সৰ্পদংশন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰ্পদংশন
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

ফেঁটীসাপ নাজা নাজা
আই.চি.ডি.-10 T63.0, T14.1, W59 (nonvenomous), X20 (venomous)
আই.চি.ডি.-9 989.5, E905.0, E906.2
ডিজিজেছ ডে'টাবে'ছ 29733
মেডলাইন প্লাছ 000031
ইমেডিচিন med/2143
MeSH D012909

সাপে খোঁটাৰ ফলত হোৱা আঘাতকে সৰ্পদংশন (ইংৰাজী ভাষাত Snakebite) বুলি কোৱা হয়। দাঁতৰ আঘাতত ঠাইটুকুৰাত বিন্ধাৰ দৰে ক্ষতৰ সৃষ্টি হ'ব পাৰে বা শৰীৰত বিষ বিয়পিব পাৰে (envenomation)। সাপৰ বেছিভাগ প্ৰজাতিৰেই বিষ নাই আৰু সেইবোৰে চিকাৰৰ শৰীৰত চাপ প্ৰয়োগেৰেহে হত্যা কৰে। তুলনামূলকভাৱে কম সংখ্যক সাপ বিষধাৰী আৰু সেইবোৰ এণ্টাৰ্কটিকাৰ বাহিৰে আন সকলো মহাদেশত পোৱা যায়।[1] পৃথিৱীত সাপৰ প্ৰায় ৩০০০ প্ৰজাতি পোৱা যায় যাৰ প্ৰায় ১৫% মানুহৰ বাবে বিপজ্জনক।[2][3] সাপে চিকাৰৰ লগতে প্ৰতিৰক্ষাৰ বাবেও দংশন কৰে। যিহেতু সাপ দেখাত বিভিন্ন ৰকমৰ হ'ব পাৰে, সেইবাবে সৰ্পদংশনৰ ক্ষেত্ৰত প্ৰজাতি নিৰ্ণয় কষ্টসাধ্য আৰু ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।[4][5]

সৰ্পদংশনৰ ফলাফল বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, যেনে- সাপৰ প্ৰজাতি, দংশন কৰা শৰীৰৰ স্থান, প্ৰবেশ কৰা বিষৰ পৰিমাণ, আৰু আক্ৰান্তৰ স্বাস্থ্য। সৰ্পদংশনৰ পিছত ব্যক্তিজন প্ৰায়েই আতঙ্কগ্ৰস্ততাত ভোগে। তাৰোপৰি অট'ন'মিক নাৰ্ভাছ চীষ্টেমৰ দ্বাৰা টেকীকাৰ্ডিয়া, বুকুৰ ধপ‌ধপনি আৰু বমিৰ ভাৱ হ'ব পাৰে।[2][6] বিষ নথকা সাপে খোঁটাৰ ফলত দাঁতৰ আঘাতৰ পৰা বা বীজাণুৰ সংক্ৰমণৰ পৰা ক্ষতৰ সৃষ্টি হ'ব পাৰে। সৰ্পদংশনৰ পৰা হ'ব পৰা এনাফাইলেক্সিছৰ ফলত মানুহ মৃত্যুমুখত পৰিব পাৰে। সৰ্পদংশনৰ প্ৰাথমিক চিকিৎসা সাধাৰণতে সেই অঞ্চলত বসবাস কৰা সাপৰ প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰে, কাৰণ এটা প্ৰজাতিৰ সাপৰ বাবে কৰা চিকিৎসা আন এটাৰ বাবে কাৰ্যকৰী নহ'বও পাৰে।

সৰ্পদংশনৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ ভৌগোলিক স্থানভেদে বেলেগ বেলেগ হয়। অষ্ট্ৰেলিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাত মৃত্যুৰ হাৰ নগণ্য,[1][7][8] কিন্তু বিশ্বৰ আন বহু ঠাইত, বিশেষকৈ চিকিৎসা সেৱাৰ সুবিধা নথকা গ্ৰামাঞ্চলত সৰ্পদংশনৰ ফলত হোৱা শাৰীৰিক ক্ষতি আৰু মৃত্যু এটা গুৰুতৰ স্বাস্থ্যজনিত সমস্যা। দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া আৰু নিম্ন-ছাহাৰা আফ্ৰিকাত সৰ্পদংশনৰ ঘটনা বিশ্বৰ ভিতৰতে সৰ্বাধিক। নৱগ্ৰীষ্মপ্ৰধান, বিষুবীয় আৰু গ্ৰীষ্মপ্ৰধান অঞ্চলতো সাপে খোঁটাৰ ঘটনা প্ৰায়েই ঘটি থাকে।[1][7][8] প্ৰতিবছৰে বিশ্বজুৰি প্ৰায় ২০০০০-৯৪০০০ মানুহ সৰ্পদংশনৰ ফলৰ মৃত্যুমুখত পৰে।[1] সুৰক্ষা থকা বিশেষ জোতা পৰিধান কৰি আৰু সাপৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চল পৰিহাৰ কৰি সৰ্পদংশনৰ ঘটনা কমাব পাৰি।

চিহ্ন আৰু লক্ষণসমূহ

সাপৰ বিষ শৰীৰত প্ৰবেশ কৰাৰ সাধাৰণ লক্ষণসমূহ।[9][10][11] কিন্তু বেলেগ বেলেগ সাপে খোঁটাৰ লক্ষণো বেলেগ হ'ব পাৰে।[9]
ব'থ্ৰ'প্‌ছ এছ্‌পাৰ সাপে খোঁটাৰ ফলত হোৱা গুৰুতৰ কলা নেক্ৰ'চিছ। ১১ বছৰীয়া আক্ৰান্তজনক দুসপ্তাহ আগতে ইকুৱেডৰত সাপে খুঁটিছিল আৰু কেৱল এণ্টিবায়'টিকেৰেহে চিকিৎসা কৰা হৈছিল। তেওঁৰ আঁঠুৰ ওপৰত ভৰিখন কাটি পেলাবলগীয়া হয়। [12]

সৰ্পদংশনৰ সাধাৰণ লক্ষণসমূহ হৈছে ভয়, আতঙ্কগ্ৰস্ততা, আৰু মানসিক অস্থিৰতা যাৰ ফলত বমিৰ ভাৱ, বমি, ডায়েৰীয়া, ভাৰ্টিগ', মূৰ্ছা যোৱা, টেকীকাৰ্ডিয়া আৰু ছালৰ শীতলতা হ'ব পাৰে।[2][6] টেলিভিছন, সাহিত্য আৰু লোকগাঁথাসমূহেও সৰ্পদংশন লৈ কিছুমান অহেতুক প্ৰচাৰ চলোৱাৰ ফলত ভুক্তভোগীয়ে সচৰাচৰ মৃত্যুৰ কথা চিন্তা কৰিবলৈ ধৰে।

অনাৰ্দ্ৰ সৰ্পদংশন, আৰু বিষ নথকা সাপৰ দংশনৰ ফলতো ব্যক্তিজনৰ গুৰুতৰ আঘাত হ'ব পাৰে। ইয়াৰ কাৰণ কেইবাটাও: ভালদৰে চিকিৎসা নকৰা সৰ্পদংশনৰ ক্ষতত বীজাণুৰ সংক্ৰমণ হ'ব পাৰে (দ চিদ্ৰৰ নিচিনা ক্ষতৰ সৃষ্টি কৰা ভাইপাৰ সাপৰ খোঁটত প্ৰায়েই দেখা যায়), কিছুমান মানুহৰ সাপে খুঁটিলে এনাফাইলেক্সিছ হ'ব পাৰে, আৰু সাপৰ লেলাউটি বা দাঁতত "ক্ল'ষ্ট্ৰিডিয়াম টিটানি"ৰ দৰে ভয়ঙ্কৰ অণুজীৱ থাকিব পাৰে। ভালদৰে চিকিৎসা নকৰিলে সেইবাবে সংক্ৰমণ বিয়পি মানুহজন মৃত্যুমুখত পৰিব পাৰে।

বিষ থকা আৰু নথকা সাপৰ প্ৰায়বোৰৰ দংশনত স্থানীয় প্ৰতিক্ৰিয়া কিছুমান দেখা যায়। খোঁটা স্থানভেদে ৯০% মানুহৰ ক্ষেত্ৰত অলপ বিষ আৰু ঠাইডোখৰ ৰঙা পৰিব পাৰে।[2] ভাইপাৰ আৰু কিছুমান ফেঁটীসাপৰ দংশনৰ বাৰুকৈয়ে বিষ অনুভৱ হ'ব পাৰে আৰু ঠাইডোখৰ পাঁচ মিনিটৰ ভিতৰতে ফুলি যাব পাৰে।[8] ঠাইটুকুৰাৰ পৰা তেজ ওলাব পাৰে, পানী-জোলা হ'ব পাৰে আৰু শেষত কোষৰ নেক্ৰ'চিছ হ'ব পাৰে। পিট্‌ভাইপাৰ আৰু ভাইপাৰৰ দংশনৰ আন কিছুমান লক্ষণ হৈছে দুৰ্বলতা, ৰক্তক্ষৰণ, বমিৰ ভাৱ আৰু বমি হোৱা।[2][8] লক্ষণসমূহ সময়ৰ লগে ;অগে গুৰুতৰ হৈ উঠিব পাৰে আৰু নিম্ন ৰক্তচাপ, টেকীপ্‌নিআ, টেকীকাৰ্ডিয়া, আভ্যন্তৰীণ ৰক্তক্ষৰণ, অচেতনতা, বৃক্কৰ অসমৰ্থতা আৰু উশাহ-নিশাহৰ অসমৰ্থতাৰ সৃষ্টি কৰিব পাৰে।[2][8]

