হাংৰি আন্দোলন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হাংৰি আন্দোলন হৈছে বাংলা সাহিত্যৰ ৰূপত আত্মপ্ৰকাশ কৰা এক অল্পম্যাদী (১৯৬১ - ১৯৬৫ ) প্ৰতিবাদী সামাজিক আন্দোলন । বিংশ শতিকাৰ ষাঠিব দশকত বংগদেশত কেবাটাও সাহিত্য - শিল্প আন্দোলন হেছিল, যেনে শ্ৰুতি, শাস্ত্ৰবিৰোধী, ধ্বংসকালীন, নিমসাহিত্য আৰু হাংৰি আন্দোলন । সেই আন্দোলনবোৰৰ ভিতৰত আটাইতকৈ উল্লেখনীয় সাহিত্য আন্দোলন আছিল হাংৰি আন্দোলন । বাংলা সাহিত্যৰ বুৰজ্ঞীত হাংৰি আন্দোলনে এক বিশিষ্ট স্থান লাভ কৰিছে।

Hungryalist Manifesto

জন্ম[সম্পাদনা কৰক]

হাংৰি আন্দোলনৰ জন্মদাতা আছিল মলয় ৰায়চৌধুৰী । তেঁও বাংলা সাহিত্যৰ মূল ধাৰাৰ বাহিৰৰ এগবাকী আগশাৰীৰ কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰাবন্ধিক, নাট্যকাৰ, সম্পাদক, সংগঠক আৰু উত্তৰাধুনিক চিন্তক । প্ৰতিষ্ঠান বিৰোধী অগতানুগতিক চিন্তা চৰ্চাৰ বাবে তেঁও বিশেষভাবে পৰিচিত । আন্দোলনৰ আৰম্ভণিতে তেঁওৰ লগত আছিল সমীৰ ৰায়চৌধুৰী, শক্তি চট্টোপাধ্যায়, দেৱী ৰায় (হাৰাধন ধাড়া।) পৰবৰ্তী কালত যেতিয়া হাংৰি আন্দোলনক কেন্দ্ৰ কৰি ফৌজদাৰী মামলা চলিছিল শক্তি চট্টোপাধ্যায়, শৈলেশ্বৰ ঘোষ আৰু সুভাষ ঘোষে তাৰ বিৰুদ্ধে সাক্ষ্য দিছিল ।

সূচনা[সম্পাদনা কৰক]

হাংৰি আন্দোলনৰ অন্যান্য সমৰ্থাকসকল আছিল সন্দীপন চট্টোপাধ্যায়, বিনয় মজুমদাৰ ,ৰবীন্দ্ৰ গুহ, উৎপলকুমাৰ বসু, সুবিমল বসাক, ত্ৰিদিব মিত্ৰ, প্ৰদীপ চৌধুৰী, বাসুদেব দাশগুপ্ত, সুবো আচাৰ্য, অনিল কৰঞ্জাই, কৰুণানিধান মুখোপাধ্যায়, ফাল্গুনী ৰায়, অৰুপৰতন বসু, সতীন্দ্ৰ ভৌমিক, হৰনাথ ঘোষ, নীহাৰ গুহ, শংকৰ সেন, যোগেশ পণ্ডা, অশোক চট্টোপাধ্যায়, আমৃততনয় গুপ্ত, মনোহৰ দাশ, শৈলেশ্বৰ ঘোষ, সু্যায ঘোঢ়, আলো মিত্ৰ আদি । অছবাল্ড স্পেংলাৰে কৈছিল যে সংস্কৃতিৰ তিনটা পৰ্যায় থাকে: আৰোহন, নবজাগৰণ আৰূ অবক্ষয় । প্ৰথম পৰ্যায়ত ই সৃষ্টিমূলক । দ্বিতীয় পৰ্যায়ত বিস্ময়কৰ উদ্ভাবনী ক্ষমতাসম্পন্ন আৰু শেষ পৰ্যায়ত সংস্কৃতি হৈ পৰে স্বকীয়তাহীন আৰু অনুসৰণপ্ৰিয় । মলয় ৰায়চৌধুৰীয়ে স্পেংলাৰৰ এই চিন্তাৰ দ্বাৰা প্ৰভাবিত হৈ অনুভব কৰিছিল যে বংগদেশত সংস্কৃতিৰ অবক্ষয়পৰ্ব আৰম্ভ হৈছে । সেই সময়ত পুৰণি ইংৰাজ কবি চছাৰৰ কবিতা 'ইন দি সাওয়াৰ হাংৰি টাইম' শীৰ্ষক শাৰীটোৰ 'হাংৰি' শব্দটোৰে তেঁওৰ মনত এনেদৰে ক্ৰিয়া কৰে যে অৱস্থাটো বুজাবলৈ তেওঁ এই শব্দটো যথোপযুক্ত বুলি গ্ৰহণ কৰে। অৱক্ষয়ৰ কাল মানে 'হাংৰি টাইম' ।


