সদস্য বাৰ্তা:সত্যজিত কাকতি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


প্রভাকৰ শৰ্মা নেওগ (talk) 03:09, 15 জুলাই 2014 (UTC)

এখুদ ককাইদেউৰ দ্বাদশ মৃত্যুবাষির্কী[সম্পাদনা কৰক]

তলৰ কথাখিনি আপুনি ৱিকিপিডিয়া:আদৰণি পৃষ্ঠাটোত লিখি থৈছিল। আদৰণি পৃষ্ঠাটোৰ উদ্দেশ্য সদস্যক আদৰণি জনোৱাহে, নৱকান্ত বৰুৱাৰ বিষয়ে জনোৱা নহয়। আপুনি এই কথাখিনি ৱিকিপিডিয়াৰ নীতি-নিয়ম মানি নৱকান্ত বৰুৱা পৃষ্ঠাত সংযোগ কৰিব পাৰে।


অসমীয়া সাহিত্যত এখুদ ককাইদেউ হিচাবে খ্যাত অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি নৱকান্ত বৰুৱা দেৱৰ আজি দ্বাদশ মৃত্যু দিৱস। আহকচোন তেখেতৰ চমু জীৱন আৰু কৃতিৰ বিষয়ে জানি থওঁ। নৱকান্ত বৰুৱাৰ জন্ম হৈছিল ডিবৰুত ১৯২৬ চনৰ ২৯ ডিচেম্বৰত। তেওঁৰ পিতৃ নীলকান্ত বৰুৱা শিক্ষা বিভাগৰ এগৰাকী বিদ্যালয় পৰিদৰ্শক হোৱাৰ উপৰিও এজন আদৰ্শ শিক্ষকো আছিল। তেওঁৰ মাতৃৰ নাম স্বৰ্ণলতা বৰুৱানী। নৱকান্ত বৰুৱাৰ ভাতৃ তিনিগৰাকী : দেৱকান্ত , জীৱকান্ত আৰু শিৱকান্ত। তেওঁৰ ভাতৃ প্ৰয়াত দেৱকান্ত বৰুৱাও অসমৰ অন্যতম শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত এজন। ডিবৰুতেই নিজৰ শিক্ষা জীৱনৰ আৰম্ভনি ঘটোৱা নৱকান্ত বৰুৱাই ১৯৩৩ চনত নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীত নাম ভৰ্তি কৰে আৰু তাৰেপৰাই তেওঁ ১৯৪১ চনত সূখ্যাতিৰে মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৩ চনত নৱকান্ত বৰুৱাই উচ্চ শিক্ষাৰ বাবে কলিকতাৰ শান্তিনিকেতনলৈ ধাপলি মেলে। ১৯৪৭ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত অনাৰ্ছ সহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। নৱকান্ত বৰুৱাই ১৯৫৩ চনত উত্তৰ প্ৰদেশৰ আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। উত্তৰ প্ৰদেশৰ শিকোহাবাদত অৱস্থিত এ. কে. মহাবিদ্যালয়ত শিক্ষকতা বৃত্তিৰে নৱকান্ত বৰুৱাই নিজৰ বর্ণময় কৰ্মজীৱন আৰম্ভ কৰিছিল। কিছুদিন তাত শিক্ষকতা কৰাৰ পাছত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাবে যোগদান কৰে।১৯৫৪ চনত তেওঁ গুৱাহাটীৰ কটন মহাবিদ্যালয়লৈ বদলি হৈ আহে আৰু তাৰেপৰাই তেওঁ ১৯৮৪ চনত উপাধ্যক্ষ ৰূপে অৱসৰ গ্ৰহণ কৰে।নৱকান্ত বৰুৱাই মাজতে ১৯৬৪ চনৰপৰা ১৯৬৭ চনলৈ তিনিবছৰ কাল অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদত ইংৰাজী শিক্ষাৰ বিষয়া ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০০২ চনৰ ১৪ জুলাই তাৰিখে বৰুৱাৰ মৃত্যু হয়। গ্ৰন্থৰাজী..... .. কবিতা হে অৰণ্য হে মহানগৰ (১৯৫১) যতি আৰু কেইটামান স্কেচ্ছ(১৯৬০) এটি দুটি এঘাৰটি তৰা (১৯৫৭) ৰত্নাকৰ (১৯৮৬) ৰাৱন(১৯৬৩) সূৰ্যমুখীৰ অঙ্গীকাৰ (১৯৯০) মোৰ আৰু পৃথিৱী(১৯৭৩) এখন স্বচ্ছ মুখাৰে (১৯৬০) দলঙৰ তামীঘৰা(১৯৯১) সম্ৰাট(১৯৬২) উপন্যাস...... কপিলীপৰীয়া সাধু (১৯৫২) ককাদেউতাৰ হাড়(১৯৭৩) গড়মা কুঁৱৰী(১৯৮০) মানুহ আটাইবোৰ দ্বীপ(১৯৮০) পটাচাৰা অপদাৰ্থ অহিংসাৰ জুই (অসমাপ্ত) অন্যান্য গ্ৰন্থ....... অসমীয়া ছন্দশিল্পৰ ভুমিকা(১৯৬২) শিয়ালী পালেগৈ ৰতনপুৰ(১৯৫৪) আখৰৰ জখলা(১৯৫৬) মনৰ খবৰ (১৯৬০) ভত ঊ কাৰে ভূ (১৯৬৮) জনা নজনাৰ খেল(১৯৭০) স্বীকৃতি আৰু সন্মান...... পদ্মভূষণ (১৯৭৬), অসম উপত্যকা সাহিত্য বঁটা(১৯৯৩) ,সম্ব লপুৰ বিশ্ববিদ্যালয়ৰ গংগাধৰ বঁটা,সাহিত্য অকাডেমি বঁটা(১৯৭৫), ককাদেউতাৰ হাড় উপন্যাসৰ বাবে। মধ্যপ্ৰদেশৰ কবীৰ সন্মান (১৯৯০), কমল কুমাৰী বঁটা(১৯৯৮), অসম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশনৰ সভাপতি(১৯৯০) অসম প্ৰকাশন পৰিষদ বঁটা(১৯৭৪ মোৰ আৰু পৃথিৱী কবিতা সংকলনৰ বাবে)। আজি দ্বাদশ মৃত্যু তিথিত তেখেতক শ্রদ্ধাৰে সুঁৱৰিছো।


মন কৰিব যে ভৱিষ্যতে এনে কৰিলে আপোনাৰ সদস্যতা বাতিল কৰা হ'ব পাৰে।


প্রভাকৰ শৰ্মা নেওগ (talk) 03:09, 15 জুলাই 2014 (UTC)