সোণালী বান্দৰ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
সোণালী বান্দৰ (Golden langur)[1]
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পর্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Primates
পৰিয়াল: Cercopithecidae
গণ: Trachypithecus
Species group: T. pileatus
প্ৰজাতি: T. geei
বৈজ্ঞানিক নাম
Trachypithecus geei
(Khajuria, 1956)
সোণালী বান্দৰৰ বিতৰণ

সোণালী বান্দৰ (ইংৰাজী: Golden langur) পোণপ্ৰথমে ১৯৫৪ চনত আৱিস্কৃত হৈছিল ৷ এই আপুৰুগীয়া বান্দৰৰ প্ৰজাতিটো ভাৰত বৰ্ষত মূলত: পশ্চিম অসম,[3][4] ভুটানৰ পৰ্ব্বত অঞ্চলত পোৱা যায় [5][6] ৷এই প্ৰাণীবিধৰ দৈহিক গঠন তথা বিস্তৃতি সম্পৰ্কে গী (Gee,১৯৫৬) আৰু খাজুৰীয়া (Khajuria ,১৯৫৬, ১৯৬২) ই প্ৰথম বৈজ্ঞানিক তথ্য আগবঢ়ায় ৷ এই প্ৰাণীবিধক ভাৰতীয় বন্যপ্ৰাণী আইন (১৯৭২) অনুসৰি সৰ্বোচ্চ প্ৰতিৰক্ষা আগবঢ়োৱা হৈছে ৷ এই আইনত সোণালী বান্দৰক প্ৰথম অনুসূচী (Schedule I) ৰ প্ৰাণী বুলি স্বীকৃতি দিয়া হৈছে আৰু ইয়াৰ দ্বাৰাই এই জন্তুবিধৰ হত্যা, চিকাৰ বা পোহনীয়া কৰি ৰখাটো নিষিদ্ধ কৰা হৈছে ৷

সূচী

[সম্পাদনা কৰক] শ্ৰেণীবিভাজন

সোণালী বান্দৰৰ দুটা উপ-প্ৰজাতি পোৱা যায়[1]-

  • Trachypithecus geei geei
  • Trachypithecus geei bhutanensis

[সম্পাদনা কৰক] বিৱৰণ

সোণালী বান্দৰৰ দেহৰ বৰণ সোণালী, মুখখন ক’লা আৰু নেজডাল যথেষ্ট দীঘল ৷ সোণালী বান্দৰে সাধাৰণতে ওখ গছত বাস কৰে বাবে দীঘল নেজ ডালে দেহৰ ভাৰসাম্য ৰখাতো সহায় কৰে ৷ দেহৰ দৈৰ্ঘ্য ৫০-৬০ ছে: মি: আৰু ওজন-৯.৫-১১ কি:গ্ৰা:৷

সোণালী বান্দৰ এবিধ তৃণভোজী প্ৰাণী ,প্ৰধানত: ফল-মূল, গছৰ পাত , গুটি আৰু ফুল খাদ্য ইচাপে গ্ৰহণ কৰে ৷

[সম্পাদনা কৰক] বিস্তৃতি

সোণালী বান্দৰ

সোণালী বান্দৰৰ বিস্তৃত তেনেই সীমিত ৷ ভাৰতবৰ্ষত দক্ষিণে ব্ৰহ্মপুত্ৰ, পূবত মানাহ নদী, পশ্চিমে সংকুশ নদী আৰু উত্তৰে ভূটানৰ ক’লা পাহাৰ পৰ্য্যন্ত এই প্ৰাণী বিধৰ বিচৰণস্হলী [6] [7]

[সম্পাদনা কৰক] আচৰণ

ই সাধাৰণতে ৮-৫০ টা প্ৰাণীৰ দলত বাস কৰে ৷ একোটা দলত সাধাৰণতে এটা বা দুটা মতা প্ৰাণী থাকে[8]

এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে ৷

[সম্পাদনা কৰক] স্থিতি তথা সংৰক্ষণ

সোণালী বান্দৰ এবিধ বিলুপ্তপ্ৰায় (endangered) প্ৰাণী ৷ ২০০১ চনৰ এটা অধ্যয়ন অনুসৰি ভাৰতবৰ্ষত ইয়াৰ সংখ্যা প্ৰায় ১০৬৪ টা ৷ ইয়াৰে ৬০% ই পূৰ্ণবয়স্ক প্ৰাণী বুলি তথ্য পোৱা গৈছে [6] [9]


[সম্পাদনা কৰক] তথ্যসুত্ৰ

  1. 1.0 1.1 Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd ed.). Baltimore: Johns Hopkins University Press. পৃষ্ঠা. 176. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=12100716. 
  2. Das, J., Medhi, R. & Molur, S. (2008). Trachypithecus geei. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 4 January 2009.
  3. Choudhury, A.U. (1988). Priority ratings for conservation of Indian primates. Oryx 22: 89-94.
  4. Choudhury, A.U. (1988). Conservation in Manas Tiger Reserve. Tigerpaper 15(2): 23-27.
  5. Choudhury, A.U. (1990). Primates in Bhutan. Oryx 24: 125.
  6. 6.0 6.1 6.2 Srivastava, A.; Biswas, J.; Das, J.; Bujarbarua, P. (2001), "Status and Distribution of Golden Langurs (Trachypithecus geei) in Assam, India", American Journal of Primatology 55 (1): 15–23, doi:10.1002/ajp.1035 
  7. Wangchuk, Tashi; Inouye, David W.; Hare, Matthew P (2008). "The Emergence of an Endangered Species: Evolution and Phylogeny of the Trachypithecus geei of Bhutan". International Journal of Primatology 29 (3): 565–582. 
  8. Biswas, J. 2002. Home range shifting of free ranging golden langur: Trachypithecus geei (Khajuria, 1956). (abstract) XIXth Congress of the International Primatological Society. Beijing, China.
  9. Rekha Medhi, Dilip Chetry, P. C. Bhattacharjee and B. N. Patiri (2004). "Status of Trachypithecus geei in a Rubber Plantation in Western Assam, India". International Journal of Primatology 25 (6): 1331–1337. 

[সম্পাদনা কৰক] বহি:সংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত