হাৰিভাংগা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
(হাড়ীভাংগা ৰ পৰা পুনঃনিৰ্দেশিত)
হাৰিভাংগা
—  গাঁও  —
হাৰিভাংগা
হাৰিভাংগাৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26.45° N 91.26° E
দেশ  ভাৰত
ৰাজ্য অসম
জিলা নলবাৰী
জনসংখ্যা 5,344 (2011)
লিঙ্গ অনুপাত (পুৰুষ:মহিলা) /
সময়াঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০)

হাৰিভাংগা (ইংৰাজী: Haribhanga) অসমনলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত নামবৰভাগ মৌজাৰ পূব অংশত অৱস্থিত এখন বৃহৎ গাঁও। গাঁওখনত চুবুৰীৰ সংখ্যা ১৮ টা।

সূচী

[সম্পাদনা কৰক] ভৌগোলিক অৱস্থান

  • হাৰিভাংগা ২৬.৪৫° উত্তৰ অক্ষাংশ আৰু ৯১.২৬° পূব দ্ৰাঘিমাংশত অৱস্থিত।[1]
  • গাঁওখনৰ দক্ষিণ পূব দিশেৰে পাগলাদিয়াৰ এটা সুঁতি মৰা পাগলাদিয়া বৈ গৈছে।
  • হাৰিভাংগা গাঁৱৰ পৰা গুৱাহাটীলৈ দূৰত্ব ৯০ কিলোমিটাৰ, নলবাৰী নগৰলৈ ২০ কিলোমিটাৰ আৰু টিহু নগৰলৈ ৫ কিলোমিটাৰ।
  • চাৰিসীমা
উত্তৰে ৰেলপথ
পূবে কৈঠালকুছি গাঁও
দক্ষিণে সন্ধেলী গাঁও
পশ্চিমে মাখিবাহা গাঁও।

[সম্পাদনা কৰক] নামৰ উৎপত্তি

হাৰিভাংগা নামটোৰ উৎপত্তি সম্বন্ধে বহুজনৰ বহু মত। এই সন্দৰ্ভত লোকবিশ্বাসৰ ভেঁটিত প্ৰধানতঃ দুটা কাহিনী পোৱা যায়। প্ৰথম কাহিনী অনুসৰি তেজপুৰঅগ্নিগড়হৰি-হৰৰ যুদ্ধৰ শেষৰ যুদ্ধখিনি এই অঞ্চলত হৈছিল। যুদ্ধত পৰাজয় বৰণ কৰি হৰিয়ে যুদ্ধ ভংগ দি পলায়ন কৰিলে। হৰিয়ে ভংগ দিয়াৰ বাবে "হৰি-ভংগ” হ’ল আৰু তাৰ পৰা অপভ্ৰংশ হৈ কালক্ৰমত হাৰিভাঙ্গা হোৱা বুলি লোকে বিশ্বাস কৰে। আন এক কাহিনী মৰ্মে এসময়ত পাগলাদিয়া নদীৰ এটা সুঁতি উক্ত অঞ্চলটোৰ মাজেৰে বৈ গৈ বেকী নদীত পৰিছিলগৈ। সে‍ই সুঁতিৰ পাৰতে মহাপ্ৰভু শ্ৰী শ্ৰী কলীয়া গোঁসাইৰ আৱিৰ্ভাবৰ কাহিনী জড়িত হৈ আছে। উক্ত সুঁতিয়েদি বৰপেটীয়া বেপাৰী সকলে নাওঁ লৈ বেহা বেপাৰ কৰিবলৈ আহিছিল আৰু ভটীয়া বেপাৰীয়ে এ‍ই অঞ্চলত দৈ গাখীৰৰ বেহা কৰিছিল। এবাৰ প্ৰাকৃতিক দুৰ্য্যোগৰ ফলত তেনেকুৱা কেবাখনো নাওঁ পানীত জাহ যায় আৰু গাখীৰ কঢ়িয়াই অনা হাড়ি (এবিধ মাটিৰ পাত্ৰ) বোৰ নদীৰ পাৰত ভাঙি চূচূৰ্মৈ হৈ পৰি থাকে। সে‍ই কাহিনীৰ আলমতে ওচৰ চুবুৰীয়া অঞ্চলৰ ৰা‍ইজে এ‍ই অঞ্চলটোক হাড়িভাঙ্গা/ হাড়িভাঙা নাম দিয়ে। সময় সলনি হোৱাৰ লগে লগে নামটো ক্ৰমাৎ হাৰিভাঙ্গালৈ সলনি হয়। এতিয়া লিখিত অনুসৰি গাওঁখনৰ নাম "হাৰিভাঙ্গা / হাৰিভাংগা" নামেৰে পঞ্জীয়ন কৰা হৈছে।

[সম্পাদনা কৰক] জন-গাঁথনি

জনসংখ্যা: ২০১১ লোকপিয়ল অনুসৰি ৫৩৪৪ জন। ইয়াৰে মাজৰ পুৰুষৰ সংখ্যা হৈছে: ... জন আৰু মহিলাৰ সংখ্যা: ...

