ৰঙিয়া

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


ৰঙিয়া
—  নগৰ  —
ৰঙিয়া
ৰঙিয়াৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26.47° N 91.63° E
দেশ  ভাৰত
ৰাজ্য অসম
জিলা কামৰূপ
জনসংখ্যা 20,712 (2011)
লিঙ্গ অনুপাত ১.১৭:১ (পুৰুষ:মহিলা) /
সময়াঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০)

ৰঙিয়া (ইংৰাজী: Rangia; বাংলা: রঙ্গিয়া; হিন্দী: रंगिया) ভাৰতঅসম ৰাজ্যৰ কামৰূপ জিলাৰ অন্তৰ্গত এখন নগৰ। ই ৰঙিয়া মহকুমাৰ সদৰ তথা উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ডিভিজনেল হেড কোৱাৰ্টাৰ। নগৰখনৰ মাত্ৰ তিনি কিলোমিটাৰ দূৰত আছে ভাৰতীয় স্থলসেনাৰ ৰেডহৰ্ণ ডিভিজন। গুৱাহাটীৰ পৰা নগৰখনলৈ দূৰত্ব ৫২ কিঃমিঃ। ৰঙিয়া এটা গুৰুত্বপূৰ্ণ ৰেল জংচন। এই ৰেল জংচনক কেন্দ্ৰ কৰিয়ে নগৰখন গঢ়ি উঠিছে।

সূচী

[সম্পাদনা কৰক] ভৌগোলিক বিৱৰণ

ৰঙিয়া ২৬.৪৭ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯১.৬৩ ডিগ্ৰী পূৱ দ্ৰাঘিমাংশত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ৩৯ মিটাৰ। নগৰৰ মাজেৰে বৈ গৈছে বৰলীয়া নৈ।

[সম্পাদনা কৰক] ইতিহাস

'ৰণ' আৰু 'দিয়া' এই দুটা শব্দৰ সংযোগত ৰঙিয়া শব্দৰ উদ্ভৱ হৈছিল। ৰঙিয়া ইতিহাসৰ নিৰৱ সাক্ষী। ইতিহাসৰ বিভিন্ন সময়ত এই অঞ্চলত বিভিন্ন আহোম, কোঁচ, মোগল, গৌড়ৰ শাসক আদি বিভিন্ন ৰাজশক্তিয়ে নিজৰ শক্তি পৰীক্ষা কৰিছিল। ৰণ দিয়া ঠাই বুলিয়ে ইয়াৰ নাম হৈছিল ৰঙিয়া। গৌড়ৰ সেনাপতি তুবৰ্কে আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ আহি ৰঙিয়া নগৰৰ পাঁচ কিঃমিঃ আঁতৰত কোঠ সাজিছিল। সেই কোঠ সজা ঠাইখন গৰীয়াকোঠ গাঁও নামেৰে জনাজাত হ'ল। নগৰখনৰ মাত্ৰ তিনি কিঃমিঃ দূৰত আছিল ৰজা আৰিমত্তৰ ৰাজধানী। চাৰিওদিশে এটা প্ৰকাণ্ড গড় সাজি ৰজা আৰিমত্তই তেওঁৰ ৰাজধানীখন সুৰক্ষিত কৰিছিল। গড়টোক বোলা হৈছিল বৈদ্যৰ গড়। এই বৈদ্যৰ গড় আজিও বিৰাজমান। কিংবদন্তী মতে গড়টো সাজিবলৈ লওঁতে অসংখ্য গুৰি পৰুৱাই হেনো গড়ৰ নিৰ্মাণ-কাৰ্য বাধাগ্ৰস্থ কৰি তুলিছিল। তেতিয়া এজন নিসন্তান বৈদ্যই মন্ত্ৰবলেৰে গুৰি পৰুৱাবোৰ আঁতৰ কৰি নিৰ্মাণ-কাৰ্য সুচল কৰি তুলিছিল। কিছুমান ঐতিহাসিকৰ মতে ৰজা আৰিমত্তৰে আন এটা নাম বৈদ্যদেৱ। কিছুমানৰ মতে বৈদ্যদেৱ আছিল বংগৰ সেনাপতি। এই সেনাপতিজনে গড়টো নিৰ্মাণ কৰিছিল; আৰিমত্তই মাথো ইয়াৰ পুনৰ্নিমাণ কৰিছিল। ইতিহাসৰ এক ট্ৰেজিক চৰিত্ৰ ৰজা আৰিমত্তৰ সৈতে জড়িত বিভিন্ন কিংবদন্তীৰে ৰঙিয়াৰ বুকু চপচপীয়া হৈ আছে। বৃটিছে অন্যায়ভাৱে বঢ়োৱা ভূমি কৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ঊনৈশ শতিকাৰ শেহৰ পিনে নগাঁও জিলাৰ ফুলগুৰি, দৰং জিলাৰ পথৰুঘাট আদি ঠাইত ৰাইজ সংগঠিত হৈছিল। ৰঙিয়াতো ১৯৯৪ত ৰাইজমেল পাতি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰিছিল আৰু বৃটিছৰ চিপাহীৰ হাতত নিৰিহ কৃষকে প্ৰাণ বলিদান দিছিল। [1]

