হোমি জেহাঙ্গীৰ ভাভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Homi Bhabha
[[File:Homi Jehangir Bhabha.jpg|225px|alt=|Homi Bhabha (1909-1966)]]
Homi Bhabha (1909-1966)
জন্ম Homi Jehangir Bhabha Hindi: होमी भाभा
৩০ অক্টোবৰ, ১৯০৯
Bombay, British India (present-day India)
মৃত্যু ২৪ জানুৱাৰী, ১৯৬৬ (৫৬ বছৰ)
Mont Blanc, France
বাসস্থান New Delhi, India
নাগৰিকত্ব India
জাতীয়তা Indian
ক্ষেত্ৰ Nuclear Physics
প্ৰতিষ্ঠান Atomic Energy Commission of India
Tata Institute of Fundamental Research
Cavendish Laboratory
Indian Institute of Science
Trombay Atomic Energy Establishment
শিক্ষানুষ্ঠান Elphinstone College
Royal Institute of Science
University of Cambridge
ডক্তৰেল পৰামৰ্শদাতা Ralph H. Fowler
আন academic advisors Paul Dirac
জনা যায় Indian nuclear programme
Cosmic Rays
point particles
উল্লেখনীয় বঁটা Padma Bhushan (1954)
Fellow of the Royal Society[1]
Signature

হোমি জেহাঙ্গীৰ ভাভা (ইংৰাজী: Homi Jehangir Bhabha)ভাৰতৰ এগৰাকী প্ৰসিদ্ধ নিউক্লীয় পদাৰ্থবিজ্ঞানী ৷ তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত পদাৰ্থবিজ্ঞানৰ অধ্যাপক আছিল৷[2][3] Colloquially known as "father of Indian nuclear programme",[4] তাৰোপৰি ভাভা ভাৰতৰ প্ৰসিদ্ধ শিক্ষানুষ্ঠান টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান(TIFR) আৰু ভাভা এট'মিক ৰিচাৰ্ছ ইন্সিটিউটৰ প্ৰতিষ্ঠাপক সঞ্চালক (Director) আছিল৷ [2][4]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯০৯ চনত ভাভাৰ জন্ম হৈছিল বোম্বাই (এতিয়া মুম্বাই) ৰ এটা পাৰ্চি পৰিয়ালত৷ তেওঁৰ দেউতাক এজন উকীল আছিল আৰু মাক বিখ্যাত টাটা পৰিয়ালৰ লগত ওত:প্ৰোতভাৱে জড়িত আছিল৷ [5]

কৰ্মজীৱন[সম্পাদনা কৰক]

তেওঁৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল বোম্বাইৰ কেথেদ্ৰাছ স্কুলত৷ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত তেওঁ ১২ বছৰ কটাইছিল আৰু তাত তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিং,অঙ্কশাস্ত্ৰ,থিয়ৰিটিকেল ফিজিক্স অধ্যয়ন কৰাৰ উপৰিও,পিছৰফালে বিস্তৃতভাৱে "কছমিক ৰে" আৰু "পাৰ্টিকেল ফিজিক্স" সম্পৰ্কে গৱেষণা চলাইছিল৷ ১৯৩৯ চন পযৰ্ন্ত তেওঁ এই গৱেষণাৰ কামত ব্যস্ত আছিল৷ ১৯৩৪ চনৰ কালছোৱাত ভাভাই কিছুদিনৰ বাবে কোপেনহেগেনৰ বহৰাত,জুৰিকৰ পাওলিত আৰু ৰোমৰ ফাৰ্মিত কাম কৰিছিল৷ ভাৰতলৈ ঘুৰি আহি তেওঁ বাংগালোৰভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত বেলুন ব্যৱহাৰ কৰি 'কছমিক ৰে' সম্পৰ্কে পুনৰ ৫ বছৰ ধৰি অধ্যয়ন কৰে৷ ১৯৫৫ চনত জেনেভাত অনুষ্ঠিত শান্তিৰ কাৰণে আণৱিক শক্তি শীৰ্ষক এক সভাত ভাভা সৰ্বসন্মতিক্ৰমে ইউ এন (UN)ৰ অধ্যক্ষ নিৰ্বাচিত হয়৷ তেওঁ ডিয়েনাৰ আন্তৰ্জাতিক আণৱিক শক্তি এজেন্সিৰ গৱৰ্নৰো নিৰ্বাচিত হয়৷ [5]

মৃত্যু[সম্পাদনা কৰক]

১৯৬৬ চনৰ ২৪ জানুৱাৰীত ভাভাই এইএ (Atomic Energy Agency) ৰ এখন সভাত যোগদান কৰিবলৈ যাওঁতে মণ্টব্লেনত তেওঁ উৰাজাহাজ দুৰ্ঘটনাত পতিত হয় আৰু এই বিশ্ববিশ্ৰুত বিজ্ঞানীজনৰ শোকাবহভাৱে মৃত্যু হয়৷ এই বিশ্ববৰেণ্য বিজ্ঞানীজনৰ সোঁৱৰণত ট্ৰম্বেত স্থাপিত এটমিক এনাৰ্জি এষ্টাব্লিছমেণ্ট (Atomic Energy Establishment) নামৰ "ভাভা এটমিক ৰিচাৰ্ছ চেণ্টাৰ" (Bhabha Atomic Research Center) মুকলি কৰা হয়৷[5]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  1. লণ্ডনৰ 'ফেল'অব্ ৰয়েল ছ'চাইটী সন্মান৷
  2. আডাম-প্ৰাইজ (Award of Adam prize)৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. doi:10.1098/rsbm.1967.0002
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  2. 2.0 2.1 Unknown author. "Dr. Homi J. Bhabha" (Google docs). Unknown author, google docs. https://docs.google.com/viewer?a=v&q=cache:HVoPeu6odfUJ:www.tifr.res.in/~hbbccc/download/dlal.pdf+homi+j+bhabha&hl=en&gl=us&pid=bl&srcid=ADGEESg_OFU1JrGX4hYH25HBSxKoFCQMz4PX0aH00h41WaySvR9jOyBkkiCX8NNLBM1_JXXk7HnsaEjXepBgLxn2Nfv55vbLB9T8OQUqNROX7mXXRrhW3MyGXgmQx23OSces1y93clQC&sig=AHIEtbQNXSm4LtPgDgOhZpEeJpD-ItnBPw. 
  3. doi:10.1063/1.3048089
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  4. 4.0 4.1 Richelson, Jeffrey Richelson. "U.S. Intelligence and the Indian Bomb". The National Security Archive, The George Washington University. Published through National Security Archive Electronic Briefing Book No. 187. http://www.gwu.edu/~nsarchiv/NSAEBB/NSAEBB187/index.htm। আহৰণ কৰা হৈছে: 24 January 2012. 
  5. 5.0 5.1 5.2 সুৰেশ চন্দ্ৰ বৰঠাকুৰ (জুন-জুলাই ২০০৬). "আণৱিক শক্তিৰ উদ্ভাৱক (হোমি জেহাঙ্গীৰ ভাভা)". বিজ্ঞান জেউতি খণ্ড ৪১ (১ম সংখ্যা): পৃষ্ঠা ৪০-৪১. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]