হেপাটাইটিছ বি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হেপাটাইটিছ বি (Hepatitis B)
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

ইলেক্‌ট্ৰন অণুবীক্ষণ যন্ত্ৰৰে হেপাটাইটিছ বি ভাইৰাছ
আই.চি.ডি.-10 B16,
B18.0-B18.1
আই.চি.ডি.-9 070.2-070.3
OMIM 610424
ডিজিজেছ ডে'টাবে'ছ 5765
মেডলাইন প্লাছ 000279
ইমেডিচিন med/992 ped/978
MeSH D006509

হেপাটাইটিছ বি হৈছে হেপাটাইটিছ বি ভাইৰাছৰ সংক্ৰমণৰ ফলত হোৱা যকৃতৰ প্ৰদাহ (Inflammation) সৃষ্টিকাৰী ৰোগ। পূৰ্বে "ছিৰাম হেপাটাইটিছ" (serum hepatitis) নামৰে জনা যোৱা[1] এই ৰোগে এছিয়া আৰু আফ্ৰিকাৰ কোনো কোনো অঞ্চলত মহামাৰীৰ সৃষ্টি কৰিছে, আৰু চীনত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি।[2] বিশ্বৰ মুঠ জনসংখ্যাৰ এক-তৃতীয়াংশৰ জীৱনকালত এবাৰ হ'লেও সংক্ৰমণ হয়।[3] ইয়াৰে ৩৫০ নিযুত লোক ৰোগটোৰ দীৰ্ঘদিনীয়া বাহক (carrier) হিছাপে থাকে।[4] ভাৰতত এই ৰোগৰ বাহকৰ সংখ্যা প্ৰায় ৪০ নিযুত।[5]

সংক্ৰামক তেজ বা শৰীৰ ৰস (body fluids) যেনে বীৰ্য আৰু যোনী ৰসৰ জৰিয়তে (অসুৰক্ষিত যৌন সম্পৰ্ক) ভাইৰাছটো দেহত প্ৰবেশ কৰে । দীৰ্ঘদিনীয়া বাহকৰ লেলাউটি, চকুপানী আৰু প্ৰস্ৰাৱত ভাইৰাছৰ ডি এন এ ধৰা পেলোৱা হৈছে। উন্নয়নশীল দেশসমূহত মাকৰ পৰাও সন্তানলৈ প্ৰসৱকালত ভাইৰাছবিধ যাব পাৰে।[6] সংক্ৰমণৰ আন কাৰকসমূহ হ'ল চিকিৎসাক্ষেত্ৰত জড়িত থকা, ৰক্ত সঞ্চাৰণ (blood transfusion) আৰু ডায়ালাইচিছ, আকুপাংচাৰ, টাটুকৰণ, দীঘলীয়া বিদেশ ভ্ৰমণ আৰু কোনো চিকিৎসা প্ৰতিষ্ঠানত বসতি।[3][7][8] হাতেৰে চুলে, লগে-ভাগে খালে, চুমা খালে, সৱাটিলে, কাঁহ মাৰিলে, হাঁচি মাৰিলে আৰু দুগ্ধপান কৰালে হেপাটাইটিছ বি ভাইৰাছৰ সংক্ৰমণ নহয়।[9][10]

ৰোগ আৰম্ভ হোৱাৰ ছমাহলৈকে ইয়াক "একিউট" (Acute) সংক্ৰমণ বোলা হয় কাৰণ ৰোগৰ পৰা আৰোগ্য হোৱা গড় সময় ইমানেই। ৬ মাহতকৈ বেছি সময় তেজত ভাইৰাছতো থাকিলে (HBsAg+) তাক "ক্ৰ'নিক" (Chronic) সংক্ৰমণ বুলি কোৱা হয়।[11] একিউট ৰোগৰ ফলত যকৃতৰ প্ৰদাহ, বমি, পাণ্ডুৰোগ, আৰু কাচিৎ মৃত্যু হ'ব পাৰে। ক্ৰ'নিক হেপাটাইটিছ বি-ৰ ফলত পিছলৈ চিৰ'চিছ আৰু যকৃতৰ কৰ্কট ৰোগ হ'ব পাৰে।[12] হেপাটাইটিছ বি প্ৰতিষেধকৰ জৰিয়তে সংক্ৰমণ ৰোধ কৰিব পাৰি।[13]

হেপাটাইটিছ বি ভাইৰাছ এবিধ hepadnavirushepatotropic (যকৃতৰ প্ৰতি আকৰ্ষিত)ৰ পৰা hepa, আৰু dna কাৰণ এইটো এটা ডি এন এ ভাইৰাছ[14]। ইয়াৰ বৃত্তাকাৰ জিন'ম আংশিক দ্বিসূত্ৰীয় (Double stranded) ডি এন এৰে গঠিত। পৰিৱৰ্তিত লিপ্যন্তৰৰ (Reverse transcription) জৰিয়তে এটা মধ্যৱৰ্তী আৰ এন এৰ যোগেদি ভাইৰাছটোৰ অণুকৃত্যায়ন ঘটে। এই প্ৰক্ৰিয়া ৰেট্ৰ'ভাইৰাছৰ লগত মিলে।[15] অণুকৃত্যায়ন যকৃতত ঘটে যদিও ভাইৰাছটো তেজৰে গোটেই শৰীৰত বিয়পি পৰে। সংক্ৰমণ হোৱা ব্যক্তিৰ তেজ পৰীক্ষা কৰিলে ভাইৰেল প্ৰ'টিন আৰু তাৰ বিৰুদ্ধে প্ৰতিকণা পোৱা যায়।[16]

চিহ্ন আৰু লক্ষণসমূহ

হেপাটাইটিছ বি ভাইৰাছৰ একিউট সংক্ৰমণৰ পৰা একিউট ভাইৰেল হেপাটাইটিছ হয়। প্ৰথমতে অৰুচি, আভোক, বমি ভাৱ, বমি, অৱসাদ, গাৰ বিষ, পাতলীয়া জ্বৰ, আৰু গাঢ় ৰঙৰ প্ৰস্ৰাৱৰ পৰা গৈ জণ্ডিছ হয়। সকলো প্ৰকাৰৰ হেপাটাইটিছতে গাৰ খজুৱতি হ'ব পাৰে। কেইসপ্তাহমানৰ পিছত বেছিভাগ মানুহেই আৰোগ্য লাভ কৰে। কেইজনমানৰ ৰোগ বাঢ়ি গৈ যকৃতৰ অসমৰ্থতা আৰু মৃত্যু পৰ্যন্ত ঘটিব পাৰে। কোনো কোনো ক্ষেত্ৰত সংক্ৰমণ লক্ষণমুক্তও হ'ব পাৰে।[17]

হেপাটাইটিছ বি ভাইৰাছৰ ক্ৰ'নিক সংক্ৰমণ লক্ষণমুক্ত হ'ব পাৰে নাইবা যকৃতৰ ক্ৰ'নিক প্ৰদাহে (ক্ৰ'নিক হেপাটাইটিছ) পিছলৈ চিৰ'চিছৰ সৃষ্টি কৰিব পাৰে। ই যকৃতৰ কৰ্কট ৰোগ হোৱাৰো সম্ভাৱনা বঢ়াই তোলে। ক্ৰ'নিক বাহকসকলক মদ্যপানৰ পৰা বিৰত থাকিবলৈ কোৱা হয় কাৰণ ই চিৰ'চিছ আৰু যকৃতৰ কৰ্কট ৰোগৰ সম্ভাৱনা বঢ়ায়। হেপাটাইটিছ বি ভাইৰাছে মেম্‌ব্ৰেনাছ গ্ল'মেৰুল'নেফ্ৰাইটিছ (MGN)ৰ সৃষ্টি কৰিব পাৰে।[18]

১-১০% মানুহৰ যকৃতৰ বাহিৰত অঙ্গত লক্ষণে দেখা দিব পাৰে। সেইসমূহ হ'ল- ছিৰাম চিক্‌নেছ সদৃশ লক্ষণ, একিউট নেক্ৰ'টাইজিং ভাচ্‌কুলাইটিছ (polyarteritis nodosa, এবিধ ৰক্তনলীকাৰ প্ৰদাহ), মেম্‌ব্ৰেনাছ গ্ল'মেৰুল'নেফ্ৰাইটিছ (বৃক্কৰ প্ৰদাহ), আৰু পেপিউলাৰ এক্ৰ'ডাৰ্মাটাইটিছ অৱ চাইল্ডহুড (Gianotti-Crosti syndrome, শিশুকালত হোৱা চালৰ এবিধ ৰোগ)।[19][20] একিউট হেপাটাইটিছ বি-ত ছিৰাম চিক্‌নেছ সদৃশ লক্ষণ জণ্ডিছ হোৱাৰ আগতেই হ'ব পাৰে।[21] ইয়াৰ ক্লিনিকেল চিহ্নসমূহ হৈছে জ্বৰ, চাল ৰঙা পৰা আৰু ৰক্তনলীকাৰ প্ৰদাহ। লক্ষণসমূহ জণ্ডিছ হোৱাৰ পিছত কমি যাব পাৰে বা গোটেই একিউট হেপাটাইটিছৰ সময়ছোৱাজুৰি থাকিব পাৰে।[22] একিউট নেক্ৰ'টাইজিং ভাচ্‌কুলাইটিছ থকা ৩০-৫০% মানুহ হেপাটাইটিছ বি ভাইৰাছ (HBV)ৰ বাহক।[23] HBV-ৰ লগত যুক্ত বৃক্কৰ ৰোগ প্ৰাপ্তবয়স্কতো হয় যদিও ইয়াৰ পৰিঘটনা শিশুত বেছি।[24][25] মেম্‌ব্ৰেনাছ গ্ল'মেৰুল'নেফ্ৰাইটিছ ৰোগ ইয়াৰ ভিতৰত বেছিকৈ হয়।[22] শৰীৰৰ প্ৰতিৰক্ষা তন্ত্ৰৰ প্ৰতিক্ৰিয়াৰ ফলত আন কিছুমান তেজৰ ৰোগ যেনে এচেন্‌ছিয়েল মিক্স্‌ড ক্ৰায়'গ্ল'বুলিনেমিয়া আৰু এপ্লাষ্টিক এনিমিয়া হ'ব পাৰে।[22]

