সহযোগিতামূলক সম্পাদনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আক্ষৰিক অৰ্থত "একাধিক ব্যক্তিয়ে সমিলমিলেৰে একেটা কাম সমাধা কৰা কাৰ্যকে" সহযোগিতামূলক সম্পাদনা বা ইংৰাজীত "Collaborative editing" বোলা হয়।[1] সহযোগিতামূলক সম্পাদনা সফল হ'বলৈ গোটসমূহৰ সজাগতা, অংশগ্ৰহণ আৰু সমন্বয় অতিকৈ আৱশ্যক।[2] বৰ্তমান যুগত তথ্য-প্ৰযুক্তি আৰু ইলেক্ট্ৰনিক যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ ফলত গঢ়ি উঠা ইণ্টাৰনেট মাধ্যম ব্যৱহাৰ কৰি ভৌগোলিক সীমাৰ বাধাও অতিক্ৰম কৰি সহযোগিতামূলক সংকলনৰ পৰিধিয়ে সম্পূৰ্ণ পৃথিৱীক সামৰি লৈছে। কিছুমান সহযোগিতামূলক সম্পাদনা সজুলিত 'ইন্‌ষ্টেণ্ট মেছেজিং চাৰ্ভিছ্'ও সন্নিবিষ্ট থাকে যাতে অৱদানকাৰীসকলে সম্পাদনা কৰি থাকোঁতে সহজে যোগাযোগ কৰিব পাৰে।[1]

প্ৰক্ৰিয়া[সম্পাদনা কৰক]

প্ৰধানকৈ ইয়াক পাঠ্যযুক্ত নথি বা কোনো প্ৰগ্ৰেমৰ উৎস ক'ডৰ ৰচনাৰ বাবে ব্যৱহাৰ কৰা হয়। সদস্যসকল একেঠাইত মিলিত হ'ব নালাগে বাবে এনে বিক্ষিপ্ত বৰঙণিয়ে সময়ৰ ৰাহি কৰিব পাৰে। ইণ্টাৰনেটৰ, বিশেষকৈ ৱেব প্ৰযুক্তিৰ মাধ্যমত পৃথিৱীৰ যিকোনো স্থানৰ ব্যক্তিয়ে সহযোগিতামূলক সংকলনত অংশগ্ৰহণ কৰিব পাৰে। এনে কাম সম্পাদনা কৰিবলৈ বিশেষ ছফ্টৱেৰৰ আৱশ্যক।[3] নথি সম্পাদনাৰ বাবে সচৰাচৰ ব্যৱহাৰ হোৱা ছফ্টৱেৰ হৈছে ৱিকি আৰু প্ৰগ্ৰেমিঙৰ কামত ভাৰ্চন কন্ট্ৰ'ল চীষ্টেম ব্যৱহাৰ কৰা হয়। বেছিভাগ ৱৰ্ড প্ৰচেছৰতো সালসলনি লিপিবদ্ধ কৰাৰ সুবিধা আছে। গতিকে অৱদানকাৰীয়ে একে সময়তে কাম কৰিলেও প্ৰতিজনৰ নিৰ্দিষ্ট সালসলনি দেখা পোৱা যায়। সহযোগিতামূলক সম্পাদনা কৰিব পৰা নতুন লিখন সঁজুলি যেনে গুগল ডক্‌ছত সংশোধন নিয়ন্ত্ৰণ, একে সময়তে কৰা/নকৰা সম্পাদনা আদিৰ সুবিধা আছে।

ৱিকিপিডিয়া হৈছে বৃহৎ পৰিসৰত কৰা সহযোগিতামূলক সম্পাদনাৰ এক উদাহৰণ।

কোনো ব্যক্তিবিশেষে কৰাতকৈ সহযোগিতামূলক সম্পাদনাই অধিক উন্নত আৰু জটিল প্ৰকল্প সমাধা কৰিব পাৰে। বহু শিক্ষণ গোটত সহযোগিতামূলক কাম সমাপণ কৰিবলৈ দিয়া হয়। অৱশ্যে আনৰ লগত একেলগে কৰিলে লিখা কামটোও টান হৈ উঠে।[4] সহযোগিতামূলক লিখনিয়ে কেনেকৈ শিক্ষণ অভিজ্ঞতা বঢ়াব পাৰে তাৰ বিষয়ে কিছুমান গৱেষণাও চলি আছে।[5]

সঠিক প্ৰবেশ ব্যৱস্থাপনা প্ৰণালীয়ে (access management system) তথ্যৰ প্ৰতিলিপি ৰোধ কৰিব পাৰে।[6] ইয়াত প্ৰায়েই চাৰ্ভাৰত অনলাইন প্ৰবেশৰ প্ৰয়োজন হয়।[7] সময় স্থানৰ দৰে কিছুমান বস্তুৱে কেতিয়াবা অনলাইন সহযোগিতামূলক সম্পাদনাত সমস্যা কৰিব পাৰে।[8]

সুবিধা আৰু অসুবিধা[সম্পাদনা কৰক]

সহযোগিতামূলক সম্পাদনাৰ সুবিধাসমূহ হৈছে যে সকলোৱে সম্পাদনাত ভাগ ল'ব পাৰে আৰু একেটা কাম বহুতৰ মাজত ভাগ হৈ যোৱা বাবে এজনৰ ওপৰত কামৰ বোজা কম হয়। বহুতৰে ভাৱ একেলগ হৈ লক্ষ্যত উপনীত হোৱাটো সহজ হয়। প্ৰত্যেকৰে নিজা নিজা বৰঙণি লিপিবদ্ধ হৈ থাকে।[9] ইয়াৰ ফলত দলগত অভিজ্ঞতা বঢ়াৰ লগতে যোগাযোগৰ নিপুণতা বাঢ়ে।[10] আনহাতে অসুবিধাসমূহ হৈছে যে বহুতে সম্পাদনা কৰাৰ ফলত গুণগত মান হ্ৰাস পাব পাৰে। এটা গোট হিচাপে কাম কৰিলে এজন সদস্যৰ অসমৰ্থতাই কাম সম্পাদনত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। কম্পিউটাৰ হেকিঙ আৰু ধ্বংসপ্ৰৱণতাৰ সমস্যাও নোহোৱা নহয়।[10] প্ৰায়েই ইণ্টাৰনেট সংযোগৰ আৱশ্যক হোৱাটোও সহযোগিতামূলক সম্পাদনাৰ এক অসুবিধা।

পাদটীকা[সম্পাদনা কৰক]

  1. 1.0 1.1 "7 things you should know about collaborative editing". Educause learning initiative. December, 2005. Archived from the original on March 14, 2012. https://web.archive.org/web/20120314000417/http://net.educause.edu/ir/library/pdf/ELI7009.pdf। আহৰণ কৰা হৈছে: April 14, 2012. 
  2. Lowry, Paul Benjamin, Aaron Mosiah Curtis and Michelle Rene Lowry. "A Taxonomy of Collaborative Writing to Improve Empirical Research, Writing Practice, and Tool Development," Journal of Business Communication (JBC), Vol. 41, No. 1, pp. 66-99, 2004.
  3. Kuutti, Kari et al. (2003). ECSCW 2003: proceedings of the Eighth European Conference on Computer Supported Cooperative Work, p. 315.
  4. "Online Writing Guide". Classweb.gmu.edu. http://classweb.gmu.edu/nccwg/collab.htm। আহৰণ কৰা হৈছে: 2011-09-21. 
  5. R.A Calvo and S.T O’Rourke and J. Jones and K. Yacef and P. Reimann. (2011) "Collaborative Writing Support Tools on the Cloud" IEEE Transactions on Learning Technologies". 4 (1) pp. 88-97. DOI=http://doi.ieeecomputersociety.org/10.1109/TLT.2010.43
  6. . 
  7. http://worldsci.net/paradox.pdf
  8. "Collaboration Structure, Communication Media, and Problems in Scientific Work Teams". Jcmc. indiana.edu. 2006-12-31. http://jcmc.indiana.edu/vol12/issue2/walsh.html। আহৰণ কৰা হৈছে: 2011-09-21. 
  9. "Advantages and Disadvantages". Wikieducator. http://wikieducator.org/Wikieducator_tutorial/What_is_a_wiki/Advantages_and_disadvantages। আহৰণ কৰা হৈছে: April 14, 2012. 
  10. 10.0 10.1 "Three Advantages And Three Disadvantages Of The Collaborative Writing Process". Blurtit. http://www.blurtit.com/q130403.html। আহৰণ কৰা হৈছে: April 14, 2012. 

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]