হীৰেন গোহাঁই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ড° হীৰেন গোহাঁই
জন্ম ১৯৩৯ চনৰ এপ্ৰিল মাহত
গোলাঘাট, অসম
পেচা সমালোচক, বিশিষ্ট চিন্তাবিদ, সাংবাদিক, শিক্ষাবিদ, অধ্যাপক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজী অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (১৯৮৯)[1]

ড° হীৰেন গোহাঁই (হিন্দী: हीरेन गोहाँइ, ইংৰাজী: Hiren Gohain), অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এজন প্ৰতিষ্ঠিত সাহিত্যিক আৰু সমালোচক[2]। ইয়াৰ উপৰিও তেখেত এজন কবি, [3] সাংবাদিক, শিক্ষাবিদ আৰু শিক্ষক। তেখেত ১৯৩৯ চনত অসমগোলাঘাট চহৰত জন্মগ্ৰহন কৰিছিল। তেখেতৰ পিতৃ স্বৰ্গীয় মহেন্দ্ৰনাথ গোহাঁই আৰু মাতৃ স্বৰ্গীয় শৰৎকুমাৰী গোহাঁই। মহেন্দ্ৰ নাথ গোহাঁই শিক্ষক আছিল। তেওঁ পূৰ্বে গুৱাহাটী আৰু বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আছিল আৰু অৱসৰৰ পাছত আৰ্য বিদ্যাপীঠত অধ্যক্ষৰূপে কাম কৰিছিল।[4] উত্তৰ গুৱাহাটীত তেখেতৰ পৈত্ৰিক ঘৰ আছিল। ড° গোহাঁই গুৱাহাটী বিশ্ববিদ্যালয়ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি কিছুবছৰ পূর্বে অৱসৰ লৈছে।

শিক্ষা[সম্পাদনা কৰক]

ড° গোহাঁই এজন কৃতী ছাত্ৰ আছিল[4]

সাহিত্যকৃতি[সম্পাদনা কৰক]

ড° হীৰেন গোহাঁয়ে ছাত্ৰ অৱস্থাৰে পৰাই সাহিত্য চৰ্চা কৰিছিল[4]। ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সম্পাদনা কৰা আলোচনী ৰামধেনুত তেখেতৰ কেইবাটাও কবিতা প্ৰকাশ হৈছিল[4]

হীৰেন গোহাঁইৰ উল্লেখনীয় গ্ৰন্থ[সম্পাদনা কৰক]

অসমীয়া

  • সাহিত্যৰ সত্য (১৯৭০)
  • সমাজ আৰু সমালোচনা (১৯৭০)
  • বাস্তৱৰ স্বপ্ন (১৯৭৩)
  • সাহিত্য আৰু চেতনা (১৯৭৬)
  • কাল ভ্ৰমৰ (১৯৭৮)
  • কীৰ্তন পুথিৰ ৰস-বিচাৰ (১৯৮৩)
  • বিশ্বায়তন (১৯৮৪)
  • তেজৰ আখৰে লেখা (১৯৮৪)
  • উপন্যাসৰ আধুনিক পাশ্চাত্য সমালোচনা (১৯৮৪)


  • অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা (১৯৮৭)
  • বন্দৰৰ কাল (১৯৮৭)
  • ঐতিহ্যৰ ৰূপান্তৰ আৰু অন্যান্য প্ৰবন্ধ, পটপৰিবৰ্তন (১৯৮৯)
  • আঞ্চলিকতাবাদ আৰু অসম, স্বাধীনতাৰ সপোন আৰু দিঠক (১৯৯০)
  • উত্তৰণৰ সাধনা (১৯৯২)
  • কেৱল মানুহৰ আছে গান, তৰা আৰু বোকা (১৯৯৩)
  • কালস্ৰোত আৰু কাণ্ডাৰী (১৯৯৫)
  • "ইমান তিতা সাগৰৰ পানী" (২০১১) [5]

ইংৰাজী

  • Tradition and Paradise Lost (১৯৭৬)
  • On the Present Movement in Assam (১৯৮০)
  • Assam: A Burning Question (১৯৮৪)
  • Nature and Art in Shakespeare (১৯৮৮)
  • Aspects of Early 19th century Bengalee Culture (১৯৯০)
  • The Magic Plant (১৯৯২)

সমালোচক[সম্পাদনা কৰক]

