২২ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২২ আগষ্ট দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২৩৪ তম (অধিবৰ্ষত ২৩৫ তম) দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ১৩১ টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  1. ১৯২৯ চনৰ আজিৰ দিনটোতে ডিব্ৰুগড় জিলাৰ টিংখাংত প্ৰসিদ্ধ কবি, সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ বৰাৰ জন্ম হয়।
  2. ১৯২২ চনৰ আজিৰ দিনটোতে, গোলাঘাটত সাংবাদিক, গল্পকাৰ, প্ৰবন্ধকাৰ কীৰ্তিনাথ হাজৰিকাৰ জন্ম হৈছিল ৷

মৃত্যু[সম্পাদনা কৰক]

  1. ১৬০২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ মোগল ইতিহাসবিদ তথা সম্ৰাট আকবৰৰ মন্ত্ৰী আবুল ফজলক আততায়ীয়ে হত্যা কৰে।
  2. ১৮১৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ মৃত্যু হয় ।

অনান্য[সম্পাদনা কৰক]

  1. ১৮১৯ চনৰ আজিৰ দিনটোতে আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰাৰ উদ্দেশ্যে প্ৰথম বাষ্পচালিত জাহাজ ‘‘ছাভানা’’ই যাত্ৰা আৰম্ভ কৰিছিল।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]