ভাইৰাছবিধ

গঠন

HBVৰ জিন'মৰ গঠন।

হেপাটাইটিছ বি ভাইৰাছ (HBV) "হেপাড্‌নাভাইৰাছ" পৰিয়ালৰ সদস্য।[14] ভাইৰাছটোৰ কণা (ভিৰিঅ'ন) বাহিৰৰ এখন স্নেহ পদাৰ্থৰ আৱৰণ আৰু প্ৰ'টিনেৰে তৈয়াৰী নিউক্লিঅ'কেপ্‌চিড কেন্দ্ৰৰে গঠিত। এই নিউক্লিঅ'কেপ্‌চিডে ভাইৰেল ডি এন এ আৰু পৰিৱৰ্তিত লিপ্যন্তৰৰ ক্ষমতা থকা ডি এন এ পলীমেৰেজক আৱৰি ৰাখে।[15] বাহিৰৰ আৱৰণখনত থকা প্ৰ'টিনবোৰে ভাইৰাছটোক আক্ৰান্ত কোষত লাগি ধৰাত আৰু সোমোৱাত সহায় কৰে। ৪২ nm ব্যাসৰ ভিৰিঅ'নবিশিষ্ট এই ভাইৰাছটো প্ৰাণীজগতৰ সৰু আৱৰণযুক্ত ভাইৰাছৰ অন্যতম। ইয়াৰ আঁহৰ দৰে আৰু গোলাকাৰ বহুৰূপো পোৱা যায়। এই কণাবোৰ সংক্ৰামক নহয়। এইবোৰ স্নেহ পদাৰ্থ আৰু প্ৰ'টিনেৰে গঠিত যি ভিৰিঅ'নৰ উপৰিভাগত থাকে। এইবোৰক পৃষ্ঠ প্ৰতিজনক (surface antigen বা HBsAg) বুলি কোৱা হয়; ভাইৰাছটোৰ জীৱন-চক্ৰত এইবোৰ বেছিকৈ উৎপন্ন হয়।[26]

জিন'ম

HBVৰ জিন'ম বৃত্তাকাৰ ডি এন এ'ৰে গঠিত, কিন্তু এয়া অস্বাভাৱিক কাৰণ ডি এন এ টো সম্পূৰ্ণ দ্বিসূত্ৰীয় (double-stranded) নহয়। সম্পূৰ্ণ দৈৰ্ঘ্যৰ এডাল সূত্ৰ ভাইৰেল ডি এন এ পলীমেৰেজৰ লগত যুক্ত। জিন'মটো ৩০২০-৩৩২০ নিউক্লিঅ'টাইড দীঘল (সম্পূৰ্ণ দৈৰ্ঘ্যৰ সূত্ৰৰ বাবে) বা ১৭০০-২৮০০ নিউক্লিঅ'টাইড দীঘল (চুটি দৈৰ্ঘ্যৰ গুণৰ বাবে)।[27] ঋণাত্মক-ভাৱ (কডিং নকৰা) সূত্ৰ ভাইৰেল বাৰ্তাবাহী আৰ এন এৰ পৰিপূৰক। কোষৰ সংক্ৰমণৰ পিছতেই কোষকেন্দ্ৰত ভাইৰেল ডি এন এ পোৱা যায়। ধনাত্মক-ভাৱ সূত্ৰৰ পৰা আৰ এন এৰ চুটি অংশ এটা আঁতৰি গৈ সম্পূৰ্ণ হ'লে আৰু ঋণাত্মক-ভাৱ সূত্ৰৰ পৰা এটা প্ৰ'টিন অণু আঁতৰি গ'লে আংশিকভাৱে দ্বিসূত্ৰীয় ডি এন এ সম্পূৰ্ণ দ্বিসূত্ৰীয় ডি এন এলৈ পৰিৱৰ্তিত হয়। সংকেত বহন নকৰা ক্ষাৰক (base) ঋণাত্মক-ভাৱ সূত্ৰৰ পৰা আঁতৰ কৰা হয় আৰু মূৰ দুটা লগ লগোৱা হয়। জিন'মটোৱে সংকেত বহন কৰা চাৰিটা জিনৰ কথা জনা যায়- C, X, P, আৰু S। জিন Cয়ে (HBcAg) কেন্দ্ৰীয় প্ৰ'টিনৰ সংকেত দিয়ে। ইয়াৰ সংকেত আৰম্ভ হোৱাৰ আগতে AUG ত্ৰয়ীসংকেতে পূৰ্ব-কেন্দ্ৰীয় প্ৰ'টিন প্ৰস্তুত কৰে। পূৰ্ব-কেন্দ্ৰীয় প্ৰ'টিনৰ ভংগন প্ৰক্ৰিয়াৰে HBeAgৰ সৃষ্টি হয়। P জিনে ডি এন এ পলীমেৰেজৰ সংকেত বহন কৰে। S জিনে HBsAgৰ সংকেত দিয়ে। HBsAg জিনটোত তিনিটা "আৰম্ভণি" (ATG) সংকেত থাকে যি জিনটোক তিনিটা ভাগত ভগায়, pre-S1, pre-S2, আৰু S। একাধিক আৰম্ভণি সংকেত থকা বাবে প্ৰস্তুত হোৱা পলীপেপ্‌টাইডো তিনিটা আকাৰৰ হয়- ডাঙৰ, মজলীয়া আৰু সৰু (pre-S1 + pre-S2 + S, pre-S2 + S, বা S)।[28] X জিনে প্ৰস্তুত কৰা প্ৰ'টিনৰ কাম ভালদৰে জনা নাযায় কিন্তু ই যকৃতৰ কৰ্কট ৰোগৰ বিকাশৰ লগত যুক্ত। ই কোষৰ বৰ্ধনত সহায় কৰে আৰু কোষৰ বৰ্ধন নিয়ন্ত্ৰণ কৰা মৌলবোৰ নিষ্ক্ৰিয় কৰে।[29]

অনুকৃত্যায়ন (Replication)

Hepatitis B virus replication.

হেপাটাইটিছ বি ভাইৰাছৰ জীৱন চক্ৰ জটিল। হেপাটাইটিছ বি হৈছে জ্ঞাত "পাৰাৰেট্ৰ'ভাইৰাছ"সমূহৰ এবিধ: ৰেট্ৰ'ভাইৰাছৰ দৰে যি পৰিৱৰ্তিত লিপ্যন্তৰকৰ (Reverse transcriptase) ব্যৱহাৰ কৰে। ভাইৰাছবিধে এক অজ্ঞাত গ্ৰাহকৰ লগ লাগি কোষত প্ৰবেশ কৰে। ভাইৰেল ডি এন এক কোষকেন্দ্ৰলৈ 'চেপাৰন' নামৰ এবিধ প্ৰ'টিনে স্থানান্তৰ কৰে। আংশিকভাৱে দ্বিসূত্ৰীয় ডি এন এ সম্পূৰ্ণ দ্বিসূত্ৰীয় ডি এন এ হোৱাৰ পিছত বন্ধ বৃত্তাকাৰ ডি এন এলৈ (closed circular DNA -cccDNA) ৰূপান্তৰ হয়। ই চাৰিটা ভাইৰেল এম আৰ এন এ সৃষ্টি কৰা কামত সাঁচ হিচাপে ব্যৱহৃত হয়। আটাইতকৈ দীঘল এম আৰ এন এ-টো জিন'মৰ নতুন কপী, কেপ্‌চিড কেন্দ্ৰীয় প্ৰ'টিন আৰু ভাইৰেল ডি এন এ পলীমেৰেজ সৃষ্টিৰ কামত ব্যৱহাৰ কৰা হয়। আৰু কিছু সালসলনিৰ পিছত এই চাৰিটা ভাইৰেল ট্ৰান্সক্ৰীপ্ট সন্তান ভিৰিঅ'নলৈ ৰূপান্তৰ হয় আৰু কোষৰ পৰা ওলাই যায়। এইবোৰে পুনৰ একেটা প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে।[28][30] দীঘল এম আৰ এন এ-টো কোষপ্ৰৰসলৈ ঘূৰি আহি ভিৰিঅ'ন পি প্ৰ'টিনে পৰিৱৰ্তিত লিপ্যন্তৰেৰে ডি এন এ সৃষ্টি কৰা কামত সহায় কৰে।

চিৰ'টাইপ আৰু জিন'টাইপ

ভাইৰাছটোক ইয়াৰ আৱৰণী প্ৰ'টিনৰ এপীট'পক ভিত্তি কৰি চাৰিটা প্ৰধান ছিৰ'টাইপত (serotype) ভগোৱা হৈছে (adr, adw, ayr, ayw)। আনহাতে জিন'মৰ নিউক্লিঅ'টাইড শৃংখলৰ তাৰতম্যক ভিত্তিম কৰি আঠপ্ৰকাৰৰ জিন'টাইপত ভগোৱা হৈছে (A-H)। জিন'টাইপবোৰৰ নিৰ্দিষ্ট ভৌগোলিক বিতৰণ আছে। গতিকে সেই কথাক ভাইৰাছটোৰ ক্ৰমবিকাশ আৰু সংচাৰণৰ তথ্য উলিয়াবলৈ ব্যৱহাৰ কৰিব পাৰি। জিন'টাইপ বেলেগ বেলগ হ'লে ৰোগৰ তীব্ৰতা, সময়, জটিলতা আৰু চিকিৎসাৰ পদ্ধতিও বেলেগ হ'ব পাৰে।[31][32]

জিন'টাইপবোৰত শৃংখলৰ ৮% তাৰতম্য থাকিব পাৰে। ১৯৮৮ চনত প্ৰথমবাৰৰ বাবে ৬ প্ৰকাৰ আৱিষ্কাৰ হৈছিল: (A-F)[33] আৰু পিছলৈ দুটা প্ৰকাৰ আৱিষ্কাৰ হয় (G and H)।[34] আজিকালি বেছিভাগ জিন'টাইপক উপভাগতো ভগোৱা হয়।[35]

জিন'টাইপ A বেছিকৈ আমেৰিকা, আফ্ৰিকা, ভাৰত আৰু পশ্চিম ইউৰোপত পোৱা যায়। জিন'টাইপ B বেছিকৈ এছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত পোৱা যায়। জিন'টাইপ B1ৰ বিতৰণ জাপানত, B2ৰ চীন আৰু ভিয়েটনামত, B3ৰ ইণ্ডোনেছিয়াত আৰু B4ৰ বিতৰণ ভিয়েটনামত বেছি। এই সকলোবোৰ প্ৰকাৰৰ চিৰ'টাইপ ayw1। B5 ফিলিপাইনছত বেছিকৈ পোৱা যায়। জিন'টাইপ C এছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত বেছি। উপজিন'টাইপ C1 জাপান, কোৰিয়া আৰু চীনত সচৰাচৰ দেখা যায়। C2 উপজিন'টাইপ চীন, দক্ষিণ পূব এছিয়া আৰু বাংলাদেশত, আৰু C3 ওচেনিয়াত দেখা যায়। C4 নিৰ্দিষ্ট ayw3 অষ্ট্ৰেলিয়াৰ থলুৱা লোকত পোৱা যায়।[36] জিন'টাইপ D দক্ষিণ ইউৰোপ, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত পোৱা যায়। ইয়াক আঠটা উপপ্ৰকাৰত (D1–D8) ভগোৱা হৈছে। তুৰ্কীত জিন'টাইপ D বেছিকৈ দেখা যায়। জিন'টাইপ E বেছিকৈ পশ্চিম আৰু দক্ষিণ আফ্ৰিকাত পোৱা যায়। (F1 and F2) উপভাগত ভগোৱা F প্ৰকাৰৰ প্ৰভাৱ মধ্য আৰু দক্ষিণ আমেৰিকাত বেছি। কেন্দ্ৰীয় জিনত ৩৬টা নিউক্লিঅ'টাইড সোমাই থকা জিন'টাইপ G ফ্ৰান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত পোৱা যায়।[37] জিন'টাইপ Hৰ বিতৰণ মধ্য আৰু দক্ষিণ আমেৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফ'ৰ্নিয়াত বেছি। আফ্ৰিকাত পাঁচটা জিন'টাইপ (A-E) পোৱা যায়। ইয়াৰে কেনিয়াত A , ইজিপ্তত B আৰু D, টিউনিছিয়াত D, দক্ষিণ আফ্ৰিকাত A-D আৰু নাইজেৰিয়াত E পোৱা যায়।[36] নতুন বিশ্বত সম্ভৱ H জিন'টাইপ Fৰ পৰা পৃথক হৈছে।[38]

প্ৰক্ৰিয়া

ৰোগ-জনন (Pathogenesis)

হেপাটাইটিছ বি ভাইৰাছে যকৃত কোষ বা হেপাট'চাইটৰ ভিতৰত ন-ন ভাইৰাছ সৃষ্টি কৰি কামত বিঘিনি জন্মায় আৰু যিটো কোষত থাকে তাকে ধ্বংস কৰিবলৈ আৰম্ভ কৰে। কোষৰ আৱৰণত থকা ইয়াৰ গ্ৰাহকৰ বিষয়ে জনা নাযায়, কিন্তু হাঁহৰ একেধৰণৰ হেপাটাইটিছ বি ভাইৰাছৰ বাবে গ্ৰাহক "কাৰ্বক্সীপেপ্‌টিডেইজ" বুলি ভবা হয়।[39][40] HBV ভিৰিঅ'নে (DANE কণা) ভাইৰেল পৃষ্ঠ প্ৰতিজনকৰ preS ড'মেইনৰ জৰিয়তে কোষত খোপনি পুটে আৰু এণ্ড'চাইট'চিছেৰে ভিতৰলৈ সোমায়। এই কামত PreS আৰু IgA গ্ৰাহকৰ অৱদান বেছি। HBV-preS-নিৰ্দিষ্ট গ্ৰাহকবোৰ মূলতঃ যকৃত কোষত থাকে, কিন্তু যকৃতৰ বাহিৰৰ ঠাইতো কোষীয় গ্ৰাহক থাকিব পাৰে কাৰণ ভাইৰেল ডি এন এ আৰু প্ৰ'টিন সেইবোৰ ঠাইতো পোৱা যায়।[41]

HBV সংক্ৰমণত দেহৰ প্ৰতিৰক্ষা ব্যৱস্থাই এহাতে ভাইৰাছটোক নিৰ্মূল কৰিবলৈ চেষ্টা কৰিলেও এই ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ফলত যকৃতৰ কোষৰ ক্ষতি হয়। জন্মগত অসংক্ৰাম্যতাৰ (Innate immunity) অৱদান ইয়াত কম, পিছত সৃষ্টি হোৱা অভিযোজিত অসংক্ৰাম্যতাইহে (Adaptive immunity) ঘাতক T লিম্ফ'চাইটেৰে (CTLs) যকৃতৰ ক্ষতি কৰে। CTLবোৰে সংক্ৰমিত কোষবোৰ মাৰি আৰু এণ্টিভাইৰেল চাইট'কাইন প্ৰস্তুত কৰি HBV সংক্ৰমণ কমায়।[42] যদিও প্ৰথম অৱস্থাত CTLবোৰে যকৃতৰ ক্ষতি কৰে, পিছলৈ প্ৰতিজনক অনিৰ্দিষ্ট প্ৰদাহ কোষবোৰেহে বেছিকৈ এই কামত হাত উজান দিয়ে। ঘটনাস্থলীত সক্ৰিয় হোৱা অণুচক্ৰিকাবোৰে যকৃতত CTLজমা হোৱাত সহায় কৰে[43]

সংচাৰণ

সংক্ৰমিত তেজ বা শৰীৰ ৰসৰ জৰিয়তে হেপাটাইটিছ বি ভাইৰাছৰ সংচাৰণ হয়। সংচাৰণৰ সম্ভাব্য কাৰণ হ'ব পাৰে অসুৰক্ষিত যৌন সম্পৰ্ক, ৰক্ত সঞ্চাৰণ, সংক্ৰামক বেজীৰ ব্যৱহাৰ আৰু জন্মৰ সময়ত মাকৰ পৰা সন্তানলৈ ওলম্ব সৰবৰাহ। কোনো ব্যৱস্থা নল'লে তেজত HBsAg থকা মাকৰ পৰা সন্তানলৈ জন্মৰ সময়ত ভাইৰাছটো যোৱাৰ ২০% সম্ভাৱনা থাকে। তেজত HBeAgও থাকিলে এই হাৰ ৯০%। HBV থকা লেলাউটি আৰু কটা-চিঙা থকা ছাল বা মিউকাছ আৱৰণৰ সংস্পৰ্শ হ'লেও ভাইৰাছবিধ ঘৰৰ মানুহৰ মাজত সৰবৰাহ হোৱাৰ সম্ভাৱনা থাকে।[44][45] তথাপিও প্ৰায় ৩০% হেপাটাইটিছ বি ৰোগৰ ঘটনাক কোনো সম্ভাব্য কাৰকৰ লগত যুক্ত কৰিব নোৱাৰি।[46] প্ৰতিকাৰৰ অৰ্থে দৰব-জাৰি খোৱাৰ পিছত মাকৰ পৰা সন্তানলৈ এই ভাইৰাছ নাযায় বুলি প্ৰমাণিত হৈছে।[47]

ৰোগনিৰ্ণয়

একিউট সংক্ৰমণৰ পিছত তেজত হেপাটাইটিছ বি ভাইৰেল প্ৰতিজনক আৰু প্ৰতিদেহ
ক্ৰ'নিক সংক্ৰমণত তেজত পোৱা হেপাটাইটিছ বি ভাইৰেল প্ৰতিজনক আৰু প্ৰতিদেহ।

এনে ৰোগ নিৰ্ণয়ৰ বাবে কৰা তেজৰ পৰীক্ষাবোৰক "Assay" বুলি কোৱা হয়। ইয়াত তেজ বা চিৰামত ভাইৰেল প্ৰতিজনক (Antigen) বা আক্ৰান্তৰ দেহত সৃষ্টি হোৱা প্ৰতিদেহ (Antibody) ধৰা পেলোৱা হয়। এই পৰীক্ষাবোৰৰ অৰ্থ উলিওৱাটো অলপ জটিল।[48]

হেপাটাইটিছ বি পৃষ্ঠ প্ৰতিজনকক (HBsAg) সচৰাচৰ এই ভাইৰাছ সংক্ৰমণৰ সম্ভেদ পাবৰ বাবে ব্যৱহাৰ কৰা হয়। ই সংক্ৰমণকালত তেজত ধৰা পৰা প্ৰথম ভাইৰেল এণ্টিজেন। কিন্তু সংক্ৰমণৰ প্ৰাৰম্ভিক কালত আৰু পিছৰফালে ই ধৰা নপৰিব পাৰে। ভিৰিঅ'নটোত এটা "কেন্দ্ৰীয় কণা"ই ভাইৰেল জিন'মক আৱৰি থাকে। এই কেন্দ্ৰীয় কণা ১৮০-২৪০ কপী কেন্দ্ৰীয় প্ৰ'টিন বা হেপাটাইটিছ বি ক'ৰ (Core) এণ্টিজেন (HBcAg) বুলি কোৱা হয়। আন মাৰ্কাৰ ধৰা নপৰা ৱিণ্ড' সময়ছোৱাত হেপাটাইটিছ বি ক'ৰ এণ্টিজেনৰ IgM এণ্টিবডী ৰোগটোৰ একমাত্ৰ ছিৰ'ল'জিকেল প্ৰমাণ হ'ব পাৰে।

HBsAgৰ আৱিৰ্ভাৱৰ কিছুসময় পিছতেই হেপাটাইটিছ বি 'ই' প্ৰতিজনকে (HBeAg) ভুমুকি মাৰে। আক্ৰান্তৰ ছিৰামত HBeAg ওলোৱা মানে ন-ন ভাইৰাছৰ সৃষ্টি আৰু বৰ্দ্ধিত সংক্ৰমণ। কিন্তু হেপাটাইটিছ বি ভাইৰাছৰ কিছুমান পৰিৱৰ্তিত ৰূপে 'e' এণ্টিজেন প্ৰস্তুত নকৰে, গতিকে এই নিয়মটোও সদায় নাখাটে। সংক্ৰমণৰ প্ৰাকৃতিক গতিত HBeAgক দেহে চাফা কৰি গৈ থাকিব পাৰে আৰু তাৰপিছত 'e' প্ৰতিজনকৰ প্ৰতিদেহৰ মাত্ৰা (anti-HBe) ততালিকে বাঢ়িব। এই ঘটনাৰ লগে লগে সাধাৰণতে ভাইৰাছৰ অনুকৃত্যায়ন কমিবলৈ ধৰে।

ক্ৰ'নিক হেপাটাইটিছ বি'ত দেখা যোৱা গ্ৰাউণ্ড গ্লাছ হেপাট'চাইট

যদি আক্ৰান্তজনে সংক্ৰমণ আঁতৰাই গৈ থাকিব পাৰে, তেতিয়া ৰHBsA মাত্ৰা কমি ধৰা নপৰা হ'ব, লগতে হেপাটাইটিছ বি পৃষ্ঠ প্ৰতিজনকৰ IgG প্ৰতিদেহ (anti-HBs) আৰু কেন্দ্ৰীয় প্ৰতিজনকৰ প্ৰতিদেহৰ ("anti HBc IgG) মাত্ৰা বাঢ়িব।[14] HBsAg আঁতৰ হোৱা সময় আৰু anti-HBsএ দেখা দিয়া সময়ৰ মাজছোৱাক window period বুলি কোৱা হয়। তেজত HBsAg নথকা কিন্তু anti-HBs থকা মানুহ এজনৰ হয় সংক্ৰমণ নোহোৱা হৈছে বা তেওঁক পূৰ্বে প্ৰতিষেধক দিয়া হৈছে।

তেজত HBsAg ছমাহ পৰ্যন্ত ধৰা পৰা ব্যক্তিক হেপাটাটিছ বি'ৰ বাহক (carrier) বোলা হয়।[49] ভাইৰাছটোৰ বাহকজনৰ ক্ৰ'নিক হেপাটাটিছ বি থাকিব পাৰে যাক তেজত ছিৰাম এলেনাইন এমিন'ট্ৰান্সফাৰেজৰ উচ্চ মাত্ৰা আৰু বায়'প্‌চীত যকৃতৰ প্ৰদাহৰ চিনেৰে ধৰিব পৰা যায়। HBeAg নোহোৱা হৈ পৰা বাহক, বিশেষকৈ সংক্ৰমণ হোৱা প্ৰাপ্তবয়স্ক সকলৰ গাত ভাইৰাছৰ প্ৰজননৰ মাত্ৰা অতি কম আৰু সেইবাবে তেওঁলোকৰ দীৰ্ঘদিনীয়া জটিলতা হ'ব পৰা বা তেওঁলোকে ভাইৰাছটো বিয়পাব পৰা আশঙ্কা কম।[50]

পি চি আৰ পৰীক্ষাবোৰে HBV DNAৰ মাত্ৰা বা "ভাইৰেল বোজা" ধৰা পেলাই জুখিব পাৰে। ব্যক্তিজনৰ সংক্ৰমণৰ অৱস্থা আৰু চিকিৎসাৰ ফলাফল এই পৰীক্ষাইদি জানিব পাৰি।[51] ভাইৰেল বোজা বেছি থকা মানুহৰ যকৃতৰ বায়'প্‌চীত সচৰাচৰ গ্ৰাউণ্ড গ্লাছ হেপাট'চাইট দেখা পোৱা যায়।

প্ৰতিকাৰ

হেপাটাইটিছ বি প্ৰতিৰোধ কৰিবলৈ বিভিন্ন প্ৰতিষেধক আৱিষ্কাৰ কৰা হৈছে। এইবোৰে ভাইৰেল পৃষ্ঠ প্ৰ'টিনৰ (hepatitis B surface antigen বা HBsAg) কোনো এটাক ব্যৱহাৰ কৰে। পূৰ্বে এই প্ৰতিষেধকবোৰ দীৰ্ঘদিনীয়া হেপাটাইটিছ বি সংক্ৰমণত ভুগি থকা মানুহৰ প্লাজমাৰ পৰা প্ৰস্তুত কৰা হৈছিল। কিন্তু আজিকালি তেজৰ অংশ নথকা সাংশ্লেষিক (synthetic) ৰিকম্‌বিনেণ্ট ডি এন এ প্ৰযুক্তিৰে প্ৰতিষেধক প্ৰস্তুত কৰা হয়। এনে প্ৰতিষেধক লৈ হেপাটাইটিছ বি সংক্ৰমণৰ পৰা বাছি থাকিব পাৰি।[52]

নৱজাতকক জন্মৰ ১২ ঘণ্টাৰ ভিতৰত হেপাটাইটিছ বি প্ৰতিষেধক (HBV 1) আৰু হেপাটাইটিছ বি ইমিউন'গ্ল'বুলিন (HBIG), ১-২ মাহ পিছত প্ৰতিষেধকৰ দ্বিতীয় পালি (HBV 2) আৰু ৬ মাহ (২৪ সপ্তাহ) পিছত তৃতীয় পালি দি মাকৰ পৰা হ'ব পৰা সংক্ৰমণৰ হাৰ ২০-৯০%ৰ পৰা ৫-১০% লৈ হ্ৰাস কৰিব পাৰি। ২% নৱজাতকৰ তিনি পালি প্ৰতিষেধক লোৱাৰ পিছতো প্ৰতিৰক্ষা ক্ষমতা সক্ৰিয় নহয়। গতিকে হেপাটাইটিছ বি'ত আক্ৰান্ত হোৱা মাতৃক ৯ মাহত HBsAg আৰু তাৰ প্ৰতিদেহ anti-HBsৰ বাবে পৰীক্ষা কৰা হয়। এই পৰীক্ষাত যদি সন্তান আক্ৰান্ত হ'ব পৰা সম্ভাৱনা ধৰা পৰে তেতিয়া তিনিপালি প্ৰতিষেধক দ্বিতীয়বাৰলৈ দিয়া হয় (০, ১ আৰু ৬ মাহ)। ইয়াৰ পিছত আশঙ্কা থাকিলেও তৃতীয়বাৰলৈ প্ৰতিষেধক দিয়া নহয়।[53][54] ভাৰতীয় শিশুচিকিৎসা পৰিষদৰ অনুমোদিত প্ৰতিষেধক সূচীমতে মাকৰ তেজত HBsAg নাথাকিলে কেঁচুৱাক হেপাটাইটিছ বি'ৰ ছিটা DPTৰ লগতে ৬ সপ্তাহ, ১০ সপ্তাহ আৰু ১৪ সপ্তাহ/৬ মাহত দিয়া হয়। মাকৰ HBsAg মাত্ৰা গম পোৱা নগ'লে কেঁচুৱাৰ জন্মৰ পিছতে প্ৰথমটো ছিটা দিব লাগে।[55]

