সুন্দৰী সাপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুন্দৰী সাপ (Chrysopelea ornata)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
উপপৰ্ব: Vertebrata
শ্ৰেণী: Reptilia
বৰ্গ: Squamata
উপবৰ্গ: Serpentes
পৰিয়াল: Colubridae
উপপৰিয়াল: Colubrinae
গণ: Chrysopelea
প্ৰজাতি: C. ornata
বৈজ্ঞানিক নাম
Chrysopelea ornata
(Shaw, 1802)


সুন্দৰী সাপ (ইংৰাজী: Ornate Flying Snake, বৈজ্ঞানিক নাম-Chrysopelea ornata) দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ থকা এবিধ সাপৰ প্ৰজাতি৷ বৰ্তমানলৈকে ইয়াৰ তিনিটা উপ-প্ৰজাতি চিনাক্ত হৈছে৷

বিৱৰণ[সম্পাদনা কৰক]

Red-spotted form of Chrysopelea ornata from North Bengal, India

সুন্দৰী সাপ দেখাত সেউজীয়া বৰণৰ৷ ইয়াৰ সমগ্ৰ দেহত ক'লা বৰণৰ পথালি আঁচ কিছুমান থকা দেখা যায়৷ ইয়াৰ মূৰ চেপেটা আৰু চকু ঘুৰণীয়া আকাৰৰ আৰু ডাঙৰ হয়৷ [1]

এই সাপবিধৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১১.৫-১৩০ ছে:মি: পৰ্যন্ত হ'ব পাৰে৷ [2] ইয়াৰ নেজডাল দেহৰ দৈৰ্ঘ্যৰ প্ৰায় এক-চতুৰ্থাংশ৷ [2]

বিতৰণ[সম্পাদনা কৰক]

এই সাপবিধ প্ৰধানকৈ ভাৰত, শ্ৰীলংকা, ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, লাওছ, কম্বোডিয়া, ভিয়েটনাম, চীন, ইণ্ডোনেছিয়া, ফিলিপাইনছ আদি দেশত বিস্তৃত হৈ আছে৷ ভাৰতত ই ঘাইকৈ পশ্চিমবংগ, উত্তৰ ভাৰত, বিহাৰৰ পৰা উত্তৰ-পূব ভাৰতত দেখিবলৈ পোৱা যায়[3]৷ তাৰোপৰি আন্দামান দ্বীপপূঞ্জতো ইয়াক সতকাই দেখা যায়৷[1]

টেক্স'নমি[সম্পাদনা কৰক]

সুন্দৰী সাপৰ প্ৰধানকৈ তিনিবিধ উপ-প্ৰজাতি বৰ্তমানলৈকে চিনাক্ত কৰা হৈছে-

  • Chrysopelea ornata ornata (Shaw, 1802) – দক্ষিণ-পশ্চিম ভাৰত
  • Chrysopelea ornata ornatissima Werner, 1925 – উত্তৰ-পূব ভাৰত, নেপাল, বাংলাদেশ আৰু দক্ষিণ-পূব এছিয়া
  • Chrysopelea ornata sinhaleya Deraniyagala, 1945 – শ্ৰীলংকা

আচৰণ[সম্পাদনা কৰক]

সুন্দৰী সাঁপ (Chrysopelea ornata) প্ৰায়েই গছত থাকে আৰু দিনৰ ভাগত সক্ৰিয়। সততে ইহঁতক তামোল, নাৰিকল বা শিলৰ থিয় গৰাত অনায়াসে ভাঁজ দি (সৰ্পিল গতি) উঠা নমা কৰোঁতে সিহঁতে যি কণ খহতা পৃষ্ঠ পায়, তাতে গাত থকা বাকলিৰ সহায়ত অতি সহজে বগাই যায়।

সুন্দৰী সাঁপ সহজে শংকিত হোৱা, যথেষ্ট তীব্ৰবেগী। আমনি পালে পলাবলৈ চেষ্টা কৰে কিন্তু ধৰিলে খুটিবলৈ কুণ্ঠাবোধ নকৰে। ইহঁত সামান্যভাৱে বিষাক্ত কিন্তু মানুহৰ বাবে বিপদজনক নহয়। সিহঁতৰ বিষ তীব্ৰবেগী দিনত ওলোৱা চিকাৰক অৱশ কৰিবৰ বাবেহে।

[2][সম্পাদনা কৰক]

খাদ্য[সম্পাদনা কৰক]

C. ornata takes small arboreal prey, such as lizards, bats and small rodents.[4] It might also feed on bird eggs and insects.

Chrysopelea ornata climbing up prior to launching itself into the air

প্ৰজনন[সম্পাদনা কৰক]

Breeding habits are little known. The snake is oviparous[5] and six to twelve elongated eggs[1] are laid. Gravid females have been obtained in May and June and hatchlings in June. In Bangkok, according to Smith, mating takes place in June. Hatchlings measure 114–152 mm (4½ to 6 in) long, while the smallest gravid female recorded was 1,093 mm (3 ft 7 in) long.[1]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Daniels,J. C. (2002) The Book of Indian Reptiles and Amphibians, BNHS & Oxford University Press, Mumbai, pp 106–107.
  2. 2.0 2.1 2.2 "Snakes of Sri Lanka website". Archived from the original on 2001-11-23. https://web.archive.org/web/20011123033240/http://members.fortunecity.com/ukp001/naja/colubridae/chrysopelea_ornata.htm। আহৰণ কৰা হৈছে: 2001-11-23. 
  3. Daniels,J. C. (2002) The Book of Indian Reptiles and Amphibians, BNHS & Oxford University Press, Mumbai, pp 106–107.
  4. "Jake Socha's . Flying snake FAQ". Archived from the original on 2007-08-06. https://web.archive.org/web/20070806054745/http://home.uchicago.edu/~jjsocha/flyingsnake/fs_home_links/fsfaqs.html। আহৰণ কৰা হৈছে: 2013-10-26. 
  5. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; ReptileDB নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই

লগতে চাওক[সম্পাদনা কৰক]

  • Boulenger, George A. 1890, The Fauna of British India, Including Ceylon and Burma. Reptilia and Batrachia. Taylor & Francis, London, xviii, 541 pp.
  • Daniels,J.C. 2002 The Book of Indian Reptiles and Amphibians, BNHS & Oxford University Press, Mumbai.</ref>
  • Smith, M.A. 1943. The Fauna of British India, Ceylon and Burma, Including the Whole of the Indo-Chinese Sub-Region. Reptilia and Amphibia. Vol 3 (Serpentes). Taylor and Francis, London. 583 pp.
  • Shaw, George 1802. General Zoology, or Systematic Natural History. Vol.3, part 1 + 2. G. Kearsley, Thomas Davison, London: 313-615

বাহ্যিক সংযোগ[সম্পাদনা কৰক]