সেউজ সাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কিছুমান শস্যৰ খেতি কৰি এক নিৰ্দিষ্ট সময়ৰ পাছত এইবোৰৰ ডাল-পাত আদি কাটি মাটিৰ লগত মিহলালে যি সাৰ পোৱা যায় তাকে ‘‘‘সেউজ সাৰ’’’ (ইংৰাজী: Green Manuer) বোলা হয়। সকলো উদ্ভিদৰ পৰাই এনে সাৰ পাব পৰা যায় যদিও ইয়াৰ বাবে কিছুমান বিশেষ উদ্ভিদ চিনাক্ত কৰা হৈছে। জৈৱিক কৃষিত মাটিৰ গুণাগুণ উন্নত কৰিবলৈ এনেবোৰ শস্য বহুল ভাৱে ব্যৱহাৰ কৰা হয়। আনহাতে যিকোনো উদ্ভিদৰে কুমলীয়া ডাল-পাত আঁতৰৰ পৰা আনি মাটিত মিহলাই দিওঁ এনে সাৰ পাব পৰা যায়। অৱশ্যে এনে সাৰক সেউজীয়া পাত সাৰ (Green leaf Manure) কোৱা হয়। ইয়াৰ উপৰিও এনে কিছুমান শস্য আছে যিবোৰ অতি ঘনকৈ সিঁচি বতাহ-বৰষুণৰ বাবে হোৱা ভূমিক্ষয় ৰোধ কৰিব পৰা যায়। এনেবোৰ শস্যক আৱৰণ বা আবৃত শস্য (Cover crop) বুলি কোৱা হয়। ফচল চপোৱাৰ পাছত এইবোৰ শস্যৰ ডাল-পাত আদি মাটিৰ লগত মিহলাই দিও সেউজ সাৰ পাব পাৰি। সেয়ে এনেবোৰ শস্যও সেউজ সাৰৰ শস্যৰ অন্তৰ্ভুক্ত।

ইতিহাস[সম্পাদনা কৰক]

গছৰ সেউজীয়া ডাল-পাত মিহলি হৈ পৰা মাটিৰ উৰ্বৰতা শক্তি বেছি। দূৰ অতীতৰ কোনোবা এটা দিনত কৃষিজীৱী মানুহে হয়তু এই সত্যটো উপলব্ধি কৰিলে। তেওঁলোকে হয়তু এইটোও মন কৰিলে যে কিছুমান গছৰ মাটি উৰ্বৰ কৰিব পৰা ক্ষমতা বেছি। এইদৰে আহৰণ কৰা জ্ঞানেৰে পথাৰ উৰ্বৰ কৰি পৃথীৱীৰ বিভিন্ন প্ৰান্তত মানুহে খেতি কৰি আহিছে। খৃষ্টপূৰ্ব পাঁচশ শতিকাত চীন দেশত মাহজাতীয় শস্য সিঁচি তিনিমাহমানৰ পাছত হাল বাই মাটিৰ লগত মিহলাই দিয়াৰ তথ্য পোৱা গৈছে[1]। সেইদৰে পশ্চিমৰ দেশবোৰতো মাটি উৰ্বৰ কৰিবলৈ বিভন্ন শস্য প্ৰয়োগ কৰিছিল। এনে শস্যৰ পৰা পোৱা সাৰকে পাছলৈ সেউজ সাৰ নাম দিয়া হয়। অতীজৰে পৰা ব্যৱহাৰ হৈ থকা এইবিধ সাৰৰ বিষয়ে বিজ্ঞানীসকল ১৮ শতিকাৰ মাজ ভাগৰ পৰা আগ্ৰহী হৈ পৰে আৰু বিভিন্ন গৱেষণা কাম হাতত লয়। এই গৱেষণাৰ ফলবোৰে মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধিত সেউজ সাৰৰ প্ৰভাৱৰ বিষয়ে স্পষ্ট ৰূপত দেখুৱাই দিয়ে[2][3][4][5][6]। বিশ্বৰ আন দেশবোৰৰ লগতে ভাৰতবৰ্ষতো সেউজ সাৰৰ উপকাৰীতাৰ বিষয়ে বিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা কৰি আহিছে[7] [8][9][10]। কুৰি শতিকাৰ প্ৰথম দশকৰ পৰা প্ৰকাশ পাবলৈ ধৰা এনে পৰীক্ষাৰ ফলাফলবোৰে সেউজ সাৰৰ উপকাৰীতাৰ ন ন দিশ উন্মোচন কৰিবলৈ ধৰে। বৰ্তমান জৈৱিক কৃষিৰ গুৰুত্ব বৃদ্ধি পোৱাৰ লগে লগে সেউজ সাৰৰ প্ৰাধান্য বাঢ়ি গৈছে। সেয়ে আধুনিক জৈৱিক কৃষিৰ জনক এলবাৰ্ট হোৱাৰ্ডৰ দৰে বিজ্ঞানীসকলে আৰম্ভ কৰা এনে গৱেষণাৰ কাম-কাজ আজিও অব্যাহত আছে[11][12][13][14]

