সেন্দুৰী বান্দৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সেন্দুৰী বান্দৰ (Stump-tailed macaque)[1]
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Primates
পৰিয়াল: Cercopithecidae
গণ: Macaca
প্ৰজাতি: M. arctoides
বৈজ্ঞানিক নাম
Macaca arctoides
(I. Geoffroy, 1831)
সেন্দুৰী বান্দৰৰ বিতৰণ
(blue — native, red — introduced, orange — possibly extinct)
সমাৰ্থক
  • brunneus (Anderson, 1871)
  • harmandi (Trouessart, 1897)
  • melanotus (Ogilby, 1839)
  • melli (Matschie, 1912)
  • rufescens (Anderson, 1872)
  • speciosus (Murie, 1875)
  • ursinus (Gervais, 1854)

সেন্দুৰী বান্দৰ (ইংৰাজী: Stump-tailed Macaque)দক্ষিণ এছিয়াত বিস্তৃত হৈ থকা বান্দৰৰ এবিধ প্ৰজাতি ৷ ইয়াৰ গাৰ বৰণ গাঢ় খয়েৰী বৰণৰ৷ নেজ অত্যনত চুটি আৰু নোমহীন৷ নেজৰ এই বৈশিষ্ট্যৰ বাবেই এই প্ৰজাতিবিধৰ ইংৰাজী নাম Stump-tailed হয়৷ সেন্দুৰীয়া বান্দৰৰ মুখখন নোমহীন আৰু তাত কিছুমান ক'লা ক'লা দাগ দেখা পোৱা যায়৷ এই ক'লা দাগবোৰৰ মাজে মাজে পৰিলক্ষিত হোৱা ৰঙা দাগবোৰৰ বাবে এই প্ৰজাতিৰ অসমীয়া নাম সেন্দুৰী বান্দৰ হয়[3]

দৈহিক গঠন[সম্পাদনা কৰক]

সেন্দুৰী বান্দৰৰ সমগ্ৰ দেহটো ডাঠ, দীঘল, মটীয়া বৰণৰ নোমেৰে আবৃত ৷ কিন্তু ইয়াৰ মুখখন আৰু চুটি নেজদাল নোমবিহীন ৷ ইয়াৰ কপালৰ ফালে মূৰৰ অলপ অংশত নোম নাথাকে নাইবা বৰ কম নোম থাকে৷ ইয়াৰ দেহৰ পশ্চাৎ অংশৰ ছাল ৰঙা আৰু চেলাউৰিৰ ওপৰ অংশ বগা৷ পোৱালি জন্মতে বগা ৰঙৰ হয় আৰু ডাঙৰ হোৱাৰ লগে লগে গাৰ বৰণ ডাঠ হৈ আহে ৷ মতা প্ৰাণীবোৰ মাইকীত কৈ আকৰত যথেষ্ট ডাঙৰ হয় ৷ মতা প্ৰাণীৰ দেহৰ দৈৰ্ঘ্য ৫১.৭-৬৫ ছে: মি: আৰু ওজন প্ৰায় ৯.৭-১০.২ কি: গ্ৰা: হয়, আনহাতে মাইকীৰ দেহৰ দৈৰ্ঘ্য ৪৮-৫৮ ছে: মি: আৰু ওজন ৭.৫-৯.১ কি: গ্ৰা:[4]

সেন্দুৰী বান্দৰৰ এটা পোৱালি

বসতিস্থল[সম্পাদনা কৰক]

সেন্দুৰী বান্দৰ সাধাৰণতে গভীৰ চিৰসেউজীয়া অৰণ্যত পোৱা যায় ৷ [5] ৷ অৰণ্যৰ ভূমিভাগত ইঁহতে দল বান্ধি ঘুৰি ফুৰে৷ বৰ্ষাৰণ্য, পৰ্ণপাতী অৰণ্য আৰু সেমেকা গছ-বন থকা হাবিৰ লগতে অন্যান্য পাহাৰীয়া অঞ্চলতো ইয়াক দেখা যায়৷ ভাৰতবৰ্ষত এই প্ৰজাতিটো ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত পোৱা যায় ৷ [6] মূল বসতিস্হল অসম, মেঘালয়, অৰুণাচল প্ৰদেশ , নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা[7]

আচৰণ[সম্পাদনা কৰক]

সেন্দুৰী বান্দৰ মেকাক গোষ্ঠীৰ বান্দৰ হোৱাৰ বাবে ই সকলো ধৰণৰ আহাৰ গ্ৰহণ কৰে৷ ইহঁতে প্ৰধানত: ফল-মূল খাই জীয়াই থাকে ৷ মাজে সময়ে ই গছৰ গুটি, পাত, শিপা, কেঁকোৰা, ভেকুলী, চৰাইৰ কণী , কীট-পতংগ আদিও খায় ৷[5]

সেন্দুৰী বান্দৰে দল-বান্ধি বাস কৰে ৷ একোটা দলত ৫-৬০ টা পৰ্য্যন্ত বান্দৰ থাকিব পাৰে ৷ [8] মতা প্ৰাণী প্ৰজননক্ষম হোৱাৰ লগে লগে পুৰণা দল এৰি নতুন দলৰ সদস্য হয় [9]

সেন্দুৰী বান্দৰৰ গড় আয়ুস ৩০ বছৰ৷ এই প্ৰাণীবিধৰ প্ৰজননৰ হাৰ অন্য বান্দৰৰ প্ৰজাতিৰ তুলনাত কম ৷ এবছৰ বা দুবছৰৰ মূৰে মূৰে এটাকৈ পোৱালীৰ জন্ম হয়৷ মাইকী প্ৰাণী চাৰি বছৰ বয়সত প্ৰজননক্ষম হয় [10]

স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]

এই প্ৰাণীবিধক আই. ইউ. চি. এন. ৰ তালিকাত বিপথগামী (Vulnerable) বুলি ঘোষণা কৰা হৈছে ৷ ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইনঅনুসৰি সেন্দুৰী বান্দৰ ১ নং তালিকাভুক্ত প্ৰাণী৷ এই প্ৰাণীবিধক ধৰা, মাৰা বা কিনা-বেচা কৰা আনকি ঘৰত আৱদ্ব কৰি ৰখা আইন মতে দণ্ডনীয় অপৰাধ৷

চিত্ৰসম্ভাৰ[সম্পাদনা কৰক]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: Johns Hopkins University Press. পৃষ্ঠা. 161. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=12100529. 
  2. Htun, S., Timmins, R. J., Boonratana, R. & Das, J. (2008). Macaca arctoides. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 4 January 2009.
  3. "অসমৰ প্ৰাইমেট'-সৌম্যদ্বীপ দত্ত, নেচাৰ্চ বেকন
  4. Rowe N. 1996. The pictorial guide to the living primates. East Hampton (NY): Pogonias Pr. 263 p.
  5. 5.0 5.1 Cawthon Lang KA (2005-10-04). "Primate Factsheets: Stump-tailed macaque (Macaca arctoides) Taxonomy, Morphology, & Ecology". http://pin.primate.wisc.edu/factsheets/entry/stump-tailed_macaque। আহৰণ কৰা হৈছে: 2008-04-17. 
  6. Choudhury, A.U. (1988) Priority ratings for conservation of Indian primates. Oryx 22: 89-94.
  7. Choudhury, A.U. (2002) Status and conservation of the stump-tailed macaque Macaca arctoides in India. Primate Report 63: 63-72.
  8. Rowe N. 1996. The pictorial guide to the living primates. East Hampton (NY): Pogonias Pr. 263 p.
  9. Fooden J. 1990. The bear macaque, Macaca arctoides: a systematic review. J Hum Evol 19(6/7): 607-86.
  10. Brereton AR. 1992. Alternative reproductive tactics in stumptail macaques (Macaca arctoides). Folia Primatol 59(4): 208-12.