হাম্পি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান
Group of Monuments at Hampi
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
Hampi virupaksha temple.jpg
হাম্পি

দেশ ভাৰত
ধৰণ সাংস্কৃতিক
মাপকাঠি (i)(iii)(iv)
উদ্ধৃতি 241
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া-পেছিফিক
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮৬ (১০তম অধিবেশন)
বিপদজ্জনক ১৯৯৯–২০০৬

হাম্পি (ইংৰাজী: Hampi; কানাডা: ಹಂಪೆ) ভাৰতৰ কৰ্ণাটকৰ উত্তৰপাৰত অৱস্থিত এখন গাঁও। হাম্পিত অৱস্থিত ভগ্নাৱশেষসমূহৰ বাবে ঠাইখন বিখ্যাত। হাম্পি স্মাৰকসমূহ হ'ল উত্তৰ কৰ্ণাটকৰ মনোৰম বিলাসবহুল হাম্পি নগৰৰ স্মাৰকসমষ্টি। হাম্পিত বিজয়নগৰ সাম্ৰাজ্যৰ অধুনালুপ্ত ৰাজধানী বিজয়নগৰৰ ধ্বংসাৱশেষ অৱস্থিত। এই নগৰৰ চাৰিওফালে দ্ৰাবিড় স্থাপত্য মন্দিৰ আৰু প্ৰাসাদৰ ধ্বংসাৱশেষে আৱৰি আছে। চতুৰ্দশ আৰু ষোড়শ শতাব্দীৰ মধ্যৱৰ্তী কালত যিসকল পৰ্যটক ভাৰতলৈ আহিছিল সেইসকলে এই মন্দিৰসমূহৰ ভূয়সী প্ৰশংসা কৰি গৈছে । হাম্পিত বহুতো গুৰুত্বপূৰ্ণ হিন্দু ধৰ্মীয় মন্দিৰ আছে। ইয়াত বিৰুপাক্ষ মন্দিৰসহ একাধিক স্মাৰক অৱস্থিত। তাৰোপৰি আছে বহুতো অভিজাত বাসগৃহ, হাতী বন্ধা ঘৰ, ৰাণীৰ আভিজাত স্নানাগাৰ, লটাচ মহল আদি৷ এই স্মাৰকসমূহ ইউনেস্কো বিশ্ব ঐতিহ্য তালিকা (i), (iii) আৰু (iv) অনুযায়ী সাংস্কৃতিক ঐতিহ্যৰ মৰ্যাদাপ্ৰাপ্ত[1][2]



তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Group of Monuments at Hampi". World Heritage: Unesco.org. http://whc.unesco.org/en/list/241। আহৰণ কৰা হৈছে: 2010-11-06. 
  2. "Group of Monuments at Hampi" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/241.pdf। আহৰণ কৰা হৈছে: 2010-11-06. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]