৫ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

৫ জুলাই (ইংৰাজী: 5 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৬তম (অধিবৰ্ষত ১৮৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৯টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৮১১ - স্পেইনৰ পৰা ভেনিজুৱেলাই স্বাধীনতা লাভ কৰে।
  • ১৯৪৭ - ব্ৰিটিছ সংসদত ভাৰতৰ স্বাধীনতাৰ বিধেয়ক গৃহীত হৈছিল।
  • ১৯৫৪ - অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয় গঠন কৰা হয়।
  • ১৯৬২ - আলজেৰিয়াফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰে।
  • ১৯৭৫ - পৰ্তুগালৰ পৰা কেপ ভাৰ্দেয়ে স্বাধীনতা লাভ কৰে।
  • ১৯৭৭ - পাকিস্তানত সামৰিক অভ্যুত্থান ঘটাই জিয়াউল হক নতুন ৰাষ্ট্ৰপতি হয় আৰু ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভূট্টোক গ্ৰেপ্তাৰ কৰা হয়।
  • ১৯৯৯ - ঢাকা-কলকাতাৰ মাজত প্ৰথম বাছ চলাচল হয়।
  • ২০০৪ - উইম্বলডন চেম্পিয়ন খিতাপ লাভ কৰা ৰ'জাৰ ফেডেৰাৰ ১৫ তম গ্ৰেণ্ডশ্লাম অৰ্জন কৰি বিশ্ব ৰেকৰ্ড কৰে।

জন্ম[সম্পাদনা কৰক]

  • ১৮৮৮ - হাৰ্বাট স্পেনছাৰ গাছাৰ, আমেৰিকান শৰীৰবিদ তথা চিকিৎসক স্পেনছাৰে, ১৯৪৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৯২৭ - ৰাভুৰি ভৰদ্বাজ, ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, কবি আৰু সমালোচক
  • ১৯৪৬ - ৰাম বিলাস পাছৱান, বিহাৰৰ ৰাজনেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী।
  • ১৯৫৫ - সুৰেশ শৰ্মা, অসমীয়া লেখক, সাহিত্যিক আৰু কবি।
  • ১৯৫৮ - বিল ওৱাটাৰছন্, আমেৰিকাৰ ব্যংগচিত্ৰ শিল্পী।
  • ১৯৬০ - অনুপমা বসুমতাৰী, অসমীয়া লেখক, সাহিত্যিক আৰু কবি।
  • ১৯৭৩ - গীতা কাপুৰ, ভাৰতীয় নৃত্য পৰিচালক, কৰিঅ'গ্ৰাফাৰ আৰু টেলিভিছন ব্যক্তিত্ব৷
  • ১৯৯৫ - পি. ভি. সিন্ধু, সম্পূৰ্ণ নাম পুচৰলা ভেংকটা সিন্ধু, ৰিঅ' ডি জেনেইৰ'ত অনুষ্ঠিত ২০১৬ চনৰ গ্ৰীষ্মকালিন অলিম্পিকৰ মহিলাৰ একক বেডমিণ্টনত ৰূপৰ পদক বিজয়ী।

মৃত্যু[সম্পাদনা কৰক]

  • ১৮২৬ - যোছেফ লুই প্ৰুষ্ট, ফ্ৰান্সৰ ৰসায়ন বিজ্ঞানী।
  • ১৯২৭ - এলব্ৰেষ্ট ক'ছেল, নোবেল বঁটা বিজয়ী জাৰ্মান পদাৰ্থ বিজ্ঞানী।
  • ১৯৬৪ - যতীন্দ্ৰনাথ দুৱৰা (যদু), বনফুলৰ কবি হিচাপে খ্যাত। তেখেতৰ দেহাৱসান ঘটে শিৱসাগৰৰ নিজ বাসভৱনত। তেখেত আছিল প্ৰথম অসমীয়া সাহিত্য অকাডেমি বঁটা বিজয়ী।
  • ১৯৬৪ - ড॰ সূৰ্যকুমাৰ ভূঞা (ভানুনন্দন), লণ্ডন বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া ডি লিট, বুৰঞ্জীবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, ৰায়বাহাদুৰ।
  • ১৯৭৯ - এলিজাবেথ ৰায়েন, টেনিছ তাৰকা।
  • ২০২১ - ষ্টেন স্বামী, ভাৰতীয় কেথলিক ধৰ্মযাজক।
  • ২০২১ - দিদি কণ্ট্ৰেক্টৰ, আমেৰিকান স্থপতিবিদ।

দিৱস[সম্পাদনা কৰক]