ড° হীৰেন গোহাঁই অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এগৰাকী সুপ্ৰতিষ্ঠিত সমলোচক। তেওঁৰ তীক্ষ্নধী সমালোচনাই অসমৰ সাহিত্য, ৰাজনীতি, সমাজনীতি আৰু সাংস্কৃতিক দিশলৈ নতুন গতিধাৰা আৰু চেতনাবোধ জগাব পাৰিছে। বৰ্তমান ইয়াৰ প্ৰতিটো দিশতে তেওঁ এগৰাকী কাণ্ডাৰীৰ ভূমিকা গ্ৰহন কৰি আহিছে আৰু প্ৰকৃত গণতন্ত্ৰৰ মূল্যবোধক প্ৰমূল্য দিয়া এগৰাকী প্ৰকৃত গণতান্ত্ৰিক ব্যক্তিৰূপেও তেওঁ অসমৰ সমাজ জীৱনত আখ্যায়িত হৈছে।[4]

“এদলে অসমীয়া নপঢ়ে; ইংৰাজী পঢ়ে, ফলত অসমীয়া ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত একো অৱদান যোগাব নোৱাৰে, আন দলে আকৌ কেৱল অসমীয়াহে পঢ়ে, ইংৰাজী নপঢ়ে; ফলত বিদেশৰ লগত আদান-প্ৰদানত যথেষ্ট বাধাৰ সন্মূখীন হয়।”
[4]

সাংবাদিকৰূপে ড° হীৰেন গোহাঁই[সম্পাদনা কৰক]

ড° হীৰেন গোহাঁই সংবাদ সেৱাৰ লগতো জড়িত আছিল। বিভিন্ন বাতৰি কাকত আৰু আলোচনীৰ লগত তেখেত জড়িত। তেখেতে নতুন পৃথিৱী(১৯১৭-১৯৭৩), পদাতিক (১৯৭৪-১৯৭৭), কলাখাৰ (১৯৭৯-১৯৮২), সংকেত প্ৰভৃতি কেইবাখনো আলোচনী আৰু বাতৰি কাকত সম্পাদনা কৰিছিল[4]। সেই সমূহৰ ভিতৰত কেইখনমান বিশেষভাৱে উল্লেখযোগ্য হ’ল তলত উল্লেখ কৰা হ’ল:[4]

নতুন পৃথিৱী - (১৯৭১-১৯৭৩)
পদাতিক - (১৯৭৪-১৯৭৭)
কলাখাৰ - (১৯৭৯-১৯৮২) আৰু
বাৰ্তাপত্ৰ ’সংকেত’।


অন্যান্য কৰ্মৰাজি[সম্পাদনা কৰক]

  • Frontier (কলকাতা), The Telegraph (কলকাতা), Economic and Political Weekly (মুম্বাই), Secular Democracy (দিল্লী), Mainsream (দিল্লী) আদি বাতৰি কাকতত বহুতো প্ৰবন্ধ প্ৰকাশ কৰি আহিছে। তেওঁ বিভিন্ন ছেমিনাৰসমূহত পাঠ কৰা কিছুমান পেপাৰ (ছিমলা) আৰু নেহৰু মেম’ৰিয়েল মিউজিয়ামৰ কাৰ্য-বিৱৰণীত প্ৰকাশিত হৈছে।
  • ১৯৭৪ চনত কলিকতাত অমল ভট্টাচাৰ্য স্মৃতি বক্তৃতা প্ৰদান কৰিছিল।
  • ১৯৯১ চনত তেওঁ কলিকতাত Centre for Studies in Social Science-ত সখাৰাম গনেশ দেউক্ৰৰ স্মাৰক বক্তৃতা প্ৰদান কৰে।

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

ড° হীৰেন গোহাঁই ৰাজনীতিৰ লগতো জড়িত। তেওঁ ১৯৭০-৭৩ চনলৈ আৰু ১৯৭৯-৮২ চনলৈ চি.পি.আই (এম.এল.)ৰ লগতো বিশেষ বিশেষ বিষয়ত সহযোগিতা ৰক্ষা কৰিছে। সম্প্ৰতি আঞ্চলিকতাবাদ ৰাজনৈতি দৰ্শনক এক জনমুখী আৰু গণতান্ত্ৰিক ৰূপ দিয়াত তেওঁ আত্মনিয়োগ কৰিছে।[4]

বঁটা[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  2. "Assamese Intellectuals Angry Over 'Injustice' to Gohain". Outlook. 23 February 2010. http://news.outlookindia.com/items.aspx?artid=675108। আহৰণ কৰা হৈছে: 1 December 2011. 
  3. Jotwani, Motilal Wadhumal (1979). Contemporary Indian literature and society. প্ৰকাশক New Delhi: Heritage. পৃষ্ঠা. 6. OCLC 5898943. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 4.7 4.8 সমীন কলিতা (২০০৮). সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া. পৃষ্ঠা. ১৩৭. 
  5. ইমান তিতা সাগৰৰ পানী গ্ৰন্থৰ তথ্য
  6. "কমল কুমাৰী বঁটা". http://www.bipuljyoti.in/authors/hirengohain.html। আহৰণ কৰা হৈছে: December 05, 2011. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]