[সম্পাদনা কৰক] অৰ্থনীতি

আয়ৰ উৎসঃ মূখ্যতঃ কৃষি আৰু শিক্ষকতা।

[সম্পাদনা কৰক] যাতায়াত ব্যৱস্থা

পথ যাতায়াত
  1. গুৱাহাটীৰ পৰা নলবাৰী হৈ চামতা আৰু সাহপুৰৰ মাজেৰে গড়কাপ্টানী পকী পথ।
  2. গুৱাহাটীৰ পৰা নলবাৰী হৈ মোহন বজাৰ, কৈঠালকুছি, বালিৰ মাজেৰে গড়কাপ্টানী পকী পথ।
  3. গুৱাহাটিৰ পৰা বৰমা হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘা‍ইপথেৰে টিহু চ’কলৈ আৰু টিহুৰ চ’কৰ পৰা টিহু নগৰৰ মাজেৰে মথুৰাপুৰ হৈ গড়্কাপ্টানী পকী পথ।
ৰেল সেৱা
  1. নিকটৱৰ্তী টিহু ৰেল ষ্টেচন। দূৰত্ব: ৫ কিলোমিটাৰ।
  2. নিকটৱৰ্তী কৈঠালকুছি ৰেল ষ্টেচন। দূৰত্ব: ৫ কিলোমিটাৰ।

[সম্পাদনা কৰক] অনুষ্ঠান-প্ৰতিষ্ঠান

প্ৰধান অনুস্থান সমুহ হৈছে:

  • হাৰিভাংগা ৰাজহুৱা পুথিভড়াল।
  • এভাৰেষ্ট সংঘ।
  • সমন্বয় সংঘ।
  • ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু নাট্য মন্দিৰ।
  • প্ৰকাশন পৰিষদ লেক’ (LACO: Literary And Cultural Organisation)

[সম্পাদনা কৰক] শিক্ষণ প্ৰতিষ্ঠান

  • চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ১৮ খন।
  • মাধ্যমিক বিদ্যালয় এখন।
  • উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন, হাৰিভাংগা উচ্চতৰ মাধ্যমিক বিদ্যালয় (উচ্চ মাধ্যমিক শাখা আৰু উচ্চতৰ মাধ্যমিক কলা শাখা)।
  • বালিকা উচ্চ মাধ্যমিক বিদ্যালয এখন, হাৰিভাংগা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়।
  • বে-চৰকাৰী বিদ্যালয ২ খন| ইয়াৰে এখন জাতীয় বিদ্যালয় আৰু আনখন শংকৰদেৱ শিশু নিকেতন।
  • সংগীত বিদ্যালয দুখন, বিষ্ণুৰাভা সংগীত মহাবিদ্যালয় আৰু হাৰিভাংগা জনকল্যাণ সংগীত মহাবিদ্যালয়।
  • কলা বিদ্যালয় দুখন, সমন্বয় আৰ্ট স্কুল আৰু আৰ্ট গেলেৰী।


[সম্পাদনা কৰক] অন্যান্য সংযোজন

ডাকঘৰ

হাৰিভাংগা ডাকঘৰ। ডাক সূচাংক: 781378

স্বাস্থ্যকেন্দ্ৰ

30 খন বিচনাযুক্ত হাৰিভাংগা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ।

বেংক
  1. অসম গ্ৰামীণ বিকাশ বেংকৰ হাৰিভাংগা শাখা।
  2. ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ।

ৰাজহুৱা পুথিভঁড়াল, গাওঁ উন্নয়ন সমিতিৰ কাৰ্যালয়, সমবায় সমিতিৰ নাম্বৰভাগ মৌজাৰ প্ৰধান কাৰ্য্য়ালয়, ৰাজহুৱা সভা সমিতিৰ বাবে সভাগৃহ (Auditorium) আৰু নাট্য মন্দিৰ, পুথি প্ৰকাশক: লেকো LACO (Literary and Cultural Organisation), প্ৰেছ, বাণিজ্য কেন্দ্ৰ (Shoping Centre), দৈনিক গধূলিৰ হাট, বাছ অস্থান, অ’টো আস্থান, ৰংদৈ বিহু হুঁচৰি দল আৰু ভাস্কৰজ্যোতি বিহু হুঁচৰি দল।

[সম্পাদনা কৰক] পৰ্য্যটন

শ্ৰী শ্ৰী কলিয়া গোঁসা‍ই মহাপ্ৰভুৰ মন্দিৰ। স্বৰ্গদে‍উ ৰূদ্ৰ সিংহৰ দিনত প্ৰতিস্থিত।

মূখ্য উৎসৱ: শ্ৰী শ্ৰী কলিয়া গোঁসা‍ই মহাপ্ৰভুৰ মন্দিৰত পহিলা মাঘৰ ধৰ্মসভা আৰু তাৰ লগে লগে একেলেঠাৰিয়ে সপ্তাহ যোৰা কাৰ্য্যসূচীৰে ঐতিহাসিক হাৰিভাংগা সভা মহোৎসৱ।

[সম্পাদনা কৰক] তথ্য সংগ্ৰহ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি