হৰেকৃষ্ণ ডেকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হৰেকৃষ্ণ ডেকা
জন্ম ১৯৪৩
পেচা আৰক্ষী বিষয়া, সাহিত্যিক
বঁটা, সন্মান, পুৰস্কাৰ আদি সাহিত্য অকাডেমি বঁটা (১৯৮৭)
অসম উপত্যকা সাহিত্য বঁটা (২০১০)

হৰেকৃষ্ণ ডেকা (১৯৪৩ -) এগৰাকী কবি, চুটি গল্প লেখক, প্ৰবন্ধ লেখক, ঔপন্যাসিক, কবিতাৰ সমালোচক আৰু অধ্যাপক। ছাত্ৰাৱস্থাৰ পৰাই কবিতা আৰু গল্প লিখাত মনোনিবেশ কৰা ডেকাই ৰামধেনু যুগতে নিজৰ সাহিত্যিক প্ৰতিভাৰ পৰিচয় দিছিল।[1] ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হৰেকৃষ্ণ ডেকাই অসম আৰক্ষীৰ মহাপ্ৰধান (DGP) হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।[2] সাহিত্য বিষয়ক আলোচনী 'গৰীয়সী' আৰু ইংৰাজী দৈনিক কাকত 'দ্যা ছেণ্টিনেল'ৰ সম্পাদকৰ দায়িত্বও বহন কৰিছিল। বৰ্তমানেও সাহিত্য জগতৰ লগত তেখেত জড়িত হৈ আছে।[2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

হৰেকৃষ্ণ ডেকাৰ জন্ম হৈছিল ১৯৪৩ চনত। পৈতৃক ঘৰ আছিল বৰ্তমানৰ নলবাৰী জিলাসৰ্থেবাৰী অঞ্চলত।[3] কিন্তু তেখেতৰ শৈশৱ অতিবাহিত হৈছিল তিনিচুকীয়াত। তাতেই তেখেতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।[2] উচ্চ শিক্ষাৰ বাবে প্ৰথমে কটন কলেজ আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা লয়। ১৯৬৫ চনত ইংৰাজী বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে।[2]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৬৫ চনৰ মাজভাগৰপৰা ১৯৬৮ চনলৈ গুৱাহাটীগুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে।[2] ১৯৬৮ চনত 'ভাৰতীয় আৰক্ষী সেৱা'ৰ অসম-মেঘালয় কেডাৰত যোগ দিয়ে। আৰক্ষী সেৱাৰ পৰা অসম আৰক্ষীৰ মহাপ্ৰধান হিচাপে ২০০৫ চনত অৱসৰ গ্ৰহণ কৰে।[2] ২০০৮ চনৰ ডিচেম্বৰ মাহৰপৰা ২০১০ চনৰ নৱেম্বৰ মাহলৈ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা সমিতিৰ (National Security Advisory Board) সদস্য ৰূপে কাৰ্য নিৰ্বাহ কৰে॥[2] চাকৰিৰ পৰা অৱসৰৰ পাছত ডেকাই 'The Sentinel' কাকতৰ সম্পাদক ৰূপে কম সময়ৰ বাবে যোগ দি পাছলৈ সাহিত্য আলোচনী 'গৰীয়সী'ৰ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰে।[2]

সাহিত্য কৰ্ম[2][সম্পাদনা কৰক]

কবিতা পুথি
  • স্বৰেবাৰ
  • ৰাতিৰ শোভাযাত্ৰা, ১৯৭৮
  • আন এজন, (বঙালী আৰু উড়িয়া ভাষালৈ অনূদিত)
  • সানমিহলি বৰ্ণমালা
  • সয়ম্বৰ, ১৯৭২
  • কবিতা ১৯৬০-১৯৮০, ২০০২
  • ভালপোৱাৰ বাবে এষাৰ, ২০০৩
  • সানমিহলি বৰ্ণমালা, ২০১০
  • সময় শব্দ জীৱন আৰু অন্যান্য
  • অন্য সেতুবন্ধ
  • খিৰিকীখনত নিলিখিবা আৰু ল'কডাউনৰ কবিতা
  • তিনিশৰীয়া কবিতা
  • স্বনিৰ্বাচিত কবিতা।
অনুদিত কবিতা পুথি
  • Sea-Scare (ইংৰাজীলৈ অনূদিত কবিতা), ২০০১
  • প্ৰতিসাৰিত ৰশ্মি, ১৯৯২ (ছেইণ্টজন পাৰ্ছি, য়ানিছ ৰিছট'ছ, ভাস্ক' পোপা আৰু জেৰোস্লাভ ছিফাৰ্টৰ কবিতাৰ অনুবাদ)
চুটি-গল্প সংগ্ৰহ
  • প্ৰাকৃতিক আৰু অন্যান্য, ১৯৮৫
  • মধূসূদনৰ দলং, ১৯৯২
  • বন্দীয়াৰ, ১৯৯৬ (উড়িয়া ভাষালৈ অনূদিত)
  • পোষ্টমডাৰ্ণ অথবা গল্প, ২০০১
  • মৃত্যুদণ্ড, ২০০৬
  • গল্প আৰু কল্প (Story and Fiction), ২০০৯
  • স্বৰ্ণবৃষ্টি
  • পাঁচৰ পিঠিত শূণ্য (নিৰ্বাচিত ৫০টা গল্প)
  • স্বনিৰ্বাচিত ২৫টা গল্প
সাহিত্য সমালোচনা
  • আধুনিকতাবাদ আৰু অন্যান্য প্ৰবন্ধ, ১৯৯৮
  • বীক্ষণ আৰু সন্ধান, ২০০০
  • সৃষ্টি আৰু দৃষ্টি, ২০০৬
  • আধুনিক কবিতা,
  • নীলমনি ফুকনঃ কবি আৰু কবিতা, ২০১০
  • অৱলোকন,
উপন্যাস
  • আগন্তুক, ২০০৮
  • যাত্ৰাঃ এখন অসম্পূৰ্ণ উপন্যাসৰ বাৰটা অধ্যায়
  • ডিটেকটিভঃ দুখন ৰহস্য উপন্যাস
সম্পাদিত কিতাপ
  • তৰুণ প্ৰজন্মৰ কবিতা, ২০০৫
সামাজিক বিশ্লেষণ
  • প্ৰব্ৰজন আৰু অণুপ্ৰবেশ, ২০১০
  • সাৰ্বভৌমত্ব, সন্ত্ৰাসবাদ আৰু নাগৰিক সমাজ, ২০১০
  • এই সময়,
স্মৃতিকথা
  • চোতালৰ আঁক-বাক
ইংৰাজীলৈ অনুদিত কবিতা
  • One Hundred Poems of Harekrishna Deka.অনুবাদক: ছাদিকুল ইছলাম
  • Guilt and Other Stories. অনুবাদক: মিত্ৰা ফুকন

স্বীকৃতি আৰু সন্মান[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]