উল্লেখযোগ্য যে ম'জাভে ৰেটল্‌স্নে'ক, ক্ৰেইট, ক'ৰেল স্নে'ক আৰু ফুটফুটীয়া ৰেটল্‌স্নে'কৰ দংশনত আঘাত গুৰুতৰ হোৱা সত্ত্বেও বিষ সামান্যহে অনুভৱ হয়।[2] ৰেটল্‌স্নেকৰ কিছুমান প্ৰজাতিয়ে খুঁটিলে ব্যক্তিজনে "ৰবৰৰ নিচিনা", "মিণ্টৰ নিচিনা" বা "ধাতৱীয়" সোৱাদ অনুভৱ কৰিব পাৰে।[2] স্পিটিং ক'ব্ৰা আৰু ৰিংখাল সাপে চিকাৰৰ চকুলৈ বিহ নিক্ষেপ কৰিব পাৰে। ইয়াৰ ফলত প্ৰচণ্ড বিষ, চকুৰ মাংসপেশীৰ শিথিলতা আৰু আৰু চিকাৰ অন্ধ হ'ব পাৰে।[13][14]

কিছুমান অষ্ট্ৰেলিয়ান ইলেপিড আৰু ভাইপাৰৰ বিষ শৰীৰত প্ৰবেশ কৰিলে তেজ গোট মৰাত সমস্যাৰ সৃষ্টি হয় আৰু ভুক্তভোগীৰ মুখ, নাক বা পুৰণি শুকোৱা ঘাঁৰপৰাও প্ৰচন্ড ৰক্তক্ষৰণ হ'ব পাৰে।[8] আভ্যন্তৰীণ অঙ্গ যেনে মগজু আৰু অন্ত্ৰৰ পৰা ৰক্তক্ষৰণ হৈ ব্যক্তিজনৰ চালত ইকাইম'চিচ (একপ্ৰকাৰৰ ক্ষত)ৰ সৃষ্টি কৰিব পাৰে।

ইলেপিড যেনে সাগৰীয় সাপ, ক্ৰেইট, ফেঁটীসাপ, ৰজাফেঁটী, মাম্বা আৰু বহু অষ্ট্ৰেলিয়ান প্ৰজাতিৰ বিষে স্নায়ুতন্ত্ৰক আক্ৰমণ কৰে।[2][8][15] ভুক্তভোগীয়ে চকুৰে দেখাত , উশাহ লোৱাত, কথা কোৱাত আৰু শৰীৰৰ যিকোনো ঠাইত উদ্দীপনা অনুভৱ কৰাত সমস্যা হ'ব পাৰে।[2] স্নায়ুতন্ত্ৰৰ বেমেজালিত এইসমূহৰ বাহিৰেও আৰু বহুতো লক্ষণে দেখা দিব পাৰে। সোনকালে চিকিৎসা নকৰিলে উশাহ লোৱাৰ অসমৰ্থতাত ব্যক্তিজন মৃত্যুমুখত পৰিব পাৰে।

কিছুমান ফেঁটীসাপৰ প্ৰজাতি, প্ৰায় সকলোবোৰ ভাইপাৰ, কিছুমান অষ্ট্ৰেলিয়ান ইলেপিড আৰু কিছুমান সাগৰীয় সাপে মাংসপেশীৰ কলাৰ নেক্ৰ'চিছ কৰে।[8] গোটই শৰীৰ জুৰি মাংসৰ কলাবোৰ মৰিবলৈ ধৰে যাক ৰেব্দ'মায়'লাইচিছ বুলি কোৱা হয়। ইয়াৰ ফলত বৃক্কৰ নলীকাত মায়'গ্ল'বিন জমা হৈ বৃক্কৰো ক্ষতি কৰে। নিম্নৰক্তচাপৰ সৈতে মিলি ই বৃক্কৰ অসমৰ্থতাৰ সৃষ্টি কৰে আৰু চিকিৎসাৰ ব্যৱস্থা নকৰিলে ব্যক্তিজন মৃত্যুমুখত পৰে।[8]

ৰোগতত্ব

সকলো বিষধাৰী সাপে চিকাৰৰ শৰীৰত বিষ প্ৰবেশ কৰা-নকৰাটো সৈচ্চিক। খাদ্যৰ বাবে চিকাৰ জোখতকৈ ডাঙৰ হ'লে বিষ নষ্ট কৰাৰ সলনি সাপে "অনাৰ্দ্ৰ দংশন" কৰে।[16] প্ৰজাতিবোৰৰ মাজত অনাৰ্দ্ৰ দংশনৰ পৰিমাণ ভিন্ন: ৮০% সাগৰীয় সাপৰ দংশনত শৰীৰত বিষ নোসোমায়,[15] কিন্তু পিট্‌ভাইপাৰৰ ২৫% দংশনহে অনাৰ্দ্ৰ।[2] ৰেটল্‌স্নে'কৰ দৰে কিছুমান সাপৰ জাতিয়ে আক্ৰমণতকৈ আত্মসুৰক্ষাৰ সময়তহে বেছি বিষ ঢালি দিয়ে।[17]

কেতিয়াবা সময়ৰ হেৰ-ফেৰ হৈ সাপৰ দাঁত শৰীৰত ভালকৈ প্ৰবেশ নকৰাৰ ফলতো অনাৰ্দ্ৰ দংশন হয়।[16] বিষ নথকাকৈও বয়ডি আৰু পাইথ'নিডি পৰিয়ালৰ সাপৰ দংশনে গুৰুতৰ ক্ষতি কৰে; সাপটো বা চিকাৰ নিজেই আঁতৰি যোৱাৰ ফলত মাংসপেশীত সোমাই থকা বেজীৰ দৰে তীক্ষ্ন দাঁতে ঠাইটুকুৰা চিৰাচিৰ কৰিব পাৰে। বিষধাৰী সাপৰ দৰে মৃত্যুদায়ক নহ'লেও এনে আঘাত অস্থায়ীভাৱে ক্ষতিকৰ আৰু চিকিৎসাৰ অভাৱত ভয়ংকৰ সংক্ৰমণ হ'ব পাৰে।

বেছিভাগ সাপেই দংশন কৰিবলৈ মুখ খুলিব লাগে। কিন্তু এট্ৰেক্‌টেস্পিডি পৰিয়ালৰ আফ্ৰিকান আৰু মধ্যপূৰ্বৰ সাপে বিষদাঁত ভাঁজ কৰি কাষলৈ আনি মুখ নেমেলাকৈয়ে দংশন কৰিব পাৰে।[18]

সাপৰ বিষ

সাপৰ বিষ প্ৰধানতঃ চাৰি প্ৰকাৰৰ - নিউৰ'টক্সিন, হিম'টক্সিন, মায়'টক্সিন আৰু চাইট'টক্সিন। নিউৰ'টক্সিনে স্নায়ুতন্ত্ৰত আৰু হিম'টক্সিনে তেজৰ কোষবোৰত আক্ৰমণ কৰে। অৱশ্যে দুইপ্ৰকাৰ বিষেই মগজুৰ নিউৰ'ণ বোৰৰ ৰাসায়নিক সংযোগবোৰ বন্ধ কৰি ক্ৰিয়া কৰে। আনহাতে মায়'টক্সিনে মাংসপেশীত আৰু চাইট'টক্সিনে সৰু স্থানত কমকৈ ক্ৰিয়া কৰে। এনে বিষাক্ত সাপ, যেনে নিউৰ'টক্সিন উৎপন্ন কৰা ফেঁটীসাপ দিয়ে হীম'টক্সিন উৎপন্ন কৰা পিট্‌ভাইপাৰৰ দংশনৰ প্ৰায় ১০-২০ মিনিটৰ ভিতৰতে যদি চিকিৎসা সেৱা পোৱা নাযায়, তেন্তে ৰোগীৰ সাধাৰণতে মৃত্যু হয়। নিউৰ'টক্সিনৰ প্ৰভাৱত শ্বাস-প্ৰশ্বাস বন্ধ হৈ আৰু হিম'টক্সিনৰ বাবে অন্তৰ্ৱৰ্তী ৰক্তক্ষৰণ হৈ আক্ৰান্তৰ মৃত্যু হয়।

