সাহিত্য অকাডেমি বঁটা
| সাহিত্য অকাডেমি বঁটা | ||
![]() |
||
| বঁটাৰ তথ্য | ||
|---|---|---|
| শ্ৰেণী | সাহিত্য (ব্যক্তিবিশেষ) | |
| প্ৰতিষ্ঠা | ১৯৫৪ | |
| প্ৰথমবাৰ প্ৰদান | ১৯৫৪ | |
| অন্তিমবাৰ প্ৰদান | ২০১১ | |
| প্ৰদানকৰ্তা | সাহিত্য অকাডেমি, ভাৰত চৰকাৰ | |
| বৰ্ণনা | ভাৰতৰ সাহিত্যিক বঁটা | |
সাহিত্য অকাডেমি বঁটা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে প্ৰতিবছৰে প্ৰদান কৰা এটা বঁটা।[1] ভাৰতৰ প্ৰধান চৌবিশটা ভাষাৰ কোনো লেখকৰ উল্লেখনীয় সাহিত্য-কৃতিৰ বাবে এই বঁটা দিয়া হয়। ভাষাসমূহ হ’ল:
অসমীয়া, বাংলা, বড়ো, ডগ্ৰী, ইংৰাজী, গুজৰাটী, হিন্দী, কন্নড়, কাশ্মিৰী, কংকনী, মৈথিলী, মালায়ালম, মণিপুৰী, মাৰাঠী, নেপালী, উড়িয়া, পঞ্জাবী, ৰাজস্থানী, সংস্কৃত, চাওঁতালী, সিন্ধী, তেলেগু আৰু তেলেগু।
সূচী |
[সম্পাদনা কৰক] বঁটাপ্ৰদান
প্ৰথম বছৰ অসমীয়াকে ধৰি ১৩টা ভাষাত ৰচিত ১৩খন গ্ৰন্থলৈ এই বঁটা আগবঢ়োৱা হৈছিল। বৰ্তমান ২৪ ভাষালৈ সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয়। পুৰস্কাৰৰ ধন ৫০০০ টকাৰে আৰম্ভণি হৈ ১৯৮৩ চনৰ পৰা ১০,০০০ টকা, ১৯৮৮ চনৰ পৰা ২৫,০০০ টকা, ২০০১ চনৰ পৰা ৪০,০০০ টকা, ২০০৩ চনৰ পৰা ৫০,০০০ টকা আৰু ২০০৯ চনৰ পৰা ১,০০,০০০ টকালৈ সংশোধন হয়।[2]
১৯৫৪ চনত আৰম্ভ কৰা এই বঁটাত এখন অকাডেমিৰ প্ৰতীকসম্বলিত ফলক, এখন শ্বল আৰু পঞ্চাছ হাজাৰ টকা প্ৰদান কৰা হয় । ভাৰতীয় লেখকৰ সাহিত্য কৰ্মক স্বীকৃতি দিয়া আৰু উদ্গনি যোগোৱাই এই বঁটাৰ উদ্দেশ্য।
[সম্পাদনা কৰক] প্ৰক্ৰিয়া
বঁটা লাভ কৰিব লগীয়া লেখকৰ বাছনি প্ৰক্ৰিয়া বঁটা প্ৰদানৰ পূৰ্বৰ বাৰটা মাহত সম্পাদন কৰা হয়। অকাডেমিৰ সদস্যসকলে লেখক-সমালোচকসকলৰ পৰা ভাল গ্ৰন্থৰ এখন প্ৰাথমিক তালিকা প্ৰস্তুত কৰায়। ইয়াৰ পৰা বিচাৰকমণ্ডলীৰ বাবে প্ৰথম তালিকা প্ৰস্তুত কৰা হয়।[3] এইখন তালিকাৰ পৰা পৰৱৰ্তী পৰ্যায়ৰ বিচাৰকসকলে শ্ৰেষ্ঠ তিনিখন গ্ৰন্থৰ তালিকা শেষ বিচাৰকৰ হাতলৈ পঠিয়ায়। তেওঁলোকে তাৰ পৰা শ্ৰেষ্ঠ গ্ৰন্থ নিৰ্বাচন কৰে আৰু বাছনিৰ কাৰণো লিখিতভাৱে একাডেমিক জনায়।[3] অনুবাদ বঁটাও প্ৰায় একেধৰণৰ প্ৰক্ৰিয়াৰে নিৰ্বাচন কৰা হয়।
