনিষ্ঠা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হোজাৰ সত্যনিষ্ঠা[ভাল অনুবাদ লাগে] ( Argument from ignorance ) এক যুক্তি-বিভ্ৰাট। হোজাই যি দেখে বা শুনে তাকে সত্য-শুদ্ধ বুলি ভাবি সিদ্ধান্ত লয়। যুক্তিসূত্ৰত যেতিয়া কোনো বিচাৰোপস্থানক সত্য (বা অসত্য) বুলি দাঠি কোৱা হয় কিয়নো সেয়া অসত্য (বা সত্য) বুলি প্ৰমানিত হোৱা নাই তেতিয়া তেনে যুক্তিবাণত কেৱল হোজাহে আক্ৰান্ত হয় কিয়নো হোজাৰ সত্যনিষ্ঠ মন আৰু অধিক তদন্ত কৰিবলৈ অক্ষম বা অপাৰগ। হোজাৰ সত্যনিষ্ঠাই আন এক বিভ্ৰাট খাইনে পিন্ধে অৱস্থাৰ { False dilemma (false dichotomy, fallacy of bifurcation, black-or-white fallacy)} সৃষ্টি কৰিব পাৰে যেতিয়া কোনো এক বিচাৰোপস্থানক কেৱল সত্য বা অসত্য বা তেনে কোনো দুই ধৰণে গ্ৰহন কৰিবলৈ জোৰ দিয়া হয় যত হোজাই অজ্ঞানৱশতঃ আন কিবা হব পাৰে বুলি বা অন্য ধৰণে গ্ৰহন কৰিব পাৰি বুলি ভাবিব নোৱাৰে। তৰ্কত কেতিয়াবা প্ৰতিপক্ষই এনে বিভ্ৰাটৰ অৱতাৰণা কৰিলে আত্মপক্ষ সমৰ্থন কৰিবলৈ প্ৰতিপক্ষক তাহাঁতৰ গৰজত সেই যুক্তিক প্ৰমান কৰিবলৈ প্ৰত্যাহ্বান জনাব পাৰি।

আৰু পঢ়ক[সম্পাদনা কৰক]