জীৱবিজ্ঞানীসকলৰ মতে মিন'চিন কালৰ সময়তে সাপৰ বিষ তৈয়াৰ কৰিব পৰা ক্ষমতাৰ উদ্ভৱ হয়।[19] মধ্য-তৃতীয়াংশ কালত বেছিভাগ সাপেই চাপ প্ৰয়োগেৰে চিকাৰ কৰা হেন'ফিডিয়া পৰিয়ালৰ আছিল। যেতিয়া বিশ্বৰ কোনো কোনো অংশত হাবিৰ ঠাই ঘাঁহনিয়ে ল'বলৈ ধৰিলে, তেতিয়া কিছুমান সাপৰ পৰিয়াল সৰু আৰু অধিক আক্ৰমণাত্মকৰূপে বিকশিত হ'বলৈ ধৰিলে। কিন্তু সৰু সাপৰ বাবে চিকাৰ কৰাটো কঠিন হোৱা বাবে সাপৰ বিষৰ বিকাশ ঘটা আৰম্ভ হ'ল।[19] বেছিভাগ জীৱিত সৰীসৃপৰে আদিৰূপ বুলি ভবা টক্সিক'ফেৰা নামৰ গোটটোৰ ওপৰত কৰা আন আন গৱেষণাৰ পৰা এই কথা প্ৰতীয়মান হয় যে শেষ ক্ৰেটাচিয়ান যুগত প্ৰায় দহ মিলিয়ন বছৰৰ আগতে সাপৰ বিষৰ বিকাশ হয়।[20]

সাধাৰণতে লেলাউটি নিঃসৰণ কৰা বিকশিত পেৰ'টিড গ্লেণ্ডত সাপৰ বিষ প্ৰস্তুত হয়। চকুৰ পিছফালে থকা এল্‌ভিঅ'লাইত ই সঞ্চিত হৈ থাকে আৰু ফোপোলা চুঙাকৃতিৰ বিষদাঁতলৈ সৈচ্চিকভাৱে নিঃসৰিত হয়। এশৰ পৰা এহেজাৰ পৰ্যন্ত বিভিন্ন প্ৰ'টিন আৰু এন্‌জাইমেৰে এই বিষ গঠিত হয়। সেইবোৰৰ কামো ভিন ভিন যেনে- চিকাৰৰ হৃদতন্ত্ৰৰ কামত আউল লগোৱা বা বিষ সোনকালে প্ৰবেশ কৰিবলৈ কলাৰ শোহন ক্ষমতা বৃদ্ধি কৰা আদি।

পিট্‌ভাইপাৰ দৰে বহু সাপৰ বিষ কেইবাবিধো বিষৰ সমষ্টি, যেনে- চাইট'টক্সিন, হিম'টক্সিন, নিউৰ'ট'ক্সিন আৰু মায়'টক্সিন আৰু ফলত শৰীৰৰ প্ৰায়বোৰ অঙ্গপ্ৰণালীত ক্ৰিয়া কৰি বিভিন্ন লক্ষণৰ সৃষ্টি কৰে।[2][21] পূৰ্বতে এই ধাৰণাৰ বিপৰীতে এবিধ সাপৰ বিষ নিৰ্দিষ্ট বুলি ভবা হৈছিল। এছীয় আৰু আমেৰিকান সাপৰ বিষৰ প্ৰ'টিনৰ গঠন ভালদৰে অধ্যয়ন কৰা হৈছে, অষ্ট্ৰেলীয় সাপৰ বিষয়ে সিমান জনা নাযায়।

বেলেগ বেলেগ পৰিয়ালৰ আৰু বেলেগ বেলেগ প্ৰজাতিৰ সাপৰ বিষৰ শক্তি ভিন্ন। ইয়াক নিগনিৰ শৰীৰত মিডিয়ান লিথেল ড'জ এককেৰে জোখা হয় (LD50)। ইলেপিডৰ মাজতে ছালৰ তলেৰে সুমুৱাই দিয়া LD50 ১৪০ গুণ বেলেগ হ'ব পাৰে আৰু ভাইপাৰবোৰৰ মাজত ১০০ গুণ বেলেগ হ'ব পাৰে। বেলেগ বেলেগ প্ৰজাতিয়ে উৎপাদন কৰিব পৰা বিষৰ পৰিমাণো ভিন্ন। গাবুন ভাইপাৰ এটা দংশনত সৰ্বাধিক ৪৫০-৬০০ মিলিগ্ৰাম বিষ উৎপন্ন হয়।[22] অ'পিস্থ'গ্লাইফাছ ক'লুব্ৰিডৰ বিষ মৃত্যুঘাতী হ'ব পাৰে (ব্লুমস্লাঙৰ ক্ষেত্ৰত) বা নগণ্য হ'ব পাৰে (টেন্‌টিলাৰ ক্ষেত্ৰত)।

প্ৰতিকাৰ

হিউষ্টন, টেক্সাছৰ চিল্‌ভান ৰ'ড্ৰিগুৱেজ উদ্যানত সাপৰ উপস্থিতিৰ বিষয়ে সতৰ্কবাণী।

সাপে সাধাৰণতে মানুহক বা তৎসম অন্য প্ৰাণীক খুঁটিবলৈ ভাল নাপায় কাৰণ ইয়াৰ বিষ ইয়াক খাদ্য ধৰাৰ বাবে প্ৰয়োজনীয়। সাধাৰণতে আত্মৰক্ষাৰ বাবে, ভাবুকিৰ সম্মুখীন হ'লে, ভয় খালে বা পলোৱাৰ পথ নাথাকিলেহে ই মানুহক দংশন কৰে। সাপৰ মুখামুখি হ'লে সেই ঠাইৰপৰা আঁতৰি যোৱাই শ্ৰেয়। দেখাত বেলেগ বেলেগ হ'ব পাৰে বাবে সাপৰ প্ৰজাতি আঁতৰৰ পৰা নিৰ্ণয় কৰা কঠিন।

এন্দুৰ পোৱাৰ সম্ভাৱনা থকা জনবসতিৰ এলেকাত সাপ প্ৰায়েই দেখা যায়। এন্দুৰৰ উপদ্ৰৱ কম কৰিলে সাপৰ পৰাও ভালেখিনি পৰিত্ৰাণ পাব পাৰি। কোনো ঠাইলৈ গ'লে সেই ঠাইত বসবাস কৰা সাপৰ প্ৰজাতিৰ জ্ঞান থকাটো লাভজনক। আফ্ৰিকা, অষ্ট্ৰেলিয়া, নৱশীতোষ্ণ আৰু দক্ষিণ এছিয়াত সাপৰ বহু বিপজ্জনক প্ৰজাতি পোৱা যায়।

অৰণ্য অঞ্চলত মাটিত ভৰিৰে জোৰে জোৰে আঘাত কৰিলে সৃষ্টি হোৱা কঁপনি আৰু শব্দৰ ফলত সাপ আঁতৰি যায়। কিন্তু এই কথা কেৱল উত্তৰ আমেৰিকাতহে প্ৰযোজ্য। বিশ্বৰ আন ঠাইত থকা ৰজা ফেঁটী[23] বা ক'লা মাম্বা[24] দৰে ডাঙৰ আৰু আক্ৰমণাত্মক সাপে নিজৰ অঞ্চল সুৰক্ষিত কৰি ৰাখিব খোজে। মুখামুখী হ'লে লৰচৰ নকৰাকৈ মনে মনে থকাই শ্ৰেয়। সাপটো নিজে আঁতৰি নগ'লে সাৱধানে ধীৰ খোজেৰে তাৰ পৰা পলায়ন কৰাটো দৰকাৰী।

শিবিৰ পতা ঠাইত সাপ নাহিবৰ বাবে জুই ধৰাটো ভাল। গৰমকালি নিশা তাপমাত্ৰা ২১°Cতকৈ বেছি হ'লে সাপ অতি সক্ৰিয় হৈ পৰা দেখা যায়। শৈলাৰোহণ কৰিলে শিলৰ দাতি বা ফাঁকবোৰ পৰীক্ষা নকৰাকৈ হাত দিব নাপায়, কাৰণ শীতল ৰক্তৰ প্ৰাণী হোৱা বাবে সাপে প্ৰায়েই শিলৰ দাতিত সূৰ্যৰ তাপ লয়।

সাপ পোহা বা নচুওৱা মানুহে খোঁট নাখাবৰ বাবে প্ৰয়োজনীয় সাৱধানতা লোৱা উচিত। মদ্যপান কৰি উঠি সাপ চুবলৈ যোৱাটো অনুচিত। আমেৰিকা যুক্তৰাষ্ট্ৰত ৪০% আক্ৰান্তই বনৰ সাপ ধৰিবলৈ গৈ বা পোহা সাপ অসাৱধানতাৰে চুওঁতেই দুৰ্ঘটনা হয়- তাৰে ৪০% লোকৰ তেজত এল্‌কহলৰ পৰিমাণ ০.১% বা তাতকৈ বেছি পোৱা যায়।[25]

মৃত যেন লগা সাপৰ পৰাও আঁতৰি থকাটো প্ৰয়োজনীয় কাৰণ কিছুমান প্ৰজাতিয়ে ভাবুকিৰ সম্মুখীন হ'লে এলুটি মাৰি জিভাখন বাহিৰলৈ উলিয়াই ঠগিব পাৰে। সাপৰ চিগি যোৱা মূৰেও প্ৰতিবৰ্তী ক্ৰিয়া (reflex action)ৰ জৰিয়তে দংশন কৰিব পাৰে। তেনে দংশনো জীৱিত সাপৰ দংশনৰ সমানেই ভয়াবহ।[2][26] মৃত সাপৰ বিষ নিঃসৰণ নিয়ন্ত্ৰিত নোহোৱাৰ বাবে তেনে দংশনত কেতিয়াবা বেছি বিষ ওলাব পাৰে।[27]