প্ৰতিষেধক দিয়াৰ পিছত ছিৰামত হেপাটাইটিছ বি পৃষ্ঠ প্ৰতিজনক কেইবাদিনলৈকো বাঢ়ি থাকে। এইটোক "ভেক্‌চিন এণ্টিজেনিমিয়া" বুলি কোৱা হয়।[56] প্ৰতিষেধকটো দুই, তিনি বা চাৰিটা পালিৰ সময়তালিকা অনুসৰি শিশু আৰু বয়স্কক দিয়া হয়। ই ৮৫-৯০% সুৰক্ষা প্ৰদান কৰে।[57] প্ৰতিষেধকৰ প্ৰাথমিক সেৱাৰ পিছত ভাল সঁহাৰি জনোৱা ব্যক্তিৰ ১২ বছৰলৈকে সুৰক্ষা বৰ্তি থকাৰ প্ৰমাণ পোৱা গৈছে আৰু অন্ততঃ ২৫ বছৰলৈকে সেই প্ৰতিৰোধী ক্ষমতা থকাৰ আশা কৰা হৈছে।[58]

হেপাটাইটিছ এৰ দৰে হেপাটাইটিছ বি পানী আৰু খাদ্যৰ পৰা নিবিয়পে। ই শৰীৰ ৰসেৰেহে বিয়পে। গতিকে প্ৰতিকাৰৰ বাবে তেনে সংচাৰণৰ কাৰক এৰাই চলিলেই হ'ল। অসুৰক্ষিত যৌন সম্পৰ্ক, দূষিত বেজীৰ পুনৰ ব্যৱহাৰ আৰু সন্তান জন্মৰ সময়ত ভাইৰাছৰ সৰবৰাহ পৰিহাৰ কৰি হেপাটাইটিছ বি'ক বাধা দিব পাৰি। কেঁচুৱাক জন্মতে প্ৰতিষেধক দিবও পাৰি।[59]

এইবোৰৰ বাহিৰেও বিশ্ব স্বাস্থ্য সংস্থাই যুটীয়া ইমিউন'প্ৰ'ফাইলেক্সীছৰ পৰামৰ্শ দিছে। নৱজাতকৰ পৰা আৰম্ভ কৰি হেপাটাইটিছ বি ইমিউন'গ্ল'বুলিনৰ একাধিক সৰু সৰু পালি দিয়ালে[60][61] বা উচ্চ মাত্ৰাৰ সংক্ৰমিত অৱস্থা থকা HBV কেৰিয়াৰ মাতৃক লেমিভুডিন (lamivudine) গৰ্ভাৱস্থাৰ শেষৰফালে (গৰ্ভধাৰণৰ শেষৰ তিনি মাহ) >১০ কপী/মিলি),[62][63] খুৱালে গৰ্ভাৱস্থাত HBV সংচাৰণ সুন্দৰকৈ প্ৰতিহত কৰিব পাৰি।

চিকিৎসা

একিউট হেপাটাইটিছ বি সংক্ৰমণত সাধাৰণতে কোনো চিকিৎসাৰ প্ৰয়োজন নহয় কাৰণ বেছিভাগ বয়স্ক মানুহৰ প্ৰতিৰোধী ক্ষমতাই নিজে নিজে সংক্ৰমণ আঁতৰ কৰিব পাৰে।[64] সংক্ৰমণ খুব বেছি হ'লে (fulminant হেপাটাইটিছ) বা প্ৰতিৰোধী ক্ষমতা কম থকা অৱস্থাত (immunocompromised) ১%তকৈও কম মানুহৰ ক্ষেত্ৰত সোনকালে ভাইৰাছ নাশক (এণ্টিভাইৰেল) চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে। আনহাতে চিৰ'চিছ আৰু যকৃতৰ কৰ্কটৰ আশঙ্কা কমাবলৈ ক্ৰ'নিক সংক্ৰমণত চিকিৎসাৰ প্ৰয়োজন। দীৰ্ঘদিনীয়া সংক্ৰমণত ভোগা মানুহৰ তেজত ছিৰাম ALT (যকৃতৰ ক্ষতিৰ ইংগিতবাহক) আৰু HBV DNA ৰ উচ্চ মাত্ৰা দেখিলে ততালিকে চিকিৎসা কৰা উচিত।[65] দৰব আৰু জিন'টাইপৰ ওপৰত ভিত্তি কৰি চিকিৎসাৰ সময় ছমাহৰ পৰা এবছৰলৈ হ'ব পাৰে।[66]

উপলব্ধ এটাও দৰবে সংক্ৰমণ নোহোৱা কৰিব নোৱাৰে, সেইবোৰে ভাইৰাছৰ বংশ বৃদ্ধি বন্ধ কৰি যকৃতৰ ক্ষতি কমাবহে পাৰে। বৰ্তমান USFDA সংস্থাই হেপাটাইটিছ বি'ৰ সংক্ৰমণৰ বাবে সাতপ্ৰকাৰৰ ঔষধ ব্যৱহাৰৰ অনুমতি দিছে। সেইবোৰ হৈছে ভাইৰাছ নাশক ঔষধ লেমিভুডিন, এডিফ'ভিৰ, টিন'ফ'ভিৰ আৰু এণ্টেকেভিৰ; আৰু প্ৰতিৰোধী তন্ত্ৰক সবল কৰা ইণ্টাৰফেৰ'ন আলফা-2a আৰু পেগীলেটেড আলফা-2a। সপ্তাহত দুবাৰ বা তিনিবাৰ বেজী দিবলগীয়া ইণ্টাৰফেৰ'নৰ ঠাইত আজিকালি দীৰ্ঘকাল কাম কৰা পেগীলেটেড (PEGylated) ইণ্টাফেৰ'ন ব্যৱহাৰ কৰা হয় যাক সপ্তাহত এবাৰ বেজী দিলেই হয়।[67] কিন্তু ভাইৰাছটোৰ জিন'টাইপ আৰু ব্যক্তিজনৰ বংশগতিক ভিত্তি কৰি চিকিৎসাৰ প্ৰতি সঁহাৰি কম-বেছি হ'ব পাৰে। এই চিকিৎসাৰ ফলত যকৃতত ভাইৰাছৰ বংশবৃদ্ধি কমে আৰু ভাইৰেল বোজা (তেজত পোৱা ভাইৰেল কণাৰ সংখ্যা) কম হয়।[68] ইণ্টাৰফেৰ'ন চিকিৎসাই জিন'টাইপ Aত ৩৭% "e" এণ্টিজেন চিৰ'কন্‌ভাৰ্চন সৃষ্টি কৰিব পাৰে কিন্তু "C" প্ৰকাৰত এই হাৰ মাত্ৰ ১৫%। চিকিৎসাৰ পাছত e এণ্টিজেন বিলোপৰ হাৰ A প্ৰকাৰৰ ক্ষেত্ৰত ~৪৫% কিন্তু C আৰু D প্ৰকাৰত ২৫-৩০%।[69] ভাৰতত ইণ্টাৰফেৰ'ন আৰু লেমিভুডিনেৰে চিকিৎসাকাল দীঘলীয়া (প্ৰায় ২ বছৰ) হোৱাৰ লগতে খৰছো অত্যাধিক বেছি (১,৭৫,০০০-২,০০,০০০ টকা পৰ্যন্ত)।[5]

ৰোগীৰ আহাৰ

হেপাটাইটিছ বি ৰোগীয়ে যকৃতৰ অধিক ক্ষতি নহ'বৰ বাবে মদ্যপান কৰা মানা।[70] বেছিভাগ ৰোগীৰ ক্ষেত্ৰত বিশেষ কোনো আহাৰৰ প্ৰয়োজন নাই, পুষ্টিকৰ আহাৰ গ্ৰহণৰ লগতে শাৰীৰিক বিশ্ৰামহে মূল কথা। তথাপিও হেপাটাইটিছ ফাউণ্ডেশ্যন ইণ্টাৰনেচনেলে পৰামৰ্শ আগবঢ়াইছে যে ৰোগীয়ে বেছিকৈ প্ৰ'টিনযুক্ত আহাৰ (মাছ, মাংস, কণী) আদি খোৱা অনুচিত কাৰণ ই "হেপাটিক এন্‌চিফাল'পেথী" সৃষ্টি কৰি মগজুত প্ৰতিক্ৰিয়া কৰিব পাৰে।[71] খাদ্য কম কেল'ৰিযুক্ত হোৱাৰ লগতে স্নেহ পদাৰ্থ (Fat) আৰু নিমখৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা উচিত।[71] শৰ্কৰাযুক্ত আৰু আঁহযুক্ত খাদ্য তুলনামূলকভাৱে বেছি খাব লাগে। প্ৰতিজৱিক পদাৰ্থ (Antioxidant) বেছি থকা খাদ্য যেনে শাক-পাছলি আৰু ফলমূল খোৱা ভাল। চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধ খোৱা অনুচিত, অন্যথা সাধাৰণ জ্বৰ-বিষৰ ঔষধেও যকৃতৰ ক্ষতি কৰিব পাৰে।


পূৰ্বানুমান

হেপাটাইটিছ বি ভাইৰাছ সংক্ৰমণ একিউট (আপোনাআপুনি ভাল হোৱা) বা ক্ৰ'নিক (দীৰ্ঘদিনীয়া) হ'ব পাৰে। একিউট সংক্ৰমণৰ ক্ষেত্ৰত আক্ৰান্তজনে দুমাহমানৰ ভিতৰত ৰোগৰ পৰা ৰেহাই পায়।