[সম্পাদনা কৰক] আন আন সাহিত্যিক সন্মানসমূহ
[সম্পাদনা কৰক] সাহিত্য অকাডেমি জলপানি
সাহিত্য অকাডেমি প্ৰদান কৰা ই সৰ্বোচ্চ বঁটা। ভোটদানৰ জৰিয়তে পাওঁতাসকলক বাছনি কৰা হয়। সাহিত্য অকাডেমি বঁটা দ্বিতীয় সৰ্বোচ্চ বঁটা।
[সম্পাদনা কৰক] ভাষা সন্মান
ভাৰতবৰ্ষ এখন বহুভাষিক দেশ। কিন্তু সাহিত্য অকাডেমিৰ স্বীকৃত ভাষাৰ সংখ্যা মাত্ৰ ২৪টাহে। সেয়েহে ১৯৯৬ চনত এই স্বীকৃত ভাষাকেইটাৰ বাদে অন্য ভাষাৰ লেখক, গৱেষক, সম্পাদক, সংগ্ৰহকৰ্তা আৰু অনুবাদকসকল, যিয়ে সংশ্লিষ্ট ভাষাটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিশিষ্ট অৱদান আগবঢ়াইছে, তেখেতসকলক অনুপ্ৰাণিত কৰিবলৈ ভাষা সন্মান বঁটাৰ আৰম্ভণি কৰে। প্ৰথম অৱস্থাত বঁটা স্বৰূপে এখন ফলকৰ সৈতে ২৫,০০০ টকা আগবঢ়োৱা হৈছিল। ২০০১ চনত পুৰস্কাৰ ৰাশি ৪০,০০০ টকা, ২০০৩ চনত ৫০,০০০ টকা আৰু ২০০৯ চনত ১,০০,০০০ টকালৈ বৃদ্ধি কৰা হয়। ১৯৯৬ চনত পাহাৰী ভাষাৰ ২ গৰাকী, টুলু ভাষাৰ ২ গৰাকী, ভোজপুৰী ভাষাৰ ১ গৰাকী আৰু ককবৰক ভাষাৰ ১ গৰাকী ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছিল।
[সম্পাদনা কৰক] অনুবাদ বঁটা
সাহিত্য অকাডেমিৰ স্বীকৃত ২৪টা ভাষালৈ কৰা বিশিষ্ট অনুবাদ গ্ৰন্থৰ বাবে ১৯৮৯ চনৰ পৰা সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰদান কৰি অহা হৈছে। প্ৰথমে পুৰস্কাৰ ৰাশি আছিল ১০,০০০ টকা। এই ৰাশি বৃদ্ধি হৈ ২০০১ চনত ১৫,০০০ টকা, ২০০৩ চনত ২০,০০০ টকা আৰু ২০০৯ চনত ৫০,০০০ টকা হয়গৈ। ১৯৮৯ বৰ্ষত ১৩ গৰাকী অনুবাদকলৈ এই বঁটা প্ৰদান কৰা হয়। অসমীয়া ভাষালৈ কৰা অনুবাদ গ্ৰন্থৰ বাবে ২০১০ চনলৈ এইসকল ব্যক্তিক পুৰস্কৃত কৰা হয়- নৰেন্দ্ৰ শৰ্মা, ৰাধিকা মোহন ভাগৱতী, বিমল ভাগৱতী, ফণী তালুকদাৰ, বসুন্ধৰা শইকীয়া, কুলনাথ গগৈ, তিলক হাজৰিকা, কীৰ্তিনাথ হাজৰিকা, নিৰুপমা ফুকন, তীৰ্থ ফুকন, শুচিব্ৰতা ৰায়চৌধুৰী, প্ৰভাত চন্দ্ৰ শৰ্মা, ৰাজেন শইকীয়া, প্ৰফুল্ল কটকী, হেমেশ্বৰ দিহিঙীয়া, মলয়া খাউণ্ড, মালিনী গোস্বামী, যতীন্দ্ৰ কুমাৰ বৰগোঁহাই আৰু অনুপমা দত্ত শইকীয়া।
[সম্পাদনা কৰক] বাল সাহিত্য পুৰস্কাৰ
অকাডেমিৰ স্বীকৃত ২৪টা ভাষাৰ উত্কৃষ্ট শিশু গ্ৰন্থ বা শিশু সাহিত্যলৈ আগবঢ়োৱা সামগ্ৰিক অৱদানৰ বাবে বাল সাহিত্য পুৰস্কাৰ প্ৰদান কৰা হয়। এই বঁটা প্ৰথমবাৰৰ বাবে ২০১১ চনত ঘোষণা কৰা হয়। এখন তামৰ ফলক আৰু ৫০,০০০ টকা বঁটাস্বৰূপে আগবঢ়োৱা হয়। অসমীয়া ভাষাৰ 'সেউজীয়া ধৰণী' নামৰ শিশু-উপন্যাসখনৰ বাবে বন্দিতা ফুকনে আৰু বড়ো ভাষাৰ 'পুৰণি চোলো ফিঠিকা' নামৰ গল্পপুথিৰ বাবে মহেশ্বৰ নাৰ্জাৰীয়ে এই বঁটা লাভ কৰে। [4]
[সম্পাদনা কৰক] আনন্দ কুমাৰস্বামী জলপানি
ভাৰতীয় লেখক আনন্দ কুমাৰস্বামীৰ নামত ১৯৯৬ চনত এই বঁটা আৰম্ভ কৰা হয়। এছিয়াৰ কোনো লেখকক ভাৰতত তিনি মাহৰ পৰা বাৰ মাহ সময় সাহিত্যিক গৱেষণা কৰিবৰ বাবে এই জলপানি দিয়া হয়। ১৯৯৬ চনত ড° আজাদ এন চামাতোভ (তাচখণ্ড), অধ্যাপক চেনেকা বন্দৰনায়ক (কলম্বো) আৰু অধ্যাপক চী নাকানেক (জাপান) ড° আনন্দ কুমাৰস্বামী জনপানী প্ৰদান কৰা হয়।
[সম্পাদনা কৰক] প্ৰেমচান্দ জলপানি
ভাৰতীয় সাহিত্যক প্ৰেমচান্দৰ ১২৫ বছৰীয়া জন্মদিন উপলক্ষে প্ৰেমচান্দ জলপানি আৰম্ভ কৰা হয়। এই জলপানী ভাৰতক বাদ দি অন্যান্য SAARC দেশসমূহৰ ভাৰতীয় সাহিত্যৰ বিষয়ে গৱেষণা কৰা গৱেষক বা সৃ্ষ্টিশীল সাহিত্যকক প্ৰদান কৰা হয়। প্ৰেমচান্দ জলপানি আগবঢ়োৱা প্ৰথমগৰাকী ব্যক্তি হ'ল পাকিস্তানৰ শীৰ্ষস্থানীয় উৰ্দু ভাষাৰ গল্পকাৰ আৰু স্তম্ভলেখক জোনাব ইন্টিজাৰ হুছেইন।
[সম্পাদনা কৰক] আৰু চাওক
- ভাৰতীয় সাহিত্য
- অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
- বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
- সাহিত্য অকাডেমি
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ "Sahitya Academy Awards". IndiaNetzone. http://society.indianetzone.com/literature/1/sahitya_academy_awards.htm. Retrieved April 28, 2012.
- ↑ (Dec 24, 2009). "Poets dominate 2009 Sahitya Akademi Awards". (Web link). সংগ্ৰহ কৰা হৈছে: April 28, 2012.
- ↑ "PRESS RELEASE OF SAHITYA AKADEMI". http://sahitya-akademi.gov.in/sahitya-akademi/pdf/bal-sahitya-2011.pdf. Retrieved January 20, 2012.
[সম্পাদনা কৰক] বহি:সংযোগ
|
||||||||||||||||||||||||||||||||||||||||