চিকিৎসা

সাপৰ খোঁট প্ৰাণনাশী হ'ব নে নহ'ব তাক ঠিৰাং কৰাটো সহজ নহয়। উত্তৰ আমেৰিকাৰ "ক'পাৰহে'ড" সাপে বয়ষ্ক মানুহৰ ভৰিৰ সৰুগাঁথিত খুঁটিলে সেয়া বৰ গুৰুতৰ আঘাত নহয়, কিন্তু একেটা সাপে শিশুৰ মুখ বা পেটত খুঁটিলে সেয়া প্ৰাণনাশী হ'ব পাৰে। সৰ্পদংশনৰ ফলাফল বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে: সাপৰ আকাৰ, শাৰীৰিক অৱস্থা, তাপ, আক্ৰান্তৰ বয়স আৰু স্বাস্থ্য, খোঁটা ঠাই, প্ৰবেশ কৰা বিষৰ পৰিমাণ, চিকিৎসা গ্ৰহণ কৰা সময়, আৰু চিকিৎসাৰ মান আদি।[2][28]

সাপৰ চিনাক্তকৰণ

চিকিৎসাৰ পৰিকল্পনাৰ বাবে কোনো কোনো ঠাইত সাপৰ চিনাক্তকৰণ জৰুৰী, কিন্তু ই সদায় সম্ভৱ নহয়। কেতিয়াবা মৃত সাপটো আক্ৰান্তৰ লগত অনা হয় নাইবা সাপপ্ৰধান অঞ্চলত স্থানীয় জ্ঞানেই কাম দিয়ে। বহুযোজিত প্ৰতিবিষ (Antivenom) উপলব্ধ থকা উত্তৰ আমেৰিকাৰ দৰে ঠাইত সাপৰ চিনাক্তকৰণত বৰ গুৰুত্ব দিয়া নহয়। দুৰ্ঘটনা কৰা সাপটোক ধৰিবলৈ বা মাৰিবলৈ যাওঁতে পুনৰ একেজনক বা আনকো খুঁটিব পাৰে, গতিকে এনে কৰা অনুচিত।

বেছিভাগ সমস্যা সৃষ্টি কৰা তিনিবিধ সাপ হৈছে ভাইপাৰ, ক্ৰেইট্‌ আৰু ফেঁটী। যিদৰে সেই অঞ্চলত পোৱা সাপৰ কথা জনাটো ভাল, তেনেদৰে সেই প্ৰতিবিধ সাপে খোঁটাৰ লক্ষণ জনাটোও। খোঁটা সাপৰ প্ৰজাতি নিৰ্ণয় কৰিবলৈ কোনো কোনো অঞ্চলত সেই অঞ্চলৰ বাবে নিৰ্দিষ্ট একোটা স্ক'ৰিং প্ৰণালীও ব্যৱহাৰ কৰা হয়।[29]

প্ৰাথমিক চিকিৎসা

সৰ্পদংশনৰ প্ৰাথমিক চিকিৎসা বেলেগ বেলেগ সাপৰ বাবে ভিন্ন হ'ব পাৰে। কিন্তু বেছিভাগ নিৰ্দেশাৱলীয়েই তলৰ প্ৰাথমিক চিকিৎসাসমূহৰ ক্ষেত্ৰত একমত।

  1. আক্ৰান্তজনক আৰু আনক অধিক দংশনৰ পৰা বচাওক। সাপৰ চিনাক্তকৰণ কোনো কোনো অঞ্চলত দৰকাৰী হ'লেও অধিক বিপদ চপাই লোৱা বা চিকিৎসা বিলম্ব কৰাটো অনুচিত।
  2. আক্ৰান্তজনক শান্ত কৰি ৰাখক। নহ'লে একিউট ষ্ট্ৰেছৰ বাবে তেজৰ চলাচল বাঢ়ি বিপদ বাঢ়িবহে পাৰে। আতংকৰ সৃষ্টি নোহোৱাটো বাঞ্চনীয়।
  3. সহায়ৰ বাবে মানুহ মাতক আৰু আক্ৰান্তক ততালিকে এণ্টিভেন'ম উপলব্ধ থকা স্থানীয় চিকিৎসালয়লৈ লৈ যাওক।
  4. খোঁট খোৱা অংগটো স্থিৰে ৰাখক আৰু আক্ৰান্তৰ হৃদপিণ্ডৰ তলত ৰাখক যাতে হৃদপিণ্ড আৰু আন অংগলৈ যোৱা তেজৰ পৰিমাণ কমে।
  5. মানুহজনক একো খাবলৈ নিদিব। বিশেষকৈ এল্‌কহলে ৰক্তনলীৰ প্ৰসাৰণ কৰি বিষৰ শুহাৰ পৰিমাণ বঢ়াব পাৰে। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো দৰব-জাতি দিয়াৰো প্ৰয়োজন নাই।
  6. খোঁট খোৱা অংগটোক চেপি থকা আঙুঠি, ঘড়ী, ছেণ্ডেল আদিবোৰ খুলি থওক।
  7. মানুহজনক বেছিকৈ লৰচৰ কৰিবলৈ নিদিব।
  8. দংশনৰ ঠাইডোখত কটা-ছিঙা কৰিব নালাগে।

২০০৭ চনত ভাৰত চৰকাৰে প্ৰকাশ কৰা "National snake-bite protocol"তো প্ৰায় এইখিনি কথাই কোৱা হৈছে।[30] দংশনৰ ঠাইডোখৰ চাবোন, পানীৰে ধুই চাফাও কৰিব পাৰি। ছাল বা বেণ্ডেজত লাগি থকা বিষৰ সহায়ত চিনাক্তকৰণৰ সঁজুলিৰে সাপৰ প্ৰজাতিও নিৰ্ণয় কৰা সম্ভৱ। এনে কৰিলে জৰুৰীকালীন কক্ষত প্ৰয়োজনীয় প্ৰতিবিষ নিৰ্ণয় কৰাটো সহজ হয়।[31]

চাপ প্ৰয়োগ আৰু স্থিৰতা

ৰাছেল ভাইপাৰ এটাক "খীৰোৱা" দৃশ্য। গৱেষণাগাৰসমূহে সাপৰ বিষ এনেদৰে সংগ্ৰহ কৰি এণ্টিভেন'ম প্ৰস্তুত কৰে।

১৯৭৯ চনত অষ্ট্ৰেলিয়াৰ National Health and Medical Research Councilএ আনুষ্ঠানিকভাৱে চাপ প্ৰয়োগ আৰু স্থিৰতাক (pressure immobilization) সৰ্পদংশনৰ প্ৰাথমিক চিকিৎসা হিছাপে পছন্দ কৰে।[32] ২০০৯ চন পৰ্যন্ত ইয়াৰ কাৰ্যকাৰীতা সম্পৰ্কে পৰ্যাপ্ত প্ৰমাণ পোৱা হোৱা নাই।[32] সেইবাবে বেছিভাগ আন্তৰ্জাতিক বিশেষজ্ঞই ইয়াৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে।[32] তথাপিও অষ্ট্ৰেলিয়াৰ সকলো নামজ্বলা প্ৰাথমিক চিকিৎসা প্ৰতিষ্ঠানে অঙ্গটোত চাপ প্ৰয়োগ আৰু স্থিৰ ৰাখিবলৈ উপদেশ দিয়ে, এক-তৃতীয়াংশ আক্ৰান্তইহে এই কাম প্ৰকৃততে কৰে।[32]

ভাইপাৰৰ দৰে সাপৰ চাইট'টক্সিক দংশনত চাপ প্ৰয়োগ আৰু স্থিৰতাই বৰ সুফল নিদিয়ে।[33][34][35] কিন্তু বেছিভাগ ইলেপিড সাপৰ নিউৰ'টক্সিক বিষত ই কাম দিব পাৰে।[36][37][38] চিকিৎসা গৱেষক ষ্ট্ৰুৱান চুডেৰলেণ্ডৰ দ্বাৰা ১৯৭৮ চনত বিকশিত[39] এই পদ্ধতিত সাপৰ বিষ দংশিত অঙ্গতে আবদ্ধ কৰি লসিকা তন্ত্ৰৰ জৰিয়তে আন গুৰুত্বপূৰ্ণ অঙ্গলৈ বৈ যোৱাত বাধা দিয়া হয়। এই পদ্ধতিৰ ভাগ দুটা: চাপ প্ৰয়োগেৰে লসিকা প্ৰবাহক বাধা দিয়া আৰু দংশন কৰা অঙ্গটো স্থিৰ কৰি ৰাখি মাংসপেশীৰ পাম্পিং ক্ৰিয়া প্ৰতিৰোধ কৰা।

