১৬ ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

১৬ ডিচেম্বৰ (ইংৰাজী: 16 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৫০তম (অধিবৰ্ষত ৩৫১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৫৭ - নাটোৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়।
  • ১৯৭১ - পূৱ পাকিস্তান (বাংলাদেশ) গঠনৰ বাবে চলা যুদ্ধত ভাৰতেও অংশ লৈ পশ্চিম পাকিস্তানৰ সেনাক পৰাভূত কৰি আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে।
  • ১৯৯১ - ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ সম্পাদনাত ‘‘এই বাতৰি’’ নামৰ সংবাদপত্ৰখনৰ প্ৰথমটো সংখ্যা প্ৰকাশ পাইছিল।
  • ২০০২ - বলীউডত খ্যাতি লাভ কৰা অসমীয়া অভিনেত্ৰী তথা ছুপাৰ মডেল, দীপান্বিতা শৰ্মা১৬ ডিচেম্বৰ চলচ্চিত্ৰত অভিনয়ৰ দ্বাৰা চলচ্চিত্ৰজগতত খোজ দিয়ে।
  • ২০১২ - ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত দলবদ্ধ ধৰ্ষণ আৰু হত্যা, যাক সাধাৰণতে নিৰ্ভয়া গোচৰ বুলি কোৱা হয। সেইদিনা দক্ষিণ-পশ্চিম দিল্লীৰ অন্তৰ্গত মুনিৰকাত এক ধৰ্ষণ আৰু মাৰাত্মক আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া জ্যোতি সিঙ নামৰ এগৰাকী ২২ বছৰীয়া ফিজিঅ'থেৰাপী ইণ্টাৰ্নক তেওঁ বন্ধুৰ(পুৰুষ) সৈতে যাত্ৰা কৰি থকা এখন ব্যক্তিগত বাছত প্ৰহাৰ কৰি দলবদ্ধ ধৰ্ষণ কৰা হৈছিল আৰু অত্যাচাৰ কৰা হৈছিল। বাছখনত চালকসহ আন ছয়জন আছিল, যাৰ সকলোৱে মহিলাগৰাকীক ধৰ্ষণ কৰিছিল আৰু তেওঁৰ বন্ধুক প্ৰহাৰ কৰি পথৰ দাঁতিত পেলাই থৈ গৈছিল। মুমূৰ্ষ অৱস্থাত পৰি থকা দুয়োকে চিকিৎসাৰ বাবে ততাতৈয়াকৈ দিল্লীৰ চফদৰজং চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু আক্ৰমণৰ এঘাৰ দিন পিছত জ্যোতি সিঙক ছিংগাপুৰলৈ স্থানান্তৰ কৰা হৈছিল, য'ত দুই দিন পিছত তেওঁ মৃত্যুবৰণ কৰিছিল। এই ঘটনাই ব্যাপকভাৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
  • ২০১৪ - পাকিস্থানৰ পেছাৱৰত সন্ত্ৰাসবাদীয়ে আৰ্মি পাব্লিক স্কুলত কৰা অতৰ্কিত আক্ৰমণত মুঠ ১৪১ জন নিৰীহ লোকৰ প্ৰাণ হানি হয়, যাৰ মাজত মুঠ ১২৩ জন ছাত্ৰ-ছাত্ৰী থিতাতে নিহত হয়।

জন্ম[সম্পাদনা কৰক]

