সুধালতা দুৱৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুধালতা দুৱৰা
জন্ম ২৫ অক্টোবৰ, ১৮৯৬
মৃত্যু ৫ মে’ ১৯২৮
জনা যায় প্ৰথম অসমীয়া মহিলা স্নাতক।

সুধালতা দুৱৰা (জন্ম: ১৮৯৬; মৃত্যু: ১৯২৮) হ’ল প্ৰথম গৰাকী অসমীয়া মহিলা স্নাতক। তেখেতে সংস্কৃত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[1]

জন্ম পৰিচয়[সম্পাদনা কৰক]

১৮৯৬ চনৰ ২৫ অক্টোবৰ তাৰিখে কলিকতাৰ হেৰিচন ৰোডত দুৱৰাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম ৰমাকান্ত দুৱৰা (শিৱসাগৰচাৰিং গাঁও) আৰু মাতৃ পৱিত্ৰী দুৱৰা।

শিক্ষা[সম্পাদনা কৰক]

তেখেতে জেনানা মিশ্যন স্কুল আৰু বেথুন কলেজিয়েট স্কুলৰ পৰা প্ৰাথমিক শিক্ষা আহৰণ কৰে (১৯১৪)। বেথুন কলেজৰ পৰা সংস্কৃতত সন্মান সহকাৰে স্নাতক ডিগ্ৰী গ্ৰহণ কৰি তেওঁ প্ৰথম গৰাকী অসমীয়া মহিলা স্নাতক হিচাপে ইতিহাস ৰচনা কৰে। পিচলৈ তেওঁ কলিকতাৰ ডায়শ্যেছন কলেজৰ পৰা বি টি ডিগ্ৰী লাভ কৰি ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ভাৰতীয় ভাষা (এম. আই. এল.) বিষয়ত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

বেথোন কলেজিয়েট স্কুলত শিক্ষয়িত্ৰী পদত যোগদান। এলাহাবাদ ক্ৰচৱেইট কলেজৰ অধ্যক্ষা হয় ১৯২৫ চনত। এলাহাবাদ বিশ্ববিদ্যালয়ৰ কোৰ্ট একাডেমীক কাউন্সিল আৰু পাঠ্যপুথি কমিটিৰ সভ্য হোৱাৰ লগতে এলাহাবাদ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে স্বীকৃতি লাভ কৰিছিল।

পদক আৰু সন্মান[সম্পাদনা কৰক]

  • দুৰ্গামণি দেৱী পদক,
  • অন্নপূৰ্ণা দেৱী পদক,
  • নামীপুৰৰ মহাৰাজৰ পদক,
  • ব্ৰহ্মময়ী পদক,
  • উমেশ চন্দ্ৰ মুখাৰ্জী পদক,
  • চাৰ আশুতোষ মুখাৰ্জী ৰ সন্মানাৰ্থে দিয়া পদক
  • বেথুন কলেজৰ পৰা ১৯১১ চনত ভাল আচৰণৰ বাবে তেওঁ সোণৰ পদক

লাভ কৰিছিল।

  • অসমৰ নলবাৰীস্থিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ এটি ছাত্ৰী নিৱাস সুধালতা দুৱৰাৰ নামেৰে নামকৰণ কৰা হৈছে।[2]
সুধালতা দুৱৰা ছাত্ৰী নিৱাস

মৃত্যু[সম্পাদনা কৰক]

সুধালতা দুৱৰাৰ মৃত্যু ১৯২৮ চনৰ ৫ মে'ত, যোৰহাটত হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. দাস মন্দিৰা(অনুবাদ), সেন দীনেশচন্দ্ৰ (মূল লেখক). অসম দুহিতা সুধালতা দুৱৰা. ডুমডুমা মহাবিদ্যালয়. 
  2. "সুধালতা দুৱৰা". কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়. https://www.kbvsasun.ac.in। আহৰণ কৰা হৈছে: 16 June 2022.