সদস্য:JBDVIJASDVI/ৰাইজ সাক্ষী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

যুক্তিসূত্ৰত 'ৰাইজ সাক্ষী'[ভাল অনুবাদ লাগে] Argumentum ad populum (appeal to widespread belief, bandwagon argument, appeal to the majority, appeal to the people) থকাৰ যুক্তিবাণ এক বিভ্ৰাট যেতিয়া কোনো বিচাৰোপস্থাপনক এইবাবেই শুদ্ধ বুলি কোৱা বা ধৰা হয় কিয়নো ৰাইজে মানে বেছিভাগ মানুহেই সেই কথা বিশ্বাস বা সমৰ্থন কৰে।

ৰাইজ কোনো নিদিষ্ট লোকৰ সমষ্টি নহয়। ৰাইজৰ সদস্য সকলো অতীতৰে পৰা একে হৈ থকা নাই। ৰাইজৰ সকলো সদস্য ইজনে সিজনৰ অথবা আলোচ্য বিষয়ৰ সৈতে পৰিচিত নহব পাৰে। স্থানভেদে ৰাইজ সলনি হয়। এনে অনিদিষ্ট, অস্থায়ী, ব্যক্তি-সমষ্টিৰ ভীৰ অথবা ভিন্ন গোটৰ সকলোৱে একমত পোষন কৰা বুলি মাৰা যুক্তিবাণ এক বিভ্ৰাট হব পাৰে।

জনগণৰ আহ্বান (appeal to the masses), জনবিশ্বাস মতে (appeal to belief) সংখ্যাগৰিষ্ঠ মত(appeal to the majority) , গণতান্ত্ৰিক সমীক্ষা (appeal to democracy), জনপ্ৰিয়তাৰ ঢাৰিৰে আকাশী চাঙ পাতা (appeal to popularity) , ৰাইজ একমত (argument by consensus), সমূহীয়া সিদ্ধান্ত শিয়ালৰ হুৱা (consensus fallacy), (authority of the many), ঢোল পিতি থকা (bandwagon fallacy), একে একে এঘাৰ (three men make a tiger), সবেই কয় , সবেই কৰে, সৰ্বজনবিদীত ইত্যাদি এই ধৰণৰ বিভ্ৰাটৰে ভিন্ন উল্লেখ।

ৰাইজ সাক্ষী যুক্তিবাণৰ প্ৰধান সমস্যা ইয়াৰ লগত জড়িত থকা পাৰিসাংখ্যিক অনিশ্বয়তা। ৰাইজ মানে কিমান বা ৰাইজৰ কিমান, তদুপৰি কোন, কৰ বা কেতিয়াৰ ৰাইজ এইবোৰ প্ৰশ্নই এনে যুক্তিবাণক খণ্ডন কৰি যুক্তি নিষ্ফল কৰে।

কোনো এক জনসমষ্টিয়ে কোনো এক যুক্তি সমৰ্থন কৰিলেই যে সেই যুক্তি শুদ্ধ হব তেনে নহয়। অবশ্যে আৱেশিত যুক্তিসূত্ৰত তেনে যুক্তিবাণ বিভ্ৰাট নহব পাৰে। বৰঞ্চ ই উপযুক্ত সাক্ষ্য হব পাৰে যত কোনো সিদ্ধান্তত পূৰ্ববৰ্ত্তী সিদ্ধান্ত বা সমীক্ষাৰ পৰা আৱেশিত কৰি উপনীত হোৱা হয়। প্ৰত্যায়িত যুক্তিসূত্ৰত কিন্তু এনে ৰাইজ সাক্ষী যুক্তিবাণ প্ৰমান হিচাপে ব্যৱহাৰত বাধা আছে।

এই বিভ্ৰাটৰ বশবৰ্তী হোৱাজনে সাধাৰণতে ভাবিব পাৰে যে বেলেগ বেলেগ ব্যক্তিয়ে একেধৰণেই বা তেওঁ ভবা ধৰণেই কথা বিলাক সমীক্ষা আৰু সম্পাদনা কৰে যিটো আচলতে সত্য নহয়।

ৰাইজ সাক্ষী বিভ্ৰাটৰ এটা অতি সাধাৰণ উদাহৰণ যেতিয়া কোনোৱে কয় যে ধপাঁত সেৱন কৰাটো সময় কটোৱাৰ এক অতি উত্তম উপায় কিয়নো ৰাইজে (লাখ লাখ লোকে) তাকেই কৰি আছে।