হেলচী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


হেলচী
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
পৰ্ব: Magnoliophyta
বৰ্গ: Asterales
পৰিয়াল: Asteraceae
গণ: Enhydra
প্ৰজাতি: E. fluctuans
বৈজ্ঞানিক নাম
Enhydra fluctuans

হেলচী (ইংৰাজী: Helancha) (বৈজ্ঞানীক নাম: Enhydra fluctuans)[1] সামান্য দ, জীপাল ঠাইত হোৱা জলজ উদ্ভিদ। গা-গছৰ ভিতৰখন ধানখেৰৰ দৰে ফোঁপোলা। পাতৰ আকাৰ মাটিকাঁদুৰিতকৈ ডাঙৰ আৰু কোমল। ফুলৰ গঠন থুপি থুপি হয়। ই এবিধ উৎকৃষ্ট শাক। ইয়াৰ কেইবাবিধো ঔষধীয় গুণ আছে।

আবাস[সম্পাদনা কৰক]

হেলচী গছ ক্ৰান্তীয় অঞ্চলৰ (tropical) দ, জেকা স্থান, সাধাৰণতে নৈ, ডোবা, পুকুৰী আদিৰ ওচৰে পাজৰে পোৱা যায়। ইয়াৰ মূল বাসস্থান ভাৰত, ব্ৰাজিল, বাংলাদেশ, ম্যানমাৰ, শ্ৰীলংকা, দক্ষিণ পূৱ এচিয়াৰ দেশসমূহ আদি। ইয়াৰ উপৰিয়ো সমতুল্য জলবায়ুগ্ৰস্ত কিছোমান দেশতো ইয়াক গজোৱা হয়।[2]

উপাদান[সম্পাদনা কৰক]

হেলচীত শতকৰা ২.৯ ভাগ প্ৰটিন, ০.২ ভাগ চৰ্বি, ৫.৫ ভাগ শৰ্কৰা আৰু ২.২ ভাগ লৱণ আছে।[1]

ঔষধীয় গুণ[সম্পাদনা কৰক]

হেলচী শাক খালে শৌচ খোলোচা কৰে। নিয়মীয়াকৈ খালে এইবিধ শাকে হাঁওফাঁও আৰু স্নায়ুতন্ত্ৰৰ শক্তি আৰু ছালৰ শোভা বৰ্ধন কৰে।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 গগৈ, সুনীল (মে' ২০১২). "ভেষজ গুণসম্পন্ন কেইবিধমান জলজ উদ্ভিদ". প্ৰান্তিক খণ্ড XXXI (12): ২৬. doi:১৬ মে. 
  2. "Helancha(Enhydra fluctuans)". http://findmeacure.com/2009/04/04/helanchaenhydra-fluctuans/। আহৰণ কৰা হৈছে: October 03, 2012.