চাপ প্ৰয়োগৰ বাবে সাধাৰণতে ইলাষ্টিক পটী বা জৰুৰী অৱস্থাত যিকোনো কাপোৰ ব্যৱহাৰ কৰিব পাৰি। আঘাতৰ দুইৰ পৰা চাৰি ইঞ্চি ওপৰত (হৃদপিণ্ড আৰু আঘাতৰ মাজত) পটী বন্ধা আৰম্ভ কৰা হয় আৰু পকাই পকাই হৃদপিণ্ডৰ ফালে লৈ যোৱা হয়, তাৰপিছত আঘাতৰ ওপৰেৰে নি হাত বা ভৰিৰ ফালে লৈ যোৱা হয়। তাৰপিছত অঙ্গটো স্থিৰ কৰিব লাগিব আৰু সম্ভৱ হ'লে স্পিণ্ট বা স্লিং ব্যৱহাৰ কৰি ওলমাই ৰাখিব লাগে। ভৰিৰ সৰুগাঁঠিত স্প্ৰেইন হ'লে প্ৰয়োগ কৰা পটীৰ সমানেই এই পটীটো টান হ'ব লাগে। ই কোনোপধ্যেই ৰক্ত প্ৰবাহ বন্ধ কৰিব "নালাগে" আৰু ব্যক্তিজনে অসুবিধা পাব নালাগে। অসুবিধা পালে ব্যক্তিজনে ক'ব নোৱাৰাকৈ অঙ্গটো লৰাব আৰু তেতিয়া পদ্ধতিটো বিফল হ'ব। পটীৰ বাহিৰফালে দংশন কৰা স্থান স্পষ্টভাৱে চিহ্নিত কৰি থ'ব লাগে। কেতিয়াবা এই প্ৰক্ৰিয়াৰ ফলত অনাকাংক্ষিতভাৱে অঙ্গটো ফুলিব পাৰে।

চাপ প্ৰয়োগ আৰু স্থিৰতা যিমান পাৰি সোনকালে কৰিব লাগে; লক্ষণ ফুটি উঠাৰ বাবে ৰৈ থকা অনুচিত। এবাৰ পটী বন্ধাৰ পিছত চিকিৎসকৰ পৰামৰ্শ অবিহনে ইয়াক খোলা "অনুচিত"। এই পদ্ধতিত সিৰাৰ তেজ স্থিৰ হৈ যোৱাৰ ফলত ২৪ ঘণ্টাৰ পিছতো সৰ্পদংশনৰ লক্ষণ ফুটি নুঠিব পাৰে আৰু তেতিয়া অনাৰ্দ্ৰ দংশন বুলি ভুলকৈ ভবা হ'ব পাৰে।

প্ৰতিবিষ

প্ৰতিবিষ উদ্ভাৱন নোহোৱালৈকে কিছুমান প্ৰজাতিৰ সাপৰ দংশনত মৃত্যু নিশ্চিত আছিল।[40] জৰুৰীকালীন চিকিৎসাৰ বহু উন্নতি হ'ল যদিও বিষ বিয়পিলে প্ৰতিবিষেই একমাত্ৰ কাৰ্যকৰী চিকিৎসা। ফ্ৰেঞ্চ চিকিৎসক এলবাৰ্ট কাল্‌মেটএ ১৮৯৫ চনত ভাৰতীয় ফেঁটীসাপৰ দংশনৰ বাবে প্ৰতিবিষ উদ্ভাৱন কৰে। কম মাত্ৰাৰ বিষ জন্তুৰ শৰীৰত (সাধাৰণতে ঘোঁৰা বা ভেড়া) সুমুৱাই প্ৰতিৰোধী তন্ত্ৰ তাৰ বিপৰীটে সক্ৰিয় কৰি প্ৰতিবিষ উৎপন্ন কৰা হয়। জন্তুটোৰ দেহৰ পৰা তাৰপিছত এণ্টিব'ডীখিনি উলিয়াই অধিক মাত্ৰাত প্ৰস্তুত কৰা হয়।

আক্ৰান্তৰ সিৰাইদি সুমুৱাই দিয়া প্ৰতিবিষে বিষৰ এন্‌জাইমৰ লগত লগ লাগি তাক নিষ্ক্ৰিয় কৰে। বিষৰ ফলত ইতিমধ্যে হৈ যোৱা ক্ষতি ই ঠিক কৰিব নোৱাৰে। সেইবাবে প্ৰতিবিষৰ চিকিৎসা ততালিকে গ্ৰহণ কৰা উচিত। আধুনিক প্ৰতিবিষবোৰ বহুযোজী বাবে বহু সাপৰ বিষৰ বিৰুদ্ধে কাম কৰিবলৈ সক্ষম। ঔষধ প্ৰস্তুত কৰা প্ৰতিষ্ঠানবোৰে সাধাৰণতে স্থানীয় সাপৰ বিষৰ বিৰুদ্ধে প্ৰতিবিষ উৎপাদনত জোৰ দিয়ে। কিছু লোকে প্ৰতিবিষ লোৱাৰ পিছত এনাফাইলেক্সিছৰ দৰে প্ৰতিক্ৰিয়া হ'ব পাৰে, কিন্তু জৰুৰী অৱস্থাত তাৰ চিকিৎসা সম্ভৱ। গতিকে লাভালাভলৈ লক্ষ্য ৰাখি প্ৰতিবিষ প্ৰয়োগ নকৰাতকৈ প্ৰয়োগ কৰাটোহে শুদ্ধ কাম।

পুৰণিকলীয়া চিকিৎসা

ব্যৱহাৰ নকৰিবলগীয়া পুৰণিধৰণৰ সৰ্পদংশন কিট্‌

তলত দিয়া চিকিৎসা পদ্ধতিবোৰ পূৰ্বে ব্যৱহাৰ কৰা হৈছিল, কিন্তু আজিকালি কাৰ্যকৰী বুলি গণ্য কৰা নহয়। সেইবোৰে কাম কৰা যেন লাগিব পৰা ঘটনাবোৰ প্ৰকৃততে অনাৰ্দ্ৰ দংশনহে।

  • দংশন কৰা অঙ্গত ট'ৰ্নিকুৱেটৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া নহয়।[41] Crotalus durissus সাপৰ দংশনত ট'ৰ্নিকুৱেট সম্পূৰ্ণৰূপে বিফল[42] কিন্তু ফিলিপাইন্‌ছত ফেঁটীসাপৰ দংশনত ভালকৈ বন্ধা ট'ৰ্নিকুৱেট কিছু কাৰ্যকৰী হোৱা দেখা গৈছে।[43] ট'ৰ্নিকুৱেট ভালকৈ নাবান্ধিলে ৰক্ত প্ৰবাহ বন্ধ হৈ গেংগ্ৰিন হ'ব পাৰে আৰু আক্ৰান্তজন অধিক বিপদত পৰিব।[41] চাপ প্ৰয়োগ কৰা পটীৰ ব্যৱহাৰ নিৰাপদ আৰু অধিক কাৰ্যকৰী।
  • বিষ শোহন কৰাৰ পূৰ্বে ঠাইটুকুৰাত কটা-ছিঙা কবিবলৈ পৰামৰ্শ দিয়া নহয় কাৰণ ইয়াৰ ফলত ক্ষতি বেছিহে হয় আৰু সংক্ৰমণৰ আশঙ্কাও বাঢ়ি যায়।
  • মুখ বা পাম্পেৰে বিষ শোহন কৰাৰ কোনো লাভ নাই আৰু ঠাইটুকুৰাৰ বেছিহে ক্ষতি কৰে।[44] তিনিমিনিটৰ পিছত আৰম্ভ কৰা শোহনে নগণ্য পৰিমাণৰ বিষ (এহেজাৰ ভাগৰ এভাগতকৈও কম) বাহিৰ কৰে।[45] গাহৰিৰ দেহত কৰা পৰীক্ষাত দেখা গৈছে যে শোহন কৰাৰ ফলত অৱস্থাৰ উন্নতি নোহোৱাৰ লগতে ঠাইটুকুৰাৰ নেক্ৰ'চিছহে হৈছে।[46] আক্ৰান্তজনে নিজেই মুখেৰে শুহিলে বিষ বেছিকৈ বিয়পিবও পাৰে।[47] আনে শুহিলে তেওঁৰ মুখৰ পৰা ক্ষতস্থানত বেক্টেৰিয়াৰ সংক্ৰমণহে হ'ব পাৰে।
  • কুহুমীয়া পানী বা গাখীৰত অঙ্গটো ডুবাই থোৱা আৰু "সৰ্প-শিলা"ৰ (la Pierre Noire বুলিও জনা যায়) প্ৰয়োগ কৰা যি স্প'ঞ্জে পানী শোহাৰ নিচিনাকৈ বিহ শুহে বুলি ধাৰণা কৰা হয়।
  • প'টাছিয়াম পাৰ্মাঙ্গানেটৰ প্ৰয়োগ।
  • ইলেক্ট্ৰ'শ্ব'ক থেৰাপী। কিছু লোকে এতিয়াও ব্যৱহাৰ কৰিলেও জন্তুৰ ওপৰত কৰা পৰীক্ষাত ই বিফল আৰু বিপজ্জনক বুলি প্ৰমাণিত হৈছে।[48][49][50][51]