হাংৰি পত্ৰিকা[সম্পাদনা কৰক]

প্ৰথমত অবস্হাত হাংৰি আন্দোলন সংগঠিত নাছিল । যাব যেতিয়া মন যায়, য'ৰ - ত'ৰ পৰা ১০০ খন মান হাংৰি বুলেটিন প্ৰকাশ কৰিছিল । বুলেটিনৰ ভাষা আছিল বাংলা, হিন্দি আৰু ইংৰাজী । পাচলৈ আন্দোলন ক্ৰমে সংগঠিত হোৱাত বহুতো প্ৰতিভাশালী ব্যাক্তি তাত চামিল হৈছিল । তীব্ৰ, আমাৰ্জিত, প্ৰথাবিৰোধী ভাষাৰে তেঁওলোকে সমাজ আৰু সংস্কৃতিৰ অবক্ষয়ৰ ছবিখন তুলি ধৰিব বিচাৰিছিল । আভিজাত্যবাদী সাহিত্য আৰু সাহিত্যিকৰ বিৰুদ্ধাচাৰণ কৰিছিল । ব্যক্তিগত জীবনতো হাংৰিসকল আছিল বোহেমিয়ান । ভাং, চৰস, গাঁজা, এল এস ডি খাই সাহিত্যৰ পৰীক্ষা -নিৰীক্ষা কৰিছিল আৰু আস্হিৰ জীবন যাপন কৰি তেঁওলোকে মধ্যবিত্ত জীবনৰ বাবু সংস্কৃতিৰ সুৰ সলাই দিব বিচাৰিছিল । যোবা ষাঠিব দশকটো সমগ্ৰ বিশ্বৰ যুব সমাজৰ বিদ্ৰোহৰ যুগ আছিল বুলি ক'ব পাৰি । প্ৰচলিত সমাজ-ব্যৱস্থাৰ বিৰুদ্ধে দেশে দেশে যুবসমাজে প্ৰতিবাদ কৰিছিল । তাৰ প্ৰভাব হাংৰিসকল মাজতো পৰিছিল । হাংৰিসকলে কবিতা ও সাহিত্যৰ গতানুগতিক ধাৰাটোক প্ৰত্যাহবান জনাই বিভিন্ন উৎকৃষ্ট সাহিত্য সৃষ্টি কৰি পাঠক সমালোচকৰ প্ৰিয়ভাজন হৈছিল ।


বিভিন্ন অঞ্চলত হাংৰি আন্দোলন[সম্পাদনা কৰক]

হাংৰি আন্দোলন অকল বংগতেই নহয়, ভাৰতৰ, বিভিন্ন অঞ্চলত, আনকি ইউৰোপ - আমেৰিকাতো খলকনিৰ সৃষ্টি কৰিছিল । ভাৰতেৰ কিছুমান ঠাইত, লগতে নেপালতো, সেবোৰ ঠাইৰ স্হানীয় ভাষাত প্ৰায় সমসুৰী আন্দোলনে গা কৰি উঠিছিল । হিন্দী ভাষাত ৰাজকমল চৌধুৰী, আলোক ধনওয়া, কাঞ্চন কুমাৰ; তেলুগু ভাষাত নিখিলেশ্বৰ মহাস্বপ্ন, জ্বালামুখী; নেপালি ভাষাত পাৰিজাত; মাৰাঠী ভাষাত অশোক শাহানে, দিলিপচিত্ৰে, ৰঘু দণ্ডবতে; উৰ্দু ভাষাত আমিক হানফি, নচিম আজিমাবাদী আদিয়ে এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা লৈছিল । ইংলেণ্ড, জাৰ্মানি, ফ্ৰান্স, মেক্সিকো, ব্ৰাজিল, চিলি, অস্ট্ৰেলিয়া আৰু আমেৰিকাৰ পৰা প্ৰকাশ পাইছিল হাংৰি ৰচনাবলীৰ সংকলন, আৰু একাধিক আলোচনীয়ে উলিয়াইছিল বিশেঢ় হাংৰি সংখ্যা । এলেন গিন্সবাৰ্গ, লৰেন্স ফেৰলিংঘেট্টি, গেৰি স্নাইডাৰ, ওকতাভিও পাজ, আৰনেসতো কাৰ্দেনাল, হাওয়াৰ্ড ম্যাককৰ্ড, জৰ্জ ডাঊদেন, মাৰ্গাৰেট ৰ‌্যানডাল, ক্যাৰল বাৰ্জ, ৰবাৰ্ট ব্লাই আদি এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ।