শিশুসকলৰ ক্ষেত্ৰত সংক্ৰমণ কমোৱা সক্ষমতা বয়স্কতকৈ কম। ডাঙৰ শিশু বা বয়স্কৰ সংক্ৰমণ হ'লে ৯৫%তকৈও বেছিভাগে আৰোগ্য লাভ কৰি ভাইৰাছটোৰ বিৰুদ্ধে প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তুলিব। কিন্তু সৰু শিশুসকলৰ ক্ষেত্ৰত এই হাৰ মাত্ৰ ৩০% আৰু মাকৰ পৰা সংক্ৰমণ লাভ কৰা ৫% শিশুৱেহে ভাইৰাছটো আঁতৰাব পাৰিব।[72] এওঁলোকৰ ৪০%ৰ চিৰ'চিছ বা যকৃতৰ কৰ্কট হৈ মৃত্যু হোৱাৰ সম্ভাৱনা থাকে।[67] একৰ পৰা ছয়বছৰ বয়সৰ ভিতৰত সংক্ৰমণ হ'লে ৭০% আক্ৰান্তই আৰোগ্য লাভ কৰিব।[73]

হেপাটাইটিছ ডি (HDV) সংক্ৰমণ কেৱল হেপাটাইটিছ বি'ৰ লগতহে হ'ব পাৰে। HDVয়ে HBVৰ পৃষ্ঠ প্ৰতিজনক ব্যৱহাৰ কৰি কেপ্‌চিড সৃষ্টি কৰে।[74] হেপাটাইটিছ ডি'ৰ লগত সহ-সংক্ৰমণে যকৃতৰ চিৰ'চিছ আৰু কৰ্কটৰ আশঙ্কা বঢ়াই তোলে।[75] প'লীআৰ্‌টেৰাইটিছ ন'ড'ছা হেপাটাইটিছ বি হোৱা ব্যক্তিৰ গাত বেছিকৈ দেখা যায়।

পুনৰ্সক্ৰিয়ন

হেপটাইটিছ বি ভাইৰাছ ডি এন এ সংক্ৰমণৰ পিছতো গাত থাকি যায় আৰু সেইবাবে কিছুমান মানুহৰ পুনৰ এই ৰোগ হ'ব পাৰে।[76] এনে ঘটনা কম দেখা গ'লেও শৰীৰৰ প্ৰতিৰোধী ক্ষমতা কমি থকা মানুহৰ ক্ষেত্ৰত এই আশঙ্কা বেছি।[77] HBVৰ পুনৰ অনুকৃত্যায়ন চক্ৰ আৰম্ভ হ'ব পাৰে। প্ৰায় ৫০% লোকৰ একিউট পুনৰ্সক্ৰিয়ন হয়। তেজত ALTৰ মাত্ৰা 200 UL/L থাকিলে কম মাত্ৰা থকা ব্যক্তিতকৈ এই সম্ভাৱনা তিনিগুণ বেছি। কীম'থেৰাপী গ্ৰহণ কৰি থকা ব্যক্তিৰো পুনৰ্সক্ৰিয়নৰ সম্ভাৱনা বেছি। প্ৰতিৰোধী ক্ষমতা কমোৱা ঔষধেও যকৃতত ঘাতক টি কোষৰ কামত বাধা জন্মাই HBVৰ বংশ বৃদ্ধিত সহায় কৰে।[78]

ৰোগবিতৰণ (Epidemiology)

২০০৪ চনৰ তথ্য অনুসৰি প্ৰতি ১,০০,০০০ বাসিন্দাৰ অক্ষমতা বৰ্ষৰ (ৰোগৰ ফলত হেৰোৱা জীৱনৰ সময়) হিছাপ
  তথ্য নাই
  <১০
  ১০-২০
  ২০-৪০
  ৪০-৬০
  ৬০-৮০
  ৮০-১০০
  ১০০-১২৫
  ১২৫-১৫০
  ১৫০-২০০
  ২০০-২৫০
  ২৫০-৫০০
  >৫০০

২০০৪ চনত পৃথিৱীজুৰি প্ৰায় ৩৫০ নিযুত মানুহ হেপাটাইটিছ বি'ত আক্ৰান্ত আছিল। এছিয়াত আক্ৰান্তৰ হাৰ ১০%তকৈও বেছি, আনহাতে উত্তৰ ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত এই হাৰ ০.৫%তকৈ কম। সংক্ৰমণৰ উপায়বোৰ হৈছে উলম্ব সৰবৰাহ বা vertical transmission (যেনে সন্তান জন্মৰ সময়ত), প্ৰাৰম্ভিক জীৱনৰ পথালি সৰবৰাহ বা horizontal transmission (কামোৰ, ক্ষত আৰু অনাময় অভ্যাস), আৰু প্ৰাপ্তবয়স্কৰ পথালি সৰবৰাহ (যৌন সম্পৰ্ক, সিৰাত নিচাযুক্ত ঔষধ লোৱা)।[79] সৰবৰাহৰ প্ৰাথমিক পদ্ধতিয়ে নিৰ্দিষ্ট অঞ্চলত ক্ৰ'নিক HBV সংক্ৰমণৰ ব্যাপ্তি ফুটাই তোলে। কম ব্যাপ্তিৰ অঞ্চল যেনে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিম ইউৰোপত সংক্ৰমণৰ মুখ্য কাৰণ হৈছে সিৰাত ড্ৰাগ‌ছ ইন্‌জেক্‌চন আৰু অসুৰক্ষিত যৌন সম্পৰ্ক[80] মধ্যমীয়া ব্যাপ্তিৰ অঞ্চল যেনে পূব ইউৰোপ, ৰাছিয়া, জাপান আদিত মূলতঃ শিশুসকলৰ জৰিয়তে সংক্ৰমণ বিয়পে আৰু জনসংখ্যাৰ ২-৭% লোক ক্ৰ'নিক সংক্ৰমণত ভোগে। উচ্চ ব্যাপ্তিৰ অঞ্চল যেনে চীন, ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াত সন্তান জন্মৰ সময়ত সংক্ৰমণ বেছিকৈ হয়।[81] উচ্চ এণ্ডেমিচিটী বা ৰোগৰ নিৰন্তৰ প্ৰবাহ থকা অঞ্চলত ক্ৰ'নিক HBV সংক্ৰমণৰ হাৰ প্ৰায় ৮%। ২০১০ চনৰ তথ্য অনুসৰি কেৱল চীনতে ১২০ নিযুত মানুহ এই ৰোগত ভুগি আছে। ৪০ নিযুত সংক্ৰমিত মানুহেৰে ভাৰতৰ স্থান দ্বিতীয়[82]বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতিবছৰে প্ৰায় ৬,০০,০০০ লোক এই ৰোগত মৃত্যু বৰণ কৰে।[83] কেৱল ভাৰততে এই সংখ্যা প্ৰায় ১,০০,০০০ বুলি ধাৰণা কৰা হয়।[5]

ইতিহাস

১৮৮৫ চনত প্ৰথমে লুৰ্মেনে হেপাটাইটিছ বি'ৰ মহামাৰীৰ কথা উল্লেখ কৰিছিল।[84] ১৮৮৩ চনত ব্ৰেমেনত বৰ আইৰ প্ৰাদুৰ্ভাৱ ঘটিছিল আৰু ১,২৮৯ জন বন্দৰৰ কৰ্মচাৰীক আন মানুহৰ লসিকাৰে প্ৰতিষেধক দিয়া হৈছিল। কেইবাসপ্তাহ পিছৰ পৰা আঠ মাহলৈকে তাৰে ১৯১ জন কৰ্মীয়ে জণ্ডিছত ভোগে আৰু তেওঁলোকৰ হেপাটাইটিছ বি হৈছে বুলি নিৰ্ণয় কৰা হয়। একে উৎসৰ লসিকাৰ প্ৰতিষেধক নোলোৱা আন মানুহবোৰ কিন্তু সুস্থ হৈ থাকিল। এপিডেমিয়'লজীৰ সম্পৰীক্ষাৰ দ্ৰুপদী উদাহৰণ বুলি গণ্য হোৱা লুৰ্মেনৰ নথিত এই কথা প্ৰমাণ হয় যে এই মহামাৰীৰ কাৰণ আছিল দূষিত লসিকা। ১৯০৯ চনত চীফিলিছৰ চিকিৎসাৰ বাবে আৰ্ছফেনামাইন বুলি ঔষধ এটা দিবলৈ হাইপ'ডাৰ্মিক বেজী ব্যৱহাৰ আৰু পুনৰ্ব্যৱহাৰ কৰোঁতে তেনে কেইবাটাও ঘটনা প্ৰত্যক্ষ কৰা হৈছিল। ১৯৬৫ চনত বাৰুছ ব্লাম্‌বাৰ্গ নামৰ বিজ্ঞানীজনে অষ্ট্ৰেলিয়াৰ ভূমিপুত্ৰসকলৰ তেজত অষ্ট্ৰেলিয়া এণ্টিজেন (পিছলৈ হেপাটাইটিছ বি চাৰফেছ এণ্টিজেন বুলি নামাঙ্কিত) আৱিষ্কাৰ কৰে।[85] মেক্‌কালামে ১৯৪৭ চনতে ভাইৰাছটোৰ বিষয়ে সন্দেহ কৰে যদিও[86] ১৯৭০ চনতহে ডি.এছ. ডেন আৰু সতীৰ্থসকলে ইলেক্‌ট্ৰন অণুবীক্ষণ যন্ত্ৰৰে ভাইৰাছ কণাটো আৱিষ্কাৰ কৰে। [87] ১৯৮০ চনৰ আৰম্ভণিত ভাইৰাছটোৰ জিন'ম শৃংখলিত কৰা হয়[88] আৰু প্ৰথম প্ৰতিষেধকৰ পৰীক্ষা কৰা হয়।[89]

