হলৌ বান্দৰ
| হলৌ বান্দৰ (Hoolock gibbons) [1][2] | |
|---|---|
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| জগৎ/ৰাজ্য: | Animalia |
| পর্ব: | Chordata |
| শ্ৰেণী: | Mammalia |
| বৰ্গ: | Primates |
| পৰিয়াল: | Hylobatidae |
| গণ: | Hoolock Mootnick & Groves, 2005 |
| Species | |
হলৌ বান্দৰ (ইংৰাজী: Hoolock Gibbon) গিবন পৰিয়ালৰ অন্তৰ্গত এবিধ বান্দৰৰ প্ৰজাতি ৷
সূচী |
[সম্পাদনা কৰক] দৈহিক গঠন
গিবন পৰিয়ালৰ দ্বিতীয় বৃহৎ প্ৰজাতি হ’ল হলৌ বান্দৰ ৷ দেহৰ দৈৰ্ঘ্য ৯০ ছে. মি. পৰ্যন্ত আৰু ওজন ৬-৮ কি.গ্ৰা. ৷ মতা-মাইকীৰ আকাৰ প্ৰায় একে হয় কিন্তু গাৰ বৰণৰ পাৰ্থক্য দেখা যায়৷ মতা প্ৰাণীবোৰ ক’লা বৰণৰ, মাইকীৰ গাৰ নোম মটীয়া বৰণৰ , বুকু আৰু ডিঙিৰ ৰং ডাঠ ৷ চকু আৰু মুখৰ চাৰিওকাষে থকা বগা আঙঠিৰ বাবে ইয়াক মুখাৰ দৰেও দেখায় ৷
[সম্পাদনা কৰক] শ্ৰেণীবিভাজন
বান্দৰৰ শেহতীয়া শ্ৰেণীবিভাজনত ইয়াক Hylobates গোত্ৰৰ অন্তৰ্ভুক্ত কৰা হৈছে ৷ এই গোত্ৰক আকৌ চাৰিটা উপগোত্ৰত ভাগ কৰা হৈছে ৷ হলৌ বান্দৰৰ দুটা প্ৰজাতি -[2]
- পশ্ছিম-দেশীয় হলৌ বান্দৰ, Hoolock hoolock
- পূব-দেশীয় হলৌ বান্দৰ, Hoolock leuconedys
[সম্পাদনা কৰক] বিতৰণ
উত্তৰ-পূব ভাৰতৰ পৰা ম্যানমাৰলৈকে হলৌ বান্দৰৰ আবাসভূমি বিস্তৃত হৈ আছে ৷ উত্তৰ-পূব ভাৰতত ব্ৰহ্মপূত্ৰৰ দক্ষিণ আৰু দিবাং নদীৰ পূব পাৰে ইয়াৰ বসতি্হান [3] তাৰোপৰি অন্যান্য সাতোখন ৰাজ্যজুৰি ই বাস কৰে বুলি জনা যায় [4][5].
[সম্পাদনা কৰক] আচৰণ
অন্যান্য গিবন সমূহৰ দৰেই হলৌ বান্দৰেও গছত বাস কৰে আৰু দিনৰ ভাগত খাদ্যৰ সন্ধান কৰে ৷ সচৰাচৰ একগামী যোৰ হিচাপে থাকে ৷ মাতৰ সংকেতেৰে পৰিয়ালৰ সদস্য সমূহৰ লগত যোগাযোগ কৰে , লগতে বেলেগ গোটৰ বান্দৰক নিজৰ স্হানত থকা কৰ্তৃত্ব সম্পৰ্কে সোঁৱৰাই দিয়ে ৷
হলৌ বান্দৰে মূলত ফল-মূল, পোক-পৰুৱা আৰু গছৰ পাত খাই জীয়াই থাকে ৷
সাত মাহ গৰ্ভত থকাৰ পিছত পোৱালিৰ জন্ম হয় ৷ প্ৰথমে গাৰ নোমবোৰ গাখীৰৰ দৰে বগা হয় , ছমাহৰ পিছৰ পৰা গাৰ ৰং ডাঠ হৈ ক’লা হ’বলৈ আৰম্ভ কৰে ৷ আঠ-ন বছৰৰ ভিতৰত সিঁহত পূৰ্ণবয়স্ক হৈ উঠে ৷ সাধাৰণতে আয়ুস ২৫ বছৰমান হয় ৷
[সম্পাদনা কৰক] স্থিতি তথা সংৰক্ষণ
[সম্পাদনা কৰক] তথ্যসুত্ৰ
- ↑ Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd ed.). Baltimore: Johns Hopkins University Press. পৃষ্ঠা. 178–179. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=12100753.
- ↑ 2.0 2.1 Mootnick, A.; Groves, C. P. (2005). "A new generic name for the hoolock gibbon (Hylobatidae)". International Journal of Primatology 26 (26): 971–976. doi:10.1007/s10764-005-5332-4.
- ↑ Choudhury, A.U. (1987) Notes on the distribution and conservation of Phayre’s leaf monkey and Hoolock gibbon in India. Tigerpaper 14(2): 2-6
- ↑ Choudhury, A.U. (1991) Ecology of the Hoolock gibbon, a lesser ape in the tropical forests of North-eastern India. J. Tropical Ecology 7: 147-153. Cambridge.
- ↑ Choudhury, A.U. (2006) The distribution and status of hoolock gibbon, Hoolock hoolock, in Manipur, Meghalaya, Mizoram, and Nagaland in Northeast India. Primate Conservation 20: 79-87
[সম্পাদনা কৰক] বহি:সংযোগ
- ARKive - images and movies of the hoolock gibbon (Bunopithecus hoolock)
- Hoolock Gibbon photos
- Hoolock Gibbon songs
- Gibbon Conservation Center
- Hoolock Gibbon Photos Taken in The Wild
- Primate Info Net Hoolock Factsheet
- A Field Guide to Indian Mammals -Vivek Menon