হাৰুৱা কপৌ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাৰুৱা কপৌ
(Red Turtle Dove)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Columbiformes
পৰিয়াল: Columbidae
গণ: Streptopelia
প্ৰজাতি: S. tranquebarica
বৈজ্ঞানিক নাম
Streptopelia tranquebarica
(Hermann, 1804)
হাৰিয়ানাত এজনী মাইকী হাৰুৱা কপৌ

হাৰুৱা কপৌ (ইংৰাজী: Red Turtle Dove or Red Collared Dove , বৈজ্ঞানিক নাম: Streptopelia tranquebarica), কপৌ গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ থলুৱা চৰাইৰ প্ৰজাতি৷

বিৱৰণ[সম্পাদনা কৰক]

হাৰুৱা কপৌৰ দেহটো শকত, নেজ চুটি৷ মতা কপৌৰ ঠোঁট ক’লা, মূৰ মুগা বৰণৰ আৰু ডিঙিৰ পিছফালে কলাৰৰ দৰে এটা গাঢ় আঁচ থাকে৷ মাইকী হাৰুৱা কপৌৰ ৰঙ পাতল মটীয়া (dull brown) ধৰণৰ হয়[2]

বিতৰণ[সম্পাদনা কৰক]

হাৰুৱা কপৌ ঘাইকৈ ভাৰত উপমহাদেশ, টাইৱান আৰু ফিলিপাইনছ আদিত বিস্তৃত হৈ আছে[2]

টেক্স’নমি[সম্পাদনা কৰক]

বৰ্তমানলৈকে হাৰুৱা কপৌৰ দুবিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে[3]-

• tranquebarica (Hermann, 1804) – পাঞ্জাব, বিহাৰ, পশ্চিমবংগৰ পৰা নেপাললৈকে বিস্তৃত৷

• humilis (Temminck, 1824) – উত্তৰ-পূব তীব্বত, ছিকিম, অসম, আন্দামান, থাইলেণ্ড, ইণ্ডোনেছিয়া, উত্তৰ চীন, টাইৱান তথা ফিলিপাইনছ ত দেখা যায়৷

বসতিস্থান[সম্পাদনা কৰক]

হাৰুৱা কপৌ সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা কম উচ্চতাৰ বনাঞ্চল, খেতি-পথাৰ আৰু মানুহৰ বসতিস্থানৰ ওচৰে পাজৰে দেখা যায়[2]

খাদ্য[সম্পাদনা কৰক]

হাৰুৱা কপৌৱে ঘাইকৈ বিভিন্ন গুটি খাই জীয়াই থাকে[2]

প্ৰজনন[সম্পাদনা কৰক]

এপ্ৰিলৰ পৰা জুলাই মাহৰ ভিতৰত হাৰুৱা কপৌৰ প্ৰজনন হয়৷ ইহঁতে গছৰ ডালত বাহ সাজে৷ এবাৰত সাধাৰণতে দুটাকৈ পোৱালি হয়[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]