সমাজ আৰু সংস্কৃতি

২৮ জুলাইত পালন কৰা বিশ্ব হেপাটাইটিছ দিৱসৰ জৰিয়তে হেপাটাইটিছ বি আৰু চি'ৰ বিষয়ে সজাগতা সৃষ্টি আৰু প্ৰতিকাৰ, ৰোগনিৰ্ণয় তথা চিকিৎসাৰ বাবে উৎসাহ প্ৰদান কৰা হয়। বিশ্ব হেপাটাইটিছ যৌথমঞ্চই ২০০৭ চনৰেপৰা ইয়াৰ নেতৃত্ব লৈ আহিছে। ২০১০ চনৰ মে' মাহৰপৰা বিশ্ব স্বাস্থ্য সংস্থাইও ইয়াৰ প্ৰচাৰত পূৰ্ণ সহযোগ কৰি আহিছে।[90]

তথ্য সংগ্ৰহ

  1. doi:10.1001/jama.276.10.841
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  2. doi:10.1002/hep.21347
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  3. 3.0 3.1 "Hepatitis B". World Health Organization. http://www.who.int/mediacentre/factsheets/fs204/en/index.html। আহৰণ কৰা হৈছে: 2009-09-19. 
  4. "FAQ about Hepatitis B". Stanford School of Medicine. 2008-07-10. http://liver.stanford.edu/Education/faq.html। আহৰণ কৰা হৈছে: 2009-09-19. 
  5. 5.0 5.1 5.2 "Frequently Asked Questions about Hepatitis B Disease & Vaccine". WHO India. August 7, 2008. http://www.whoindia.org/EN/Section6/Section8_26.htm। আহৰণ কৰা হৈছে: March 19, 2012. 
  6. Coopstead, Lee-Ellen C. (2010). Pathophysiology. প্ৰকাশক Missouri: Saunders. পৃষ্ঠা. 886–887. ISBN 978-1-4160-5543-3. 
  7. Sleisenger, MH; Feldman M, Friedman LS (2006). Fordtran's gastrointestinal and liver disease: pathophysiology, diagnosis, management (8th সম্পাদনা). প্ৰকাশক Philadelphia: Saunders. 
  8. Kidd-Ljunggren K, Holmberg A, Bläckberg J, Lindqvist B (December 2006). "High levels of hepatitis B virus DNA in body fluids from chronic carriers". The Journal of Hospital Infection খণ্ড 64 (4): 352–7. doi:10.1016/j.jhin.2006.06.029. PMID 17046105. 
  9. "Hepatitis B". National Institute of Health. http://www.ncbi.nlm.nih.gov/pubmedhealth/PMH0001324। আহৰণ কৰা হৈছে: 2010-11-23. 
  10. "Hepatitis B FAQ — Transmission". U.S. Centers for Disease Control and Prevention. http://www.cdc.gov/hepatitis/B/bFAQ.htm#transmission। আহৰণ কৰা হৈছে: 2011-11-29. 
  11. "Living with Hepatitis B: FAQ". Hepatitis B Foundation. October 21, 2009. http://www.hepb.org/patients/living_with_hepatitis_b.htm। আহৰণ কৰা হৈছে: March 20, 2012. 
  12. doi:10.1016/j.siny.2007.01.013
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  13. doi:10.4065/82.8.967
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  14. 14.0 14.1 14.2 Zuckerman AJ (1996). "Hepatitis Viruses". In Baron S, et al. Baron's Medical Microbiology (4th সম্পাদনা). University of Texas Medical Branch. ISBN 0-9631172-1-1. http://www.ncbi.nlm.nih.gov/books/bv.fcgi?rid=mmed.section.3738. 
  15. 15.0 15.1 doi:10.1055/s-2004-828672
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  16. http://www.hepb.org/patients/hepatitis_b_blood_tests.htm
  17. Terrault N, Roche B, Samuel D (July 2005). "Management of the hepatitis B virus in the liver transplantation setting: a European and an American perspective". Liver Transpl. খণ্ড 11 (7): 716–32. doi:10.1002/lt.20492. PMID 15973718. http://dx.doi.org/10.1002/lt.20492. 
  18. Gan SI, Devlin SM, Scott-Douglas NW, Burak KW (October 2005). "Lamivudine for the treatment of membranous glomerulopathy secondary to chronic Hepatitis B infection". Canadian journal of gastroenterology = Journal canadien de gastroenterologie খণ্ড 19 (10): 625–9. PMID 16247526. 
  19. Dienstag JL (February 1981). "Hepatitis B as an immune complex disease". Seminars in Liver Disease খণ্ড 1 (1): 45–57. doi:10.1055/s-2008-1063929. PMID 6126007. http://www.thieme-connect.com/DOI/DOI?10.1055/s-2008-1063929. 
  20. Trepo C, Guillevin L (May 2001). "Polyarteritis nodosa and extrahepatic manifestations of HBV infection: the case against autoimmune intervention in pathogenesis". Journal of Autoimmunity খণ্ড 16 (3): 269–74. doi:10.1006/jaut.2000.0502. PMID 11334492. http://linkinghub.elsevier.com/retrieve/pii/S0896-8411(00)90502-X. 
  21. Alpert E, Isselbacher KJ, Schur PH (July 1971). "The pathogenesis of arthritis associated with viral hepatitis. Complement-component studies". The New England Journal of Medicine খণ্ড 285 (4): 185–9. doi:10.1056/NEJM197107222850401. PMID 4996611. http://www.nejm.org/doi/abs/10.1056/NEJM197107222850401?url_ver=Z39.88-2003&rfr_id=ori:rid:crossref.org&rfr_dat=cr_pub%3dpubmed. 
  22. 22.0 22.1 22.2 Liang TJ (May 2009). "Hepatitis B: the virus and disease". Hepatology (Baltimore, Md.) খণ্ড 49 (5 Suppl): S13–21. doi:10.1002/hep.22881. PMID 19399811. PMC 2809016. http://dx.doi.org/10.1002/hep.22881. 
  23. Gocke DJ, Hsu K, Morgan C, Bombardieri S, Lockshin M, Christian CL (December 1970). "Association between polyarteritis and Australia antigen". Lancet খণ্ড 2 (7684): 1149–53. PMID 4098431. 
  24. Lai KN, Li PK, Lui SF, et al. (May 1991). "Membranous nephropathy related to hepatitis B virus in adults". The New England Journal of Medicine খণ্ড 324 (21): 1457–63. doi:10.1056/NEJM199105233242103. PMID 2023605. http://dx.doi.org/10.1056/NEJM199105233242103. 
  25. Takekoshi Y, Tanaka M, Shida N, Satake Y, Saheki Y, Matsumoto S (November 1978). "Strong association between membranous nephropathy and hepatitis-B surface antigenaemia in Japanese children". Lancet খণ্ড 2 (8099): 1065–8. PMID 82085. 
  26. doi:10.1099/0022-1317-67-7-1215
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  27. doi:10.1016/j.virusres.2007.02.021
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  28. 28.0 28.1 PMID 17206754 (PubMed)
    Citation will be completed automatically in a few minutes. Jump the queue or expand by hand
  29. Li W, Miao X, Qi Z, Zeng W, Liang J, Liang Z (2010). "Hepatitis B virus X protein upregulates HSP90alpha expression via activation of c-Myc in human hepatocarcinoma cell line, HepG2". Virol. J. খণ্ড 7: 45. doi:10.1186/1743-422X-7-45. PMID 20170530. PMC 2841080. http://www.virologyj.com/content/7//45. 
  30. PMID 17206755 (PubMed)
    Citation will be completed automatically in a few minutes. Jump the queue or expand by hand
  31. doi:10.1016/j.vaccine.2004.10.045
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  32. PMID 8666521 (PubMed)
    Citation will be completed automatically in a few minutes. Jump the queue or expand by hand
  33. Norder H, Courouce AM, Magnius LO (1994). "Complete genomes, phylogenic relatedness and structural proteins of six strains of the hepatitis B virus, four of which represent two new genotypes". Virology খণ্ড 198 (2): 489–503. doi:10.1006/viro.1994.1060. PMID 8291231. 
  34. Shibayama T, Masuda G, Ajisawa A, Hiruma K, Tsuda F, Nishizawa T, Takahashi M, Okamoto H (May 2005). "Characterization of seven genotypes (A to E, G and H) of hepatitis B virus recovered from Japanese patients infected with human immunodeficiency virus type 1". Journal of Medical Virology খণ্ড 76 (1): 24–32. doi:10.1002/jmv.20319. PMID 15779062. 
  35. Schaefer S (January 2007). "Hepatitis B virus taxonomy and hepatitis B virus genotypes". World Journal of Gastroenterology : WJG খণ্ড 13 (1): 14–21. PMID 17206751. http://www.wjgnet.com/1007-9327/13/14.asp. 
  36. 36.0 36.1 Kurbanov F, Tanaka Y, Mizokami M (January 2010). "Geographical and genetic diversity of the human hepatitis B virus". Hepatology Research : the Official Journal of the Japan Society of Hepatology খণ্ড 40 (1): 14–30. doi:10.1111/j.1872-034X.2009.00601.x. PMID 20156297. 
  37. Stuyver L, De Gendt S, Van Geyt C, et al. (January 2000). "A new genotype of hepatitis B virus: complete genome and phylogenetic relatedness". J. Gen. Virol. খণ্ড 81 (Pt 1): 67–74. PMID 10640543. http://vir.sgmjournals.org/cgi/pmidlookup?view=long&pmid=10640543. 
  38. Arauz-Ruiz P, Norder H, Robertson BH, Magnius LO (August 2002). "Genotype H: a new Amerindian genotype of hepatitis B virus revealed in Central America". J. Gen. Virol. খণ্ড 83 (Pt 8): 2059–73. PMID 12124470. http://vir.sgmjournals.org/cgi/pmidlookup?view=long&pmid=12124470. 
  39. সাঁচ:PMC
    Citation will be completed automatically in a few minutes.Jump the queue or expand by hand
  40. PMID 17206752 (PubMed)
    Citation will be completed automatically in a few minutes. Jump the queue or expand by hand
