ৰাখী বিৰলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাখী বিৰলা
দিল্লী বিধানসভা
সমষ্টি মংগলপুৰী বিধানসভা সমষ্টি
ব্যক্তিগত তথ্য
জন্ম ১৯৮৭ (বয়স ৩৬–৩৭)
ৰাজনৈতিক দল আম আদমী পাৰ্টী
বাসস্থান দিল্লী

ৰাখী বিৰলা (জন্ম ১৯৮৭) এগৰাকী ভাৰতীয় ভাৰতীয় ৰাজনীতিক। তেওঁ আম আদমী পাৰ্টীৰ সদস্য। ২০১৩ চনৰ দিল্লী বিধানসভাৰ নিৰ্বাচনত ৰাখী বিৰলা দিল্লীৰ মংগলপুৰী বিধানসভা সমষ্টিৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হয়। [1] ৰাখী হৈছে আম আদমী পাৰ্টীৰ পৰা জয় লাভ কৰা কনিষ্ঠতম বিধায়ক আৰু তেওঁ অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত গঠিত দিল্লীৰ মন্ত্ৰীসভাত নাৰী আৰু শিশু, সমাজ কল্যাণ আৰু ভাষা দপ্তৰৰ কেবিনেট মন্ত্ৰী। [2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ৰাখী বিৰলাৰ জন্ম হৈছিল দিল্লীত। তেওঁৰ পিতৃ ভূপেন্দ্ৰ সিং বিধলান আৰু মাতৃ শীলা। পিতৃ-মাতৃৰ চাৰিগৰাকী কন্যা সন্তানৰ ভিতৰত ৰাখী কনিষ্ঠতম। তেওঁ গণসংযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। ৰাখীৰ পৰিয়ালৰ পূৰ্বৰ চাৰিটা প্ৰজন্মই সমাজসেৱাৰ লগত জড়িত। তেওঁৰ আজোককাক সমাজসেৱক হোৱাৰ লগতে তেওঁৰ ককাক ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী আছিল।

কেৰিয়াৰ[সম্পাদনা কৰক]

ৰাজনীতিত প্ৰৱেশৰ আগেয়ে ৰাখীয়ে এটা ব্যক্তিগত বাৰ্তা টেলিভিছন চেনেলৰ সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। কেইটামান সমাজসেৱী সংগঠনৰ সৈতে যুটীয়াভাৱে কৰ্মৰত ৰাখীয়ে তেওঁৰ নিজৰ সম্প্ৰদায় - বাল্মিকী সম্প্ৰদায়ৰ হকেও কাম কৰে।[3]

ৰাজনৈতিক কেৰিয়াৰ[সম্পাদনা কৰক]

২০১৩ চনৰ দিল্লী বিধানসভাৰ নিৰ্বাচনত ৰাখীয়ে তেওঁৰ প্ৰতিদ্বন্দী কোটিপতি প্ৰাৰ্থী ৰাজ কুমাৰ চৌহানক ১০,৫৮৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। চৌহান শীলা দীক্ষিত নেতৃত্বাধীন চৰকাৰৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী আছিল আৰু ১৯৯৩ চনৰ পৰা একেৰাহে চাৰিবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে দিল্লী বিধানসভালৈ নিৰ্বাচিত হৈছিল। [4]

ৰাখী বিৰলা হৈছে দিল্লীৰ ইতিহাসৰ কনিষ্ঠতম কেবিনেট মন্ত্ৰী।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]