সমুদ্ৰ বৰ্মা (ইংৰাজী: Samudra Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ দ্বিতীয়জন ৰজা আছিল। এওঁ বৰ্মণ ৰাজবংশৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৩৭৪ খ্ৰীষ্টাব্দৰ পৰা ৩৯৮ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত তেওঁৰ পুত্ৰ বল বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল। তেওঁ দত্তদেৱীক বিয়া কৰাইছিল।