কিছুক্ষেত্ৰত ভিতৰুৱা ঠাইৰ আক্ৰান্তক এনেকুৱা চিকিৎসা কৰাৰ ফলত সাধাৰণ দংশনতো কথা বিষমহে হোৱা দেখা গৈছে। কেতিয়াবা আকৌ দংশন কৰা অঙ্গত জোৰেৰে ট'ৰ্নিকুৱেট বান্ধি ৰক্ত প্ৰবাহ বন্ধ কৰি দিয়া হয়। আক্ৰান্তজন ভাল চিকিৎসালয় গৈ পোৱাৰ পিছত অঙ্গটো কাটি দিয়াৰ বাহিৰে তেতিয়া আন উপায় নাথাকে।

বিতৰণ তথ্য

বিশ্বত সাপৰ আনুমানিক স্থিতিৰ মানচিত্ৰ।
বিশ্বত সৰ্পদংশনৰ ফলত হোৱা মৃত্যুৰ বিভাজনৰ মানচিত্ৰ।

বেছিভাগ সৰ্পদংশন অবিষধাৰী সাপৰ দ্বাৰা হয়। বিশ্বত পোৱা প্ৰায় ৩০০০ সাপৰ প্ৰজাতিৰ ১৫% মানহে মানুহৰ বাবে বিপজ্জনক।[1][2][52] এণ্টাৰ্কটিকাৰ বাহিৰে সকলো মহাদেশতে সাপ পোৱা যায়।[1] সৰ্বাধিক পোৱা সাপৰ পৰিয়াল 'কলুব্ৰিড'ৰ প্ৰায় ৭০০ মান প্ৰজাতি বিষধাৰী,[53] কিন্তু কেৱল পাঁচটা জাতি:—বুমশ্লেং, থেল'ট'ৰ্নিছ, ৰেব্দ'ফিছ, ফিল'ড্ৰায়ান, আৰু টেকীমেনিছহে মানুহৰ মৃত্যুৰ কাৰণ হ'ব পাৰে।[53]। ভাৰতত পোৱা প্ৰায় ২১৬ বিধ সাপৰ প্ৰজাতিৰ ভিতৰত ৫২ বিধ বিষধাৰী। তাৰ ভিতৰত প্ৰধান জাতিসমূহ হ'ল: ইলেপিড (ফেঁটী, ৰজাফেঁটী আৰু ক্ৰেইট), ভাইপেৰিড (ৰাছেল ভাইপাৰ, কাৰ্পেট ভাইপাৰ আৰু পিট্‌ ভাইপাৰ) আৰু হাইড্ৰ'পিড (সাগৰীয় সাপ)।[54]

বিশ্বৰ বহু ঠাইত সৰ্পদংশন ৰিপ'ৰ্ট কৰাটো বাধ্যতামূলক নহয় বাবে[1] প্ৰায়েই গম নোপোৱাকৈ থাকি যায়। সেইকাৰণে আন্তৰ্জাতিকভাৱে সৰ্পদংশনৰ প্ৰাবল্য নিশ্চিত কৰিবলৈ জৰীপ কৰা হোৱা নাই। তথাপিও কিছুমানে অনুমান কৰে যে ৫.৪ নিযুত সৰ্পদংশন, ২.৫ নিযুত বিষ বিয়পা ঘটনা আৰু সম্ভৱ ১,২৫,০০০ মৃত্যুৰ ঘটনা হৈছে।[1] আন কিছুমানৰ মতে এই পৰিসংখ্যা হয় ১.২ৰ পৰা ৫.৫ নিযুত সৰ্পদংশন; ৪২১,০০০ বিষ বিয়পা আৰু ২০,০০০ৰ পৰা ৯৪,০০০ মৃত্যু।[1] মৃত্যুৰ পৰা ৰক্ষা পৰা বহু মানুহৰ বিষৰ পৰা কলাৰ ক্ষতি হৈ অঙ্গ নিষ্ক্ৰিয় হৈ পৰে।[8] বেছিভাগ বিষ বিয়পা আৰু মৃত্যুৰ ঘটনা দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া আৰু নিম্ন-ছাহাৰা আফ্ৰিকাত হয়[1]। দেশৰ ভিতৰত সৰ্বাধিক ভাৰততে প্ৰতিবছৰে ২৫০০০-৩০০০০ সৰ্পদংশনৰ ফলত মৃত্যুৰ ঘটনা ঘটে[54]। ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰতে ২০০০ মান ঘটনা ঘটে।[54] আন এক সূত্ৰৰ মতে ভাৰতত প্ৰতিবছৰে মুঠ মৃত্যুৰ সংখ্যা প্ৰায় ৪৬,০০০[55]

বিশ্বজুৰি গৰম দিনত সাপবোৰ সক্ৰিয় আৰু মানুহবোৰ ঘৰৰ বাহিৰত থকা বাবে সৰ্পদংশন বেছি হয়।[1][56] কৃষিপ্ৰধান আৰু গ্ৰীষ্মপ্ৰধান অঞ্চলত সকলোতকৈ বেছি এনে ঘটনা ঘটে।[1][57] আক্ৰান্তসকল প্ৰধানকৈ ১৭ৰ পৰা ২৭ বছৰীয়া পুৰুষ।[2][56][58] শিশু আৰু বৃদ্ধসকলৰ ক্ষেত্ৰত মৃত্যুৰ আশঙ্কা বেছি।[2][28]