হাংৰি ফৌজদাৰী মামলা[সম্পাদনা কৰক]

হাংৰিসকলৰ প্ৰথাবিৰোথী কাৰ্যকলাপ তৎকালীন আভিজাত্যবাদী কাকত - আলোচনীবোৰে সহ্য কৰিব পৰা নাছিল । তেঁওলোকে তীব্ৰ হাংৰিসকলক আক্ৰমণ কৰিছিল । আইনসংগত ব্যবস্হা লোবাৰ যো - জা চলাইছিল । অবশেষত ১৯৬৪ চনত সেই বছৰৰ সেপ্টেম্বৰ মাহৰ মাত্ৰ ষোল্ল পৃষ্ঠাৰ হাংৰি বুলেটিনখনব বিৰুদ্ধে আদালতত অশ্লীলতা আৰু দেশদ্ৰোহিতাৰ অভিযো্ উথ্থাপিত হয় । আভিযুক্ত এঘাৰজন হাংৰি লেখকক গ্ৰেপ্তাৰ কৰা হয় যদিও দহজনক মুক্তি দি মাথোঁ মলয় ৰায়চৌধুৰীৰ বিৰুদ্ধে বিচাৰ আৰম্ভ হয় । কাৰণ তেঁও হাংৰি আন্দোলনৰ জনক আৰু বুলেটিনখনত লিখা 'প্ৰচণ্ড বৈদ্যুতিক ছুতাৰ' নামৰ কবিতাটো অশ্লীল । বিচাৰেৰ সময়ত, কোনোভাবে আন্দোলনটোৰ লগত যুক্ত নাথাকিও, আচামীৰ পক্ষে সাক্ষ্য দিছিল তৰুণ সান্যাল, সুনীল গঙ্গোপাধ্যায়, জ্যোতিৰ্ময় দত্ত আৰু সত্ৰাজিৎ দত্ত । মলয় ৰায়চৌধুৰী দোষী সাব্যস্ত হয় আৰু তেঁওক দুমাহৰ কাৰাদণ্ড দিয়াৰ লগতে দুশ টকা জৰিমনা বিহা হয় । । মলয় ৰায়চৌধুৰী উচ্চ আদালতে আপীল কৰে । সেই সময়ত আমেৰিকাৰ কবি শ্ৰীমতী ক্যাৰল বাৰ্জ বিতৰ্কিত কবিতা 'প্ৰচণ্ড বৈদ্যুতিক ছুতাৰ' ( ইংৰেজিতে 'স্টাৰ্ক ইলেকট্ৰিক যিশাস' ) পুস্তিকাকাৰে উলিয়ায় আৰু নিউয়ৰ্কৰ ছেইন্ট মাৰ্কস গীৰ্জাত তাৰ পাঠ আৰু আলোচনাচক্ৰৰ ব্যবস্হা কৰি প্ৰাপ্ত ধনেৰে আদালতৰ প্ৰাথমিক খৰচ যোগাইছিল । আপীলৰ ৰায় ওলায় ২৬.৭.১৯৬৭ তাৰিখে ; এইবাৰ ৰায় উলটি যায় । অভিযোগ ভিত্তিহীন বুলি তেঁও কাৰাগাৰৰ পৰা মুক্তি পায় । ১৯৬১ চনত আৰম্ভ হোবা হাংৰি আন্দোলনটো ষাঠিব দশকৰ মাজভাগব পৰা স্তিমিত হৈ আহে । তাতোকৈ বিপ্লবী নক্সালবাড়ী ৰাজনৈতিক আন্দোলনে হাংৰি আন্দোলনে সৃষ্টি কৰা উত্তাপ আত্মসাৎ কৰি লৈছিল ।


