সাঁচিগছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা



সাঁচিগছ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Malvales
পৰিয়াল: Thymelaeaceae
গণ: Aquilaria
প্ৰজাতি: A. malaccensis
বৈজ্ঞানিক নাম
Aquilaria malaccensis
Lamk.
সমাৰ্থক

A. agallocha[1][2],
A. secundaria[1][2],
A. malaccense' [2],
Agalochum malaccense[2]

এজোপা সাঁচিগছ

সাঁচিগছ (Aquilaria malaccensis) সৰু সৰু পাতেৰে এবিধ ওখ ডাঙৰ বনৰীয়া সুগন্ধিজাতীয় গছ৷ কাগজ ব্যৱহাৰ কৰাৰ আগতেই ইয়াৰ ছালৰপৰা পুথি লিখা পাত তৈয়াৰ কৰা হৈছিল৷ ইয়াক সাঁচিপাত বোলে৷ এই গছৰ পলস কাঠ যদিও কোমল, নিতিতিলে বহুকাল যায় আৰু তাক কেতিয়াও ঘুণে নধৰে৷ ভিতৰৰ সাৰ তেল-ক'লীয়া বৰণৰ আৰু তাক আগৰ-কাঠ বোলে। সাঁচিগছক অসমত অগৰু গছ বুলিও কয়৷ ই এক মাঝাৰি ধৰণৰ চিৰসেউজ বৃক্ষ৷ উচ্চতা সাধাৰণতে ৬০ ৰ পৰা ৮০ ফুট মান হয়৷ বৰ্গ: Malvales, পৰিয়াল: Thymelaeaceae, গণ: Aquilaria৷ অন্যান্য স্থানীয় নামৰ ভিতৰত Agor, Oudh, Eagle Wood, Aloe Wood, Aguruh, Krissana, Gaharu, Chen-xiang, Jin-koh আদি উল্লেখযোগ্য৷ সাধাৰণতে ভাৰত, বাংলাদেশ, ভুটান, ইন্দোনেছিয়া, ইৰাণ, লাউচ, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ড আদি ঠাইত পোৱা যায়৷ থাইলেণ্ডত কৃচানা, মালয়েছিয়া আৰু ইন্দুনেছিয়াত গাহাৰু, মধ্যপ্ৰাচ্যত ওদ্ , চীনত ছেনঝিয়াং, জাপানত জীন-ক’হ্৷ ইয়াক চুলটানৰ পাৰ্ফিউম্ বুলিও জনা যায়৷ মুলতঃ বন্য আৰু প্ৰাকৃতিকভাৱে ধনী অসমত আগৰওদ্ পৰিলক্ষিত হয় ৷ দুৰ্লভ বাবে ই বহুত দামী৷ আগৰ কাঠৰ পৰা পোৱা তেল সুগন্ধি ধূপ, আতৰ, পাৰফিউম, লোচন, তেল আদিত ব্যৱহাৰ কৰা হয়৷ সৰ্বোত্তম আগৰ তেলৰ মূল্য সম তোলা সোণতকৈ তিনিগুণ পৰ্য্যন্ত হয়৷ আগৰ তেল আৰু গা-গছৰ টুকুৰা মধ্যপ্ৰাচ্যৰ দেশ ডুবাই, ছৌদি আৰৱ, কাটাৰ, কোৱেইট, বাহৰেইন, ওমান, য়েমেন আৰু চিৰিয়া দেশৰ উপৰিও মৰক্কো, কম্বোডিয়া, ম্যানমাৰ, চিংগাপুৰ আৰু ইউৰুপীয় দেশসমূহত অতি উচ্চমূল্যত বিক্ৰী কৰা হয়৷ প্ৰতিদিনেই বাঢ়িছে আতৰৰ মূল্য৷ আগৰ গছৰ ওপৰত প্ৰথম আন্ত:ৰাষ্ট্ৰীয় বিজ্ঞানসন্মত সন্মিলন হৈছিল ২০১৩ চনত মালয়েছিয়াৰ Faculty of Forestry, UPMত ডঃ ৰজি মহমদৰ পৃষ্ঠপোষকতাত৷ অসম চৰকাৰৰ পৰিবেশ আৰু বনাঞ্চল বিভাগে “অসমত মানুহৰ উদ্ভিদ, আগৰৰ ওপৰত প্ৰথম প্ৰদক্ষেপ” এখন সন্মিলন আয়োজন কৰিছিল জানুৱাৰী ২০০৪চনত৷ অসমৰ শিৱসাগৰ, যোৰহাট, নাহৰণি, নামটি চাৰিআলি, গোলাঘাট, তিনিচুকীয়া আদি ঠাইত পোৱা যায়৷ অসমৰ উপৰিও মণিপুৰ, নগালেণ্ডো আগৰ বা সাঁচি গছৰ বাগিছাৰ বাবে উপযোগী৷ সাধাৰণতে পাহাৰীয়া পানী নৰখা মাটি এনে গছৰ উপযোগী৷ উজনী অসমৰ কিছু ঠাইত মানুহে চাহ গছৰ দৰে বৃক্ষৰুপন কৰি আছে৷ অসমৰ আগৰ গছ পৃথিৱীৰ সকলো ঠাইতকৈ উন্নতমানৰ বুলি নাম আছে৷ হোজাইত এতিয়া পৃথিৱীৰ ভিতৰত বৃহত্তম পাইকাৰী বিক্ৰীকেন্দ্ৰ গঢ়ি উঠিছে৷ ফলত হোজাইৰ লোকসকলে অৰ্থনৈতিকভাৱে শক্তিশালী হৈ পৰিছে৷ তেওঁলোকৰ জীৱনশৈলীৰ মানদণ্ড উন্নত হৈছে৷ অসমীয়াৰ বাবে ই এক গৌৰৱময় বিষয়৷ হোজাইত গঢ় লৈ উঠা উদ্যোগত উৎপন্ন কৰিছে পৃথিৱীৰ ভিতৰতে দামী আগৰ তেল৷ ২০০৩-২০০৪ চনৰ তথ্য অনুসৰি, অসম বন বিভাগে বনাঞ্চলৰ বাহিৰত(ব্যক্তিগত) বয়সভেদে ৯০,০০,০০০ আগৰ গছ গণনা কৰিছিল৷ ৯,১০০ তকৈ বেছি আগৰ তেল নিষ্কাশন এককে অসমত বিচাৰে ৭,২৮,০০০ জোপা আগৰ গছ, যি আগৰ খেতিয়কে সৰবৰাহ কৰে৷ ৫০,০০০তকৈ অধিক বনুৱা আৰু খেতিয়ক জড়িত হৈ আছে আগৰ ব্যৱসায়ত আৰু আন ১৫ লাখ লোক লাভৱান হয় প্ৰৰোক্ষভাৱে৷

আৰৱীসকলে এই সম্পদটি অধিক গুৰুত্বপূৰ্ণ তথা শ্ৰদ্ধাৰে নিয়মিত ব্যৱহাৰ কৰি আহিছে৷ আৰবীসকলে দিনটোত অন্ত:ত এবাৰ হ’লেও আগৰ ওদ্ ব্যৱহাৰ কৰে; নহবা পাক বুলি নাভাৱে৷ তেওঁলোকে বন্ধু-বৰ্গক মজলিচৰ চাৰিওফালে বহি ওদ্ জ্বলোৱাতো এটা সামাজিক প্ৰথা৷ পৰিস্থিতি সাপেক্ষে বিভিন্ন প্ৰকাৰৰ আতৰ ব্যৱহৃত হয়৷ নামাজ পঢ়িব যাওতে আতৰ লগায় মনৰ পবিত্ৰতাৰ বাবে৷ মৃতকৰ পৰিয়ালৰ ঘৰত খবৰ লবলৈ যাওতে আতৰ ব্যৱহৃত হয়৷ বিয়াত আগৰ তেল আৰু কাঠ আপৰুগিয়াল সম্পদ৷ গতিকে মধ্যপ্ৰাচ্যত আতৰৰ চাহিদা অসীম৷ তেওঁলোকে “হিন্দী ওদ্” বুলি চিনাক্ত কৰে৷ ধুনাৰ দৰে আৰৱীসকলে ব্যৱহাৰ কৰে৷ আৰৱত এটা লোকবিশ্বাস আছে যে এক বিন্দুসম ভেজালহীন আগৰ তেল সেৱনে কেঞ্চাৰৰ পৰা বচায়৷ প্ৰত্যয়াতীত অসম ওদ্ আভ্যন্তৰীণ বায়ু উন্নতি(indoor air improvement), ধৰ্মীয় ৰীতি-নীতি, আধ্যাত্মিক জীৱনত বিশালভাৱে ব্যৱহাৰ হয়৷ মধ্যপ্ৰাচ্যত ধূপ-ধুনা হিচাপে, জাপানত ক’হ-ডোত চন্দন কাঠৰ সৈতে ব্যৱহাৰ কৰে৷ পুৰণিদিনত ইজিপ্তত শৱ সংৰক্ষণ পদ্ধতিত(mummy) ব্যৱহৃত হৈছিল৷ আগৰ বা সাঁচি গছৰ পৰা আগৰ তেল উৎপন্ন কৰা হয় যাক সুগন্ধি বা আতৰ হিচাপে ব্যৱহাৰ কৰা হয়৷ আতৰৰ পৰা কেৱল সুগন্ধি কিম্বা দামী উপহাৰেই প্ৰস্তুত নহয়, ইয়াৰ পৰা অনেক ৰোগৰ মূল্যবান ঔষধ তৈয়াৰী হয়৷ জাৰ্মানী, বেলজিয়াম, কানাডা, ইউৰোপ আৰু জাপানৰ চিকিৎসা বিজ্ঞানত ভেষজ জাতীয় ঔষধ নিৰ্মাণতো প্ৰচুৰ প্ৰয়োগ হয়৷ ইয়াৰ দ্বাৰা প্ৰস্তুত ঔষধ বাত, ডায়েৰিয়া, পাচক, হৃৎপিণ্ড, মনৰ প্ৰফুল্লতা, স্নায়বিক ৰোগ তথা মস্তিষ্কৰ শক্তিবৃদ্ধি আদি বিভিন্ন ৰোগত ব্যৱহাৰ হয়৷ এৰ’মাথেৰাপীৰ বাবে আগৰওদ্ ব্যাপকভাৱে ব্যৱহাৰ হয়৷ বিভিন্ন ত্বকৰ ৰোগ, ব্ৰংকাইটিচ, হাঁফানী, মুত্ৰবৰ্ধক, কামোদ্দীপক, কোষ্ঠ্য পৰিষ্কাৰক হিচাপেও ব্যৱহাৰ পৰিলক্ষিত হয়৷ ই ঋণাত্মক শক্তিক প্ৰতিৰোধ কৰে আৰু মন আৰু আবেগক সুস্থিত কৰি ৰাখে৷ সকলো ঠাই আগৰ গছৰ বাবে উপযোগী নহয়৷পানী জমা নোহোৱা আপেক্ষাকৃতভাৱে ওখ ঠাইত আগৰ গছ ৰুপন কৰিব পাৰি৷যি অঞ্চলত বৃষ্টিপাত বেছি, সুনিষ্কাশিত ভুমি, আৰ্দ্ৰতা আৰু তাপমাত্ৰা, ৰেচিন (Resin, আঠা জাতীয় পদাৰ্থ) উৎপাদনৰ সহায়ক পৰিবেশ থকা সেই অঞ্চলত বাণিজ্যিকভাৱে আগৰ বাগান কৰা উচিত৷ আগৰ গছে বীজৰ দ্বাৰা বংশবিস্তাৰ কৰে৷ ১০ ৰ পৰা ১২ ফুট দুৰত্বত ৰুপন কৰিব লাগে৷ উদ্যোগসমূহৰ নিৰ্দেশাৱলীৰ লগত সামঞ্জস্য ৰাখি উচিত মানদণ্ডবিশিষ্ট গছসমূহৰ বাগান কৰা হয়৷ আগৰৰ এটা সুস্থ সবল প্ৰকল্প নিৰ্মাণ চৰকাৰৰ সময়োপযোগী সুস্থ পদক্ষেপ হ’ব৷ একুইলাৰিয়া গোত্ৰৰ ১৭ টা প্ৰজাতি আছে আৰু তাৰ ভিতৰত ৮ বিধে আগৰওদ্ উৎপন্ন কৰে বুলি জনা যায়৷ আগৰ গছৰ গা-গছ আৰু মূল এবিধ গাঢ়বেৰৰ দৰে পৰাশ্ৰয়ী ফাংগাচ(Phaeoacremonium parasitica)ৰ সংক্ৰমণৰ ফলত আগৰ কাঠ গঠন হয়৷ এই গছে উৎপন্ন কৰে উচ্চপৰিবৰ্তনশীল জৈৱিক যৌগিক পদাৰ্থ (resin)উৎপন্ন কৰে, যি বিকশিত ফাংগাচক ৰুদ্ধ কৰে৷ পদ্ধতিটোক টিল’চিচ(tylosis)বুলি কয়৷ গছৰ যি অংশ সংক্ৰমণ নাই হোৱা, সেই অংশ তুলনামূলকভাৱে পাতল ৰঙৰ৷ প্ৰাকৃতিক বনাঞ্চলত ৭ শতাংশমান আগৰ গছহে ফাংগাচৰদ্বাৰা সংক্ৰমিত হয়৷ এক সাধাৰণ কলম লগোৱা পদ্ধতিৰে ফাংগাচৰ সংক্ৰমণ ঘটায়৷ আগৰ গছ ৰুপনৰ ৪ বছৰ মানৰ পৰা ব্যৱহাৰৰ উপযোগী হৈ পৰে৷ দুই ধৰণৰ পদ্ধতিৰে সাঁচি গছৰ পৰা সুগন্ধিজাতীয় আতৰ বা পাৰ্ফিউম উৎপাদন সম্ভৱ৷ প্ৰাকৃতিক আৰু কৃটিম উপায়েৰে৷ আগৰ গছৰ ডাল হৰ্থাৎ শকত হৈ গলে সেই গছৰ পৰা আতৰ তেল উৎপাদন সম্ভৱ বুলি জনা যায়৷ প্ৰাকৃতিক ভাৱে উৎপন্ন হোৱা আতৰ তেলৰ প্ৰতি তোলাৰ দাম সৰ্বোচ্চ কেইবা লাখ টকা হয়৷ আজিকালি কৃটিমভাৱে বেছিভাগ আগৰকাঠ সংগ্ৰহ কৰা হয়৷ ইয়াৰ বাবে খেতিয়কসকলে আগৰ গছৰ পুলি ৰোৱাৰ অতি কমেও ৪ বছৰ পাছত গছৰ গুৰিৰ পৰা মূৰলৈ সমগ্ৰ গা-গছত লোহা বা গজাল মাৰি আৰু ৩ বছৰ গছৰ যত্ন লয়৷ লোহা বা গজাল পোতাৰ ফলত চাৰিওকাষে এক ফাংগাচ্ তৈয়াৰ হয় আৰু কৃটিম আগৰ কাঠ তৈয়াৰী হৈ পৰে৷ আগৰ গছ কাটোতে প্ৰথমে ক’লা কাঠখিনি অতি যত্নসহকাৰে সংগ্ৰহ কৰা হয়৷ বাকী থকা কাঠখিনি সৰু সৰু চিপ্চ্ বনোৱা হয়৷ এই চিপ্চ্ খিনি ডাঙৰ পাত্ৰত ভিজাই ৰখা হয়৷ ৮-১৫ দিন ভিজোৱাৰ পিছত ডাঙৰ ডেক্সি বা ডিস্টিলিং প্লান্টত বা বিশেষভাৱে নিৰ্মিত গেছৰ চুল্লীত নিৰ্ধাৰিত তাপত উত্তাপিত কৰি ৰখা হয়৷ এইদৰে ৫-১৫ দিন উত্তাপিত কৰি ৰখাৰ ফলত আতৰ তেল নিষ্কাশিত হয় বিশেষ পাত্ৰত৷ এনেধৰণৰ পদ্ধতিৰ সহায়ত উৎপন্ন হোৱা এই তৰল পদাৰ্থ বা আতৰৰ বিদেশত প্ৰতি তোলা হিচাপত বিক্ৰী হয়৷ এতিয়া তাপ দিয়া বন্ধ কৰি পাত্ৰত থকা চিপ্চ্ খিনি ৰ’দত দি শুকোৱা হয়৷ ইও মূল্যবান৷ সাধাৰণতে পোকে নোখোৱা ডালবোৰৰ সৰু সৰু কটা অংশক ‘মুখা’ বুলি কয়৷ কোনো কোনো অংশ যেতিয়া ক’লা হৈ পৰে, তাক ‘বটালী মাল’ বুলি কোৱা হয়৷ গছৰ ভিতৰত আঠাজাতীয় পদাৰ্থৰ দ্বাৰা সৃষ্টি হোৱা পদাৰ্থটিক ‘চিনমাল’ বুলি কয়৷ পাতিত পদ্ধতিৰে ৭০ কেজি আগৰ ওদৰ পৰা ২০মিলিৰ ওপৰত আগৰ তেল পাব নোৱাৰি (হেৰিচ ১৯৯৫)৷ প্ৰাকৃতিকভাৱে সংগ্ৰহ কৰা আগৰ গছ কাটিলে মাজত এক ধৰণৰ ক’লা কাঠ পোৱা যায়৷ কলম পদ্ধতিৰ উন্নতিৰদ্বাৰা সফলতাৰ মাপ বাঢ়ে৷ আগৰ গছৰ বয়স যিমান বেছি হয়, তিমানেই মূল্যৱান হয়৷ বিশুদ্ধ আগৰ তেল ২২ ডিগ্ৰী ছেলচিয়াচত হিমায়িত হয় আৰু ৪০ ডিগ্ৰী ছেলচিয়াচত তেল হিচাপে পোৱা যায়৷ সাধাৰণতে, ভাল প্ৰাকৃতিক গন্ধ পাবলৈ আগৰ কাঠ বামক’ল(Bum coal)ৰ ওপৰত ৰাখি জ্বলোৱা হয়৷ আগৰ তেলৰ ডিষ্টিলেচনৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি তিনিভাগত ভগাব পাৰি: A++ গ্ৰেড: ২-৩ দিনত পোৱা আতৰক অসমত “কাঢ়া আতৰ” বুলি কয়৷ ই বহুত সুগন্ধী৷ A+ গ্ৰেড: ১২-১৫ দিনত পোৱা আতৰক অসমত “বহা আতৰ” বুলি কয়৷ প্ৰায় একে সুগন্ধ; কিন্তু সাধাৰণ উষ্ণতাত হিমায়িত হৈ পৰে৷ ব’য়া পেষ্ট্: অপৰিশোধিত আগৰ কাঠৰ পৰা পোৱা যায়৷ ইয়াৰ গন্ধ সামান্য বেলেগ৷ ই ম’মজাতীয় যাক মুখত ঘহা ক্ৰীম বা তেনেজাতীয় পদাৰ্থত ব্যৱহাৰ হয়৷ এজন শ্ৰমিকে প্ৰতিদিনে ৮-১০ ঘন্টা কাম কৰি ১০০-২০০ গ্ৰাম আগৰ কাঠ সংগ্ৰহ কৰিব পাৰে৷ ফেক্টৰী চলাওতেও বিজ্ঞানসন্মতভাৱে আগবঢ়া উচিত৷ কিছু গবেষণাই কয়, কেতিয়াবা ফেক্টৰীত ব্যৱহাৰ কৰা ষ্টেইনলেচ ষ্টিল পাত্ৰইও আতৰৰ আচল ঘ্ৰাণ বিনষ্ট কৰে৷ সম্ভাৱনা