তথ্যসূত্ৰ

পাদটীকা
  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 Kasturiratne, A.; Wickremasinghe A. R., de Silva N., Gunawardena N. K., Pathmeswaran A., et al. (November 2008). "The Global Burden of Snakebite: A Literature Analysis and Modelling Based on Regional Estimates of Envenoming and Deaths". PloS Medicine খণ্ড 5 (11). doi:10.1371/journal.pmed.0050218. http://www.plosmedicine.org/article/info%3Adoi%2F10.1371%2Fjournal.pmed.0050218;jsessionid=66B81B3E56F5DABADB52D86E51BE334F। আহৰণ কৰা হৈছে: 2009-06-24. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 2.14 2.15 2.16 Gold, Barry S.; Richard C. Dart, Robert A. Barish (1 April 2002). "Bites of venomous snakes". The New England Journal of Medicine খণ্ড 347 (5): 347–56. doi:10.1056/NEJMra013477. ISSN 00284793. PMID 12151473. http://content.nejm.org/cgi/content/full/347/5/347?ijkey=/Romzox5/Yq3A&keytype=ref&siteid=nejm। আহৰণ কৰা হৈছে: 2009-06-25. 
  3. Russell, F. E. (1990). "When a snake strikes". Emerg Med খণ্ড 22 (12): 33–4, 37–40, 43. 
  4. Snake Venom Detection Kit: Detection and Identification of Snake Venom. CSL Limited. 2007. Archived from the original on 2008-07-21. http://web.archive.org/web/20080721155355/http://www.csl.com.au/docs/92/398/SVDK_Product_Leaflet.pdf। আহৰণ কৰা হৈছে: 2009-11-24. "The physical identification of Australian and Papua New Guinean snakes is notoriously unreliable. There is often marked colour variation between juvenile and adult snakes and wide size, shape and colour variation between snakes of the same species. Reliable snake identification requires expert knowledge of snake anatomy, a snake key and the physical handling of the snake". [সংযোগবিহীন উৎস]
  5. White, Julian (2006). Snakebite & Spiderbite: Management Guidelines. প্ৰকাশক Adelaide: Department of Health, Government of South Australia. pp. 1–71. ISBN 0730895513. http://www.health.sa.gov.au/DesktopModules/SSSA_Documents/LinkClick.aspx?tabid=57&mid=403&table=SSSA_Documents&field=ItemID&id=257&link=C%3A%5CDocuments+and+Settings%5Cdhc000033%5CDesktop%5CA+HEAT+(Store)%5CSA+Snakebite+Guide+screenres.pdf। আহৰণ কৰা হৈছে: 2009-11-24. "The colour of brown snakes is very variable and misleading for identification purposes. They may be brown, red brown, grey, very dark brown and may be plain in color, have speckling, stripes or bands, or have a dark or black head". 
  6. 6.0 6.1 Kitchens C, Van Mierop L (1987). "Envenomation by the Eastern coral snake (Micrurus fulvius fulvius). A study of 39 victims". JAMA খণ্ড 258 (12): 1615–18. doi:10.1001/jama.258.12.1615. PMID 3625968. 
  7. 7.0 7.1 Chippaux, J.P. (1998). "Snake-bites: appraisal of the global situation". Bulletin of the World Health Organization খণ্ড 76 (5): 515–24. PMID 9868843. PMC 2305789. http://www.kingsnake.com/aho/pdf/menu6/chippaux1998.pdf। আহৰণ কৰা হৈছে: 2009-07-03. 
  8. 8.0 8.1 8.2 8.3 8.4 8.5 8.6 8.7 8.8 8.9 Gutiérrez, José María; Bruno Lomonte, Guillermo León, Alexandra Rucavado, Fernando Chaves, Yamileth Angulo (October 2007). "Trends in Snakebite Envenomation Therapy: Scientific, Technological and Public Health Considerations". Current Pharmaceutical Design খণ্ড 13 (28): 2935–50. Archived from the original on 2011-04-28. http://web.archive.org/web/20110428034152/http://www.icp.ucr.ac.cr/~blomonte/2007_Antivenenos_CurrPharmDesign_Gutierrez_therapy_review.pdf। আহৰণ কৰা হৈছে: 2009-07-01. 
  9. 9.0 9.1 MedlinePlus > Snake bites From Tintinalli JE, Kelen GD, Stapcynski JS, eds. Emergency Medicine: A Comprehensive Study Guide. 6th ed. New York, NY: McGraw Hill; 2004. Update Date: 2/27/2008. Updated by: Stephen C. Acosta, MD, Department of Emergency Medicine, Portland VA Medical Center, Portland, OR. Review provided by VeriMed Healthcare Network. Also reviewed by David Zieve, MD, MHA, Medical Director, A.D.A.M., Inc. Retrieved on 19 mars, 2009
  10. Health-care-clinic.org > Snake Bite First Aid - Snakebite Retrieved on 21 mars, 2009
  11. Snake bite image example at MDconsult > Patient Education > Wounds, Cuts and Punctures, First Aid for
  12. http://www.plosmedicine.org/article/info:doi/10.1371/journal.pmed.0030150
  13. Warrell, David A.; L. David Ormerod (1976). "Snake Venom Ophthalmia and Blindness Caused by the Spitting Cobra (Naja Nigricollis) in Nigeria". The American Society of Tropical Medicine and Hygiene খণ্ড 25 (3): 525–9. PMID 1084700. http://www.ajtmh.org/cgi/content/abstract/25/3/525। আহৰণ কৰা হৈছে: 2009-09-05. 
  14. Ismail, Mohammad; Abdullah M. Al-Bekairi, Ayman M. El-Bedaiwy, Mohammad A. Abd-El Salam (1993). "The ocular effects of spitting cobras: I. The ringhals cobra (Hemachatus haemachatus) Venom-Induced corneal opacification syndrome". Clinical Toxicology খণ্ড 31 (1): 31–41. doi:10.3109/15563659309000372. PMID 8433414. 
  15. 15.0 15.1 Phillips, Charles M. (2002). "Sea snake envenomation". Dermatologic Therapy খণ্ড 15 (1): 58–61(4). doi:10.1046/j.1529-8019.2002.01504.x. http://www.kingsnake.com/aho/pdf/menu6/phillips2002.pdf। আহৰণ কৰা হৈছে: 2009-07-24. 
  16. 16.0 16.1 Young, Bruce A.; Cynthia E. Lee, Kylle M. Daley (2002). "Do Snakes Meter Venom?". BioScience খণ্ড 52 (12): 1121–26. doi:10.1641/0006-3568(2002)052[1121:DSMV]2.0.CO;2. http://caliber.ucpress.net/doi/abs/10.1641/0006-3568(2002)052%5B1121:DSMV%5D2.0.CO%3B2। আহৰণ কৰা হৈছে: 2009-09-18. "The second major assumption that underlies venom metering is the snake's ability to accurately assess the target". 
  17. Young, Bruce A.; Krista Zahn (2001). "Venom flow in rattlesnakes: mechanics and metering". Journal of Experimental Biology খণ্ড 204 (Pt 24): 4345–4351. ISSN 0022-0949. PMID 11815658. http://jeb.biologists.org/cgi/reprint/204/24/4345.pdf। আহৰণ কৰা হৈছে: 2009-09-18. "With the species and size of target held constant, the duration of venom flow, maximum venom flow rate and total venom volume were all significantly lower in predatory than in defensive strikes". 
  18. Deufel, Alexandra; David Cundall (2003). "Feeding in Atractaspis (Serpentes: Atractaspididae): a study in conflicting functional constraints". Zoology খণ্ড 106 (1): 43–61. doi:10.1078/0944-2006-00088. PMID 16351890. Archived from the original on 2006-09-09. http://web.archive.org/web/20060909142314/http://www.minotstateu.edu/biology/pdf/AtractaspisReprint.pdf। আহৰণ কৰা হৈছে: 2009-08-25. 
  19. 19.0 19.1 Jackson, Kate (2003). "The evolution of venom-delivery systems in snakes". Zoological Journal of the Linnean Society খণ্ড 137 (3): 337–354. doi:10.1046/j.1096-3642.2003.00052.x. http://www.kingsnake.com/aho/pdf/menu2/jackson2002.pdf। আহৰণ কৰা হৈছে: 2009-07-25. 
  20. Fry, Bryan G.; Nicolas Vidal, Janette A. Norman, Freek J. Vonk, Holger Scheib, S. F. Ryan Ramjan, Sanjaya Kuruppu, Kim Fung, S. Blair Hedges, Michael K. Richardson, Wayne. C. Hodgson, Vera Ignjatovic, Robyn Summerhayes, Elazar Kochva (2006). "Early evolution of the venom system in lizards and snakes". Nature খণ্ড 439 (7076): 584–8. doi:10.1038/nature04328. PMID 16292255. Archived from the original on 2005-12-21. http://web.archive.org/web/20051221171907/http://www.venomdoc.com/downloads/2005_BGF_Nature_squamate_venom.pdf। আহৰণ কৰা হৈছে: 2009-09-18. 
  21. Russell, Findlay E. (1980). "Snake Venom Poisoning in the United States". Annual Review of Medicine খণ্ড 31: 247–59. doi:10.1146/annurev.me.31.020180.001335. PMID 6994610. 
  22. Spawls, Stephen; Bill Branch (1997). The Dangerous Snakes of Africa. প্ৰকাশক Johannesburg: Southern Book Publishers. পৃষ্ঠা. 192. ISBN 1868125750. 
  23. "National geographic- KING COBRA". http://animals.nationalgeographic.com/animals/reptiles/king-cobra/. "They are fiercely aggressive when cornered (line 28-29)" 
  24. "National geographic-BLACK MAMBA". http://animals.nationalgeographic.com/animals/reptiles/black-mamba.html. "when threatened, highly aggressive (line 2-3)" 
  25. Kurecki B, Brownlee H (1987). "Venomous snakebites in the United States". Journal of Family Practice খণ্ড 25 (4): 386–92. PMID 3655676. 
  26. Gold B, Barish R (1992). "Venomous snakebites. Current concepts in diagnosis, treatment, and management". Emerg Med Clin North Am খণ্ড 10 (2): 249–67. PMID 1559468. 
  27. Suchard, JR; LoVecchio F. (1999). "Envenomations by Rattlesnakes Thought to Be Dead". The New England Journal of Medicine খণ্ড 340 (24): 1930. doi:10.1056/NEJM199906173402420. ISSN 0028-4793. PMID 10375322. http://content.nejm.org/cgi/content/extract/340/24/1930। আহৰণ কৰা হৈছে: 2009-09-05. 
  28. 28.0 28.1 Gold BS, Wingert WA (1994). "Snake venom poisoning in the United States: a review of therapeutic practice". South. Med. J. খণ্ড 87 (6): 579–89. doi:10.1097/00007611-199406000-00001. PMID 8202764. 
  29. Pathmeswaran A, Kasturiratne A, Fonseka M, Nandasena S, Lalloo D, de Silva H (2006). "Identifying the biting species in snakebite by clinical features: an epidemiological tool for community surveys". Trans R Soc Trop Med Hyg খণ্ড 100 (9): 874–8. doi:10.1016/j.trstmh.2005.10.003. PMID 16412486. 
