সহযোগিতামূলক সংকলন
Wikipedia -ৰ পৰা
আক্ষৰিক অৰ্থত "একাধিক ব্যক্তিয়ে সমিলমিলৰ জৰিয়তে একেটা লেখাকে সম্পাদনা কৰা কাৰ্যকে" সহযোগিতামূলক সংকলন বা ইংৰাজীত "co-editing" বোলা হয়।
বৰ্তমান যুগত তথ্য-প্রযুক্তি আৰু ইলেক্ট্ৰনিক যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ ফলত গঢ়ি উঠা ইন্টাৰনেট মাধ্যম ব্যৱহাৰ কৰি ভৌগোলিক সীমাৰ বাধাও অতিক্ৰম কৰি সহযোগিতামূলক সংকলনৰ পৰিধীয়ে সম্পুৰ্ণ পৃথিৱীক সামৰি লৈছে। প্রকাশণৰ এই অভিনৱ ৰূপে ইণ্টাৰনেটতত পৃথিৱীৰ যিকোনো স্থানৰ সমভাবাপন্ন মানু্হৰ ই-সমাজ গঢ়াৰ আৰু ভাৱ প্রকাশ তথা যোগাযোগ ব্যৱস্থা গঢ়িবৰ বাবে এটা শক্তিশালী সঁজুলি হিচাবে প্রতিভুত হৈছে।
[সম্পাদ] জ্ঞান আহৰণৰ সঁজুলি বা "knowledge tool" হিচাবে সহযোগীতামূলক সংকলন
ইন্টাৰনেটৰ, বিশেষকৈ ৱেব প্রযুক্তিৰ মাধ্যমত পৃথিৱীৰ যিকোনো স্থানৰ ব্যক্তিয়ে সহযোগীতামূলক সংকলণত অংশগ্রহন কৰিব পাৰে। ইয়াৰ ফলত এই সকলো ব্যক্তিৰ জ্ঞান বা চিন্তাধাৰাৰ সমন্বয়ৰ ফলত উৎকৃষ্ট বৌদ্ধিক সমল (intellectual property) সৃষ্টি হয়।