অনুসৰি অসমত আগৰৰ বিকাশ হোৱা নাই৷ কৃষকক উপযুক্ত প্ৰশিক্ষণ দিয়াৰ উপৰিও প্ৰচুৰ বিনিয়োগৰ প্ৰয়োজন৷ অসমত এতিয়াও সাঁচিগছৰ ওপৰত প্ৰতক্ষ বা পৰোক্ষভাৱে নিৰ্ভৰ কৰি বহুত লোক জড়িত হৈ আছে৷ আগৰ খেতিয়কে গছ বিক্ৰীৰ দ্বাৰা অৰ্থনৈতিকভাৱে শক্তিশালী হৈ পৰে বাবে এজোপা গছ কাটিলে আন ৫ জোপা লগাবলৈও উৎসাহ পায়৷ এনে শিল্পত কৰ্মসংস্থাপনৰদ্বাৰা নিবনুৱা সমস্যা কিছু পৰিমাণ হ’লেও লাঘৱ কৰা সম্ভৱ৷ তাৰবাবে প্ৰয়োজন অত্যাধুনিক ব্যৱস্থাপনা আৰু যন্ত্ৰপাতিৰ৷ বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন দেশত আগৰ উৎপাদনৰ শিল্প গঢ়ি উঠিছে৷ ইয়াৰ ভিতৰত ভিয়েটনাম, পাপুয়া নিউগিনি, ভুটান, বাংলাদেশ উল্লেখযোগ্য৷ তথ্যৰ পৰা জানিব পৰা গৈছে যে বাংলাদেশ চৰকাৰে ৭০ হেক্টৰ মাটিত ১লাখ ১২ হাজাৰ আতৰ গছৰ পুলি ৰুপন কৰি বাণিজ্যিকভাৱে আতৰ গছৰ বাগান বনাইছে৷ লগতে স্থানীয় বাণিজ্যিক বেংকসমূহেও সহযোগীতা আগবঢ়াইছে৷ বৃহত্তৰ ছিলেটতে ২০০ৰ ওপৰত নাৰ্চাৰী হৈছে৷ বাংলাদেশতো বনবিভাগৰ আগৰ প্ৰকল্পৰ অধীনত কৃষকে সুলভ মূল্যত আগৰ গছৰ পুলি লাভ কৰে৷বাংলাদেশৰ মৌলভীবাজাৰ আৰু সুজানগৰৰ সৰু-ডাঙৰ পাহাৰ, জংঘল, টিলা সকলোতে আগৰগছ পোৱা যায়৷ খেতিয়কসকলে কেৱল বাগান চোৱাচিতা কৰে আৰু বিক্ৰী কৰে; আতৰ কাঠ বা আতৰ তেল সংগ্ৰহ নকৰে৷ যিসকলে আগৰ গছ চিনাক্ত কৰে, তেওঁলোকক স্থানীয় ভাষাত “দৌড়াল” বুলি কয়৷ আগৰ তেলৰ বজাৰ মূল্য কল্পনাতীত৷ এই শিল্প গঢ়ি উঠিলে এই অঞ্চলৰ মানুহৰ আৰ্থ-সামাজিক উন্নতিৰ লগত দেশৰ অৰ্থনৈতিক স্থিতিয়ে নতুন মাত্ৰা পাব৷ কিন্তু খেতিয়কসকলক আতৰৰ বিষয়ে প্ৰয়োজনীয় তথ্য, প্ৰশিক্ষণ আৰু অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ অভাৱ পৰিলক্ষিত হয়৷ চৰকাৰ, কৃষি গৱেষণা কেন্দ্ৰ আৰু স্থানীয় বেংকৰ সহযোগ পালে নিশ্চয়কৈ এই উদ্যোগসমূহ বৃহত্তৰ পৰা বৃহত্তমলৈ গতি কৰিব৷ কিছুক্ষেত্ৰত নিষেধাজ্ঞাৰ বাবে বহু ব্যৱসায়ীয়ে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ৰপ্তানী তথা প্ৰতিষ্ঠা কৰিবলৈ অসমৰ্থ হয়৷ আতৰ তেল আৰু কেঁচামাল আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ৰপ্তানীৰ বাবে সুবিধা হ’লে বছৰি হাজাৰ কোটি টকা বৈদেশিক মুদ্ৰা অৰ্জন সম্ভৱ৷উদাহৰণস্বৰুপে, লাউচ, মালয়েছিয়া, চিংগাপুৰ, ইন্দোনেছিয়া আদি দেশত এই উদ্যোগটোক স্বীকৃতি দিয়াৰ বাবে সেই দেশসমূহে বৃহৎ পৰিমাণৰ কৰ আদায় কৰি আছে৷ চৰকাৰী পৃষ্ঠপোষকতাৰ অভাৱ, পৰিবহনত বাধা, বেংক ঋণৰ অভাৱ, অনিৰ্দিষ্ট বজাৰমূল্য তথা নকল দ্ৰব্যৰ বাবে ব্যৱসায়ীসকল বাধাপ্ৰাপ্ত হয়৷ সেয়ে চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানসমূহ আগবাঢ়ি আহি গৱেষণা কৰাৰ অতীব প্ৰয়োজন হৈ পৰিছে৷ তেতিয়া কম সময়ত বৈজ্ঞানীকভাৱে অধিক উৎপন্ন কৰিব পাৰি৷ যদি চৰকাৰে বৈজ্ঞানীক দৃষ্টিভঙ্গী সহকাৰে উদ্যোগ গঢ়াত স্থানীয় ব্যৱসায়ীসকলক সহায় কৰে, তেন্তে অসম বিশ্বৰ বুকুত জিলিকি উঠিব৷ বৰ্তমান কাটাৰত আগৰ তেলৰ ১ তোলা(১১.৬২ গ্ৰাম)ৰ মূল্য প্ৰায় কাটাৰী ৰিয়াল ২৫(৪০০ টকা) ৰ পৰা ৬,০০০(৯৬,০০০ টকা) আৰু প্ৰতি কেজি ওদৰ মূল্য কাটাৰী ৰিয়াল ১,৫০০(২৪,০০০টকা) ৰ পৰা ১০০,০০০(১৬,০০,০০০ টকা) লৈকে৷ (১ কাটাৰী ৰিয়াল = ১৬ টকা ধৰি লৈ)৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Broad, S. (1995) "Agarwood harvesting in Vietnam" TRAFFIC Bulletin 15:96
  2. 2.0 2.1 2.2 2.3 Anonymous (November 2003) "Annex 2: Review of Significant Trade: Aquilaria malaccensis" Significant trade in plants: Implementation of Resolution Conf. 12.8: Progress with the Implementation of Species Reviews (CITES PC14 Doc.9.2.2) Fourteenth meeting of the Plants Committee, Convention on International Trade in Endangered Species of Wild Fauna and Flora, Windhoek, Namibia