  30. Dr. K. Park (2013). Park's textbook of preventive and social medicine. প্ৰকাশক Jabalpur: M/S Banarsida Bhanot publishers. পৃষ্ঠা. 381. 
  31. Chris Thompson. "Treatment of Australian Snake Bites". Australian anaesthetists' website. http://www.usyd.edu.au/anaes/venom/snakebite.html. 
  32. 32.0 32.1 32.2 32.3 Currie, Bart J.; Elizabeth Canale, Geoffrey K. Isbister (2008). "Effectiveness of pressure-immobilization first aid for snakebite requires further study". Emergency Medicine Australasia খণ্ড 20 (3): 267–270(4). doi:10.1111/j.1742-6723.2008.01093.x. PMID 18549384. 
  33. Rogers I, Celenza T (2002). "Simulated field experience in the use of the Sam splint for pressure immobilization of snakebite". Wilderness Environ Med খণ্ড 13 (2): 184–5. doi:10.1580/1080-6032(2002)013[0184:LTTE]2.0.CO;2. PMID 12092977. http://www.wemjournal.org/wmsonline/?request=get-document&issn=1080-6032&volume=013&issue=02&page=0184. [সংযোগবিহীন উৎস]
  34. Bush S, Green S, Laack T, Hayes W, Cardwell M, Tanen D (2004). "Pressure immobilization delays mortality and increases intracompartmental pressure after artificial intramuscular rattlesnake envenomation in a porcine model" (PDF). Ann Emerg Med খণ্ড 44 (6): 599–604. doi:10.1016/j.annemergmed.2004.06.007. PMID 15573035. http://www.llu.edu/llu/faculty/whayes/documents/2004_bush_et_al._pressure-immob.pdf। আহৰণ কৰা হৈছে: 2006-06-25. [সংযোগবিহীন উৎস]
  35. Sutherland S, Coulter A (1981). "Early management of bites by the eastern diamondback rattlesnake (Crotalus adamanteus): studies in monkeys (Macaca fascicularis)". Am J Trop Med Hyg খণ্ড 30 (2): 497–500. PMID 7235137. 
  36. Rogers I, Winkel K (2005). "Struan Sutherland's "Rationalisation of first-aid measures for elapid snakebite"--a commentary". Wilderness Environ Med খণ্ড 16 (3): 160–3. doi:10.1580/ER20-04.1. PMID 16209471. http://www.wemjournal.org/wmsonline/?request=get-document&issn=1080-6032&volume=016&issue=03&page=0160। আহৰণ কৰা হৈছে: 2006-06-25. 
  37. Sutherland S (1992). "Deaths from snake bite in Australia, 1981-1991". Med J Aust খণ্ড 157 (11–12): 740–6. PMID 1453996. 
  38. Sutherland S, Leonard R (1995). "Snakebite deaths in Australia 1992-1994 and a management update". Med J Aust খণ্ড 163 (11–12): 616–8. PMID 8538559. 
  39. Sutherland S, Coulter A, Harris R (1979). "Rationalisation of first-aid measures for elapid snakebite". Lancet খণ্ড 1 (8109): 183–5. doi:10.1016/S0140-6736(79)90580-4. PMID 84206. http://www.wemjournal.org/wmsonline/?request=get-document&issn=1080-6032&volume=016&issue=03&page=0164. [সংযোগবিহীন উৎস]
  40. White, Julian (November 1991). "Oxyuranus microlepidotus". Chemical Safety Information from Intergovernmental Organizations. http://www.inchem.org/documents/pims/animal/taipan.htm। আহৰণ কৰা হৈছে: 24 July 2009. "Without appropriate antivenom treatment up to 75% of taipan bites will be fatal. Indeed, in the era prior to specific antivenom therapy, virtually no survivors of taipan bite were recorded." 
  41. 41.0 41.1 Theakston RD (1997). "An objective approach to antivenom therapy and assessment of first-aid measures in snake bite" (PDF). Ann. Trop. Med. Parasitol. খণ্ড 91 (7): 857–65. doi:10.1080/00034989760626. PMID 9625943. http://www.kingsnake.com/aho/pdf/menu6/theakston1997.pdf. 
  42. Amaral CF, Campolina D, Dias MB, Bueno CM, Rezende NA (1998). "Tourniquet ineffectiveness to reduce the severity of envenoming after Crotalus durissus snake bite in Belo Horizonte, Minas Gerais, Brazil". Toxicon খণ্ড 36 (5): 805–8. doi:10.1016/S0041-0101(97)00132-3. PMID 9655642. http://linkinghub.elsevier.com/retrieve/pii/S0041-0101(97)00132-3. 
  43. Watt G, Padre L, Tuazon ML, Theakston RD, Laughlin LW (1988). "Tourniquet application after cobra bite: delay in the onset of neurotoxicity and the dangers of sudden release". Am. J. Trop. Med. Hyg. খণ্ড 38 (3): 618–22. PMID 3275141. 
  44. Holstege CP, Singletary EM (2006). "Images in emergency medicine. Skin damage following application of suction device for snakebite". Annals of emergency medicine খণ্ড 48 (1): 105, 113. doi:10.1016/j.annemergmed.2005.12.019. PMID 16781926. 
  45. Alberts M, Shalit M, LoGalbo F (2004). "Suction for venomous snakebite: a study of "mock venom" extraction in a human model". Ann Emerg Med খণ্ড 43 (2): 181–6. doi:10.1016/S0196-0644(03)00813-8. PMID 14747805. 
  46. Bush SP, Hegewald KG, Green SM, Cardwell MD, Hayes WK (2000). "Effects of a negative pressure venom extraction device (Extractor) on local tissue injury after artificial rattlesnake envenomation in a porcine model". Wilderness & environmental medicine খণ্ড 11 (3): 180–8. doi:10.1580/1080-6032(2000)011[0180:EOANPV]2.3.CO;2. PMID 11055564. 
  47. Riggs BS, Smilkstein MJ, Kulig KW, et al. Rattlesnake envenomation with massive oropharyngeal edema following incision and suction (Abstract). Presented at the AACT/AAPCC/ABMT/CAPCC Annual Scientific Meeting, Vancouver, Canada, September 27 October 2, 1987.
  48. Russell F (1987). "Another warning about electric shock for snakebite". Postgrad Med খণ্ড 82 (5): 32. PMID 3671201. 
  49. Ryan A (1987). "Don't use electric shock for snakebite". Postgrad Med খণ্ড 82 (2): 42. PMID 3497394. 
  50. Howe N, Meisenheimer J (1988). "Electric shock does not save snakebitten rats". Ann Emerg Med খণ্ড 17 (3): 254–6. doi:10.1016/S0196-0644(88)80118-5. PMID 3257850. 
  51. Johnson E, Kardong K, Mackessy S (1987). "Electric shocks are ineffective in treatment of lethal effects of rattlesnake envenomation in mice". Toxicon খণ্ড 25 (12): 1347–9. doi:10.1016/0041-0101(87)90013-4. PMID 3438923. 
  52. Russell, F. E. (1990). "When a snake strikes". Emerg Med খণ্ড 22 (12): 33–4, 37–40, 43. 
  53. 53.0 53.1 Mackessy, Stephen P. (2002). "Biochemistry and pharmacology of colubrid snake venoms". Journal of Toxicology: Toxin Reviews খণ্ড 21 (1–2): 43–83. doi:10.1081/TXR-120004741. http://www.unco.edu/nhs/biology/faculty_staff/mackessy/colubrid.pdf। আহৰণ কৰা হৈছে: 2009-09-26. "Estimates of the number of venomous colubrids approach 700 species. Most may not produce a venom capable of causing serious damage to humans, but at least five species (Dispholidus typus, Thelotornis capensis, Rhabdophis tigrinus, Philodryas olfersii and Tachymenis peruviana) have caused human fatalities". 
  54. 54.0 54.1 54.2 Dr V. V. Pillay, Amrita Institute Of Medical Sciences & Research Centre, Cochin, India. "Snake Bite in India: A Brief Overview". In India, the annual mortality from snake bite is said to be between 25,000-30,000. More than 2000 deaths per year are reported from the state of Maharashtra alone.. Global snakebite initiative. http://www.snakebiteinitiative.org/india। আহৰণ কৰা হৈছে: February 15, 2012. 
  55. The American Society of Tropical Medicine and Hygiene (Dec 6, 2011). "Snake bites kill 46K in India yearly". "in India 46,000 people are dying every year from snakebites against the official figure of only 2,000. More than 2.5 lakh cases of snake bites are reported every year.". The Times of India. http://articles.timesofindia.indiatimes.com/2011-12-06/india/30481201_1_anti-venom-krait-snake-bites। আহৰণ কৰা হৈছে: February 16, 2012. 
  56. 56.0 56.1 Wingert W, Chan L (1 January 1988). "Rattlesnake Bites in Southern California and Rationale for Recommended Treatment". West J Med খণ্ড 148 (1): 37–44. PMID 3277335. 
  57. Gutiérrez, José María; R. David G. Theakston, David A. Warrell (6 June 2006). "Confronting the Neglected Problem of Snake Bite Envenoming: The Need for a Global Partnership". PLoS Medicine খণ্ড 3 (6): e150. doi:10.1371/journal.pmed.0030150. PMID 16729843. PMC 1472552. http://www.plosmedicine.org/article/info%3Adoi%2F10.1371%2Fjournal.pmed.0030150। আহৰণ কৰা হৈছে: 2009-06-30. 
  58. Parrish H (1966). "Incidence of treated snakebites in the United States". Public Health Rep খণ্ড 81 (3): 269–76. doi:10.2307/4592691. PMID 4956000. 
গ্ৰন্থপঞ্জী
  • Greene, Harry W. (1997). Snakes: The Evolution of Mystery in Nature. প্ৰকাশক Berkeley, CA: University of California Press. ISBN 9780520200142. 
  • Stephen P., Mackessy, ed (2010). Handbook of Venoms and Toxins of Reptiles (2nd সম্পাদনা). প্ৰকাশক Boca Raton, FL: CRC Press. ISBN 9780849391651. 
  • Valenta, Jiri (2010). Venomous Snakes: Envenoming, Therapy (2nd সম্পাদনা). প্ৰকাশক Hauppauge, NY: Nova Science Publishers. ISBN 9781608766185. 

অতিৰিক্ত পঠন

  • Campbell, Jonathan A.; William W. Lamar (2004). The Venomous Reptiles of the Western Hemisphere. Ithaca, NY: Cornell University Press. ISBN 9780801441417
  • Spawls, Stephen; Bill Branch (1995). The Dangerous Snakes of Africa: Natural History, Species Directory, Venoms and Snakebite. Sanibel Island, FL: Ralph Curtis Publishing. ISBN 9780883590294
  • Sullivan JB, Wingert WA, Norris Jr RL. (1995). North American Venomous Reptile Bites. Wilderness Medicine: Management of Wilderness and Environmental Emergencies. 3: 680–709.
  • Thorpe, Roger S.; Wolfgang Wüster, Anita Malhotra (1996). Venomous Snakes: Ecology, Evolution, and Snakebite'. Oxford, England: Oxford University Press. ISBN 9780198549864

বহিঃসংযোগ