ৰবিন গুৰুং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰবিন গুৰুং
ব্যক্তিগত তথ্য
জন্ম২৪ অক্টোবৰ, ১৯৯২ (৩১ বছৰ)
জন্মস্থানছিক্কিম, ভাৰত
উচ্চতা1.72 মিটাৰ (U=ft}})
খেলা স্থানডিফেণ্ডাৰ
ক্লাবৰ তথ্য
বৰ্তমানৰ ক্লাবনৰ্থ ইষ্ট ইউনাইটেড
শ্বিলং লাজং
সংখ্যা১৮
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
২০১০-১৩অ' এন জি চি১৯(০)
২০১৩-১৪শ্বিলং লাজং১৯(০)
২০১৪-নৰ্থ ইষ্ট ইউনাইটেড(০)
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ ২ ডিচেম্বৰ ২০১৪।

ৰবিন গুৰুং (ইংৰাজী: Robin Gurung) (জন্ম - ২৪ অক্টোবৰ, ১৯৯২) হৈছে এজন ভাৰতীয় ফুটবল খেলুৱৈ। তেওঁ বৰ্তমান আই-লীগশ্বিলং লাজং দলত আৰু ইণ্ডিয়ান চুপাৰ লীগনৰ্থ ইষ্ট ইউনাইটেড দলত ডিফেণ্ডাৰ হিচাপে খেলে।

কেৰিয়াৰ[সম্পাদনা কৰক]

অ' এন জি চি[সম্পাদনা কৰক]

২০১০ চনৰ ৪ ডিচেম্বৰ তাৰিখে গুৰুঙে আই-লীগৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত কলকাতাছল্ট লেক ষ্টেডিয়ামঅ' এন জি চি দলৰ হৈ ইষ্ট বেংগল দলৰ বিৰুদ্ধে নিজৰ পেছাদাৰী ফুটবল কেৰিয়াৰৰ পাতনি মেলে। খেলখনত অ' এন জি চি ১-০ গ'ল ব্যৱধানত পৰাস্ত হয়।[1] ছিজনৰ শেষত অ' এন জি চি দল আই-লীগৰপৰা অৱনমিত হয়। অৱশ্যে ২০১২ চনত আই-লীগৰ দ্বিতীয় ডিভিজনৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান অধিকাৰ কৰি দলটো পুনৰ আই-লীগৰ মূল ডিভিজনলৈ উন্নীত হয়।[2]

শ্বিলং লাজং[সম্পাদনা কৰক]

২০১৩ চনৰ ১৮ জুলাইত গুৰুং শ্বিলং লাজঙৰ লগত চুক্তিবদ্ধ হয়।[3] এই দলৰ হৈ গুৰুঙে প্ৰথমখন খেল খেলে ২০১৩ চনৰ ২২ ছেপ্টেম্বৰত ডুলেৰ ষ্টেডিয়ামডেম্পোৰ বিৰুদ্ধে। তেওঁ সম্পূৰ্ণ ৯০ মিনিট খেলপথাৰত থাকে আৰু লাজং ৩-০ গ'লত জয়ী হয়।[4]

নৰ্থ ইষ্ট ইউনাইটেড[সম্পাদনা কৰক]

ইণ্ডিয়ান ছুপাৰ লীগৰ বাবে তেওঁ ২০১৪ চনত হিন্দী চলচ্চিত্ৰ তাৰকা জন আব্ৰাহম আৰু শ্বিলং লাজং এফ চিৰ মালিকানাধীন নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ লগত চুক্তিবদ্ধ হয়। ১৩ অ্ক্টোবৰ তাৰিখে গুৱাহাটীইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামকেৰালা ব্লাষ্টাৰ্ছ এফ চি দলৰ বিৰুদ্ধে তেওঁ প্ৰথমখন খেল খেলে আৰু নৰ্থ ইষ্ট ইউনাইটেড ১-০ গ'লত জয়ী হয়।[5]


কেৰিয়াৰ পৰিসংখ্যা[সম্পাদনা কৰক]

ক্লাব[সম্পাদনা কৰক]

২ ডিচেম্বৰ ২০১৪ অনুসৰি
ক্লাব বৰ্ষ আই এছ এল আই-লীগ ফেডাৰেচন কাপ ডুৰাণ্ড কাপ এ এফ চি মুঠ
খেল গ'ল খেল গ'ল খেল গ'ল খেল গ'ল খেল গ'ল খেল গ'ল
নৰ্থ ইষ্ট ইউনাইটেড ২০১৪ - - - - - - - -
শ্বিলং লাজং ২০১৩-১৪ - - ১৯ - - ২১
অ' এন জি চি ২০১২-১৩ - - ১৯ - - - - ১৯
সৰ্বমুঠ ৩৮ ৪৯

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

সাঁচ:নৰ্থ ইষ্ট ইউনাইটেড এফ চি সাঁচ:শ্বিলং লাজং এফ চি