[সম্পাদনা কৰক] জনসংখ্যা

২০১১চনৰ লোকপিয়ল অনুসৰি ৰঙিয়া নগৰৰ জনসংখ্যা ২০,৭১২জন। [2]

[সম্পাদনা কৰক] যাতায়ত

ৰঙিয়া জংচন

ৰঙিয়াৰ মাজেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। নগৰখনৰ পৰা আন এটা প্ৰধান অন্তৰাষ্ট্ৰীয় ঘাইপথ গৈছে ভাৰত-ভূটান সীমান্তৰ দৰঙালৈ। এই পথটোৱে ভূটানৰ ফুণ্টচোলিং নগৰক সংযোগ কৰিছে। ৰঙিয়া এটা গুৰুত্বপূৰ্ণ ৰেল ষ্টেচন। এই ষ্টেচনৰ পৰা দিল্লী, মুম্বাই, কোলকাটা, চেন্নাই, বাঙ্গালুৰু, থিৰু অনন্তপুৰম আদি ভাৰতৰ প্ৰায় আটাইবোৰ প্ৰধান মহানগৰৰ সৈতে পোনপটীয়া ৰেল সংযোগ আছে। ৰঙিয়াৰ পৰা আন এটা শাখা ৰেলপথ গৈছে মুৰ্কংচেলেকলৈ। বৰ্তমান গজ পৰিবৰ্তনৰ কাম চলি থকা এই ৰেলপথটো ১০১২ চনত সম্পূৰ্ণৰূপে ব্ৰডগজলৈ পৰিবৰ্তন হব।[3] [4]ডিব্ৰুগড় জিলাৰ বগীবিলত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি থকা দলংখন সম্পূৰ্ণ হোৱাৰ পাছত এই ৰেলপথটো ডিব্ৰুগড়ৰ সৈতে সংযোজিত হব।

[সম্পাদনা কৰক] উল্লেখযোগ্য শিক্ষানুষ্ঠান

মহাবিদ্যালয়

ৰঙিয়া মহাবিদ্যালয়
  1. ৰঙিয়া মহাবিদ্যালয়[5]
    অঞ্চলটোৰে নহয়, সমগ্ৰ মহকুমাটোৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান। অসমৰ ৰাজনীতিৰ চানক্যস্বৰূপ স্বাধীনতা যুঁজাৰু সিদ্ধিনাথ শৰ্মাৰ নেতৃত্বত ১৯৬৩ চনৰ ৫ আগষ্টত এই মহাবিদ্যালয়ৰ শুভাৰম্ভণী হয়। কলা শাখাৰে আৰম্ভ কৰা ৰঙিয়া মহাবিদ্যালয়ত ১৯৮৫ চনত বিজ্ঞান শাখা আৰু ১৯৯৬ চনত বাণিজ্য শাখা মুকলি কৰা হয়। ২০০৪ চনত NAACএ B++ গ্ৰেড প্ৰদান কৰে।
  2. মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়
  3. ৰঙিয়া আৰবী মহাবিদ্যালয়
    অসমৰ প্ৰথম আৰবী মহাবিদ্যালয়। মিচৰৰ কাইৰোত অৱস্থিত আল আজহাৰ বিশ্ববিদ্যালয়ৰ পৰা ইচলামিক বিষয়ত উচ্চশিক্ষা গ্ৰহণ কৰা ইচলামুদ্দিন (এম.এ, এম.এম, এম.টি.এইচ) নামৰ এগৰাকী শিক্ষাবিদৰ প্ৰচেষ্টাত ১৯৫৫ চনত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল।
  4. ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়
  5. ৰঙিয়া আইন মহাবিদ্যালয়