সেউজ সাৰৰ গুণাগুণ[সম্পাদনা কৰক]

সেউজ সাৰে মাটিৰ গুণাগুণ বিভিন্ন ধৰণেৰে উন্নত কৰে। তলত সেই বিষয়ে আলোচনা কৰা হ’ল :- [15]

  1. মাটিত জৈৱ পদাৰ্থ বৃদ্ধিঃ- শস্যৰ শ্ৰীবৃদ্ধিৰ বাবে মাটিত জৈৱ পদাৰ্থ থকাতো অপৰিহাৰ্য। প্ৰাকৃতিক ভাৱে বিভিন্ন জৈৱিক উপাদানৰ পৰা জৈৱ পদাৰ্থ সৃষ্টি হৈ মাটিত জমা হয়। সময়ত এই পদাৰ্থ ভাগৰ ৰূপান্তৰ ঘটি ‘হিউমাচ’ লৈ পৰিৱৰ্ত্তন হয়। ‘হিউমাচ’ হ’ল উদ্ভিদৰ প্ৰয়োজনীয় সকলো পোষকদ্ৰব্যৰ আকৰ। সেয়ে মাটিত জৈৱ পদাৰ্থৰ পৰিমাণ বাঢ়িলে উৰ্বৰতা শক্তি বৃদ্ধি পায়। সেউজ সাৰ প্ৰয়োগ কৰি সহজে মাটিত জৈৱ পদাৰ্থ বৃদ্ধি কৰিব পৰা যায়।
  2. মাটিত অনুজীৱৰ সংখ্যা বৃদ্ধিঃ- মাটিত থকা বিভিন্ন অনুজীৱই জৈৱ পদাৰ্থৰ লগত ক্ৰিয়া কৰি এনে পদাৰ্থবোৰ ‘হিউমাচ’লৈ ৰূপান্তৰ কৰে। সেউজ সাৰে এই অনুজীৱবোৰৰ সংখ্যা বৃদ্ধি হোৱাত সহায় কৰে যাৰ বাবে জৈৱ পদাৰ্থ ‘হিউমাচ’লৈ ৰূপান্তৰ ঘটা কাৰ্য খৰটকীয়া হয়।
  3. মাটিত শস্যৰ পোষক দ্ৰব্য বৃদ্ধিঃ- সেউজ সাৰৰ শস্য মাটিৰ লগত মিহলি হ’বলৈ দিওঁতে এইবোৰ শস্যই মাটিৰ পৰা আহৰণ কৰা পোষকদ্ৰব্যবোৰ পুনৰ মাটিৰ লগত মিহলি হৈ পৰে যাৰ বাবে ডৰাটোত পোষকদ্ৰব্য বৃদ্ধি পায়। ছেঁই ধৰা উদ্ভিদৰ শিপা নাইবা গা-গছত থকা টেমুনাবোৰত বায়ুমণ্ডলৰ পৰা আহৰণ কৰা নাইট্ৰোজেন জমা হৈ থাকে। এনেবোৰ উদ্ভিদ সেউজ সাৰ হিচাপে খেতি কৰিলে মাটিত শস্যৰ পোষক দ্ৰব্য সহজে বৃদ্ধি পায়।
  4. ভূমি আৰু পোষকদ্ৰব্য সংৰক্ষণঃ- সেউজ সাৰৰ শস্যই মাটিৰ উপৰিভাগ আৱৰি থয় বাবে বতাহ-বৰষুণৰ বাবে হোৱা ভূমিক্ষয় সহজে ৰোধ হয়। আনহাতে ভূমিক্ষয় ৰোধ হোৱা বাবে মাটিত থকা পোষকদ্ৰব্য নষ্ট হ’বলৈ নাপায়।
  5. মাটিৰ ভৌতিক গুণৰ উন্নতিসাধনঃ- মাটিত ‘হিউমাচ’ৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে মাটিৰ ক্ষুদ্ৰ কণিকাবোৰ সহজে দানাবন্ধ হ’বলৈ সুবিধা পায়। এই দানাবন্ধ কণিকাবোৰৰ মাজেৰে বায়ু তথা পানী চলাচল কৰিবলৈ সুচল হয় যাৰ বাবে মাটিৰ তাপমাত্ৰা এক ভাৰসাম্য অৱস্থাত থকে । তদুপৰি এনে মাটিৰ পানী ধৰি ৰখা ক্ষমতা (Water holding Capacity) বেছি।
  6. ৰাসায়নিক সাৰৰ কাৰ্যকাৰিতা বৃদ্ধিঃ- সেউজ সাৰ প্ৰয়োগ কৰা মাটিত শস্যই ৰাসায়নিক সাৰত থকা মৌল যেনে- নাইট্ৰোজেন, ফছফৰাছ, পটাছ আদি মাটিৰ পৰা সহজে আহৰণ কৰিব পাৰে যাৰ বাবে ৰাসায়নিক সাৰৰ কাৰ্যকাৰিতা বৃদ্ধি পায়। তদুপৰি এনে মাটিত শস্যৰ পৰিপুষ্টি বাবে আৱশ্যক হোৱা আন পোষকদ্ৰব্যবোৰ সহজলভ্য হৈ উঠে।

