হীৰেন ভট্টাচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হীৰেন ভট্টাচাৰ্য
জন্ম ১৯৩২
যোৰহাট, অসম
মৃত্যু ৪ জুলাই, ২০১২
পেচা কবি
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা  ভাৰত
নাগৰিকত্ব ভাৰতীয়
সময় ১৯৫৭-২০১২
উল্লেখনীয় কৰ্মৰাজী সুগন্ধি পখিলা
শ‍ইচৰ পথাৰ মানুহ
উল্লেখযোগ্য বঁটা ১৯৯২: সাহিত্য অকাডেমি বঁটা[1]
২০০০: অসম উপত্যকা সাহিত্য বঁটা
ৱেবছাইট অনুৰাগীৰ ব্লগ পৃষ্ঠা

হীৰেন ভট্টাচাৰ্য (ইংৰাজী: Hiren Bhattacharyaa) (জন্ম:১৯৩২ - মৃত্যু:৪ জুলাই, ২০১২) - অসমৰ এগৰাকী খ্যাতিসম্পন্ন কবি৷ তেখেতৰ দ্বাৰা ৰচিত মুঠ ১৩ খন অসমীয়া ভাষাত কবিতা পুথি আৰু বাংলা ভাষাত ২ খনকৈ কবিতা পুথি প্ৰকাশ পাইছে। ইয়াৰ উপৰিও অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত তেখেতৰ বহুতো কবিতা প্ৰকাশ পাইছে। তেখেতে ১৯৫২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ'ল 'হীৰুদা'৷ তেখেতক সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰ’দালিৰ কবি বুলিও অসমীয়া সাহিত্য জগতত নামাংকন কৰা হৈছে।

জন্ম[সম্পাদনা কৰক]

তেখেতৰ জন্ম হয় ১৯৩২ চনত অসমৰ যোৰহাটত৷ পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য। তেখেতৰ পিতৃ এজন জেইলাৰ আছিল। পৰিয়ালৰ সৈতে অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হোৱাত তেওঁৰ শিক্ষাজীৱন ডিব্ৰুগড়ৰপৰা গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ কেইবাখনো চহৰত অতিবাহিত হৈছিল[2]

মৃত্যু[সম্পাদনা কৰক]

শেষ শয়নত হীৰুদা, চিত্ৰখনত তেখেতৰ সৰ্বশেষ অৰ্ধলিখিত কবিতাটো দেখা গৈছে

২০১২ চনৰ চাৰি জুলাই তাৰিখে হীৰেন ভট্টাচাৰ্যই গুৱাহাটীৰ দিছপুৰ চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰে।

সাহিত্যিক অৱদান[সম্পাদনা কৰক]

হীৰুদা

বহু কম বয়সৰ পৰা কবিতা লিখিবলৈ আৰম্ভ কৰা হী্ৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা প্ৰকাশ হয় ১৯৫৭ চনত৷ ১৯৭২ চনত তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ হয়৷ ইয়াৰ পিছত বিভিন্ন দিনৰ কবিতা (১৯৭৪), কবিতাৰ ৰ'দ (১৯৭৬) আৰু তোমাৰ গান (১৯৭২) সংকলনকেইখন প্ৰকাশ পায় ৷ কবিৰ সুগন্ধি পখিলা (নিৰ্বাচিত কবিতা সংকলন ১৯৮১) আৰু শইচৰ পথাৰ মানুহ (সংগ্ৰহীত কবিতা ১৯৯১), মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকা মাটি তেওঁৰ কবিতাৰ আটাইতকৈ উজ্জল দিশ[2] ৷ ভট্টাচাৰ্যৰ সৰু সৰু কবিতা কিছুমানৰ মাজত থকা এটা সুৰ এটা লয়ৰ কাৰণে পাঠকৰ মনৰ মাজত গভীৰ সাঁচ বহুৱায়৷ প্ৰকৃতি আৰু মানুহ তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু৷ ইয়াৰ বাহিৰেও তেওঁ সৰু সৰু ল'ৰা-ছোৱালীৰ কাৰণে ১৯৯১ চনত ল'ৰা ধেমালি আৰু অকণ ধেমালি প্ৰকাশ কৰে ৷ ’চিত্ৰবন’, ’মনন’ আৰু ’আন্তৰিক’ নামে তিনিখন আলোচনীত তেওঁ সম্পাদনা কৰিছিল।

অন্যান্য[সম্পাদনা কৰক]

মেক্সিম গৰ্কীৰ শতবাৰ্ষিকীত লিখা কবিতা, জ্যোতিপ্ৰসাদৰ সোঁৱৰণীত, বিষ্ণুপ্ৰসাদ ৰাভাৰ আৰোগ্য কামনাত, পুনৰ ৰাভাদেউৰ বিয়োগত, পাবলো নেৰুদাৰ স্মৰণত তেখেতে কেইবাটাও কবিতা ৰচনা কৰিছিল। তেখেতে ভাৰতীয় গণনাট্য সংঘত তেওঁ ৫০ৰ দশকতে সক্ৰিয়ভাৱে জড়িত হৈছিল। তাতেই তেওঁ হেমাংগ বিশ্বাস, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে ব্যক্তিক লগ পাইছিল[3]

১৯৮৬ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ নগাঁও, কামপুৰৰ মাধৱ কন্দলি ক্ষেত্ৰৰ কবি সন্মিলনৰ তেখেত সভাপতি আছিল ।

বঁটা আৰু পুৰস্কাৰ[সম্পাদনা কৰক]

তেওঁৰ সাহিত্য কৰ্মৰ ওপৰত শ্ৰদ্ধা জনাই তেখেতক নিম্নোক্ত বটাঁসমূহৰে সন্মান জনোৱা হয় :-

  1. ১৯৭৬-'বিভিন্ন দিনৰ কবিতা' গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰঘুনাথ চৌধাৰী বঁটা
  2. ১৯৮৫ - 'সুগন্ধি পখিলা' গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা , ভাৰতীয় বিদ্যা ভৱনবালাজী সাহিত্য বঁটা
  3. ১৯৮৭- 'সুগন্ধি পখিলা' গ্ৰন্থৰ বাবে চোভিয়েট দেশ নেহেৰু বটাঁ
  4. ১৯৯২- 'শইচৰ পথাৰ মানুহ' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা , উত্তৰ প্ৰদেশ হিন্দী সংস্থাৰ 'সৌহাদ্য সন্মান' ৷
  5. ১৯৯৩- 'শইচৰ পথাৰ মানুহ' গ্ৰন্থৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ 'বজালিনী বঁটা' ৷
  6. ২০০১- উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসৰ 'অসম উপত্যকা সাহিত্য বঁটা' ৷
  7. ২০১০- অসম চৰকাৰৰ গণেশ গগৈ বঁটা ৷
  8. ২০১১- মুম্বাইৰ ৰামনাথ ভট্টাচাৰ্য ফাউণ্ডেচনৰ পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ ৷[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  2. 2.0 2.1 মনোজ বৰপূজাৰী. "হীৰেন ভট্টাচাৰ্যৰ জীৱন আৰু কৃতি". ASSAMESE ONLINE. http://assameseonline.com/Content.php?recordID=6। আহৰণ কৰা হৈছে: January 14, 2012. 
  3. assameseonline.com
  4. আমাৰ অসম'- ৫ জুলাই, ২০১২

বাহ্যিক সংযোগ[সম্পাদনা কৰক]