সোণাৰি
| সোণাৰি | |||
| — নগৰ — | |||
|
|
|||
| স্থানাঙ্ক | |||
| দেশ | |||
| ৰাজ্য | অসম | ||
| জিলা | শিৱসাগৰ | ||
| পৌৰপতি | দিলীপ বুঢ়াগোঁহাই | ||
| জনসংখ্যা | 17,430 (2001[update]) | ||
| সময়াঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০) | ||
| মাটিকালি • উচ্চতা |
• 97 m (318 ft) |
||
|
ক'ড
|
|||
সোণাৰি (ইংৰাজী: Sonari; বাংলা: সোণারি; হিন্দী: सोणारि) অসমৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত, চাহ বাগানেৰে পৰিৱেষ্টিত এখন সৰু নগৰ আৰু চৰাইদেউ মহকুমাৰ সদৰ। ৱাৰ্ডৰ সংখ্যা ১৩ টা।
সূচী |
[সম্পাদনা কৰক] ভৌগোলিক বিৱৰণ
সোণাৰি নগৰ ২৭.০৭° উত্তৰ অক্ষাংশ আৰু ৯৫.০৩° পূব দ্ৰাঘিমাংশত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ৯৬ মিটাৰ (৩১৮ ফুট)।[1] নগৰখনৰ পশ্চিম-দক্ষিণ দিশেৰে টাউকাক নৈ বৈ গৈছে, যিখন গৈ দিচাং নৈত পৰিছে। নগৰৰ মাজেৰে পাৰ হৈ গৈছে ঐতিহাসিক ধোদৰ আলি। আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত পাইক প্ৰথা বুলি এটা ব্যৱস্থা আছিল। এই পাইকৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ বহুতো লোকে ভকতৰ বেশে সত্ৰসমূহত থানিকা পাতিছিল আৰু বিনা পৰিশ্ৰমে জীৱন-নিৰ্বাহ কৰিছিল। স্বৰ্গদেউ গদাধৰ সিংহই এই ভণ্ড ভকত বা ধোদবোৰক ধৰি আনি এটা আলি সাজিবলৈ লগাই দিছিল। গোলাঘাট জিলাৰ কমাৰবন্ধাৰ পৰা ডিব্ৰুগড় জিলাৰ জয়পুৰলৈ নিৰ্মাণ কৰা এই সুদীৰ্ঘ আলিটোকে বোলা হৈছিল ধোদৰ আলি। আন এটা ঐতিহাসিক আলি 'নাহৰ আলি' সোণাৰি নগৰত ধোদৰ আলিৰ সৈতে সংযুক্ত হৈছে।
[সম্পাদনা কৰক] নামৰ উৎপত্তি
[সম্পাদনা কৰক] জন-গাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি সোণাৰি নগৰৰ জনসংখ্যা ১৯,৬৭৩ জন। [2] অধিবাসীসকলৰ গৰিষ্ঠ সংখ্যক হিন্দু ধৰ্মীয় অসমীয়াভাষী। যথেষ্ঠ সংখ্যক বাঙালী, হিন্দীভাষী, মাৰোৱাৰী, পাঞ্জাৱী আদি লোকেও নগৰখনত বসবাস কৰি আছে।
[সম্পাদনা কৰক] যাতায়ত
সোণাৰিৰ সৈতে নামৰূপ, নাহৰকটীয়া, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, মৰাণ, ডিব্ৰুগড় আদি নগৰৰ সৈতে পোনপতীয়া বাছৰ সংযোগ আছে। সোণাৰিৰ পৰা আন এটা পথ অসম- নাগালেণ্ড সীমান্তৰ নামতোলালৈ গৈছে, যিটো পথে নাগালেণ্ডৰ মন জিলাক সংযোগ কৰিছে। ডিৱ্ৰুগড়- তিনিচুকীয়া- গুৱাহাটী প্ৰধান ৰেলপথ সোণাৰি নগৰৰ দক্ষিণ দিশেৰে পাৰ হৈ গৈছে। সমীপৱৰ্তী ভজো ৰেল ষ্টেচনলৈ দূৰত্ব ৪ কিঃ মিঃ। এই ষ্টেচনত মাত্ৰ ব্ৰহ্মপুত্ৰ মেইল, কামৰূপ এক্সপ্ৰেছ আৰু লিডু- গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলহে ৰয়। অন্যান্য দূৰণিবতীয়া ৰেলসমূহ শিমলুগুৰি ষ্টেচনত ৰয়, যলৈ সোণাৰি নগৰৰ পৰা দূৰত্ব ৩২ কিঃ মিঃ।
[সম্পাদনা কৰক] অনুষ্ঠান-প্ৰতিষ্ঠান
উল্লেখযোগ্য শিক্ষানুষ্ঠান
- সোণাৰি মহাবিদ্যালয়
- সোণাৰি বাণিজ্য মহাবিদ্যালয়
- ভগৱতী প্ৰসাদ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়
- পদ্মকুমাৰী বৰুৱা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়
- টাউন হাইস্কুল
- সোণাৰি টাউন প্ৰাথমিক বিদ্যালয়
- হাজী অচিমুদ্দিন মেমোৰিয়েল স্কুল
- সোণাৰি জাতীয় বিদ্যালয়
- শংকৰদেৱ শিশু নিকেতন
সামাজিক অনুষ্ঠান
- পথিকৃত
[সম্পাদনা কৰক] উল্লেখযোগ্য ব্যক্তিত্ব
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ [www.fallingrain.com/world/IN/3/Sonari.html "সোণাৰি নগৰৰ ভৌগোলিক অৱস্থান"]. www.fallingrain.com/world/IN/3/Sonari.html. Retrieved February 02, 2012.
- ↑ "সোণাৰি নগৰৰ জনসংখ্যা (লোকপিয়ল২০১১)". http://www.tiptopglobe.com/city?n=Sonari&p=19673#lat=11.09217&lon=78.92578&zoom=4. Retrieved February 02, 2012.
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
|
|||||