সেউজ সাৰ হিচাপে ব্যৱহাৰ কৰা উদ্ভিদবোৰৰ বৈশিষ্ট[সম্পাদনা কৰক]

  1. অনুৰ্বৰ মাটিতো স্বাভাৱিক ভাৱে বাঢ়িব পৰা ক্ষমতা
  2. খৰটকীয়া বাঢ়ন
  3. পৰ্যাপ্ত পৰিমাণৰ ডাল-পাত
  4. কাণ্ড আৰু ডাল সহজে পচনশীল
  5. শিপাৰ সহজে মাটিৰ ভিতৰলৈ যাব পৰা ক্ষমতা

সেউজ সাৰ হিচাপে ব্যৱহাৰ কৰা শস্য[সম্পাদনা কৰক]

বহুকেইবিধ শস্যৰ পৰা সেউজ সাৰ পাব পৰা যায়। [16] ইয়াৰে কিছমান খেতি কৰি নিৰ্দিষ্ট সময়ত মাটিৰ লগত মিহলাই দিয়া হয়। আনহাতে আৱৰণ শস্যৰ ফচল চপাই ডাল-পাত মাটিত মিহলোৱা হয়। সেউজীয়া পাতসাৰৰ বাবে বিভিন্ন উদ্ভিদৰ পৰা পাত সংগ্ৰহ কৰা হয়। মাটিত জৈৱ পদাৰ্থ যোগান ধৰিব পৰা এই তিনিওটা প্ৰকাৰৰ বাবে উপযোগী কেতবোৰ শস্যৰ নাম তলত উল্লেখ কৰা হ’ল।

  • সেউজ সাৰঃ- ধইঞ্চা, শন, বেলিফুল
  • সেউজীয়া পাতসাৰঃ- সোণাৰু, নিম, ভোট এৰা, কলমৌ, কৰচ, আকণ
  • আৱৰণ শস্যঃ- মগুমাহ, মাটিমাহ, লেচেৰামাহ

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Pieters A J (1927): Green manuring: Principles and Practice, John Wiley & Sons ,Inc. New York
  2. Hall,A.D (1911),The value of different crops as Green Manures. Jour.Brd.Agr(Gt.Britain) 17:969-974.
  3. Harlan,C. (1912) Farming with green manures 1st Ed (1876) 7th Ed Delore Pub. Co. Wilmington Del.
  4. Briscoe,C. H.H. Harned (1918) Bacteriological effect of green manure, Study no.II. Miss. Agr.Expt.Sta.Bull. 185: 1-18.
  5. Johnson,T.C (1922)Green Crops and fertilizers in place of manure. Amer.Fertilizer, 57: 28-29.
  6. Löhnis, T.C 1926) Nitrogen availability of green manure, Soil Sci. 22:253-290.
  7. Coleman,L.S;Narasimha Iyenger,B and Sampatiengr,N (1912)Green Manuring in Mysore, Mysore Agr. Bull.Gen.Ser.1.
  8. Bald, Claude(1914) Green Manure on Tea, Agr.Jour.India 9:182-189.
  9. Howard,A and G.E.F. Howard(1914) Note on drainage and green manure. Agr.Jour.India, 9:197-204.
  10. Bal, D.V (1922) Studies on the decomposition of some common green manuring plants at different stages of growth in the black cotton soil of central province. Agr.Jour.India 17:133-151.
  11. Abrol,I.P. and Palaniappan,S.P.(1988). Green manure crops in irrigated and rainfed low land rice based cropping system of South Asia. Proc. Symposium on sustainable Agriculture: The green manure crop in rice farming system, IRRI, Philippines,pp.71-82.
  12. Balasubramaniyan,P., Palaniappan,S.P. and Francis,H.J.(1991) Effect of green manuring and inorganic N-K fertilization on nutrient uptake and yield of lowland rice. Indian J. Agron.,36(2):293-295.
  13. Brar,D.S. and Sidhu, A.S.(1995) Effect of nitrogen release during decomposition of added green manure. J.Indian Soc.Soil Sci.43(1):14-17.
  14. Surinder Singh, R.N. Singh, Janardhan Prasad and Binod Kumar (2002) Effect of green manuring , FYM and biofertilizer in relation to fertilizer nitrogen on yield and major nutrient uptake by upland rice. J. Indian Soc. Soil Sci. 50(3):313-314.
  15. http:/www.attra.ncat.org/attra-pub/covercrop.html.pdf.
  16. Green manure/Cover crops and crop rotation in conservation Agriculture on small farms. Integrated Crop Management Vol. 12-2010; FAO, Rome; 2011.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]