মননশীল সাহিত্য[সম্পাদনা কৰক]

এই কথা স্বীকাৰ কৰিব লাগিব যে ষাঠিৰ দশকত বিশেষ পটভূমিত হাংৰিসকল যি আন্দোলন কৰিছিল, সি বাংলা সাহিত্যৰ ইতিহাসগতএক এৰাব নোবাৰা অধ্যায় । তাৰ প্ৰভাবত বাংলা সাহিত্যই নবীন প্ৰাণ পাইছিল । নতুন নতুন বিষয় সাহিত্য চৰ্চাৰ অংগ হ'বলৈ ধৰিছিল । হাংৰি আন্দোলন আৰু তাৰ কীৰ্তিসমূহক লৈ এতিয়াও আলোচনে, সমালোচনে, গবেষণা, স্তুতি নিন্দা চলি আছে । তাৰ কাৰণ আস্বীকাৰৰ সেই আন্দোলনটোক কোনেও আস্বীকাৰ কৰিব নোবাৰে ।

নিবন্ধটোৰ বিষয়ে তথ্য[সম্পাদনা কৰক]

  • বংগদেশৰ হাংৰি আন্দোলন (২০০৫) । মানিক দাস । শৰাই, ৰিয়া পাবলিকেশন্স, মিৰ্জা, কামৰূপ ৭৮১১২৫, অসম ।
  • স্বপ্ন হাংৰি আন্দোলন গবেষণা (২০০৮) । কুমাৰবিষ্ণু দে । হৰুলংপাৰ কলোনি, ডাক: লামডিং ৭৮২৪৪৭, অসম ।
  • ইনট্ৰপিড হাংৰি মুভমেন্ট ইস্যু (১৯৬৯) । সম্পাদক : অ্যালেন ডি লোচ । বাফেলো, নিউয়ৰ্ক, ইউ এস এ ।
  • সল্টেড ফেদাৰ্স হাংৰি মুভমেন্ট ইস্যু (১৯৬৭) । সম্পাদক: লি অল্টম্যান আৰু ডিক বাকেন । পোৰ্টল্যান্ড, ওৰেগন, ইউ এস এ ।
  • সিটি লাইটস জাৰ্নাল হাংৰি মুভমেন্ট ইস্যু (১৯৬৬) । সম্পাদক: লৰেন্স ফেৰলিংঘেট্টি । সানফ্ৰানসিসকো, ক্যালিফোৰ্নিয়া, ইউ এস এ ।
  • মিলন হাংৰি আন্দোলন সংখ্যা (২০০৭) । সম্পাদক: বিশ্বজিত নন্দী । তুৰা, মেঘালয় ।
  • বনতুলসী কা গন্ধ (১৯৮৮) । ফণীশ্বৰনাথ ৰেণু । ৰাজকমল প্ৰকাশন, দিল্লি ।
  • হাংৰি শ্ৰুতি আৰু শাস্ত্ৰবিৰোধী আন্দোলন (১৯৮৬) । ড. উত্তম দাশ । মহাদিগন্ত প্ৰকাশ সংস্হা, বাৰুইপুৰ, কলকাতা ৭০০১৪৪ ।
  • যুবযন্ত্ৰণা আৰু সাহিত্য (১৯৬৮) । ড. অলোকৰঞ্জন দাশগুপ্ত । বসুমতী সাহিত্য সংসদ । বৌবাজাৰ, কলকাতা ।
  • হাওয়া ৪৯ হাংৰি আন্দোলন সংখ্যা (২০০৬) । সম্পাদক: সমীৰ ৰায়চৌধুৰী । বাঁশদ্ৰোণী, কলকাতা ৭০০০৭০ ।
  • উত্তৰপ্ৰবাসী হাংৰি আন্দোলন সংখ্যা (১৯৮৬) । সম্পাদক: গজেন্দ্ৰকুমাৰ ঘোষ । গোটেনবুৰ্গ, সুইডেন ।

বহিঃসংযোগ[সম্পাদনা কৰক]