ৰত্নকান্ত বৰকাকতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰত্নকান্ত বৰকাকতী
জন্ম ২০ জুন, ১৮৯৭
ধিং, নগাঁও জিলা, অসম
মৃত্যু ১৯৬৩ চন
পেচা সাহিত্যিক, কবি
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰণ অসমীয়া সাহিত্য
উল্লেখনীয় কৰ্মৰাজি -শেৱালি (কবিতা পুথি)
-তৰ্পণ (কবিতা পুথি)

ৰত্নকান্ত বৰকাকতী (ইংৰাজী: Ratnakanta Borkakati) অসমীয়া সাহিত্যনৱন্যাস যুগৰ এজন কবি। তেওঁৰ প্ৰথম কবিতা পুথি “শেৱালি’’ৰ নামেৰে তেওঁক শেৱালি কবি হিচাপে জনা যায়। তেওঁ অসম সাহিত্য সভাৰ নাজিৰা অধিৱেশনৰ সভাপতি আছিল৷[1]

জন্ম[সম্পাদনা কৰক]

১৮৯৭ চনৰ ২০ জুন তাৰিখে নগাঁও জিলাৰ ধিং মৌজাৰ আঠগাঁৱত ৰত্নকান্ত বৰকাকতীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ভূধৰ বৰকাকতী আছিল।[2]

শিক্ষা[সম্পাদনা কৰক]

ৰত্নকান্ত বৰকাকতীয়ে ধিঙৰ প্ৰাথমিক বিদ্যালয়ত বুনিয়াদী শিক্ষা গ্ৰহণ কৰি নগাঁৱৰ চৰকাৰী হাইস্কুলত পঢ়ে আৰু তাৰপৰাই ১৯১৫ চনত প্ৰৱেশিকা পাছ কৰে৷ তাৰপিছত তেওঁ কটন কলেজত নাম লগাই পিছত কলিকতাৰ “ৰিপন কলেজ’’লৈ পঢ়িবলৈ যায়৷ কিন্তু ঘৰুৱা দুৰ্যোগৰ বাবে পঢ়া আধৰুৱাকৈ এৰি ১৯১৭ চনত অসমলৈ উভতি আহে৷ পিছত এবাৰ কলিকতাৰ সংস্কৃত কলেজত নাম ভৰ্তি কৰিছিল যদিও শাৰিৰীক অসুস্থতাৰ বাবে উভতি আহিবলগীয়া হয়৷ পিছত তেওঁ “হুগলী কলেজ’’তো নাম ভৰ্তি কৰিছিলগৈ৷ কিন্তু ভাৰতৰ অসহযোগ আন্দোলনৰ বাবে পঢ়া এৰি তেওঁ আন্দোলনত নামি পৰে৷[2]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯১৭ চনত কলিকতাৰ পৰা প্ৰথমবাৰ উভতি আহি নলবাৰী হাইস্কুলত শিক্ষক হিচাপে যোগ দিয়ে৷ তাৰপিছত দ্বিতীয়বাৰ পঢ়িবলৈ কলিতালৈ গৈ উভতি আহি, ধিং মৌজাৰ এক্টিং মৌজাদাৰৰূপে তিনিবছৰমান(১৯২৪-১৯২৭) কাম কৰি পিছত কৃষি কাৰ্যত মনোনিৱেশ কৰে৷ ১৯৩৩ চনৰ পৰা মৌজাদাৰী পাই সেই কামতে জীৱনৰ শেষ সময়লৈ থাকে৷[2]

মৃত্যু[সম্পাদনা কৰক]

১৯৬৩ চনত ৰত্নকান্ত বৰকাকতীৰ মৃত্যু হয়।[2]

সাহিত্যকৃতি[সম্পাদনা কৰক]

অতি কম বয়সতে সাহিত্য চৰ্চাত ব্ৰতীহোৱা বৰকাকতীয়ে সাহিত্যিক জীৱন আৰম্ভ কৰে "উষা" আলোচনীৰ জৰিয়তে। ইয়াৰ উপৰিও বাঁহী আৰু চেতনা আলোচনীতো তেখেতৰ গীতিকবিতা প্ৰকাশ হয়। সাহিত্যাচাৰ্য্য যজ্ঞেশ্বৰ শৰ্মাই বৰকাকতীৰ কবিতাক পাঁচটা ভাগত ভগাইছে (১) প্ৰেম আৰু ভালপোৱা (২)কবি আৰু কাব্য সমন্ধীয় (৩)শোকৰ কবিতা (৪) পৌৰাণিক আৰু ঐতিহাসিক (৫)জীৱন সমন্ধীয় কবিতা[3]
সাহিত্য সমালোচক হিচাপেও তেওঁ অসমীয়া সাহিত্যলৈ বৰঙনি আগবঢ়াই গৈছে৷ বেজবৰুৱাৰ ডালিমী চৰিত্ৰ তেখেতৰ উল্লেখযোগ্য সমালোচনাত্মক লেখা।

প্ৰকাশিত গ্ৰন্থৰাজী[সম্পাদনা কৰক]

  • শেৱালি (১৯৩২) (কবিতা পুথি)
  • তৰ্পণ (১৯৫৩) (কবিতা পুথি)
  • চন্দ্ৰহাৰ (১৯৬৩) (কবিতা পুথি)
  • অন্যান্য- আলাপ (১৯১৯)
  • হিন্দু স্বৰাজ, (১৯২৩)
  • Our Script Question (১৯৫৩)
  • অলকা আৰু চিত্ৰলেখা নামৰ দুখন নাটক৷
  • ৰুবায়েতৰ ৫০টামান অসমীয়া ভাঙনি৷[2]
  • লিপি প্ৰশ্ন (১৯৫৬) [4]

স্বীকৃতি আৰু সন্মান[সম্পাদনা কৰক]

১৯৬৩ চনৰ নাজিৰা অধিৱেশনৰ অসম সাহিত্য সভাৰ সভাপতি[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  2. 2.0 2.1 2.2 2.3 2.4 বৰ্মন, শিৱনাথ (২০১৮). অসমীয়া জীৱনী অভিধান. বনলতা. পৃষ্ঠা. ২১০. ISBN 978-81-7339-428-7. 
  3. "বৰেণ্য, নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী, ২০১২
  4. চেতিয়া, উমেশ (২০১৬). সাহিত্যৰত্ন:এশ একুৰি সাহিত্যিকৰ জীৱনী. কিৰণ প্ৰকাশন. পৃষ্ঠা. ১৫০. 

গ্ৰন্থ সংযোগ[সম্পাদনা কৰক]

  • সঞ্চয়ন (ড॰ মহেশ্বৰ নেওগ, পৃষ্ঠা ৪৩৯)
  • অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত (ড॰ সত্যেন্দ্ৰ নাথ শৰ্মা, পৃষ্ঠা ৩১৮)
  • কবি আৰু কবিতা (ড॰ নন্দ তালুকদাৰ, পৃষ্ঠা ২৩৭)