  • ১৭৭৫ - জেন অষ্টিন, বিখ্যাত ইংৰাজ লেখিকা। প্ৰাইড এণ্ড প্ৰিজুডিছ তেওঁৰ এখন প্ৰসিদ্ধ গ্ৰন্থ।
  • ১৮৪০ - উমেশচন্দ্ৰ দত্ত, ভাৰতীয় সমাজ সংস্কাৰক।
  • ১৮৭২ - কনকলাল বৰুৱা, অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ তথা প্ৰত্নতাত্বিক। ১৮৯৪ চনত বি এল উপাধি লৈ গুৱাহাটীত ওকালতি আৰম্ভ কৰা কনকলাল বৰুৱাই পিছলৈ ১৯২৯ চনত ব্যৱস্থাপক সভাৰ সভ্য নিৰ্বাচিত হৈ স্বায়ত্ব শাসন বিভাগৰ মন্ত্ৰীত্ব পদ লাভ কৰে। সেইসময়ৰ ব্ৰিটিছ চৰকাৰে তেওঁক কামত সন্তুষ্ট হৈ ৰায় বাহাদুৰ উপাধি প্ৰদান কৰিছিল। কামৰূপ অনুসন্ধান সমিতিৰ লগত ঘনিষ্ঠভাৱে জড়িত বৰুৱাই হেমচন্দ্ৰ গোস্বামীৰ মৃত্যুৰ পিছত কেইবাবছৰো এই সমিতিৰ সভাপতিৰ পদত আছিল আৰু এই সমিতিৰ মুখপত্ৰ Journal of the Assam Research Society ১৯৩৩ চনৰপৰা তেওঁৰ যত্নতে প্ৰকাশ পায়। ১৯৩৩ চনত প্ৰকাশিত Early History of Kamrup তেওঁ জীৱনৰ কীৰ্তিস্তম্ভ। ১৯২৪ চনত অসম সাহিত্য সভাৰ ডিব্ৰুগড়ত বহা অধিবেশনৰ সভাপতি আছিল। ইয়াৰ উপৰি ৰয়েল এচিয়াটিক ছ'ছাইটি অৱ বেংগল, ৰয়েল এচিয়াটিক ছ'ছাইটি অৱ গ্ৰেট ব্ৰিটেইন এণ্ড আয়াৰলেণ্ড, ৰয়েল ইক'নমিক ছ'ছাইটি অৱ লণ্ডনৰ দৰে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সদস্য আছিল। ১৯৩৯ চনত কলিকতাত ইণ্ডিয়ান হিষ্টৰিকেল ৰেকৰ্ডচ কমিছনৰ সদস্য হিচাপে অধিবেশনত যোগ দিবলৈ গৈ তাতে ১৯৪০ চনৰ ৮ জানুৱাৰীত মৃত্যু হয়।
  • ১৮৬৬ - ৱাছিলি কেন্দিস্কি, প্ৰভাৱশালী ৰুছ চিত্ৰশিল্পী।
  • ১৯১৭ - আৰ্থাৰ চি ক্লাৰ্ক, ইংৰাজ লেখক।
  • ১৯৪০ - মাধুৰী চট্টোপাধ্যায়, বঙালীভাষী ভাৰতীয় সঙ্গীত শিল্পী। ১৯৬০, ৭০ আৰু ৮০ ৰ দশকত জনপ্ৰিয় বাংলা ভাষাত কণ্ঠদান কৰা গীত, গজল, বঙালী আধুনিক গীত, শাস্ত্ৰীয় সংগীত আৰু ৰবীন্দ্ৰ সংগীতত তেওঁৰ অৱদানৰ বাবে মাধুৰী চট্টোপাধ্যায় চিৰদিনলৈ স্মৰণীয় হৈ ৰ'ব। তেওঁ কেইখনমান বাংলা চলচ্চিত্ৰৰ বাবে নেপথ্য গায়িকা আছিল। পিছলৈ তেওঁ কণ্ঠদান কৰা গীতসমূহ একত্ৰিত কৰি শ্যামা সংগীত নামেৰে এলবাম তৈয়াৰ কৰিছিল। মৃত্যু ১৯ অক্টোবৰ, ২০১৩।
  • ১৯৮৬ - হৰ্ষদীপ কৌৰ, ভাৰতীয় সংগীতশিল্পী।

মৃত্যু[সম্পাদনা কৰক]

  • ৭০৫ - উ জেতিয়ান, চীনৰ টাং ৰাজবংশৰ শাসক।
  • ১৯৩৯ - আনন্দ চন্দ্ৰ আগৰৱালা, অসমৰ এগৰাকী লেখক, কবি, ইতিহাসবিদ আৰু প্ৰশাসনিক বিষয়া আছিল। তেওঁ কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ সুন্দৰ ভাঙনি কৰাৰ বাবে ভাঙনি কোঁৱৰ নাম পাইছিল। তেওঁ ১৯৩৪ চনত মঙ্গলদৈত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। সেইসময়ৰ ব্ৰিটিছ চৰকাৰে তেওঁক ১৯১৬ চনত ৰায় চাহাব আৰু ১৯২১ চনত ৰায় বাহাদুৰ উপাধিৰে সন্মানিত কৰে। তেওঁৰ প্ৰকাশিত কবিতা পুথি জিলিকনি ১৯২০ত প্ৰকাশ পাইছিল। ইয়াৰ উপৰি "কোমল পাঠ(১৯১০)", "আদি পাঠ(১৯২০)" আদি দুখনমান পাঠ্যপুথিও ৰচনা কৰিছিল। জন্ম ৫ ছেপ্তেম্বৰ, ১৮৭৪ কলংপুৰ মৌজাত (বিশ্বনাথ জিলা)।
  • ১৯৬৫ - ছমাৰছেট মম, কুৰি শতিকাৰ ইংৰাজ লেখক, নাট্যকাৰ, ঔপন্যাসিক।
  • ২০২৩ - জয়ন্ত দাস, অসমীয়া অভিনেতা।

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]