উচ্চ/ উচ্চতৰ মাধ্যমিক বিদ্যালয়

  1. ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়
  2. কেন্দ্রিয় বিদ্যালয়
  3. জৱাহৰলাল নেহৰু প্রাথমিক বিদ্যালয়
  4. ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  5. ৰঙিয়া মাদ্ৰাচা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  6. আৰিমত্ত বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়
  7. ৰঙিয়া হিন্দী উচ্চ মাধ্যমিক বিদ্যালয় (হিন্দী মাধ্যম)
  8. ৰেলৱে উচ্চ মাধ্যমিক বিদ্যালয় (বাংলা মাধ্যম)
  9. বংশীধৰ চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয় (বড়ো মাধ্যম)

বেচৰকাৰী বিদ্যালয়/ কনিষ্ঠ মহাবিদ্যালয়

  1. শংকৰদেৱ শিশু নিকেতন
  2. শংকৰাচাৰ্য বিদ্যানিকেতন
  3. হলিচাইল্ড ইংলিছ স্কুল(ইংৰাজী মাধ্যম)
  4. দেৰাজুদ্দিন আহমেদ মেমৰিয়েল একাডেমী (কনিষ্ঠ মহাবিদ্যালয়)
  5. মডাৰ্ণ ইংলিচ স্কুল (ইংৰাজী মাধ্যম)
  6. আম্বেদকাৰ লোটাচ ইংলিচ স্কুল (ইংৰাজী মাধ্যম)
  7. প্ৰাগমেটিক একাডেমী (কনিষ্ঠ মহাবিদ্যালয়)
  8. ফেকাল্টি একাডেমী (কনিষ্ঠ মহাবিদ্যালয়)
  9. চিমবিঅ'চিচ একাডেমী (কনিষ্ঠ মহাবিদ্যালয়)
  10. চার্চ পাবলিক স্কুল(ইংৰাজী মাধ্যম)
  11. লিটিল এঞ্জেল স্কুল(ইংৰাজী মাধ্যম)
  12. ফাতেমা কনভেন্ট স্কুল(ইংৰাজী মাধ্যম)

অন্যান্য শিক্ষানুষ্ঠান

  1. বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ

[সম্পাদনা কৰক] সামাজিক অনুষ্ঠান

  1. ৰঙিয়া আলোচনী সভা (অসম সাহিত্য সভাৰ অন্তৰ্গত শাখা সভা)
  2. নৱসূৰুয পুথিভঁৰাল
    ৰঙিয়া তিনিআলিৰ এই অনুষ্ঠানটো সাহিত্যক-সাংস্কৃতিক কাৰ্য-কলাপেৰে জড়িত। তথ্য জনাৰ অধিকাৰ আইন জনপ্ৰিয় কৰাত এই অনুষ্ঠানটোৱে প্ৰশংসনীয় ভূমিকা গ্ৰহণ কৰিছে।
  3. স্বৰগোষ্ঠী
    সাংস্কৃতিক অনুষ্ঠান।
  4. প্ৰগতি সংঘ
    সাহিত্যক-সাংস্কৃতিক কাৰ্য-কলাপৰ সৈতে জড়িত ৰঙিয়াৰ আটাইতকৈ পুৰণি অনুষ্ঠান। প্ৰগতি সংঘৰ উদ্যোগত বহুকেইখন নাটকো মঞ্চস্থ হৈ গৈছে।
  5. প্ৰেছ ক্লাৱ
  6. প্ৰেছ গীল্ড

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. "ৰণ দিয়া ৰঙিয়া". পষেক ২য় বছৰ ১২শ সংখ্যা: ৩০, ৩১. ১-১৫ নৱেম্বৰ ১৯৯২. 
  2. "Population of Rangia Town". Kamrup District Authority. http://kamrup.nic.in/glancefr.htm. Retrieved December 29, 2011. 
  3. "Rangia Rangapara Gauge Conversion". http://www.nfrlyconstruction.org/test/progressofworks15.asp. Retrieved January 02, 2012. 
  4. "Gauge conversion to be completed by Mar '12". http://www.mithisnortheast.com/2011/12/gauge-conversion-of-rangiya-rangpara.html. Retrieved January 02, 2012. 
  5. "Rangia College". http://www.rangiacollege.org/. Retrieved December 29, 2011. 
ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত