সূর্য

Wikipedia -ৰ পৰা

সূর্য Sun symbol.svg
সূর্য
'পর্যবেক্ষণলব্ধ তথ্য
পৃথিৱী পৰা গড় দূৰত্ব ১৪৯.৬×১০ কিমি (৯২.৯৫×১০ মা)
(পোহৰ গতিত ৮.৩১ মিনিট)
দৃশ্যমান উজ্জ্বলতা (ভি) −২৬.৮m
পৰম মান ৪.৮m
বর্ণালীভিত্তিক শ্রেণীবিন্যাস জি২ভি
কক্ষীয় বৈশিষ্ট্যসমূহ
হাতীপতিৰ কেন্দ্রৰ গড় দূৰত্ব ~২.৫×১০১৭ কিমি
(২৬,০০০-২৮,০০০ আলোকবর্ষ)
কক্ষপথৰ পর্যায়কাল ২.২৫-২.৫০×১০ a
বেগ ২১৭ কিমি/ছে তাৰকাৰাজ্যৰ কেন্দ্রৰ চাৰিওফালৰ কক্ষপথত ২০ কিমি/ছে প্রতিবেশি নক্ষত্রৰ আপেক্ষিকত
ভৌতিক বৈশিষ্ট্যসমূহ
গড় ব্যাস ১.৩৯২×১০ কিমি (১০৯ পৃথিৱী)
পৰিধি ৪.৩৭৩×১০ কিমি
কমলাকৃতি 9×১০−6
পৃষ্ঠৰ ক্ষেত্রফল ৬.০৯×১০১৮ মি² (১১,৯০০ পৃথিৱী)
আয়তন ১.৪১×১০২৭ মি³ (১,৩০০,০০০ পৃথিৱী)
ভৰ ১.৯৮৮ ৪৩৫×১০৩০ কেজি (৩৩২,৯৪৬ পৃথিৱী)
ঘনত্ব ১,৪০৮ কেজি/মি³
পৃষ্ঠৰ মধ্যাকর্ষণ ২৭৩.৯৫ মি সে-২ ( g ৰ ২৭.৯ গুন)
পৃষ্ঠৰ পলায়ন বেগ ৬১৭.৫৪ কিমি/সে (৫৫ পৃথিৱী)
পৃষ্ঠৰ তাপমাত্রা ৫৭৮৫ K
কৰোনাৰ তাপমাত্রা ৫ MK
কেন্দ্রৰ তাপমাত্রা ~১৩.৬ MK
উজ্জ্বলতা (Lsol) W]]
~৩.৭৫×১০২৮ lm
(~98 lm/W ফলপ্রসূতা)
গড় তীব্রতা (Isol) ২.০০৯×১০ W m-২ sr-১
ঘূর্ণন বৈশিষ্ট্যসমূহ
ক্রান্তিকোণ ৭.২৫° (ভূকক্ষৰ লগত)
৬৭.২৩° (কক্ষপথৰ তলৰ লগত)
উত্তৰ মেৰুৰ বিষুৱাংশ ২৮৬.১৩°
(১৯ ঘ ৪ মিন ৩০ ছে)
উত্তৰ মেৰুৰ বিষুবলম্ব +৬৩.৮৭°
(৬৩°৫২' উত্তৰ)
বিষুৱৰেখাৰ ঘূর্ণন কাল ২৫.৩৮ দিন
(২৫ দ ৯ ঘ ৭ মিন ১৩ ছে)
বিষুৱৰেখাৰ বেগ ৭১৭৪ কিমি/ঘ
আলোক মণ্ডলীয় গঠন (ভৰ অনুসৰে)
হাইড্র’জেন ৭৩.৪৬ %
হিলিয়াম ২৪.৮৫ %
অক্সিজেন ০.৭৭ %
কার্বন ০.২৯%
লো ০.১৬ %
নিয়ন ০.১২ %
নাইট্র’জেন ০.০৯ %
ছিলিকন ০.০৭ %
মেগনেছিয়াম ০.০৫ %
ছালফাৰ ০.০২ %

সৌৰজগতৰ কেন্দ্রত থকা নক্ষত্রটো হ’ল সূর্য । সৌৰজগতৰ মুঠ ভৰৰ ৯৮.৫% ভৰৰ গৰাকী হ’ল সূর্য । পৃথিৱী সূর্যৰ পৰা গড়ে ১৪,৯৫,৭৮,০০০ কিমি (৯,২৯,৫৬,০০০ মাইল) আঁতৰত আছে । পোহৰক এই দূৰত্ব অতিক্রম কৰিবলৈ ৮ মিনিট ১৯ ছেকাণ্ড সময় লয় । সূর্যৰ পৰা পৃথিৱীৰ নিকটতম দূৰত্ব হ’ল ১৪,১০,০০,০০০ কিমি আৰু সর্ব্বোচ্ছ দূৰত্ব হ’ল ১৫,২০,০০,০০০ কিমি । পোহৰৰ যোগেদি সূর্যৰ শক্তি পৃথিৱীলৈ আহে । ইয়াৰ বলতেই ধৰাত সমগ্র জীৱ জগত জীয়াই আছে । ইয়েই বতৰ পৰিবর্তনৰ মূল কাৰক ।

সূর্যৰ পৃষ্ঠভাগৰ উপাদান সমূহ হ’ল হাইড্র’জেন (প্রায় মুঠ ভৰৰ ৭৪% বা মুঠ আয়তনৰ ৯২%), হিলিয়াম (প্রায় মুঠ ভৰৰ ২৪% বা মুঠ আয়তনৰ ৭%) আৰু কম পৰিমাণৰ লো, নিকেল, অক্সিজেন, কালছিয়াম, ছিলিকন, মেগনেছিয়াম, কার্বন, নিয়ন আৰু ক্রমিয়াম । সৌৰ বর্ণালী হ’ল G2V শ্রেণীৰ । G2 মানে ইয়াৰ পৃষ্ঠভাগৰ প্রায় ৫৭৪০কেলভিন ( ৫৫০০ ডিগ্রী ছেলছিয়াছ) ঊষ্ণতাৰ পৰা বগা পোহৰ নির্গত হয়, যি বায়ুমণ্ডলৰ বিচ্ছুৰণৰ প্রভাৱত আমি হালধীয়া দেখো । বিচ্ছুৰণ হ’ল এটা বিয়োগাত্মক প্রক্রিয়া, য’ত ছুটি তৰংগ দৈর্ঘৰ বেঙুনীয়া ৰশ্মি আৰু নীলা ৰশ্মি শোষণ হয় আৰু আমাৰ চকুত ধৰা পৰা হালধীয়া ৰশ্মিৰ তৰংগৰ কম্পনাংক পৃথিৱীপৃষ্ঠ চুৱে । এই প্রক্রিয়াত নীলা ৰশ্মিৰ বিচ্ছুৰণৰ কাৰণেই আমি দেখা আকাশৰ ৰং নীলা । পুৱা আৰু গধূলী সময়ত যেতিয়া সূর্যৰ পোহৰে অধিক বায়ুমণ্ডল আঞ্চল অতিক্রম কৰি আহে, তেতিয়া আৰু অধিক তৰংগৰ বিচ্ছুৰণ ঘটে, ফলত আমি আকাশখন হালধীয়াৰ পৰা ৰঙা পর্যন্ত দেখো ।

সূর্যৰ বর্ণালীত আয়নিভূত আৰু নিষ্ক্রিয়(neutral) ধাতু আৰু অতি সূক্ষ্ম হাইড্র’জেনৰ পতি পোৱা যায় । এই বর্ণালী শ্রেণীৰ V (ৰোমান সংখ্যা ৫) এ আঙুলীয়াই দিয়ে যে গৰীষ্ঠ সংখ্যক নক্ষত্রৰ দৰে ই মূল সূঁতি (main sequence) ৰ নক্ষত্র । ইয়াৰ অর্থ হ’ল সূর্যই শক্তি হাইড্র’জেনৰ পৰা হিলিয়ামলৈ ৰূপান্তৰিত হোৱা পাৰমাণৱিক সংযোযন প্রক্রিয়াৰ পৰা পায় । আমাৰ তাৰকাৰাজ্যত ১০০ মিলিয়নতকৈও অধিক G2 শ্রেণীৰ নক্ষত্র আছে । সূর্য ইয়াৰে ৮৫% নক্ষত্র (য’ৰ অধিকাংশই হ’ল ৰক্তিম বাওনা(red dwarf) নক্ষত্র)তকৈ উজ্জ্বল ।

সূর্যই নিজ কক্ষপথত হাতীপতি তাৰকাৰাজ্যৰ কেন্দ্রৰ পৰা ২৪০০০ৰ পৰা ২৬০০০ আলোকবর্ষ দূৰত্বত থাকি কেন্দ্রক পৰিক্রমা কৰি থাকে । সূর্যক এবাৰ পৰিক্রমা কৰোতে প্রায় ২২৫-২৫০ মিলিয়ন বছৰ লাগে (এক গেলেটিক বা তাৰকাৰাজ্যিক বর্ষ) । সূর্যৰ কৈক্ষিক গতিবেগ হ’ল ২২০+/-২০কিমি/ছে, কিন্তু শেষতিয়া গণনামতে ই ২৫২কিমি/ছে । ই প্রায় ১১৯০ বছৰত ১ আলোকবর্ষ বা ৭ বছৰত এক সৌৰবর্ষৰ সমকক্ষ । বর্তমান উপলব্ধ তথ্যৰ মতে এই আন্তঃতাৰকাৰাজ্যিক দূৰত্ব আৰু গতিবেগ শুদ্ধ বুলি মনা হৈছে যদিও নতুন তথ্যৰ সন্ধানে এই মান সলনি কৰিব পাৰে । যিহেতু cosmic background radiation(CMB) ৰ আপেক্ষিক ভাৱে আমাৰ তাৰকাৰাজ্যখন হাইড্রা (hydra) ৰ দিশত ৫৫০কিমি/ছে গতি কৰি আছে, গতিকে সূর্যৰ CMB ৰ আপেক্ষিক ভাৱে সামগ্রিক বেগ crater বা leo ৰ দিশত ৩৭০কিমি/ছে হ’ব ।

সূর্য বর্তমান হাতীপতি তাৰকাৰাজ্যৰ বৃহতাকাৰ Perseus বাহু আৰু Segittarius বাহুৰ মাজৰ Orion বাহুৰ ভিতৰ ফালৰ কাষটোত স্থানীয় আন্তঃনক্ষত্রীয়্ ডাৱৰ(Local Interstellar Cloud) ৰ উচ্ছ উষ্ণতাৰ গেছৰ লঘূভিত কম ঘনাত্বৰ স্থানীয় বাবল(Local Bubble) অঞ্চলৰ মাজেদি গৈ আছে । সূর্যৰ নিকতৱর্তি ১৭ আলোকবর্ষৰ ভিতৰৰ ৫০ খন নক্ষত্রজগত (Stellar System) ৰ ভিতৰত সূর্যৰ পৰম মাত্রা(Absolute Magnitude)ৰ স্থান চতুর্থ ।

আন ভাষাত