  41. Coffin CS, Mulrooney-Cousins PM, van Marle G, Roberts JP, Michalak TI, Terrault NA (April 2011). "Hepatitis B virus (HBV) quasispecies in hepatic and extrahepatic viral reservoirs in liver transplant recipients on prophylactic therapy". Liver Transpl খণ্ড 17 (8). doi:10.1002/lt.22312. PMID 21462295. 
  42. doi:10.1016/j.jhep.2007.01.007
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  43. doi:10.1038/nm1317
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  44. PMID 791124 (PubMed)
    Citation will be completed automatically in a few minutes. Jump the queue or expand by hand
  45. "Hepatitis B – the facts: IDEAS –Victorian Government Health Information, Australia". State of Victoria. 2009-07-28. http://www.health.vic.gov.au/ideas/diseases/hepb। আহৰণ কৰা হৈছে: 2009-09-19. 
  46. PMID 8392167 (PubMed)
    Citation will be completed automatically in a few minutes. Jump the queue or expand by hand
  47. PMID 21536948 (PubMed)
    Citation will be completed automatically in a few minutes. Jump the queue or expand by hand
  48. PMID 3331068 (PubMed)
    Citation will be completed automatically in a few minutes. Jump the queue or expand by hand
  49. doi:10.1002/hep.21513
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  50. doi:10.1053/j.gastro.2007.08.039
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  51. doi:10.1055/s-2006-951602
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  52. "Hepatitis B Vaccine". প্ৰকাশক Doylestown, Pennsylvania: Hepatitis B Foundation. 2009-01-31. http://www.hepb.org/professionals/hepatitis_b_vaccine.htm। আহৰণ কৰা হৈছে: 2010-03-13. 
  53. "Hepatitis B virus: a comprehensive strategy for eliminating transmission in the United States through universal childhood vaccination. Recommendations of the Immunization Practices Advisory Committee (ACIP)". MMWR Recomm Rep খণ্ড 40 (RR-13): 1–25. November 1991. PMID 1835756. http://www.cdc.gov/mmwr/preview/mmwrhtml/00033405.htm. 
  54. Libbus MK, Phillips LM. Public health management of perinatal hepatitis B virus. Public Health Nursing (Boston, Mass.). 2009;26(4):353–61. doi:10.1111/j.1525-1446.2009.00790.x. PMID 19573214.
  55. "Immunisation Schedule". Indian Academy of Pediatrics. March 1, 2012. http://www.iapindia.org/immunisation/immunisation-schedule। আহৰণ কৰা হৈছে: March 19, 2012. 
  56. doi:10.1086/502449
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  57. Joint Committee on Vaccination and Immunisation (2006). "Chapter 18 Hepatitis B" (PDF). Immunisation Against Infectious Disease 2006 ("The Green Book") (3rd edition (Chapter 18 revised 10 October 2007) সম্পাদনা). প্ৰকাশক Edinburgh: Stationery Office. পৃষ্ঠা. 164. ISBN 0113225288. http://www.dh.gov.uk/en/Publichealth/Healthprotection/Immunisation/Greenbook/DH_4097254?IdcService=GET_FILE&dID=152019&Rendition=Web. 
  58. doi:10.1016/j.tmaid.2006.04.004
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  59. O'Connor, John (2008-10-03). "Hepatitis B Prevention – The Body". Body Health Resources Corporation. http://www.thebody.com/content/art17089.html। আহৰণ কৰা হৈছে: 2009-01-30. 
  60. Shi Z, Li X, Ma L, Yang Y (July 2010). "Hepatitis B immunoglobulin injection in pregnancy to interrupt hepatitis B virus mother-to-child transmission-a meta-analysis". International Journal of Infectious Diseases : IJID : Official Publication of the International Society for Infectious Diseases খণ্ড 14 (7): e622–34. doi:10.1016/j.ijid.2009.09.008. PMID 20106694. 
  61. Li XM, Shi MF, Yang YB, Shi ZJ, Hou HY, Shen HM, Teng BQ (November 2004). "Effect of hepatitis B immunoglobulin on interruption of HBV intrauterine infection". World J Gastroenterol খণ্ড 10 (21): 3215–7. PMID 15457579. 
  62. Li XM, Yang YB, Hou HY, Shi ZJ, Shen HM, Teng BQ, Li AM, Shi MF, Zou L (July 2003). "Interruption of HBV intrauterine transmission: a clinical study". World J Gastroenterol খণ্ড 9 (7): 1501–3. PMID 12854150. 
  63. Shi Z, Yang Y, Ma L, Li X, Schreiber A (July 2010). "Lamivudine in late pregnancy to interrupt in utero transmission of hepatitis B virus: a systematic review and meta-analysis". Obstet Gynecol খণ্ড 116 (1): 147–59. doi:10.1097/AOG.0b013e3181e45951. PMID 20567182. 
  64. Hollinger FB, Lau DT. Hepatitis B: the pathway to recovery through treatment. Gastroenterology Clinics of North America. 2006;35(4):895–931. doi:10.1016/j.gtc.2006.10.002. PMID 17129820.
  65. Lai CL, Yuen MF. The natural history and treatment of chronic hepatitis B: a critical evaluation of standard treatment criteria and end points. Annals of Internal Medicine. 2007;147(1):58–61. PMID 17606962.
  66. Alberti A, Caporaso N (January 2011). "HBV therapy: guidelines and open issues". Digestive and Liver Disease : Official Journal of the Italian Society of Gastroenterology and the Italian Association for the Study of the Liver খণ্ড 43 (Suppl 1): S57–63. doi:10.1016/S1590-8658(10)60693-7. PMID 21195373. 
  67. 67.0 67.1 doi:10.1056/NEJMra0801644
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  68. Pramoolsinsup C. Management of viral hepatitis B. Journal of Gastroenterology and Hepatology. 2002;17(Suppl):S125–45. doi:10.1046/j.1440-1746.17.s1.3.x. PMID 12000599.
  69. Cao GW. Clinical relevance and public health significance of hepatitis B virus genomic variations. World Journal of Gastroenterology : WJG. 2009;15(46):5761–9. PMID 19998495. PMC 2791267.
  70. "Hepatitis B & The Role of Diet". Newsmax. Feb 4, 2011. http://www.newsmax.com/FastFeatures/Hepatitis-B-diet-diet/2011/02/04/id/385048। আহৰণ কৰা হৈছে: March 20, 2012. 
  71. 71.0 71.1 Patricia A. Carter (Jul 30, 2010). "Diet for Hepatitis B". Livestrong.com. http://www.livestrong.com/article/189423-diet-for-hepatitis-b/। আহৰণ কৰা হৈছে: March 20, 2012. 
  72. Bell, S J; Nguyen, T (2009). "The management of hepatitis B" (Free full text). Aust Prescr খণ্ড 23 (4): 99–104. http://www.australianprescriber.com/magazine/32/4/99/104/. 
  73. doi:10.1111/j.1399-3046.2005.00393.x
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  74. doi:10.1016/j.virol.2005.09.033
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  75. PMID 1661197 (PubMed)
    Citation will be completed automatically in a few minutes. Jump the queue or expand by hand
  76. doi:10.1016/j.cld.2007.08.001
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  77. doi:10.1111/j.1365-2893.2007.00902.x
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  78. Bonacini, Maurizio, MD. "Hepatitis B Reactivation". University of Southern California Department of Surgery. http://www.surgery.usc.edu/divisions/hep/livernewsletter-reactivationofhepatitisb.html। আহৰণ কৰা হৈছে: 2009-01-24. 
  79. PMID 15602165 (PubMed)
    Citation will be completed automatically in a few minutes. Jump the queue or expand by hand
  80. doi:10.1086/513435
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  81. doi:10.1055/s-2003-37583
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  82. "40 million infected with Hepatitis B in India". The Hindu. July 26, 2011. http://www.thehindu.com/health/policy-and-issues/article2296173.ece। আহৰণ কৰা হৈছে: March 19, 2012. 
  83. "Healthcare stumbling in RI's Hepatitis fight". The Jakarta Post. 2011-01-13. http://www.thejakartapost.com/news/2011/01/13/healthcare-stumbling-ri’s-hepatitis-fight.html. 
  84. Lurman A (1885). "Eine icterus epidemic" (in German ভাষাত). Berl Klin Woschenschr খণ্ড 22: 20–3. 
  85. PMID 5930797 (PubMed)
    Citation will be completed automatically in a few minutes. Jump the queue or expand by hand
  86. MacCallum, F.O. (1947). "Homologous serum hepatitis". Lancet খণ্ড 2: 691. 
  87. doi:10.1016/S0140-6736(70)90926-8
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  88. doi:10.1038/281646a0
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  89. PMID 6108398 (PubMed)
    Citation will be completed automatically in a few minutes. Jump the queue or expand by hand
  90. http://apps.who.int/gb/ebwha/pdf_files/EB126/B126_R16-en.pdf

বাহ্যিক সংযোগ