সদস্য বাৰ্তা:Chiring chandan

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সৃষ্টিমূলক বিষয়ৰ পদক[সম্পাদনা কৰক]

সৃষ্টিমূলক বিষয়ৰ পদক
প্ৰিয় সতীৰ্থ, নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৪ত অধ্যয়ন আৰু গৱেষণাৰ মাধ্যমেৰে আপুনি নিজা পৰিকল্পনাৰে সৃষ্টিকৰা প্ৰবন্ধ কেইটাই অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ লগতে ইয়াৰ মান বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰপৰা কৃতজ্ঞতাস্বৰূপে এই পদকটি আগবঢ়ালোঁ।  – Nayan j Nath (বাৰ্তা) 15:23, 29 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Nayan j Nath অসমীয়া ৱিকিমিডিয়া সমাজলৈ অশেষ ধন্যবাদ চন্দন চিৰিং ফুকন ✉️ 03:33, 30 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কৃতজ্ঞতা আৰু অভিনন্দন[সম্পাদনা কৰক]

কৃতজ্ঞতা আৰু অভিনন্দন

“এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালি চাহী ইটে সিটে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ”

প্ৰিয় ৱিকিসতীৰ্থ, চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈকে পৃথিৱীৰ বিভিন্ন ভাষাৰ লগতে অসমীয়া ভাষাইও স্থানীয়ভাৱে নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৪ আয়োজন কৰিছিল৷ আপোনাক জনাবলৈ পাই আমি সুখী হৈছোঁ যে, সম্পাদনা-মেলাখনত অসমীয়া ৱিকিপিডিয়াৰ ১৩ গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰি ৫৪৬টা ভিন্ন বৈশিষ্ট্যৰ প্ৰবন্ধ সংযোজন কৰে৷ এইসমূহ প্ৰবন্ধই ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথাৰ সমল বৃদ্ধি কৰাৰ লগতে ইণ্টাৰনেটত অসমীয়া ভাষাৰ স্থিতিও সন্দেহাতীতভাৱে শক্তিশালী কৰিব৷ ইয়াৰ আঁৰতেই আছে আপোনালোকৰ দৰে নিষ্ঠাৱান স্বেচ্ছাসেৱকৰ নিৰৱচ্ছিন্ন অংশগ্ৰহণ আৰু সক্ৰিয় বৰঙণি৷

প্ৰিয় সুহৃদ, সম্পাদনা-মেলাত অংশ লৈ প্ৰতিযোগিতাখনৰ সৌষ্ঠৱ বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ প্ৰতি সদায়েই কৃতজ্ঞ হৈ ৰ'ব৷ পৰৱৰ্তী সময়তো আপোনাৰ সক্ৰিয়তা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ৷ অভিনন্দন!! -অসমীয়া ৱিকিমিডিয়া সমাজ

আন্তৰিক ধন্যবাদ ৱিকি সমাজলৈচন্দন চিৰিং ফুকন ✉️ 08:51, 1 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]